পাৰিজাত (শিশু আলোচনী)
পাৰিজাত অসমীয়া ভাষাৰ এখনি মাহেকীয়া শিশু আলোচনী। ১৯৪১ চনত (১৯৪০ চন[1]) কলকাতাৰ পৰা প্ৰকাশিত আলোচনীখনৰ সম্পাদক আছিল ডা° দীননাথ শৰ্মা। শিশু উপযোগী সচিত্ৰ আলোচনীখনত প্ৰবন্ধ, গল্প, কবিতা প্ৰকাশ কৰিছিল। “পাৰিজাত’’ত যুক্তাক্ষৰ সৰলীকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছিল। উদাহৰণস্বৰূপে, সুন্দৰ, সন্ধান, অনুষ্ঠান আদি সুন্ দৰ, সন্ ধান, অনুষ্ ঠান আদি ৰূপত লিখা হৈছিল। পাৰিজাতৰ যোগেদি “আমাৰ দেশৰ কিশোৰ-কিশোৰী, ভাৱী উত্তৰাধিকাৰীসকলৰ হিত সাধনৰ সম্ভাৱনাক আৰু বেছি নিশ্চিত, আৰু বেছি শক্তিশালী কৰি তোলা’’ৰ পৰিকল্পনা কৰা হৈছিল।[2]
আলোচনীখন ৩নং গোবিন্দ বোস লেন, ভৱানীপুৰ, আৱাহন প্ৰিণ্টাৰ্ছ, কলিকতাত দীননাথ শৰ্মাৰ দ্বাৰা মুদ্ৰিত আৰু প্ৰকাশিত হৈছিল। চাৰি বছৰ কাল পাৰিজাত প্ৰকাশ হৈ আছিল। আলোচনীখনৰ লেখকসকল আছিল ক্ৰমে, অতুল চন্দ্ৰ হাজৰিকা, তৰুণ চন্দ্ৰ পামেগাম, হৰেন্দ্ৰ নাথ কলিতা, কুমুদেশ্বৰ বৰঠাকুৰ, ৰাজমোহন নাথ, জ্যোতিপ্ৰসাদ আগৰৱালা, অতুল চন্দ্ৰ বৰুৱা আদি।[3]
তথ্য সূত্ৰ
[সম্পাদনা কৰক]- ↑ শৰ্মা, হেমন্ত কুমাৰ (১৯৯১). অসমীয়া সাহিত্যত দৃষ্টিপাত. বীণা লাইব্ৰেৰী. পৃষ্ঠা. ৩৭৬.
- ↑ ফুকন, প্ৰসন্ন কুমাৰ (১৯৯৪). অসমীয়া সম্বাদপত্ৰৰ সমীক্ষাত্মক অধ্যয়ন. মধু প্ৰকাশ, অশ্বিনী কুমাৰ বৰঠাকুৰ. পৃষ্ঠা. ২৩৭.
- ↑ ফুকন, প্ৰসন্ন কুমাৰ (১৯৯৪). অসমীয়া সম্বাদপত্ৰৰ সমীক্ষাত্মক অধ্যয়ন. মধু প্ৰকাশ, অশ্বিনী কুমাৰ বৰঠাকুৰ. পৃষ্ঠা. ২২৮.