সমললৈ যাওক

প’গ’ টিভি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
প’গ’
উদ্বোধন ১ জানুৱাৰী ২০০৪
গৰাকী টাৰ্নাৰ ব্ৰড্‌কাষ্টিং
দেশ ভাৰত
ভাষা হিন্দী
তামিল
তেলেগু
মালয়ালম
কন্নড়
মাৰাঠী
সম্প্ৰচাৰৰ অঞ্চল ভাৰত
বাংলাদেশ
নেপাল
ভূটান
শ্ৰীলংকা
পাকিস্তান
মুখ্য কাৰ্যালয় মুম্বাই, ভাৰত
ভগ্নী কেন্দ্ৰসমূহ কাৰ্টুন নেটৱৰ্ক
বুমেৰাং
ডাব্লিউ বি চেনেল
এইচ বি অ’
ৰিয়েল
টাৰ্নাৰ ক্লাছিক মুভীজ
চিএনএন ইণ্টাৰনেশ্যনেল
চিএনএন-আইবিএন
টুনামি
ৱেবছাইট Official Website
উপলদ্ধতা
কৃত্ৰিম উপগ্ৰহ
টাটা প্লে’ (ভাৰত) চেনেল 615 (SD)
ডিশ্ব টিভি (ভাৰত) চেনেল 512 (SD)
বিগ টিভি (ভাৰত) চেনেল 610 (SD)
এয়ালটেল ডিজিটেল টিভি (ভাৰত) চেনেল 356 (SD)
ভিডিঅ’কন ডি2এইচ (ভাৰত) চেনেল 509 (SD)
ছান ডাইৰেক্ট ডিটিএইচ (ভাৰত) চেনেল 524 (SD)
ডায়ালগ টিভি (শ্ৰীলংকা) চেনেল 44 (SD)
কেবল টিভি
প্ৰায়বোৰ কেবুল ছিষ্টেমত উপলব্ধ
হাথৱে’ 401 (SD)
আইচিচি ডিজিটেল নেটৱৰ্ক 282 (SD)
আই এন ডিজিটেল 320 (SD)
আই পি টিভি
পি ই অ’ টিভি
(শ্ৰীলংকা)
চেনেল 66 (SD)

প’গ’ (ইংৰাজী: Pogo) এটা শিশু-মনোৰঞ্জনধৰ্মী কেবুল আৰু ছেটেলাইট দূৰদৰ্শন কেন্দ্ৰ, যাক ১ জানুৱাৰী, ২০০৪ তাৰিখে আৰম্ভ কৰা হৈছিল, মহাৰাষ্ট্ৰমুম্বাইস্থিত টাইম ৱাৰ্নাৰৰ অংশ টাৰ্নাৰ ব্ৰড্‌কাষ্টিঙৰ দ্বাৰা। যদিও আৰম্ভণিতে কেৱল ভাৰততে উপলব্ধ হৈছিল, বৰ্তমান এই চেনেল নেপাল, ভূটান আৰু শ্ৰীলংকাতো উপলব্ধ। এই চেনেল হিন্দী, তামিল, তেলেগু, মালয়ালম, কন্নড় আৰু মাৰাঠী ভাষাত উপলব্ধ।

বাংলাদেশত এই চেনেল কাৰ্টুন নেটৱৰ্কৰ দুঘণ্টীয়া খণ্ডৰ ৰূপত প্ৰচাৰিত হয়। থাইলেণ্ডত এই চেনেল ফেমিলী চেনেল থাৰ্টিনত দুঘণ্টীয়া খণ্ডৰ ৰূপত প্ৰচাৰিত হয়।[1]

অনুষ্ঠানসমূহ[সম্পাদনা কৰক]

প’গ’ ভাৰতত ছটা ভাষাত উপলব্ধ— হিন্দী, তামিল, তেলেগু, মালয়ালম, কন্নড় আৰু মাৰাঠী। আটাইকেইটা অনুষ্ঠান এই ছটা ভাষাত উপলব্ধ। ভাৰতৰ বাহিৰত এই চেনেলৰ অনুষ্ঠানসমূহ কেৱল ইংৰাজীত উপলব্ধ। পাকিস্তানত এই চেনেল আনুষ্ঠানিকভাৱে হিন্দী ভাষাতেই প্ৰচাৰিত হয়, যিহেতু পাকিস্তানৰ সৰহসংখ্যক লোকৰ বাবে এই ভাষা সহজে বোধগম্য।

এই চেনেলত কেইবাখনো এনিমেশ্যন শ্ব’ আৰু লাইভ একশ্যন শ্ব’ প্ৰচাৰিত হয়। এই চেনেলৰ সম্পূৰ্ণ নিজৰ শ্ব’ সময়ে সময়ে "প’গ’ অৰিজিনেল্‌ছ"ৰ নামত প্ৰচাৰিত হয়, যেনে "মেড"— যি এক "নিজে কৰা শিল্পকলা"ৰ অনুষ্ঠান। প’গ’ত বিভিন্ন লাইভ আৰু এনিমেটেড চলচ্চিত্ৰও প্ৰচাৰিত হয় "লাইট্‌ছ! কেমেৰা! প’গ’"ৰ নামত। এনিমেশ্যন ধাৰাবাহিক "ছোটা ভিম" এই চেনেলত প্ৰচাৰিত হয়।

কাৰ্টুন নেটৱৰ্ক ইণ্ডিয়াৰ ভগ্নী চেনেল হোৱাৰ বাবে মাজনিশাৰ পৰা পুৱাৰ ভিতৰত এই চেনেলত কাৰ্টুন নেটৱৰ্কৰ শ্ব’ কিছুমানো প্ৰচাৰিত হয় যেনে দা লাইফ এণ্ড টাইম্‌ছ অৱ জুনিপাৰ লী, টাইম স্কুৱাড, স্কাটুনী, লুনী টিউন্স, বেবী লুনী টিউন্স, ৰ’বটবয়, চিপ ইন বিগ চিটী, ছিল্‌ভেষ্টাৰ এণ্ড টুইটী মিষ্ট্ৰীজ, ফষ্টাৰ্ছ হ’ম ফৰ ইমেজিনেৰী ফ্ৰেণ্ড্‌ছ, দা স্মাৰ্ফ্‌ছ, বেটমেন, পকেমন, গাৰ্ফিল্ড এণ্ড ফ্ৰেণ্ড্‌ছ, দা পিংক পেন্থাৰ শ্ব’ আদি।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]