পুনম বাজৱা
পুনম বাজৱা | |
---|---|
২০১৯ চনত বাজৱা | |
জন্ম | পুনম সিং বাজৱা ০৫ এপ্ৰিল, ১৯৮৫ (৩৯ বছৰ) বম্বে, মহাৰাষ্ট্ৰ, ভাৰত |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
শিক্ষানুষ্ঠান | চিম্বায়’ছিছ ইণ্টাৰনেশ্যনেল ইউনিভাৰ্চিটি, পুনে (ইংৰাজী সাহিত্য) |
পেচা |
|
সক্ৰিয় হৈ থকা সময় | ২০০৫ – বৰ্তমান |
পুনম বাজৱা (ইংৰাজী: Poonam Bajwa; জন্ম: ৫ এপ্ৰিল ১৯৮৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ তামিল, মালয়ালম, তেলেগু আৰু কন্নড় ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰে। তেওঁ ২০০৫ চনত মোদাতী চিনেমা নামৰ তেলেগু চলচ্চিত্ৰ এখনত অভিনয়েৰে ছবিজগতত পদাৰ্পণ কৰে আৰু ২০০৬ চনত বছ নামৰ আন এখন তেলেগু ছবিত অভিনয় কৰে। তেওঁৰ অভিনীত প্ৰথম কন্নড় আৰু তামিল ভাষাৰ চলচ্চিত্ৰ আছিল ক্ৰমে থাংগিগাগী (২০০৬) আৰু চেভাল (২০০৮)।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
[সম্পাদনা কৰক]মহাৰাষ্ট্ৰৰ বম্বে (বৰ্তমান মুম্বাই)ত, নৌসেনাৰ বিষয়া অমৰজিৎ সিং বাজৱা আৰু জয়লক্ষ্মী বাজৱাৰ গৃহত পুনমে জন্মগ্ৰহণ কৰিছিল। তেওঁ জন্মসূত্ৰে পঞ্জাবী। তেওঁৰ সৰু ভগ্নীগৰাকীৰ নাম দীপিকা বাজৱা।[1] তেওঁ ২০০৫ চনত মিছ পুনেৰ খিতাপ অৰ্জন কৰে।[2] ইয়াৰ পিছতেই তেওঁ পঢ়া-শুনাৰ সমান্তৰালকৈ অংশকালীন মডেলিং কৰিবলৈ আৰম্ভ কৰিছিল।[3] যেতিয়া তেওঁ হাইদৰাবাদত ৰেম্প শ্বʼৰ বাবে গৈছিল, তেতিয়া মোদাতী চিনেমাৰ পৰিচালকে তেওঁক দেখিছিল আৰু তেওঁক সুধিছিল যে তেওঁ চলচ্চিত্ৰত আগ্ৰহী নেকি। সেই সময়ত, তেওঁ দ্বাদশ শ্ৰেণী সম্পূৰ্ণ কৰিছিলহে মাত্ৰ আৰু কলেজ আৰম্ভ হোৱালৈ পাঁচ মাহ বাকী আছিল, সেয়েহে পঢ়াশুনাত ভাল থকা স্বত্বেও, তেওঁ পৰিচালকৰ ছবিখনত কাম কৰিবলৈ সন্মত হৈছিল।[4] তেওঁ পুনেৰ চিম্বায়’ছিছ ইণ্টাৰনেশ্যনেল ইউনিভাৰ্চিটিৰ পৰা ইংৰাজী সাহিত্যত স্নাতক ডিগ্ৰী লাভ কৰিছিল।[উদ্ধৃতিৰ প্ৰয়োজন]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]২০২০ চনৰ অক্টোবৰ মাহত, বাজৱাই ইনষ্টাগ্ৰামত পৰিচালক সুনীল ৰেড্ডীৰ সৈতে সম্পৰ্কত থকাৰ কথা ঘোষণা কৰে।[5]
অভিনয় জীৱন
[সম্পাদনা কৰক]২০০৫ চনত মুক্তিপ্ৰাপ্ত তেলেগু ছবি মোদাতী চিনেমাত অভিনয়েৰে তেওঁ অভিনয় জীৱনৰ আৰম্ভণি কৰে আৰু তাৰ পিছত তেওঁ অভিনেতা নাগাৰ্জুনৰ বিপৰীতে বছ আৰু পৰিচালক ভাস্কৰৰ ছবি পাৰুগুকে ধৰি কেইবাখনো তেলেগু ছবিত অভিনয় কৰে। পাৰুগু নামৰ ছবিখনত তেওঁ প্ৰকাশ ৰাজৰ জেষ্ঠ্য কন্যাৰ চৰিত্ৰটিত স্বল্পস্থায়ী অভিনয় কৰে।[6] তেওঁ ২০০৮ চনৰ তামিল চলচ্চিত্ৰ চেভালৰ জৰিয়তে তামিল ছবিজগতত আত্মপ্ৰকাশ কৰে আৰু পৰৱৰ্তী সময়ত থেনাৱট্টু, কচেৰী আৰামবাম, দ্ৰোহী আৰু থাম্বিকোট্টাইকে ধৰি কেইবাখনো তামিল চলচ্চিত্ৰত অভিনয় কৰে।[7] তেওঁ চাইনা টাউন মালায়ালম চলচ্চিত্ৰ এখনতো অভিনয় কৰিছিল।[উদ্ধৃতিৰ প্ৰয়োজন]
চলচ্চিত্ৰপুঞ্জী
[সম্পাদনা কৰক]
এতিয়াও মুক্তি লাভ কৰা নাই |
বৰ্ষ | শিৰোনাম | ভূমিকা | ভাষা | টোকা | তথ্যসূত্ৰ |
---|---|---|---|---|---|
২০০৫ | মোদাতী চিনেমা | সিন্ধু | তেলেগু | তেলেগু অভিষেক | |
২০০৬ | প্ৰেমন্তে ইন্তে | পাৱানী | |||
বছ | শ্ৰুতি ৰামপ্ৰকাশ | ||||
থাংগিগাগি | প্ৰিয়া | কন্নড় | কন্নড় অভিষেক | ||
২০০৭ | বেদুকা | হৰিণী | তেলেগু | ||
২০০৮ | পাৰুগু | চুব্বালক্ষ্মী | |||
চেভাল | পৰিজাতম পঞ্চমী | তামিল | তামিল অভিষেক | ||
থেনাভাট্টু | গায়ত্ৰী | ||||
২০১০ | কাচেৰী আৰামবাম | মাধী | |||
দ্ৰোহী | শ্ৰুতি লোচনী |
||||
২০১১ | থাম্বিকোট্টাই | কানাগা আমিৰথালিঙ্গম | |||
চাইনা টাউন | এমিলি | মালয়ালম | মালয়ালম অভিষেক | ||
ভেনিচাইল ব্যাপাৰী | লক্ষ্মী | ||||
২০১২ | চিকাৰী | ৰেণুকা, নন্দিতা |
মালয়ালম কন্নড় |
||
মন্থ্ৰিকান | মালু/চন্দনা | মালয়ালম | |||
২০১৪ | পেৰুচাঝি | নিজেই | "পো মোনে দিনেশা" গানটোত বিশেষ উপস্থিতি | [উদ্ধৃতিৰ প্ৰয়োজন] | |
২০১৫ | ৰোজাপুক্কালাম | লেনা আলেকজেণ্ডাৰ | |||
আম্বালা | নিজেই | তামিল | "মাদ্ৰাজৰ পৰা মাদুৰাই" গানটোত বিশেষ উপস্থিতি | ||
ৰোমিঅʼ জুলিয়েট | নিশা | ||||
২০১৬ | মাস্ত মহব্বত | মায়া | কন্নড় | ||
আৰণমানাই ২ | মঞ্জু | তামিল | |||
মুথিনা কাথিৰিকাই | মায়া | ||||
২০১৭ | জাকাৰিয়া পোথেন জেভিচিৰিপ্পুণ্ডু | মাৰিয়া | মালয়ালম | ||
মাষ্টাৰপিচ | স্মিতা | ||||
২০১৯ | এন.টি.আৰ.: কথানায়াকুডু | গৰাপতি লোকেশ্বৰী | তেলেগু | [উদ্ধৃতিৰ প্ৰয়োজন] | |
কুপ্পাথু ৰাজা | মেৰী | তামিল | |||
২০২২ | পাথোনপাথাম নুটাণ্ডু | ট্ৰাভাঙ্কোৰৰ ৰাণী মাথ্ৰুপিলিল কল্যাণীকুট্টি আম্মা |
মালয়ালম | [8] | |
মেই হুম মুচা | কুঞ্জিপাথু | [9] | |||
গুৰুমূৰ্তি | তামিঝ | তামিল |
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ "പൂവ് പോലെ പൂനം". http://www.mangalam.com/women/celebrity/285622?page=0,0। আহৰণ কৰা হৈছে: 14 June 2016.
- ↑ "Poonam Bajwa". 28 July 2020. https://timesofindia.indiatimes.com/entertainment/telugu/movies/news/poonam-bajwa-5-candid-pictures-of-the-actress-that-will-surely-make-you-sweat/photostory/77221584.cms?picid=77221735.
- ↑ "Modati Cinema and a short stint in Telugu". The Times of India. 4 April 2019. https://timesofindia.indiatimes.com/entertainment/telugu/movies/news/happy-birthday-poonam-bajwa-5-drool-worthy-pictures-of-the-popular-south-actress/photostory/68725321.cms। আহৰণ কৰা হৈছে: 4 May 2019.
- ↑ "Poonam Bajwa -With stars in her eyes!". Sify. http://www.sify.com/movies/poonam-bajwa-with-stars-in-her-eyes-news-tamil-kkfsKoehhdjsi.html। আহৰণ কৰা হৈছে: 14 June 2016.
- ↑ "Poonam Bajwa reveals being in a relationship with an adorable post". The Times of India. 28 October 2020. https://timesofindia.indiatimes.com/entertainment/tamil/movies/news/poonam-bajwa-reveals-being-in-a-relationship-with-an-adorable-post/articleshow/78909591.cms.
- ↑ "Poonam: Little miss Sunshine". The Times of India. 28 December 2009. http://timesofindia.indiatimes.com/tamil/news-interviews/Poonam-Little-miss-Sunshine/articleshow/5381849.cms। আহৰণ কৰা হৈছে: 20 August 2014.
- ↑ "Kacheri Aarambam - Tamil Movie Reviews - Kacheri Aarambam | Jiiva | Poonam Bajwa | JD Chakravarthy | Vadivelu | D Imman | Thiraivanna - Behindwoods.com". www.behindwoods.com. https://www.behindwoods.com/tamil-movie-reviews/reviews-2/kacheri-aarambam-jiiva-poonam-bajwa.html। আহৰণ কৰা হৈছে: 2024-12-18.
- ↑ "Poonam Bajwa is all set for 'Pathonpatham Noottandu', as the shoot wraps up". The Times of India. 24 November 2021. https://timesofindia.indiatimes.com/entertainment/malayalam/movies/news/poonam-bajwa-is-all-set-for-pathonpatham-noottandu-as-the-shoot-wraps-up/articleshow/87882815.cms। আহৰণ কৰা হৈছে: 1 November 2022.
- ↑ "Poonam Bajwa is all excited to join the cast of Suresh Gopi's 'Mei Hoom Moosa'" (en ভাষাত). 5 May 2022. https://timesofindia.indiatimes.com/entertainment/malayalam/movies/news/poonam-bajwa-is-all-excited-to-join-the-cast-of-suresh-gopis-mei-hoom-moosa/articleshow/91339413.cms.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- পুনম বাজৱা সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
ৱিকিমিডিয়া কমন্সত পুনম বাজৱা সম্পৰ্কীয় মিডিয়া ফাইল আছে। |