পদ্মাৱত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
"ৰাণী নাগমতীয়ে তেওঁৰ নতুন ভাটৌটোক কোন বেছি ধুনীয়া সুধিছে, তেওঁ নে ভাটৌটোৰ পূৰ্বৰ মালিক শ্ৰীলঙ্কাৰ কুঁৱৰী পদ্মিনী। স্বাভাৱিকতে তেওঁ ভাটৌটোৰ পৰা সন্তোষজনক উত্তৰ নাপায়।" পদ্মাৱতৰ চিত্ৰসম্বলিত পণ্ডুলিপি, আনু. ১৭৫০[1]

পদ্মাৱত ১৫৪০ চনত চুফী কবি মালিক মহম্মদ জায়চীয়ে ৰচনা কৰা এটা মহাকাব্যিক কবিতা।[2] তেখেতে কবিতাটো হিন্দুস্তানী ভাষা অৱধী[3][4] আৰু তাৰ পূৰ্বে পাৰ্ছী নাষ্টালিক লিপিত ৰচনা কৰিছিল।[5] অৱধীত ৰচিত বৰ্তমানেও প্ৰাপ্য গুৰুত্বপূৰ্ণ ৰচনাসমূহৰ ভিতৰত ই আটাইতকৈ পুৰণি।[6] সেই সময়ৰ চুফী সাহিত্যৰ এই বিখ্যাত সাহিত্যকৰ্মত দিল্লীৰ চুলতান আলাউদ্দিন খালজি আৰু চিতোৰৰ ৰাণীৰ ৰূপকধৰ্মী কাল্পনিক কাহিনী আছে।[7] আলাউদ্দিন খালজি আৰু পদ্মিনীৰ পতি ৰতন সেন ঐতিহাসিক চৰিত্ৰ, আনহাতে পদ্মিনী এক কাল্পনিক চৰিত্ৰ।[8]

কাহিনীভাগ[সম্পাদনা কৰক]

সিংহল সাম্ৰাজ্যৰ কুঁৱৰী ৰাণী পদ্মিনী তেওঁৰ কথা কোৱা ভাটৌ হীৰামনৰ নিকট বন্ধু। তেওঁৰ পিতাকে এই বন্ধুত্ব ভাল নাপাই ভাটৌটোক হত্যা কৰিবলৈ আদেশ দিয়ে। ভাটৌটো পলাই যাবলৈ সক্ষম হয়, কিন্তু পক্ষী ধৰোঁতাৰ হাতত বন্দী হৈ শেষত চিতোৰৰ শাসক ৰতনসেনৰ প্ৰসাদ পায়হি।[9]

ভাটৌটোৰ মুখত পদ্মিনীৰ ৰূপৰ বৰ্ণনা শুনি ৰতনসেনে সিংহল সাম্ৰাজ্যলৈ যাবলৈ সিদ্ধান্ত লয়। ১৬,০০০ অনুচৰ লৈ ভাটৌটোৰ নিৰ্দেশনাত তেওঁ সাত সাগৰ পাৰ হৈ সিংহলত উপস্থিত হয়। তেওঁ পদ্মিনীৰ মন জয় কৰিবলৈ এটা মন্দিৰত তপস্যা কৰে। ভাটৌটোৰ কথাত পদ্মিনীয়ে মন্দিৰ দৰ্শন কৰে যদিও ৰতনসেনক লগ নকৰাকৈ ঘূৰি আহে। ৰতনসেনৰ প্ৰতি লাহে লাহে পদ্মিনীৰ মনত ভাল ভাৱ জাগে। আনহাতে পদ্মিনীক দেখা নাপাই ৰতনসেনে আত্মহত্যা কৰিবলৈ উদ্যত হয়।[9] শিৱ আৰু পাৰ্বতীয়ে দেখা দি তেওঁক বাধা দিয়ে আৰু শিৱই তেওঁক সিংহলৰ দুৰ্গ আক্ৰমণ কৰিবলৈ পৰামৰ্শ দিয়ে।[10]

তপস্বীৰ বেশত ৰতনসেন আৰু অনুগামীসকলে দুৰ্গ আক্ৰমণ কৰে কিন্তু গন্ধৰ্বসেনৰ হাতত বন্দী হয়। ৰতনসেনক মৃত্যুদণ্ড দিবলৈ লওঁতেই তেওঁৰ নকল দাড়ি সুলকি পৰাত প্ৰকৃত ৰূপ ওলাই পৰে। গন্ধৰ্বসেনে পদ্মিনীক ৰতনসেনলৈ বিয়া দিয়ে। তেওঁলোকৰ লগত সংগী হিচাপে ১৬,০০০ পদ্মিনী নাৰীকো পঠিয়াবলৈ সিদ্ধান্ত লয়।[10] (সিংহলত পোৱা চাৰি প্ৰকাৰৰ নাৰীৰ ভিতৰত পদ্মিনী শ্ৰেষ্ঠ[11])

এইবোৰ ঘটনা হৈ থাকোঁতে ৰতনসেনৰ প্ৰথম পত্নী নাগমতী চিতোৰত তেওঁৰ বাবে ব্যাকুল হৈ পৰে। তেওঁ চৰাইৰ যোগেদি সিংহললৈ বাৰ্তা পঠিয়ায়। খবৰ পাই ৰতনসেন চিতোৰ ঘূৰি যাবলৈ সাজু হয়। পৃথিৱীৰ আটাইতকৈ ধুনীয়া নাৰীক বিয়া পতা বাবে ৰতনসেনৰ গৌৰৱক ধূলিসাৎ কৰিবলৈ ঘূৰি আহোঁতে সাগৰীয় ধুমুহাই তেওঁলোকক শাস্তি দিয়ে। ৰতনসেন আৰু পদ্মিনীৰ প্ৰাণ ৰক্ষা পৰে, কিন্তু সকলো অনুগামীৰ মৃত্যু হয়। সাগৰৰ জীয়ৰী লক্ষ্মীয়ে পদ্মিনীৰ প্ৰতি ৰতনসেনৰ প্ৰেম পৰীক্ষা কৰিবলৈ পদ্মিনীৰ ভেশত তেওঁৰ সম্মুখলৈ আহে। ৰতনসেন পৰীক্ষাত উত্তীৰ্ণ হোৱাত সাগৰ আৰু লক্ষ্মীয়ে তেওঁলোকক বহু উপহাৰ দিয়ে। এইবোৰ লৈ তেওঁ পুৰীত মানুহ-দুনুহ গোটাই চিতোৰলৈ ঘূৰি আহে।[10]

চিতোৰত ৰতনসেনৰ বাবে পদ্মিনী আৰু নাগমতীৰ সংঘাত হয়। প্ৰথমতে তেওঁ সলনাসলনিকৈ এটা নিশা দুয়োগৰাকী ৰাণীৰ লগত কটাই সন্তুষ্ট কৰিবলৈ প্ৰয়াস কৰে। পাছত তিৰষ্কাৰ কৰি শান্তি স্থাপন কৰে। এই সময়তে তেওঁ ব্ৰাহ্মণ সভাসদ ৰাঘৱ চেতনক প্ৰবঞ্চনাৰে প্ৰতিযোগিতা এটা জিকা বাবে বহিষ্কাৰ কৰে। পদ্মিনীয়ে ৰাঘৱক শান্ত কৰিবলৈ তেওঁৰ খাৰু উপহাৰ দিয়ে।[10]

ৰাঘৰ আলাউদ্দিন খালজিৰ প্ৰসাদলৈ যায়। খাৰুপাতৰ বিষয়ে সোধাত তেওঁ পদ্মিনীৰ অদ্বিতীয় সৌন্দৰ্যৰ বিৱৰণ দিয়ে।[10] আলাউদ্দিনে চিতোৰ আক্ৰমণ কৰি পদ্মিনীক খুজি পঠিয়ায়। ৰতনসেনে এয়া নাকচ কৰি কৰ-কাটল দিবলৈ মান্তি হয়। আলাউদ্দিনে এই প্ৰস্তাৱত অমান্তি হৈ দুৰ্গ অৱৰোধ অব্যাহত ৰাখে। অৱশেষত তেওঁৰ অনুগামী গোৰা আৰু বাদলে মানা কৰা সত্বেও ৰতনসেনে শান্তি স্থাপনৰ বাবে আলাউদ্দিনক প্ৰসাদলৈ আমন্ত্ৰণ জনায়। আলাউদ্দিনে প্ৰবঞ্চনাৰে পদ্মিনীৰ মুখ দৰ্শন কৰে। তাৰ পাছত তেওঁ ৰতনসেনক বন্দী কৰি দিল্লীলৈ ঘূৰি যায়।[11]

পদ্মিনীয়ে গোৰা আৰু বাদলক ৰতনসেনক মুক্ত কৰিবলৈ অনুৰোধ কৰে। তেওঁলোকে অনুচৰসকলক লৈ পদ্মিনী আৰু সংগীৰ বেশত দিল্লীৰ দুৰ্গ প্ৰৱেশ কৰে। ৰতনসেনক মুক্ত কৰাৰ য়ুঁজত গোৰাৰ মৃত্যু হয় আৰু বাদলে ৰতনসেনক লৈ চিতোৰ ঘূৰি আহে।[11]

ৰতনসেনৰ অনুপস্থিতিত কুম্ভলগড়ৰ শাসক দেৱপালে পদ্মিনীক বিবহৰ প্ৰস্তাৱ দিয়ে। চিতোৰলৈ ঘূৰি আহি এই অপমানৰ বাতৰি পাই ৰতনসেনে দেৱপালক এসেকা দিবলৈ মনস্থ কৰে। মুখামুখি ৰণত ৰতনসেন আৰু দেৱপাল দুয়োৰে মৃত্যু হয়। নাগমতী আৰু পদ্মিনীয়ে ৰতনসেনৰ চিতাত সতী প্ৰথামতে প্ৰাণ ত্যাগ কৰে। সেই সময়তে আলাউদ্দিনৰ সৈন্য চিতোৰ আহি পায়। নিশ্চিত পৰাজয়ৰ মুখত দুৰ্গৰ মহিলাসকলে জৌহৰ প্ৰথামতে প্ৰাণ বিসৰ্জন দিয়ে আৰু পুৰুষসকল ৰণত পৰে। আলাউদ্দিনেৰ কেৱল উকা দুৰ্গহে দখল কৰিব পাৰিলে।[11]

বিজয়ী আলাউদ্দিন তেওঁৰ অস্বাভাৱিক জয় আৰু অতৃপ্ত কামনাক লৈ ভাৱত বুৰ যায়। তেওঁ ৰতনসেন, পদ্মিনী আৰু নাগমতীৰ ছাই হাতত লৈ দুখ কৰে যে তেওঁ "এয়া বিচৰা নাছিল"। আলাউদ্দিনে ভাবে, "কামনা অতৃপ্ত, স্থায়ী / কিন্তু এই পৃথিৱী মায়াভৰা আৰু অস্থায়ী / মানুহে অতৃপ্ত বাসনা পুহি ৰাখে / যেতিয়ালৈকে জীৱনৰ অন্ত নহয় আৰু তেওঁ সমাধি গৈ নাপায়।"[12]

পাণ্ডুলিপি[সম্পাদনা কৰক]

সকলোতকৈ পুৰণি বিদ্যমান পদ্মাৱতৰ পাণ্ডুলিপিৰ দৈৰ্ঘ্য বেলেগ বেলেগ আৰু কাইথী, নাগৰী আৰু নাষ্টালিক (পাৰ্ছী) আদি ভিন ভিন লিপিত লিখা।[5]

নাষ্টালিক পাণ্ডুলিপিয়েই পাঠ্যৰ আটাইতকৈ পুৰণি ৰূপ। পদ্মাৱতৰ প্ৰথম পাণ্ডুলিপি হৈছে ১৬৭৫ চনত আমৰোহাত মহম্মদ শ্বাকিৰে প্ৰতিলিপি কৰা পাঠ। ৰামপুৰত আৱিষ্কৃত এই পাঠত পাৰ্ছী অনুবাদো আছে।[5] আন পাৰ্ছী পাণ্ডুলিপিৰ ভিতৰত চাহজাহানপুৰৰ ৰহিমদাদ খানে কৰা প্ৰতিলিপি (১৬৯৭) আৰু গোৰখপুৰৰ আব্দুল্লা আহমদ খানে কৰা প্ৰতিলিপি (১৬৯৫) প্ৰধান।[13]

কাইথী পাণ্ডুলিপিত বহু অতিৰিক্ত পদ আছে আৰু ঠায়ে ঠায়ে অসম্পূৰ্ণ বা বেয়াকৈ লিখিত।[5]

মাতাপ্ৰসাদ গুপ্তাই ১৭শ শতিকাৰ পৰা পোৰা পাঁচটা পাণ্ডুলিপিক ভিত্তি কৰি এক সমালোচনাত্মক সংস্কৰণ প্ৰকাশ কৰি উলিয়ায়।[14]

অনুবাদ আৰু অভিযোজন[সম্পাদনা কৰক]

পদ্মাৱতৰ সকলোতকৈ পুৰণি অভিযোজন হৈছে বিজাপুৰৰ চুলতান ইব্ৰাহীম শ্বাহৰ ৰাজকবি হংস ডাক্কানিৰ প্ৰেম নামা (১৫৯০)।[13]

পাৰ্ছী আৰু উৰ্দুত পদ্মাৱতৰ বাৰটা অভিযোজন আছে। ইয়াৰে প্ৰখ্যাতসমূহ হৈছে ৰত-পদম আৰু শ্বমা-ৱা-পৰৱানাগুজৰাটৰ মোল্লা আব্দুল চাকুৰ বা শ্বেইখ শ্বুকৰুল্লা বাজমিৰ ৰত-পদম (১৬১৮) পদ্মাৱতৰ কাহিনী নিকটভাৱে অনুসৰণ কৰা হৈছে, কিন্তু চৰিত্ৰ আৰু ঘটনাৰ চুফি প্ৰতীকীবাদ বাদ দিয়া হৈছে। অকিল খান ৰাজিৰ (ঔৰংজেৱৰ অধীনৰ দিল্লীৰ এজন শাসক) শ্বামা-ৱা-পৰৱানা (১৬৫৮) ত চুফি প্ৰতীকীবাদ ৰখা হৈছে।[13]

এই মহাকাব্যিক কবিতাটো ১৬শ শতিকাত বাংলালৈ অনুবাদ কৰা হৈছিল। ১৯শ শতিকাৰ বাংলা সাহিত্যৰ বহু উপন্যাস, নাটক আৰু কবিতাক ই অনুপ্ৰেৰণা যোগায়।[12] ১৯০৬ চনত ক্ষিৰোদ প্ৰসাদ বিদ্যাবিনোদ আৰু ১৯০৯ চনত অবনিন্দ্ৰনাথ ঠাকুৰে ইয়াৰ অভিযোজন কৰে।[15]

এলবাৰ্ট ৰুছেলৰ অপেৰা পদ্মৱতীৰ (১৯২৩) উৎসও পদ্মাৱত

চিনেমেটিক অভিযোজনৰ ভিতৰত তামিল চলচ্চিত্ৰ চিতোৰ ৰাণী পদ্মিনী (১৯৬৩)[16][17] আৰু হিন্দী চলচ্চিত্ৰ মহাৰাণী পদ্মিনী (১৯৬৪) উল্লেখযোগ্য।[15] এই কাহিনীৰ ভিত্তিতে সঞয় লীলা ভাঞ্চালীয়ে ২০১৮ চনৰ হিন্দী চলচ্চিত্ৰ পদ্মাৱত নিৰ্মাণ কৰিছে।[18]

ঐতিহাসিক সত্যতা[সম্পাদনা কৰক]

শেষ মধ্যযুগীয় পাৰ্ছী ইতিহাসবিদ ফিৰিষ্টা আৰু হাজিউদাব্বিৰে পদ্মাৱত কাহিনীক ইতিহাস বুলি অভিযোজন কৰিছিল কিন্তু তেওঁলোকৰ বৰ্ণনা অসংলগ্ন।[19] পাছৰ ৰাজপুত কবিসকলেও ঐতিহাসিক তথ্যক গুৰুত্ব নিদি কাহিনীটোৰ অভিযোজন আৰু পৰিবৰ্ধন কৰিছিল।[20] হেমৰতনৰ গোৰা বাদল পদ্মিনী চাউপাই (আনু. ১৫৮৯) পদ্মাৱতৰ প্ৰথম জনপ্ৰিয় ৰাজপুত অভিযোজন হৈ পৰে। ১৬শৰ পৰা ১৮শ শতিকাৰ মাজত ৰাজপুত শাসকসকলৰ পৃষ্ঠপোষকতাত বৰ্তমানৰ ৰাজস্থানত পদ্মিনীৰ অধিক ৰাজপুত সংস্কৰণ লিখা হৈছিল।[21] ১৮শ শতিকাৰ বাহৰুলাৱাজকে ধৰি ফিৰিষ্টাৰ (১৬ শ শতিকা)ৰ পাছৰ বেছিভাগ মধ্যযুগীয় ইতিহাসত পদ্মিনীৰ উল্লেখ আছে। পদ্মিনীৰ বিষয়ে লিখা কাহিনীবোৰৰ মিললৈ চাই ক'ব পাৰি যে এই গোটেইবোৰ কাহিনী জায়চীৰ পদ্মাৱতৰ ওপৰত ভিত্তি কৰি লিখা নাইবা সেইবোৰ সঁচাকৈয়ে ঐতিহাসিক তথ্য।[22] নিক'লাও মেনুচিয়ে তেওঁৰ Storia do Mogorত এই কাহিনীৰ উল্লেখ কৰিছে, কিন্তু ইয়াক ১৬শ শতিকাত আকবৰৰ চিতোৰ আক্ৰমণৰ সময়তহে স্থান দিছে।[23]

ইতিহাসবিদ কিশোৰী চৰণ লালে পদ্মাৱত কাহিনীত কেইবাটাও অসামঞ্জস্যতা আঙুলিয়াই দিছে। যেনে ৰতনসিংহ ১৩০১ চনত সিংহাসনত বহিছিল আৰু ১৩০৩ চনত আলাউদ্দিনৰ হাতত পৰাস্ত হৈছিল, কিন্তু পদ্মাৱতৰ মতে ৰতনসিংহই ১২ বছৰ পদ্মিনীৰ সন্ধানত আৰু ৮ বছৰ আলাউদ্দিনৰ সৈতে বিৰোধত কটাইছিল।[24] লালে শেষ মধ্যযুগীয় ইতিহাসবিদসকলৰো বৰ্ণনাৰ পাৰ্থক্য আঙুলিয়াইছে। যেনে ফিৰিষ্টাৰ মতে আলাউদ্দিনে তেওঁৰ পুত্ৰ খিজৰ খানক ১৩০৪ চনত চিতোৰ খালি কৰিবলৈ দিয়ে আৰু ৰতনসিংহৰ এজন ভতিজাকক শাসনত বহুৱায়। কিন্তু খিজৰ খানে প্ৰকৃততে ১৩০৪ চনৰ বহু পাছত চিতোৰ এৰিছিল।[25] লালৰ মতে জায়চীয়ে পদ্মাৱতক ঐতিহাসিক বৰ্ণনাৰ সলনি ৰূপক হিচাপেই আখ্যা দিব খুজিছিল, কাৰণ লেখকে চিতোৰক তেওঁৰ দেহ, ৰজা (ৰতনসিংহ)ক মন, সিংহলক হৃদয়, পদ্মিনীক প্ৰজ্ঞা আৰু আলাউদ্দিনক মোহ বুলি উল্লেখ কৰিছে।[26] লালে কয় যে কাহিনীটোৰ একমাত্ৰ ঐতিহাসিক সত্যতা হৈছে আলাউদ্দিনৰ চিতোৰ জয় আৰু ৰতনসিংহৰ এগৰাকী ৰাণীকে ধৰি দুৰ্গৰ নাৰীসকলৰ জৌহৰত মৃত্যু।[23] ৰাণাৰসী প্ৰসাদ চাক্সেনাৰ মতে জৌহৰৰ বৰ্ণনাও অতিৰঞ্জিত: সমসাময়িক কাহিনীকাৰ আমিৰ খুস্ৰুৱে পূৰ্বৰ ৰন্থমবোৰৰ বিজয়তহে জৌহৰৰ উল্লেখ কৰিছে, চিতোৰত কোনো জৌহৰৰ উল্লেখ কৰা নাই।[27]

পদ্মাৱত কবিতাৰ শেষত জায়চীয়ে লিখিছে, "মই কাহিনীটো সাজি সম্পৰ্ক কৰিছোঁ।"[28] জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ইতিহাসবিদ আদিত্য মুখাৰ্জীৰ মতে "সমসাময়িক কালত এই ঘটনাৰ কোনো উল্লেখ নাই। আলাউদ্দিন খিলজিৰ সভাসদ আৰু প্ৰখ্যাত লেখক আমিৰ খুস্ৰুৰ বৰ্ণনাত পদ্মিনীৰ কথা নাই।" তেওঁ কয় যে "পদ্মিনীৰ ঘটনাৰ কোনো ঐতিহাসিক প্ৰমাণ নাই - এই কাহিনীতো কবিৰ কল্পনাৰ ফচলহে।[29]

তথ্যউৎস[সম্পাদনা কৰক]

  1. "Homer on the Ganges". The Library of Congress. https://www.loc.gov/rr/asian/guide2007/guide-homer.html. 
  2. "Absurdity of epic proportions: Are people aware of the content in Jayasi's Padmavat?". http://indiatoday.intoday.in/story/padmavati-karni-sena-malik-muhammad-jayasi-sanjay-bhansali/1/1095409.html. 
  3. Padmavati isn’t history, so what’s all the fuss about?
  4. "Padmavati trailer: Sanjay Leela Bhansali's new film looks grand, spellbinding and very expensive!". Business Today. 9 October 2017. http://www.businesstoday.in/trending/entertainment/padmavati-trailer-sanjay-leela-bhansali-shahid-kapur-deepika-padukone-ranveer-singh/story/261682.html. 
  5. 5.0 5.1 5.2 5.3 Ramya Sreenivasan 2017, পৃষ্ঠা. 30.
  6. Meyer, William Stevenson; Burn, Richard; Cotton, James Sutherland; Risley, Herbert Hope (1909). "Vernacular Literature". The Imperial Gazetteer of India. 2. Oxford University Press. পৃষ্ঠা. 430–431. http://dsal.uchicago.edu/reference/gazetteer/pager.html?objectid=DS405.1.I34_V02_465.gif। আহৰণ কৰা হৈছে: 2009-04-06. 
  7. "‘Padmavat’ reminds us that a major casualty of the gory Rajput conflicts were Rajput women". https://scroll.in/article/858619/history-lesson-padmavati-was-driven-to-immolation-by-a-rajput-prince-not-ala-ud-din-khalji. 
  8. Asher, Catherine B.; Talbot, Cynthia (2006) (en ভাষাত). India Before Europe. Cambridge University Press. পৃষ্ঠা. 106. ISBN 9780521809047. https://books.google.com/books?id=ZvaGuaJIJgoC&pg=PA106. 
  9. 9.0 9.1 Ramya Sreenivasan 2007, পৃষ্ঠা. 207.
  10. 10.0 10.1 10.2 10.3 10.4 Ramya Sreenivasan 2007, পৃষ্ঠা. 208.
  11. 11.0 11.1 11.2 11.3 Ramya Sreenivasan 2007, পৃষ্ঠা. 209.
  12. 12.0 12.1 "Absurdity of epic proportions: Are people aware of the content in Jayasis Padmavat?". India Today. 23 November 2017. http://indiatoday.intoday.in/story/padmavati-karni-sena-malik-muhammad-jayasi-sanjay-bhansali/1/1095409.html. 
  13. 13.0 13.1 13.2 Ramya Sreenivasan 2017, পৃষ্ঠা. 32.
  14. Ramya Sreenivasan 2017, পৃষ্ঠা. 29.
  15. 15.0 15.1 "Padmavati has been a part of Indian theatre & cinema for 111 years, and nobody protested". 20 November 2017. https://theprint.in/2017/11/20/padmavati-theatre-cinema-111-years/. 
  16. "9 Path Breaking Films Of Shahid Kapoor That Changed The Face Of Cinema". Times Internet. 10 May 2017. Archived from the original on 4 June 2017. https://www.indiatimes.com/entertainment/celebs/9-path-breaking-films-of-shahid-kapoor-that-changed-the-face-of-cinema-321354.html. 
  17. "CBFC chief Prasoon Joshi: No comment on 'Padmavati'". The Times of India. 24 November 2017. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/prasoon-joshi-no-comment-on-padmavati/articleshow/61764089.cms. 
  18. "Padmavati trailer: Sanjay Leela Bhansali's new film looks grand, spellbinding and very expensive!". Business Today. 9 October 2017. http://www.businesstoday.in/trending/entertainment/padmavati-trailer-sanjay-leela-bhansali-shahid-kapur-deepika-padukone-ranveer-singh/story/261682.html. 
  19. Kishori Saran Lal 1950, পৃষ্ঠা. 123-126.
  20. Banarsi Prasad Saksena 1992, পৃষ্ঠা. 370-371.
  21. Ramya Sreenivasan 2007, পৃষ্ঠা. 3.
  22. Kishori Saran Lal 1950, পৃষ্ঠা. 127.
  23. 23.0 23.1 Kishori Saran Lal 1950, পৃষ্ঠা. 130.
  24. Kishori Saran Lal 1950, পৃষ্ঠা. 125.
  25. Kishori Saran Lal 1950, পৃষ্ঠা. 126.
  26. Kishori Saran Lal 1950, পৃষ্ঠা. 127-128.
  27. Banarsi Prasad Saksena 1992, পৃষ্ঠা. 368.
  28. "Padmavati controversy: History is at risk of being trapped between Left, Right interpretations of the past". Firstpost. 24 November 2017. http://www.firstpost.com/india/padmavati-controversy-history-is-at-risk-of-being-trapped-between-left-right-interpretations-of-the-past-4225695.html. 
  29. "Bollywood film Padmavati faces protests from Karni Sena". Al Jazeera. http://www.aljazeera.com/news/2017/11/bollywood-film-padmavati-faces-protests-karni-sena-171114114842351.html। আহৰণ কৰা হৈছে: 16 November 2017. 

গ্ৰন্থপঞ্জী[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]