নাহৰ
নাহৰ Ceylon ironwood | |
---|---|
থেলৱাট্টাৰ এজোপা নাহৰ গছ , দক্ষিণ-পূব শ্ৰীলংকা | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Plantae |
(অশ্ৰেণীকৃত): | Angiosperms |
(অশ্ৰেণীকৃত): | Eudicots |
(অশ্ৰেণীকৃত): | Rosids |
বৰ্গ: | Malpighiales |
পৰিয়াল: | Calophyllaceae |
গণ: | Mesua |
প্ৰজাতি: | M. ferrea |
বৈজ্ঞানিক নাম | |
Mesua ferrea L. | |
সমাৰ্থক | |
Mesua coromandelina Wight |
নাহৰ (ইংৰাজী: Ceylon ironwood বা Indian rose chestnut বা Cobra's saffron) (Mesua ferrea) হৈছে Calophyllaceae পৰিয়ালৰ অন্তৰ্গত এক প্ৰকাৰৰ চিৰসেউজ বৃক্ষ। ইয়াক হিন্দী আৰু সংস্কৃত ভাষাত নাগকেশৰ বোলা হয়। নাহৰ শ্ৰীলংকাৰ জাতীয় বৃক্ষ। ১৯৮৬ চনত ইয়াক জাতীয় বৃক্ষ হিচাপে ঘোষণা কৰা হয়। শ্ৰীলংকাত নাহৰ গছ 'না' বৃক্ষ নামে পৰিচিত।
বৰ্ণনা
[সম্পাদনা কৰক]এই গছ প্ৰায় ১০০ ফুট ওখ হয়। গছৰ গুৰিৰ পৰিধি প্ৰায় ২ মিটাৰ হ'ব পাৰে। ইয়াৰ ডাল বৰ লাহি। বাকলি ০.৫ ইঞ্চি। ইহঁতৰ কাণ্ডৰ পৰা আঠা পোৱা যায়। এই গছৰ কাঠ বৰ টান হয়। কাঠৰ ৰং ৰঙা। ই ধীৰ গতিত ডাঙৰ হয়। নাহৰ শোভা বৰ্ধক গছ। ইয়াৰ পাত আৰু ফুল উভয়ই সুন্দৰ। ফুলৰ সুগন্ধ আছে। ই এক প্ৰকাৰৰ শোভাবৰ্ধক , চিৰসেউজীয়া উদ্ভিদ। পাপৰিৰ ৰঙ বগা, পুংকেশৰবোৰ সোণালী , যি ফুলৰ সৌন্দৰ্য্যত নতুন মাত্ৰা যোগ কৰিছে। সব মিলি এই ফুল বৰ্ণে-গোন্ধে অনন্য। ফুল উভয়লিংগী। সাধাৰণতে নাহৰ ফুল বসন্ত ঋতুত ফুলে। কিন্তু বৰ্ষা ঋতুতো ফুল ফুলা দেখা যায়। পাতবোৰ সৰু আৰু বল্লমাকৃতি। গোটেই বছৰ নতুন নতুন পাত গজা এই গছৰ অন্যতম বৈশিষ্ট্য। পাতৰ বিন্যাস ঘনবদ্ধ। পিৰামিড আকৃতিৰ গঠন, ৰঙীণ কুঁহিপাত, শুভ্ৰপুষ্পৰ স্নিগ্ধ শোভা ইত্যাদিৰ কাৰণে পথৰ দাঁতিত নাহৰ ৰোপণ কৰা হয়। গোলকীয় শংকু আকৃতিৰ খোলাৰে আবৃত্ত হৈ এটা অথবা দুটা গুটি ধাৰণ কৰে। গৃহসজ্জা আৰু পূজাৰ উপকৰণত ইয়াৰ ফুল লাগে। অসমীয়া সংস্কৃতিৰ লগত নাহৰ বহুপ্ৰকাৰে জড়িত।
ব্যৱহাৰ
[সম্পাদনা কৰক]ইংৰাজী নামটোৱে (Ceylon Ironwood) আভস দিয়াৰ ধৰণেৰেই নাহৰ কাঠ অতি কঠিন আৰু গধুৰ। সাধাৰণ কৰতেৰে ইয়াক ফালিব নোৱাৰি। কাঠৰ ৰং গাঢ় ৰঙা আৰু ঘনত্ব ১৫% আৰ্দ্ৰতাত সাধাৰণতে প্ৰতি ঘনমিটাৰত ৯৪০-১,১৯৫ কিলেগ্ৰাম। ঘৰৰ ঘাঁঠনিত খুটা হিচাপে আৰু ৰেলপথৰ শ্লীপাৰ হিচাপে পূৰ্বতে ব্যৱহাৰ হৈছিল। শ্ৰীলংকাৰ কেণ্ডিস্থিত এম্বেকা দেৱালয়ৰ খুটাসমূহত নাহৰ কাঠ ব্যৱহাৰ হৈছিল। বৃটিছসকলে কেৰাছিন তেলৰ প্ৰচলন কৰাৰ আগতে অসমত নাহৰ গুটি আৰু তেল ঘৰুৱা প্ৰজ্বালক হিচাপে ব্যৱহাৰ কৰিছিল।
বিস্তাৰ
[সম্পাদনা কৰক]নাহৰৰ আদি নিবাস শ্ৰীলংকা। সমগ্ৰ দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াত ইয়াক প্ৰচুৰ দেখা যায়। সাগৰপৃষ্ঠৰ ১০০০ৰ পৰা ১৫০০ মিটাৰ উচ্চতালৈ ই জন্মিব পাৰে।[1] বৰ্তমান নাহৰ গছ বহুতো প্ৰজাতিত উপলব্ধ হৈছে।
ঔষধি গুণ
[সম্পাদনা কৰক]সাপে খুটিলে নাহৰ পাত আৰু ফুল খাব লাগে আৰু পিহি খোটা ঠাইত লগাব লাগে বুলি বিশ্বাস আছে। ভাৰত, মালয়েছিয়া ইত্যাদি দেশত জৈৱিক ঔষধি ৰূপত ইয়াক ব্যৱহাৰ কৰাৰ উপৰিও সুগন্ধি ধূপকাঠি হিচাপেও ইয়াক ব্যৱহাৰ কৰা হয়। নাহৰ গছৰ ছালৰ ৰস গ্ৰহণ কৰিলে কেচুমুৰিয়া ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰি।
অন্যান্য ভাষাত নাম
[সম্পাদনা কৰক]- অসমীয়া : নাহৰ, নোক্তে
- গাৰো : কিম্দে / Kimde
- বঙালী : নাগেশ্বৰ / Nageshshor (নাগেশ্বৰ)
- হিন্দী : Gajapushpam; নাগ চম্পা / Nāg champa (नाग चम्पा), নাগ কেসৰ / Nāg kesar (नाग केसर)
- টেগালগ : কালিউৱাচ (kaliuas)
- জাভীয়া : নাগাচাৰি (nagasari)
- কন্নড় : নাগচম্পিগে / Nagasampige (ನಾಗಸಂಪಿಗೆ)
- মালয় : পেনাগা (penaga)
- মালায়ালম : নাগচম্পকম (Nagachampakam); ৱেইলা (Veila)
- মাৰাঠী : নাগচফা / Nagchafa, Thorla chafa
- মান ভাষা : কান্ত কাৱ / Kant Kaw
- সংস্কৃত : Champeryah; নাগকেসৰ / Nāgakesara; নাগপুষ্প / Nāgapushpa, নাগ / Nāga
- সিংহল : না / Nā
- তামিল : Cheru-nagapu; Sirunagappoo; Veilutta-champakam, Tadinangu, Naka
- Telugu : Nagakesara
- থাই : bunnak
- উৰ্দু ভাষা : Narmishka (नर्मिश्क)
- ভিয়েট : ভাপ / Vắp ( Theo Y Học Tuệ Tĩnh - HuuDuc)
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ AgroForestryTree Database, entry: “Mesua ferrea” Archived 2014-03-09 at the Wayback Machine. “biotik.org Database, entry “Mesua ferrea L. – Clusiaceae” Archived 2016-03-04 at the Wayback Machine. A.J.G.H. Kostermans “Clusiaceae (Guttiferae)’’ in M. D. Dassanayaka and F. R. Fosberg, eds., A revised handbook to the flora of Ceylon, Volume I, New Delhi 1980, pp. 107–110. Ashton M, Gunatilleke S, de Zoysa N, Dassanayake MD, Gunatilleke N, Wijesundera S. A Field Guide to the Common Trees and Shrubs of Sri Lanka. Colombo 1997 p. 140.
বহ্যিক সংযোগ
[সম্পাদনা কৰক]ৱিকিমিডিয়া কমন্সত Mesua ferrea সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
ৱিকিপ্ৰজাতিত Mesua ferrea সম্পৰ্কে অধিক তথ্য আছে |
- Caldecott, Todd (2006). Ayurveda: The Divine Science of Life. Elsevier/Mosby. ISBN 0-7234-3410-7. Contains a detailed monograph on Mesua ferrea (Nagakeshara) as well as a discussion of health benefits and usage in clinical practice. Available online at http://www.toddcaldecott.com/index.php/herbs/learning-herbs/312-nagakeshara Archived 2010-12-29 at the Wayback Machine