নাচপতি
| নাচপতি (Pear) | |
|---|---|
| European pear branch with two pears | |
| Pear fruit cross section | |
| বৈজ্ঞানিক শ্ৰেণীবিভাজন | |
| Unrecognized taxon (ঠিক কৰক): | Pyrus |
| প্ৰজাতি: | P. Pyrus |
| দ্বৈৰাশিক নামকৰণ | |
| Pyrus Pyrus L. | |
| Species | |
|
About 30 species; see text | |
নাচপতি (ইংৰাজী: pear; /ˈpɛər/) পাইৰাছ (Pyrus /ˈpaɪrəs/,) গণ আৰু ৰ’জেচি (Rosaceae) পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ ফল। এই ফল খাদ্যৰ বাবে বহুঠাইত খেতি কৰা হয়।
বিস্তৃতি
[সম্পাদনা কৰক]নাচপতি পশ্চিম ইউৰোপৰ পৰা উত্তৰ আফ্ৰিকা আৰু এছিয়াত বিস্তৃত হৈ থকা এবিধ থলুৱা ফল।
বিৱৰণ
[সম্পাদনা কৰক]
নাচপতি গছৰ আকাৰ মধ্যমীয়া, ইয়াৰ উচ্চতা ১০-১৭ মিটাৰ পৰ্য্যন্ত হ’ব পাৰে। নাচপতিৰ কিছুমান প্ৰজাতি জোপোহাও হয়।
নাচপতিৰ পাতবোৰ ২-১২ ছে:মি দীঘল, উজ্জ্বল সেউজীয়া বৰণৰ হয়। কিছুমানত ৰূপালী নোম থকা দেখা যায়।
ইয়াৰ ফুলবোৰ বগা, মাজভাগত কিছু হালধীয়া বা গুলপীয়া থাকে। ফুলৰ ব্যাস ২-৪ ছে:মি হয়। ফুলবোৰত পাঁচোটাকৈ পাহি থাকে। [1]
নাচপতিৰ ফল
ব্যৱহাৰ
[সম্পাদনা কৰক]নাচপতিৰ ফল সুস্বাদু। এই ফলৰ ৰস জাম, জেলী আদি তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়। নাচপতিৰ পৰা চাইদাৰ (cider)ও প্ৰস্তুত কৰা হয়।
পৰিপুষ্টি
[সম্পাদনা কৰক]| পৌষ্টিক মূল্য প্ৰতি ১০০ গ্ৰামত | |
|---|---|
| শক্তি | 239 কিলোজুল (57 কিলোকেলৰি) |
| শৰ্কৰাসমূহ | 15.23 g |
| - চেনি | 9.75 g |
| - খাদ্য আঁহ | 3.1 g |
| চৰ্বী | 0.14 g |
| প্ৰ’টিন | 0.36 g |
| পানী | 84 g |
| থায়েমিন (ভিটামিন বি১) | 0.012 mg (1%) |
| Rৰাইবফ্লভিন (ভিটামিন বি২) | 0.026 mg (2%) |
| নিয়াচিন (ভিটামিন বি৩) | 0.161 mg (1%) |
| পেণ্টথেনিক এচিড (বি৫) | 0.049 mg (1%) |
| ভিটামিন বি৬ | 0.029 mg (2%) |
| ফলেট (ভিটামিন বি৯) | 7 μg (2%) |
| চলিন | 5.1 mg (1%) |
| ভিটামিন চি | 4.3 mg (5%) |
| ভিটামিন ই | 0.12 mg (1%) |
| ভিটামিন কে | 4.4 μg (4%) |
| কেলচিয়াম | 9 mg (1%) |
| লো | 0.18 mg (1%) |
| মেগনেছিয়াম | 7 mg (2%) |
| মেংগানিজ | 0.048 mg (2%) |
| ফছফ’ৰাছ | 12 mg (2%) |
| পটাছিয়াম | 116 mg (2%) |
| ছডিয়াম | 1 mg (0%) |
| জিংক | 0.1 mg (1%) |
| Link to USDA Database entry শতাংশসমূহ প্ৰাপ্তবয়স্কৰ বাবে ইউ.এছ. পৰামৰ্শৰ ভিত্তিত আনুমানিকভাৱে দিয়া হৈছে। উৎস: ইউ.এছ.ডি.এ. পোষক তথ্যকোষ | |
নাচপতিৰ ৮৪% পানী, ১৫% শ্বেতসাৰ (carbohydrates) আৰু অৱশিষ্ট প্ৰ’টিন আৰু ফেট।
চিনাক্তকৰণ কৰা প্ৰধান ভাগসমূহ
[সম্পাদনা কৰক]

|
চিত্ৰভঁৰাল
[সম্পাদনা কৰক]-
মদত ডুবাই থোৱা নাচপতি
-
নাচপতিৰ বীয়েৰ
-
নাচপতিৰ ফুল
-
নাচপতিৰ ফুল
-
বিভিন্ন প্ৰজাতিৰ নাচপতি
-
নাচপতিৰ গছ
তথ্যউৎস
[সম্পাদনা কৰক]- ↑ Pear Fruit Facts Page Information. bouquetoffruits.com