ফ্ৰান্ৎছ কাফকা
| ফ্ৰান্ৎছ কাফকা | |
|---|---|
১৯২৩ চনত কাফকা | |
| জন্ম | ৩ জুলাই, ১৮৮৩ প্ৰাগ, অষ্ট্ৰিয়া-হাংগেৰী |
| মৃত্যু | ৩ জুন, ১৯২৪ (৪০ বছৰ) ক্ল'ষ্টাৰনইবুৰ্গ, অষ্ট্ৰিয়া |
| নাগৰিকত্ব |
|
| শিক্ষানুষ্ঠান | জাৰ্মান চাৰ্ল্ছ-ফাৰ্ডিনাণ্ড বিশ্ববিদ্যালয় |
| পেচা |
|
| শৈলী | আধুনিকতাবাদ |
| স্বাক্ষৰ | |
ফ্ৰান্ৎছ কাফকা[টোকা 2] (German: Franz Kafka, pronounced [ˈfʁant͡s ˈkafka] ⓘ; ৩ জুলাই ১৮৮৩ – ৩ জুন ১৯২৪) আছিল অষ্ট্ৰ-হাংগেৰীয় সাম্ৰাজ্যৰ অন্তৰ্গত প্ৰাগত জন্মগ্ৰহণ কৰা এজন জাৰ্মানভাষী ইহুদী চেক লেখক আৰু ঔপন্যাসিক।[4] ২০ শতিকাৰ সাহিত্যৰ এজন অন্যতম প্ৰধান ব্যক্তিত্ব হিচাপে ব্যাপকভাৱে পৰিগণিত কাফকাৰ ৰচনাসমূহত সাহিত্যিক বাস্তৱবাদ আৰু অদ্ভুতবাদৰ উপাদানসমূহৰ সংমিশ্ৰণ ঘটিছে।[5] তেওঁৰ কাহিনীভাগত সাধাৰণতে নিসংগ মুখ্য চৰিত্ৰসমূহে আচৰিত বা অবাস্তৱসদৃশ কঠিন পৰিস্থিতি আৰু দুৰ্বোধ্য সামাজিক তথা আমোলাতান্ত্ৰিক প্ৰত্যাহ্বানৰ মুখামুখি হোৱা দেখা যায়। তেওঁৰ লেখাত চিত্ৰিত পৰিস্থিতিৰ দৰে জটিল তথা দুৰ্বোধ্য অৱস্থাক বুজাবলৈ শব্দকোষত কাফকাসুলভ (Kafkaesque) শব্দটোৱে স্থান পাইছে।[6] তেওঁৰ আটাইতকৈ বিখ্যাত ৰচনাসমূহৰ ভিতৰত আছে উপন্যাসিকা ৰূপান্তৰ (Die Verwandlung, ১৯১৫) আৰু উপন্যাস বিচাৰ (Der Prozess, ১৯২৪) আৰু দুৰ্গ (Das Schloß, ১৯২৬)। তেওঁৰ চুটি নীতিশিক্ষাূলক কাহিনী আৰু নীতিবচনসমূহৰ বাবেও তেওঁ সমাদৃত, যিবোৰত প্ৰায়ে তেওঁৰ দীঘলীয়া ৰচনাসমূহৰ অন্ধকাৰময় বিষয়বস্তুৰ সমান্তৰালভাৱে ধেমেলীয়া উপাদানসমূহো অন্তৰ্ভুক্ত হৈছিল।[7][টোকা 3] তেওঁৰ কৰ্মৰাজিয়ে শিল্পী, দাৰ্শনিক, সুৰকাৰ, চলচ্চিত্ৰ নিৰ্মাতা, সাহিত্য ইতিহাসবিদ, ধৰ্মীয় পণ্ডিত আৰু সাংস্কৃতিক তাত্ত্বিকসকলক ব্যাপকভাৱে প্ৰভাৱিত কৰিছে।
কাফকাৰ জন্ম হৈছিল অষ্ট্ৰ-হাংগেৰীয় সাম্ৰাজ্যৰ অন্তৰ্গত ব'হেমিয়া ৰাজ্যৰ ৰাজধানী প্ৰাগৰ (যি পিছলৈ চেক'স্ল'ৱাকিয়া আৰু চেক গণৰাজ্যৰ ৰাজধানী হয়) এটা মধ্যবিত্ত শ্ৰেণীৰ জাৰ্মানভাষী চেক ইহুদী পৰিয়ালত।[9][10] তেওঁ এজন অধিবক্তা হিচাপে প্ৰশিক্ষণ লৈছিল আৰু আইনী শিক্ষা সম্পূৰ্ণ কৰাৰ পিছত বিভিন্ন আইনী আৰু বীমা সংক্ৰান্তিয় চাকৰিত পূৰ্ণকালীনভাৱে নিয়োজিত হৈছিল।[11] তেওঁৰ বৃত্তিমূলক দায়িত্বই তেওঁৰ মনত এক আভ্যন্তৰীণ সংঘাতৰ সৃষ্টি কৰিছিল, কিয়নো তেওঁ অনুভৱ কৰিছিল যে তেওঁৰ প্ৰকৃত ধাউতি আছিল কেৱল লিখনিত। তেওঁৰ জীৱনকালত তেওঁৰ ৰচনাৰ মাত্ৰ কম সংখ্যক অংশহে প্ৰকাশ পাইছিল; গল্প সংকলন চিন্তন (Betrachtung, ১৯১২) আৰু এজন গাঁৱলীয়া চিকিৎসক (Ein Landarzt, ১৯১৯), আৰু তেওঁৰ চুটি উপন্যাস ৰূপান্তৰৰ দৰে স্বতন্ত্ৰ গল্পসমূহ সাহিত্য আলোচনীত প্ৰকাশ পাইছিল, কিন্তু সেইবোৰে বিশেষ মনোযোগ লাভ কৰা নাছিল। তেওঁ পৰিয়াল আৰু ঘনিষ্ঠ বন্ধুসকললৈ শ শ চিঠি লিখিছিল, য'ত তেওঁৰ দেউতাকো অন্তৰ্ভুক্ত আছিল, যাৰ সৈতে তেওঁৰ সম্পৰ্ক আছিল অতিশয় টান আৰু আনুষ্ঠানিক। তেওঁ কেইবাগৰাকীও মহিলাৰ সৈতে বাগ্দানত আৱদ্ধ হৈছিল যদিও কেতিয়াও বিবাহপাশত আৱদ্ধ হোৱা নাছিল। ১৯২৪ চনত ৪০ বছৰ বয়সত যক্ষ্মা ৰোগত আক্ৰান্ত হৈ তেওঁ আপেক্ষিকভাৱে অপৰিচিত অৱস্থাতে মৃত্যুবৰণ কৰে। তেওঁৰ সাহিত্যিক উইল কাৰ্যবাহী তথা বন্ধু মাক্স ব্ৰ'ডে কাফকাৰ বাকী থকা ৰচনাসমূহ ধ্বংস কৰাৰ ইচ্ছাক আওকাণ কৰি সেইবোৰ প্ৰকাশ কৰে, যিবোৰে পিছলৈ বিশ্বজোৰা স্বীকৃতি লাভ কৰে।
টোকা
[সম্পাদনা কৰক]- ↑ ১৮৬৭ চনৰ অষ্ট্ৰো-হাংগেৰীয় নাগৰিকত্ব আইনৰ ওপৰত আধাৰিত
- ↑ UK: /ˈkæfkə/, US: /ˈkɑːf-/;[3] German: [ˈfʁant͡s ˈkafka] ⓘ; Czech: [ˈkafka]; চেক ভাষাত তেওঁক কেতিয়াবা ফ্ৰাঞ্চিশ্বেক কাফকা বুলিও কোৱা হৈছিল।
- ↑ তেওঁৰ দীঘলীয়া কল্পকাহিনীৰ দৰেই এই চুটি খচৰাবোৰো কিছুমান দিশত ক্ৰুৰ হ'ব পাৰে, কিন্তু সেইবোৰৰ ভয়াবহতা প্ৰায়ে হাস্যকৰ।[7] কাফকাৰ এজন ঘনিষ্ঠ পৰিচিত ব্যক্তিয়ে মন্তব্য কৰিছিল যে পাঠৰ সময়ত তেওঁৰ শ্ৰোতা আৰু লেখক স্বয়ং কেতিয়াবা ইমান হঁহাই হাঁহিছিল যে কাফকাই নিজৰ পাঠ অব্যাহত ৰাখিব নোৱাৰিছিল আৰু কৰ্মটোৰ আবৃত্তি সম্পূৰ্ণ কৰাৰ আগতে নিজকে চম্ভালি লোৱাটো প্ৰয়োজনীয় হৈ পৰিছিল।[8]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]উদ্ধৃতি
[সম্পাদনা কৰক]- ↑ Koelb 2010, পৃষ্ঠা. 12.
- ↑ Czech Embassy 2012.
- ↑ "Kafka". Random House Webster's Unabridged Dictionary. http://dictionary.reference.com/browse/kafka.
- ↑ Herz, Julius M. (1978). "Franz Kafka and Austria: National Background and Ethnic Identity". Modern Austrian Literature খণ্ড 11 (3/4): 301–318. https://www.jstor.org/stable/24645937। আহৰণ কৰা হৈছে: 22 January 2025. "Kafka, after all, was not just a Prague Jew living in Bohemia. He was also, for more than thirty-five years, an Austrian citizen caught in the middle of many cross-currents.... We might wonder whether or to what extent he considered himself an Austrian, for this question must have occurred to him more than once. For the Jews living in the Austro-Hungarian monarchy life was seriously affected by the highly heterogeneous population.". Quotation on p. 301.
- ↑ Spindler, William (1993). "Magical Realism: A Typology". Forum for Modern Language Studies খণ্ড XXIX (1): 90–93. doi:10.1093/fmls/XXIX.1.75. ISSN 0015-8518.
- ↑ Steinhauer 1983, পৃষ্ঠা. 390–408.
- 1 2 Foster-Wallace, David (1998). "Laughing with Kafka". Harper's Magazine খণ্ড 297 (1778): 23–27. Archived from the original on 8 January 2026. https://web.archive.org/web/20260108085542/https://harpers.org/wp-content/uploads/HarpersMagazine-1998-07-0059612.pdf। আহৰণ কৰা হৈছে: 12 July 2026.
- ↑ Parvulescu, Anca (2015). "Kafka's Laughter: On Joy and the Kafkaesque". PMLA খণ্ড 130 (5): 1420–1432. doi:10.1632/pmla.2015.130.5.1420. ISSN 0030-8129. https://www.jstor.org/stable/44017159.
- ↑ "Heroes – Trailblazers of the Jewish People". Beit Hatfutsot. Archived from the original on 31 July 2020. https://web.archive.org/web/20200731194725/https://dbs.bh.org.il/luminary/kafka-franz। আহৰণ কৰা হৈছে: 14 November 2019.
- ↑ "A new translation of Franz Kafka's diaries restores much of his Jewish musings". www.jta.org. 12 January 2023. https://www.jta.org/2023/01/12/culture/a-new-translation-of-franz-kafkas-diaries-restores-much-of-his-jewish-musings। আহৰণ কৰা হৈছে: 2 October 2024.
- ↑ Gray, Jefferson M., review in The Federal Lawyer, October 2009, of Franz Kafka: The Office Writings. Princeton, New Jersey: Princeton University Press, 2009.
উৎস
[সম্পাদনা কৰক]- Koelb, Clayton (2010). Kafka: A Guide for the Perplexed. প্ৰকাশক Chippenham, Wiltshire: Continuum International Publishing Group. ISBN 978-0-8264-9579-2. https://archive.org/details/kafkaguideforper0000koel.
- "Who is citizen? Guide to Czech citizenship in 1918 – 1949". Embassy of the Czech Republic in Tel Aviv. 25 October 2012. http://www.mzv.cz/telaviv/en/visa_and_consular_services/citizenship/who_is_citizen_guide_to_czech.html। আহৰণ কৰা হৈছে: 17 June 2013.
- Steinhauer, Harry (Autumn 1983). "Franz Kafka: A World Built on a Lie". The Antioch Review (Yellow Springs, Ohio) খণ্ড 41 (4): 390. doi:10.2307/4611280. https://archive.org/details/sim_antioch-review_fall-1983_41_4/page/390.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ফ্ৰান্ৎছ কাফকা প্ৰবন্ধৰ বিষয়ে ৱিকিপিডিয়াৰ ভগ্নী প্ৰকল্পসমূহত অধিক তথ্য চাব পাৰে: | |
| শব্দৰ অৰ্থ ৱিকিঅভিধানত | |
| চিত্ৰ আৰু মিডিয়া কমন্সত | |
| উক্তিৰ সংগ্ৰহ ৱিকিউক্তিত | |
| কিতাপ, লিখনি আদি ৱিকিউৎসত | |
| মুক্ত অভিধান ৱিক্সনেৰীত Kafkaesque শব্দৰ অৰ্থ চাওক। |
| German ৱিকিউৎসত এই লেখাটোৰ সৈতে সম্পৰ্কিত মূল কথাংশ আছে। |
- Kafka Society of America Archived 2020-11-30 at the Wayback Machine
- Literature by and about ফ্ৰান্ৎছ কাফকা in the German National Library catalogue
- ফ্ৰান্ৎছ কাফকা-ৰ সাহিত্যকৰ্ম আৰু ৰচনাৱলী - গুটেনবাৰ্গ প্ৰকল্প
- Franz Kafka at the Internet Speculative Fiction Database
- Works by or about ফ্ৰান্ৎছ কাফকা at Internet Archive
- ফ্ৰান্ৎছ কাফকা সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।

- Works by ফ্ৰান্ৎছ কাফকা at LibriVox (public domain audiobooks)

- Oxford Kafka Research Centre – information on ongoing international Kafka research
- Translated excerpts from Kafka's Diaries 1910 – 1923
- ফ্ৰান্ৎছ কাফকা বিষয়ে Curlie (DMOZ)-ত থকা তথ্য
- The Album of Franz Kafka, Franz Kafka receives a tribute in this album of "recomposed photographs".
- Journeys of Franz Kafka Archived 2018-04-24 at the Wayback Machine Photographs of places where Kafka lived and worked
- Letters to Felice at Archive.org
- Společnost Franze Kafky a nakladatelství Franze Kafky Franz Kafka Society and Publishing House in Prague
- What makes something "Kafkaesque"? A Ted talk on Kafka, his works and his legacy, by Noah Tavlin