নাগচম্পা
নাগচম্পা | |
---|---|
সংৰক্ষণ স্থিতি | |
বৈজ্ঞানিক শ্ৰেণীবিভাজন | |
Unrecognized taxon (ঠিক কৰক): | Couroupita |
প্ৰজাতি: | C. guianensis |
দ্বৈৰাশিক নামকৰণ | |
Couroupita guianensis Aubl. | |
সমাৰ্থক | |
|
নাগচম্পা (ইংৰাজী: cannonball tree, বৈজ্ঞানিক নাম: Couroupita guianensis)[3] এক প্ৰকাৰৰ বৃক্ষজাতীয় উদ্ভিদ। ই Lecythidaceae পৰিয়ালৰ এজোপা সপুষ্পক আৰু পৰ্ণপাতী উদ্ভিদ। এই গছজোপা মধ্য আৰু দক্ষিণ আমেৰিকাৰ গ্ৰীষ্মমণ্ডলীয় অৰণ্যৰ এবিধ থলুৱা উদ্ভিদ।[1] ইয়াৰ সুন্দৰ, সুগন্ধি ফুল আৰু বৃহৎ তথা আকৰ্ষণীয় ফলৰ বাবে বিশ্বৰ বহুতো গ্ৰীষ্মমণ্ডলীয় অঞ্চলত ইয়াক ৰোপণ কৰা হয়।[4] There are potential medicinal uses for many parts of Couroupita guianensis,[5] সাংস্কৃতিক আৰু ধৰ্মীয় দিশৰ পৰা ভাৰতত নাগচম্পাৰ যথেষ্ট গুৰুত্ব আছে।[5] ১৮৮১ চনত ইংৰাজসকলে এই গছৰ সঁচ শ্ৰীলংকালৈ নিয়াৰ পৰা সেই ঠাইত শালগছ বুলি ইয়াক ভুলকৈ বহুলভাৱে চিনাক্ত কৰা হৈছিল। সেয়ে বৌদ্ধ মন্দিৰসমূহত এই গছজোপা সততে অন্তৰ্ভুক্ত কৰা হৈছিল।[6]
বিৱৰণ
[সম্পাদনা কৰক]নাগচম্পা গছ ৩৫ মিটাৰ (১১০ ফুট) পৰ্যন্ত ওখ হয়।[7] ডালৰ মূৰত থুপ খাই থকা পাতবোৰ সাধাৰণতে ৮ৰ পৰা ৩১ চেণ্টিমিটাৰ (৩ৰ পৰা ১২ ইঞ্চি) দীঘল হয় যদিও ই ৫৭ চে.মি. (২২ ইঞ্চি) পৰ্যন্ত দীঘল হ'ব পাৰে।[7]
ফুল
[সম্পাদনা কৰক]ফুলবোৰ ৮০ চে.মি. (৩১ ইঞ্চি) দীঘল তন্তুত ফুপে। কিছুমান গছত গোটেই ডালটো তন্তুৰে আবৃত নোহোৱালৈকে প্ৰচুৰ পৰিমাণে ফুল ফুলে। এজোপা গছে প্ৰতিদিনে ১০০০ ফুল ধাৰণ কৰিব পাৰে। ফুলবোৰ তীব্ৰ সুগন্ধিযুক্ত। বিশেষকৈ ৰাতি[8] আৰু পুৱাৰ ভাগত সুগন্ধি থাকে।[7] ফুলবোৰৰ ব্যাস ৬ চে.মি. (২.৪ ইঞ্চি) পৰ্যন্ত হয়। ইয়াৰ ছটা পাহি থাকে আৰু পাহিবোৰ গুৰিৰ ওচৰত গোলাপী আৰু ৰঙা ৰঙৰ পৰা আৰম্ভ কৰি আগবোৰৰ ফালে হালধীয়া ৰঙৰ হয়। পুংকেশৰৰ দুটা অংশ থাকে: কেন্দ্ৰত পুংকেশৰ বৃত্ত আৰু এডাল পুংকেশৰ দণ্ড।[7]
ফল
[সম্পাদনা কৰক]ফলবোৰ কাঠৰ দৰে খোলা থকা গোলাকাৰ আৰু ইয়াৰ ব্যাস প্ৰায় ২৫ চে.মি.। একোটা ফলত প্ৰায় ৬৫ টা বীজ থাকিব পাৰে। আনহাতে ডাঙৰ ফলত ৫৫০টা বীজ থাকিব পাৰে।[7] এজোপা গছে ১৫০টা ফল দিব পাৰে। বেছিভাগ অঞ্চলতে ফলবোৰ পূৰঠ হ’বলৈ এবছৰলৈকে সময় লাগে। কেতিয়াবা ই ১৮ মাহলৈকেও সময় লয়। ফলৰ মংহাল অংশ বগা ৰঙৰ হয় আৰু বায়ুৰ সৈতে হোৱা বিক্ৰিয়াৰ (অক্সিডেচন) লগে লগে ই নীলা হৈ পৰে।
ব্যৱহাৰ
[সম্পাদনা কৰক]নাগচম্পা গছ ইয়াৰ ফুলৰ বাবে আলংকাৰিক ৰূপত আৰু আকৰ্ষণীয় ফলৰ বাবে উদ্ভিদবিজ্ঞানৰ নমুনা হিচাপে ৰোপণ কৰা হয়।[7]
ইয়াৰ ফল খাব পাৰি যদিও সাধাৰণতে মানুহে নাখায়। কিয়নো ইয়াৰ সুগন্ধি ফুলৰ বিপৰীতে ফলটোৰ এক বহাল নলগা গোন্ধ থাকিব পাৰে।[9] ইয়াক গাহৰি আৰু ঘৰচীয়া চৰাই আদি পশুধনক খুৱাই দিয়া হয়।[7]
এই উদ্ভিদৰ কিছু অংশ পৰম্পৰাগত চিকিৎসা বিজ্ঞানত ব্যৱহাৰ কৰা হয়। ইয়াক উচ্চ ৰক্তচাপ, টিউমাৰ, বিষ, প্ৰদাহ, সাধাৰণ চৰ্দি, পেটৰ বিষ, চৰ্মৰোগ আৰু ঘাঁ, মেলেৰিয়া, দাঁতৰ বিষ আদিৰ চিকিৎসাত ব্যৱহাৰ কৰা হয় যদিও ইয়াৰ কাৰ্যকাৰিতা সম্পৰ্কে তথ্যৰ অভাৱ।[5]
ধৰ্মীয় তাৎপৰ্য
[সম্পাদনা কৰক]ভাৰতত নাগচম্পা গছক হিন্দুসকলে পবিত্ৰ হিচাপে গণ্য কৰে। তেওঁলোকে ইয়াৰ ফুলবোৰ নাগৰ দৰে দেখা যায় বুলি বিশ্বাস কৰে আৰু ইয়াক শিৱ মন্দিৰত ৰোপণ কৰা হয়।[5] ইয়াক পবিত্ৰ শাস্ত্ৰৰ গছ বুলি বিশ্বাস কৰি এছিয়াৰ বৌদ্ধ আৰু হিন্দু ধৰ্মীয় স্থানত ৰোপণ কৰা হয়। শ্ৰীলংকা, থাইলেণ্ড আৰু অন্যান্য থেৰবাদী বৌদ্ধ দেশত ইয়াক বৌদ্ধ মঠ আৰু অন্যান্য ধৰ্মীয় স্থানত ৰোপণ কৰা হয়।[10]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 Mitré, M. (1998). Couroupita guianensis. 1998. p. e.T33969A9825349. doi:10.2305/IUCN.UK.1998.RLTS.T33969A9825349.en.
- ↑ "Couroupita guianensis Aubl. — the Plant List". Archived from the original on 2011-08-28. https://web.archive.org/web/20110828110838/http://www.theplantlist.org/tpl/record/kew-313712। আহৰণ কৰা হৈছে: 2022-08-23.
- ↑ Chisholm, Hugh, ed. (1911). "Cannon-ball Tree". Encyclopædia Britannica. 5 (11th ed.). Cambridge University Press. p. 189.
- ↑ USDA, ARS, Germplasm Resources Information Network. নাগচম্পা in the Germplasm Resources Information Network (GRIN), U.S. Department of Agriculture Agricultural Research Service. Accessed on 21 December 2017.
- ↑ 5.0 5.1 5.2 5.3 Al-Dhabi, N. A., et al. (2012). Antimicrobial, antimycobacterial and antibiofilm properties of Couroupita guianensis Aubl. fruit extract. BMC Complementary and Alternative Medicine 12 242–50.
- ↑ "In Sri Lanka, a South American flower usurps a tree sacred to Buddhists and Hindus". 27 July 2020. https://news.mongabay.com/2020/07/in-sri-lanka-a-south-american-flower-usurps-a-tree-sacred-to-buddhists-and-hindus/.
- ↑ 7.0 7.1 7.2 7.3 7.4 7.5 7.6 Prance, G. T. & S. A. Mori. Couroupita guianensis Aubl. New York Botanical Garden. 2013.
- ↑ Brown, S. H. Couroupita guianensis. University of Florida IFAS Extension.
- ↑ Lim, T. K. Couroupita guianensis. In: Edible Medicinal and Nonmedicinal Plants. Volume 3: Fruits. Springer. 2012.
- ↑ "In Sri Lanka, a South American flower usurps a tree sacred to Buddhists and Hindus". mongabay. https://news.mongabay.com/2020/07/in-sri-lanka-a-south-american-flower-usurps-a-tree-sacred-to-buddhists-and-hindus/#:~:text=“The%20cannonball%20tree%20was%20introduced,stage%20after%20about%2015%20years.। আহৰণ কৰা হৈছে: 2021-07-09.