সমললৈ যাওক

বাংলাদেশ মুক্তিযুদ্ধৰ সময়ত ধৰ্ষণ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Shamed Woman / Brave Woman
এগৰাকী মহিলাৰ সংঘাতৰ সময়ত তোলা এখন ফটো। লণ্ডনৰ এখন প্ৰদৰ্শনীত ছবিখন প্ৰচাৰ কৰা হৈছিল৷ ফটোখনৰ শিৰোনাম Shamed Woman (লজ্জিত মহিলা)৷ ছবিখনক Brave Woman বুলিও কোৱা হৈছে৷ এই ছবিখন বাংলাদেশী ফটোগ্ৰাফাৰ নাইব উদ্দিন আহমেদে তুলিছে। জন টুলোকে এই ছবিখনক "যি কোনো মেডোনা আৰু শিশুৰ দৰেই ধ্ৰুপদী ভংগীমা" বুলি গণ্য কৰে।[1]প্ৰদৰ্শনীখনত প্ৰদৰ্শিত অতি-আৱেগিক ফটোৰ ভিতৰত অন্যতম বুলি গণ্য কৰা মহিলাগৰাকীয়ে হাত দুখন চেপি ধৰিছে, মুখখন চুলিৰে সম্পূৰ্ণৰূপে ঢাকি ৰাখিছে। টুলোকে ছবিখনক "অকথ্যক প্ৰকাশ কৰা বা পৰামৰ্শ দিয়াৰ ক্ষমতা"ৰে সমৃদ্ধ বুলি বৰ্ণনা কৰিছে।[2]

১৯৭১ চনৰ বাংলাদেশ মুক্তিযুদ্ধৰ সময়ত পাকিস্তানী সামৰিক বাহিনী আৰু ৰাজাকাৰ অৰ্ধসামৰিক বাহিনীৰ সদস্যসকলে গণহত্যাৰ ধৰ্ষণৰ পদ্ধতিগত অভিযানত ২ লাখৰ পৰা ৪ লাখ বঙালী মহিলা আৰু ছোৱালীক ধৰ্ষণ কৰিছিল।[3][4][5][6]পাকিস্তানী সেনা আৰু ইয়াৰ মিত্ৰশক্তিৰ ধৰ্ষণৰ বলি হোৱা অধিকাংশই আছিল হিন্দু মহিলা।[7] এই মহিলাসকলৰ কিছুসংখ্যকে বন্দী অৱস্থাত মৃত্যুবৰণ কৰে বা আত্মহত্যা কৰে৷ আন কিছুসংখ্যক বাংলাদেশৰ পৰা ভাৰতলৈ গুচি আহে।[8]ইমাম আৰু মুছলমান ধৰ্মগুৰুসকলে মহিলাসকলক "war booty" বুলি ঘোষণা কৰিছিল।[9][10] ইছলামিক দলৰ কৰ্মী আৰু নেতাসকলো মহিলা ধৰ্ষণ আৰু অপহৰণৰ সৈতে জড়িত হোৱাৰ অভিযোগ উত্থাপিত হৈছিল।[10]

পাকিস্তানী অভিজাত শ্ৰেণীয়ে বিশ্বাস কৰিছিল যে এই বিদ্ৰোহৰ আঁৰত হিন্দু আছে আৰু "হিন্দু সমস্যা"ৰ সমাধান হোৱাৰ লগে লগে সংঘাতৰ সমাধান হ'ব। পাকিস্তানীসকলৰ বাবে হিন্দুসকলৰ বিৰুদ্ধে হিংসা আছিল এক কৌশলগত নীতি।[11] মুছলমান পাকিস্তানী পুৰুষসকলে বিশ্বাস কৰিছিল যে জাতীয় অসুস্থতা সমাধানৰ বাবে হিন্দু মহিলাৰ বলিদানৰ প্ৰয়োজন।[12] ভাষ্যমূলক প্ৰমাণ (anecdotal evidence) অনুসৰি ইমাম আৰু মোল্লাই পাকিস্তানী সেনাই কৰা ধৰ্ষণক সমৰ্থন কৰিছিল আৰু মহিলাসকলক যুদ্ধৰ লুটপাত বুলি ঘোষণা কৰি ফতোৱা জাৰি কৰিছিল। যুদ্ধৰ সময়ত পশ্চিম পাকিস্তানৰ পৰা অহা এটা ফতোৱাত কোৱা হৈছিল যে বঙালী হিন্দুৰ মহিলাক যুদ্ধৰ লুটপাত বুলি গণ্য কৰিব পাৰি।[10][13] সেই ধৰ্ষণবোৰৰ ফলত আপাত দৃষ্টিত হাজাৰ হাজাৰ গৰ্ভধাৰণ, যুদ্ধ-শিশুৰ জন্ম, গৰ্ভপাত, শিশুহত্যা, আত্মহত্যা আৰু ভুক্তভোগীক বহিষ্কাৰ কৰা হৈছিল। এইটো যুদ্ধকালীন যৌন হিংসাৰ অন্যতম ভয়াৱহ পৰিঘটনা বুলি প্ৰায়ে কোৱা হয়।[14] ১৯৭১ চনৰ ডিচেম্বৰ মাহত পাকিস্তানী সামৰিক বাহিনীয়ে আত্মসমৰ্পণ কৰাৰ পাছত এই অত্যাচাৰৰ অন্ত পৰে।[15][16]

যুদ্ধৰ সময়ত বঙালী জাতীয়তাবাদীসকলে জনগোষ্ঠীয় বিহাৰী মুছলমান মহিলাৰ গণ ধৰ্ষণ কৰিছিল৷ যিহেতু বিহাৰী মুছলমান সম্প্ৰদায়ে পাকিস্তানক সমৰ্থন কৰিছিল।[17] য়াছমিন শইকীয়া নামৰ লেখিকাগৰাকীক বাংলাদেশত বাৰে বাৰে জনোৱা হৈছিল যে যুদ্ধৰ সময়ত পাকিস্তানী, বঙালী আৰু বিহাৰী পুৰুষে হিন্দু মহিলাক ধৰ্ষণ কৰিছিল।[18]

১৯৭১ চনৰ ঘটনাৰ প্ৰায় ৪০ বছৰৰ পাছত ২০০৯ চনত বাংলাদেশৰ ৱাৰ ক্ৰাইমছ ফেক্ট ফাইণ্ডিং কমিটীয়ে প্ৰকাশ কৰা প্ৰতিবেদনত ধৰ্ষণকে ধৰি ১৫৯৭ জন লোকৰ বিৰুদ্ধে যুদ্ধ-অপৰাধৰ অভিযোগ উত্থাপন কৰা হৈছিল। ২০১০ চনৰ পৰা আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণে (আইচিটি) সংঘাতৰ সময়ত কৰা কাৰ্যৰ বাবে কেইবাজনো লোকৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছিল৷ তেওঁলোকৰ বিচাৰ কৰি তেওঁলোকক যাৱজ্জীৱন কাৰাদণ্ড বা মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছিল। ধৰ্ষণৰ বলি হোৱা লোকসকলৰ কাহিনী, চিনেমা আৰু সাহিত্যত উপস্থাপন কৰাৰ লগতে শিল্পতো চিত্ৰিত কৰা হৈছে।

বাংলাদেশ মুক্তি যুদ্ধৰ সময়ত ধৰ্ষণৰ বলি হোৱা মহিলাসকলক বুজাবলৈ শ্বেখ মুজিবুৰ ৰহমানে প্ৰথমবাৰৰ বাবে ১৯৭১ চনত বীৰাংগনা শব্দটো প্ৰৱৰ্তন কৰিছিল; যাতে তেওঁলোকক সমাজৰ পৰা বহিষ্কাৰ কৰা নহয়।[19]১৯৭২ চনৰ পৰা যুদ্ধৰ সময়ত ধৰ্ষণৰ বলি হোৱা লোকসকলক বাংলাদেশ চৰকাৰে বীৰংগোনা বা "যুদ্ধ নায়িকা" হিচাপে স্বীকৃতি দিয়ে।[19][20]

ঢাকা বিশ্ববিদ্যালয়ৰ ছাত্ৰীসকলে ভাষা আন্দোলন দিৱসত উলিওৱা সমদল, ২১ ফেব্ৰুৱাৰী ১৯৫৩ চনত

ভাৰত বিভাজন আৰু পাকিস্তানৰ সৃষ্টিৰ পিছত পূব আৰু পশ্চিম শাখা কেৱল ভৌগোলিকভাৱেই নহয়, সাংস্কৃতিকভাৱেও পৃথক হৈ পৰিছিল। পশ্চিমৰ কৰ্তৃপক্ষই পূবৰ বঙালী মুছলমানক "অতি বঙালী" আৰু তেওঁলোকৰ ইছলামৰ প্ৰয়োগক "হীন আৰু অশুদ্ধ" বুলি গণ্য কৰিছিল৷ ইয়াৰ ফলত তেওঁলোক বিশ্বাস-অযোগ্য হৈ পৰিছে বুলি ভবা হৈছিল। পশ্চিমে পূবৰ বঙালীসকলক সাংস্কৃতিকভাৱে আত্মসাৎ কৰাৰ কৌশল আৰম্ভ কৰিলে।[21] পূব পাকিস্তানৰ বঙালীসকল মূলতঃ মুছলমান আছিল যদিও তেওঁলোকৰ মাজত হিন্দু সংখ্যালঘুৰ সংখ্যাও উল্লেখযোগ্য আছিল। অতি কম সংখ্যকেহে উৰ্দু ভাষা কৈছিল, যিটো ভাষাক ১৯৪৮ চনত পাকিস্তানৰ জাতীয় ভাষা হিচাপে ঘোষণা কৰা হৈছিল।[22] বিৰোধিতা প্ৰকাশ কৰিবলৈ পূব পাকিস্তানৰ কৰ্মীসকলে বাংলা ভাষা আন্দোলন আৰম্ভ কৰিছিল। ইয়াৰ পূৰ্বে ১৯৪৯ চনত আন কৰ্মীসকলে পশ্চিম পাকিস্তানত শাসকীয় মুছলিম লীগৰ বিকল্প হিচাপে আৱামি লীগ প্ৰতিষ্ঠা কৰিছিল।[23] পিছৰ ডেৰ দশকত বেছিভাগ সময়ত সামৰিক শাসনৰ অধীনত থকা পাকিস্তানৰ ক্ষমতাৰ ভাৰসাম্যৰ প্ৰতি বঙালীসকল ক্ৰমান্বয়ে মোহভংগ হ'ল৷ অৱশেষত কিছুসংখ্যকে বিচ্ছিন্নতাৰ আহ্বান জনাবলৈ আৰম্ভ কৰে।[24][25]১৯৬০ চনৰ শেষৰ ফালে এটা ধাৰণা গঢ় লৈ উঠিছিল যে পূব পাকিস্তানৰ জনসাধাৰণ দ্বিতীয় শ্ৰেণীৰ নাগৰিক। পূব পাকিস্তানৰ পাকিস্তানী বাহিনীৰ মুৰব্বী জেনেৰেল এ এ কে নিয়াজীয়ে পূব পাকিস্তানক “নিম্ন, মিছা মানুহৰ নিম্নভূমি” বুলি কোৱা কথাটোৱেও ইতিবাচক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা নাছিল৷ [26]

পশ্চিম পাকিস্তানতো সামৰিক শাসনৰ বিৰোধিতা হৈছিল। অৱশেষত সামৰিক বাহিনীৰ বিৰোধিতা স্তিমিত হয় আৰু ১৯৭০ চনৰ ডিচেম্বৰ মাহত প্ৰথমবাৰৰ বাবে নিৰ্বাচন অনুষ্ঠিত হয়। বহুতকে আশ্বৰ্যচকিত কৰি শ্বেখ মুজিবুৰ ৰহমানৰ নেতৃত্বত পূব পাকিস্তানৰ আৱামী লীগে স্পষ্ট সংখ্যাগৰিষ্ঠতা লাভ কৰে। পশ্চিম পাকিস্তানে এই ফলাফলত অসন্তুষ্টি প্ৰকাশ কৰে।[27] নিৰ্বাচনৰ পিছত ঢাকাত এজন জেনেৰেলে কৈছিল "চিন্তা নকৰিবা, আমি এই ক'লা হাৰামীসকলক আমাৰ ওপৰত শাসন কৰিবলৈ নিদিওঁ"।[28][29]খুব কম সময়ৰ ভিতৰতে ৰাষ্ট্ৰপতি য়াহা খানে আৱামী লীগ নিষিদ্ধ কৰি পূব পাকিস্তানত সামৰিক আইন ঘোষণা কৰে।[30][31]

বাংলা জাতীয়তাবাদক স্তব্ধ কৰাৰ লক্ষ্যৰে পাকিস্তান সেনাই ১৯৭১ চনৰ ২৫ মাৰ্চত অপাৰেচন চাৰ্চলাইট আৰম্ভ কৰে।[32] এৰিক হাইঞ্জেৰ মতে পাকিস্তানী বাহিনীয়ে বঙালী মুছলমান আৰু হিন্দু উভয়কে লক্ষ্য কৰি লৈছিল[33] তাৰ পিছত ১৯৭১ চনৰ বাংলাদেশৰ নৰসংহাৰত সেনাই ৩০ লাখ পৰ্যন্ত লোকৰ মৃত্যু ঘটায়, ভাৰতলৈ পলায়ন কৰা এক কোটি পৰ্যন্ত শৰণাৰ্থী সৃষ্টি কৰে আৰু পূব পাকিস্তানৰ ভিতৰত ৩ কোটি মানুহক স্থানচ্যুত কৰে।[34]

ৰৌনাক জাহানে পাকিস্তান সেনাবাহিনীত বৰ্ণবাদৰ উপাদান জড়িত থকাৰ অভিযোগ উত্থাপন কৰে৷ সেনাবাহিনীয়ে বঙালীসকলক "বৰ্ণগতভাৱে হীনমন্য—এটা অসামৰিক আৰু শাৰীৰিকভাৱে দুৰ্বল জাতি" বুলি গণ্য কৰিছিল বুলি জাহানে ক'ব খোজে আৰু সেনাই সংগঠিত ধৰ্ষণক যুদ্ধৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰে।[35][36] ৰাজনীতি বিজ্ঞানী আৰ জে ৰুমেলৰ মতে পাকিস্তানী সেনাই বঙালীসকলক "অৱমানৱ" (subhuman) বুলি ভাবিছিল আৰু হিন্দুসকলক "নাজীৰ বাবে ইহুদী" যেন গণ্য কৰিছিল৷ তেওঁলোকক "নিঃশেষ কৰিব পৰা মল আৰু কীট-পতংগ" বুলি বিবেচনা কৰা হৈছিল।[37] বেলেন মাৰ্টিন লুকাছে এই ধৰ্ষণক "জাতিগতভাৱে অনুপ্ৰেৰিত" (ethnically motivated) বুলি অভিহিত কৰিছে।[38]

পাকিস্তানী সেনাৰ কৰ্মকাণ্ড

[সম্পাদনা কৰক]

অপাৰেচন চাৰ্চলাইটৰ মুখ্য স্থপতি আছিল জেনেৰেল টিক্কা খান৷ তেওঁৰ নেতৃত্বত সংঘটিত হোৱা এই আক্ৰমণৰ বাবে বঙালীসকলে তেওঁক "বংগৰ কচাই" নাম দিছিল। খানে কৈছিল—"মই এই সংখ্যাগৰিষ্ঠতাক সংখ্যালঘুলৈ হ্ৰাস কৰিম"।[39][40] বিনা ডি কোষ্টাৰ মতে খানে ব্যৱহাৰ কৰা এটা কাহিনী তাৎপৰ্যপূৰ্ণ, কিয়নো ইয়াত গণ ধৰ্ষণ ইচ্ছাকৃত কৌশল হোৱাৰ প্ৰমাণ পোৱা গৈছে। জেছ'ৰ চহৰত সাংবাদিকৰ এটা দলৰ সৈতে কথা পাতি থাকোঁতে খানে "পেহলে ইনকো মুছলমান কৰো" (অৰ্থ: 'প্ৰথমতে তেওঁলোকক মুছলমান কৰক') বুলি কোৱাৰ বাতৰি পোৱা গৈছিল। ডি'কোষ্টাই যুক্তি আগবঢ়ায় যে ইয়াৰ পৰা দেখা যায় যে সশস্ত্ৰ বাহিনীৰ উচ্চতম পৰ্যায়ত বঙালীসকলক অবিশ্বাসী মুছলমান আৰু দেশপ্ৰেমহীন পাকিস্তানী হিচাপে গণ্য কৰা হৈছিল।[41]

জেচিকা লি ৰেহমানে ১৯৭১ চনত ধৰ্ষণক ধৰ্মীয় সন্ত্ৰাসবাদৰ দৃষ্টান্ত বুলি অভিহিত কৰিছে। তেখেতে কয় যে "পাকিস্তান সেনা ইছলামিক প্ৰতিষ্ঠান৷ ইয়াৰ সৈন্যসকল ঈশ্বৰৰ যোদ্ধা আৰু তেওঁলোকে ঈশ্বৰৰ নামত ধৰ্ষণ কৰে। সেয়েহে ছোৱালী আৰু মহিলাক ধৰ্ষণ, বলপূৰ্বক শাৰীৰিক উলংঘা, আৰু অংগচ্ছেদক বিজয় বুলি গণ্য কৰা হয়।"[42]বঙালীসকলৰ মানৱীয়তা বিপৰ্যস্ত কৰি তোলা হৈছিল আৰু বঙালী মহিলাসকলক যৌনতাক আমন্ত্ৰণ জনোৱা বেশ্যা হিচাপে ধৰা হৈছিল। তেওঁলোকৰ হিন্দু বৈশিষ্ট্য আছে বুলি ভবা হৈছিল যিয়ে তেওঁলোকৰ "মুছলমান" মৰ্যাদাৰ বাবে যিকোনো চিন্তাক মচি পেলায়, যিয়ে কোনো অপৰাধীৰ বনৰীয়া কাৰ্যকলাপত বাধা দিব পাৰে। পূব পাকিস্তানত থকা পাকিস্তানী বিষয়া ফয়ছলে পূব আৰু পশ্চিম পাকিস্তানী মহিলাসকলৰ মাজত থকা পাৰ্থক্যলৈ আঙুলিয়াই এইবুলি কৈছিল: "মহিলাসকলে মুকলিকৈ গা ধোৱে যাতে খোজ কাঢ়ি যোৱা পুৰুষসকলে তেওঁলোকক দেখা পায়৷ তেওঁলোকে ভাৰতীয়ৰ দৰে শাৰী পিন্ধে, যাতে এবাৰ টানিলেই সেইবোৰ সৰি পৰে৷ তেওঁলোক হিন্দুৰ দৰে সংগীতৰ প্ৰতি অতি আকৃষ্ট আৰু তেওঁলোকে নিজৰ ছোৱালীক অতিথিৰ বাবে নাচিবলৈ দিয়ে৷ তেওঁলোকে এই নৃত্য আৰু সংগীতক লৈ বেশ্যাৰ দৰে গৌৰৱ কৰে। মোৰ ছোৱালী আৰু মোৰ পত্নীয়ে নাচিব নাজানে। এই সংগীত আৰু নৃত্য ইছলামিক নহয়। আমাৰ মহিলাসকল বঙালীৰ দৰে বেশ্যা নহয়।"[43] ধৰ্ষণৰ সন্মুখীন হোৱা এগৰাকী বঙালী মুছলমান ভদ্ৰমহিলা ফাৰ্দৌছি প্ৰিয়াভাছিনীক সৈন্যসকলে কৈছিল, "তুমি এজন হিন্দু! তুমি এজন চোৰাংচোৱা৷" কাৰণ তেওঁ শাৰী পিন্ধিছিল আৰু ফোঁট লৈছিল।[44]

সন্ত্ৰাসবাদী অভিযানৰ অংশ হিচাপে অপৰাধীসকলে নিশাৰ ভাগত অভিযান চলাইছিল৷ তেওঁলোকে গাঁৱৰ মহিলাসকলক আক্ৰমণ কৰিছিল[45] আৰু এই কাম প্ৰায়ে পৰিয়ালৰ সন্মুখত কৰা হৈছিল।[46]ভুক্তভোগীসকলকো অপহৰণ কৰি বিশেষ শিবিৰত ৰখা হৈছিল য’ত তেওঁলোকক বাৰে বাৰে আক্ৰমণ কৰা হৈছিল। শিবিৰত ৰখা বহুতকে হত্যা কৰা হৈছিল বা আত্মহত্যা কৰা হৈছিল,[47][48] কিছুমানে চুলি ব্যৱহাৰ কৰি নিজকে ফাঁচী দি নিজৰ প্ৰাণ কাঢ়ি লৈছিল৷ সৈন্যসকলে এই আত্মহত্যা প্ৰতিহত কৰিবলৈ মহিলাসকলৰ চুলি কাটি দিছিল।[41] টাইম আলোচনীয়ে ৫৬৩ গৰাকী ছোৱালীৰ বিষয়ে বাতৰি প্ৰকাশ কৰিছিল যিসকলক অপহৰণ কৰি সামৰিক বাহিনীয়ে ধৰি ৰাখিছিল৷ সেনাই তেওঁলোকক মুকলি কৰি দিয়াৰ সময়ত তেওঁলোক সকলোৱেই তিনি-পাঁচমহীয়া গৰ্ভৱতী আছিল৷[49] কিছুমান মহিলাক বলপূৰ্বকভাৱে বেশ্যা হিচাপে ব্যৱহাৰ কৰা হৈছিল।[50] পাকিস্তান চৰকাৰে ধৰ্ষণৰ সংখ্যা শতাধিক বুলি অনুমান কৰিছে যদিও [51] আন কিছুমান অনুমান মতে, ধৰ্ষণৰ সংখ্যা ২ লাখ[51]ৰ পৰা ৪ লাখৰ ভিতৰত।[52] পাকিস্তান চৰকাৰে এই অঞ্চলৰ পৰা প্ৰকাশিত হোৱা প্ৰতিবেদনসমূহ চেঞ্চৰ কৰিবলৈ চেষ্টা কৰিছিল৷ কিন্তু এই অত্যাচাৰৰ বিষয়ে সংবাদ মাধ্যমৰ বাতৰিসমূহ বিশ্বজুৰি জনসাধাৰণৰ মাজত বিয়পি পৰিছিল আৰু মুক্তি আন্দোলনৰ প্ৰতি আন্তৰ্জাতিক মহলত ব্যাপক সমৰ্থনৰ জন্ম হৈছিল।[53]

জেনেকে আৰেন্সে উক্ত ঘটনাক এটা জনগোষ্ঠীক ধ্বংস কৰাৰ ইচ্ছাকৃত প্ৰচেষ্টা বুলি বৰ্ণনা কৰিছিল৷ আক্ৰমণ কৰা বহুতৰে ধৰ্ষণ, হত্যা আৰু তাৰ পিছত যৌনাংগত বেয়নেটৰে আঘাত কৰা হয়।[54] ৰাজনীতি বিজ্ঞানী এডাম জ'নৰ মতে গণ ধৰ্ষণৰ এটা কাৰণ আছিল বঙালী মহিলাৰ প্ৰতি "অসন্মান" কৰি বঙালী সমাজক ভেঙুচালি কৰা৷ কিছুমান মহিলাক বাৰম্বাৰ আক্ৰমণ কৰাৰ পিছত মৃত্যু বা হত্যা নোহোৱালৈকে ধৰ্ষণ কৰি থকা হৈছিল।[55] [56]আন্তঃৰাষ্ট্ৰীয় আইনবিদ আয়োগে এই সিদ্ধান্তত উপনীত হয় যে পাকিস্তান সশস্ত্ৰ বাহিনীয়ে কৰা অত্যাচাৰসমূহ "এটা অনুশাসিত শক্তিৰ ইচ্ছাকৃত নীতিৰ অংশ"।[57] লেখক মুল্ক ৰাজ আনন্দে কয় যে এই ধৰ্ষণ অতি ব্যাপক আৰু পদ্ধতিগত আছিল যাতে এয়া সচেতন সামৰিক নীতিৰ বাহিৰে আন একো বুলি ভাবিব নোৱাৰি৷ তেওঁৰ মতে- "এয়া আছিল পশ্চিম পাকিস্তানীসকলৰ নতুন জাতি সৃষ্টিৰ ইচ্ছাকৃত প্ৰচেষ্টা আৰু পৰিকল্পনা অথবা বাঙালী বিচ্ছিন্নতাক ভেঙুচালি কৰা"।[58] পাকিস্তান সশস্ত্ৰ বাহিনীৰ আত্মসমৰ্পণৰ পিছত বাংলাদেশৰ পৰা প্ৰতিবেদন দি অমিতা মালিকে পশ্চিম পাকিস্তানৰ এজন সৈনিকৰ কথা লিখি, যিজনে কৈছিল: "আমি প্ৰস্থান কৰিছোঁ। কিন্তু আমি আমাৰ বীজ এৰি দিছোঁ৷[59]

সকলো পাকিস্তানী সামৰিক বাহিনীয়ে এই হিংসাক সমৰ্থন কৰা নাছিল৷ ৰাষ্ট্ৰপতিক সামৰিক ব্যৱস্থাৰ বিৰুদ্ধে পৰামৰ্শ দিয়া জেনেৰেল চাহাবজাদা ইয়াকুব খান[60] আৰু মেজৰ ইক্ৰাম চেহগালে দুয়োজনে পদত্যাগ কৰিছিল৷ তেওঁলোকৰ লগতে পদত্যাগ কৰিছিল এয়াৰ মাৰ্শ্বাল আছঘৰ খানেও। সশস্ত্ৰ বাহিনীৰ এই কাৰ্যক লৈ বেলুচিৰ ৰাজনীতিবিদ ঘাউছ বখছ বিজেনজো আৰু নেশ্যনেল আৱামি পাৰ্টিৰ নেতা খান আব্দুল ৱালি খানে প্ৰতিবাদ সাব্যস্ত কৰে। হিংসাৰ ওপৰত বিৰোধী মতামতৰ বাবে কাৰাগাৰত বন্দী হোৱাসকলৰ ভিতৰত আছিল ছাবিহুদ্দিন ঘাউছি আৰু আই এ ৰহমান (দুয়োজনেই সাংবাদিক), সিন্ধী নেতা জি এম চৈয়দ, কবি আহমদ চেলিম, বায়ুসেনাৰ সদস্য আনোৱাৰ পিৰ্জাদো, অধ্যাপক এম আৰ হাছান, তাহেৰা মাজহাৰ আৰু ইমতিয়াজ আহমেদ।[61] গ্ৰেপ্তাৰ হোৱা মালিক গুলাম জিলানীয়েও পূবৰ সশস্ত্ৰ কাৰ্যৰ মুকলি বিৰোধিতা কৰিছিল৷ তেওঁ য়াহা খানলৈ লিখা এখন চিঠি বহুলভাৱে প্ৰচাৰিত হৈছিল। ডন কাকতৰ সম্পাদক আলতাফ হুছেইন গৌহৰকো কাৰাগাৰলৈ নিক্ষেপ কৰা হৈছিল।[62] ২০১৩ চনত জিলানী আৰু ফৈয়জ আহমদ ফৈয়জ নামৰ এজন কবিক বাংলাদেশ চৰকাৰে তেওঁলোকৰ এই কাৰ্যৰ বাবে সন্মানিত কৰে।[63]

আন্তঃৰাষ্ট্ৰীয় প্ৰতিক্ৰিয়া

[সম্পাদনা কৰক]
ৰক্ত টেলিগ্ৰাম, ১৯৭১ চনৰ ৬ এপ্ৰিলত প্ৰেৰণ কৰা

বাংলাদেশৰ ন মাহৰ সংঘাতৰ পৰিঘটনাবোৰ নৰসংহাৰ আছিল বুলি এক শৈক্ষিক একমত আছে।[64][65]পূব পাকিস্তানত হোৱা অত্যাচাৰে আন্তৰ্জাতিক সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰা যুদ্ধ ধৰ্ষণৰ প্ৰথমটো দৃষ্টান্ত আছিল৷[66]চেলি জে শ্বলজে লিখিছে যে গণমাধ্যমৰ আগ্ৰহ আকৰ্ষণ কৰা এইটোৱেই আছিল প্ৰথম নৰসংহাৰ।[67]মহিলা মানৱ অধিকাৰ সংগঠন বাংলাদেশ মহিলা পৰিষদে পাকিস্তানী সেনাই চলোৱা অত্যাচাৰৰ প্ৰচাৰ কৰি যুদ্ধত অংশগ্ৰহণ কৰিছিল।[68]

অত্যাচাৰৰ এই ব্যাপকতা লক্ষ্য কৰি আমেৰিকাৰ দূতাবাসৰ কৰ্মচাৰীয়ে গণহত্যা সংঘটিত হোৱা বুলি টেলিগ্ৰাম প্ৰেৰণ কৰিছিল; যিটো ব্লাড টেলিগ্ৰাম নামেৰে পৰিচিত হৈছিল৷ ঢাকাত থকা আমেৰিকাৰ কনছুল জেনেৰেল আৰ্চাৰ ব্লাডে এই টেলিগ্ৰামটো প্ৰেৰণ কৰিছিল আৰু তেওঁৰ লগতে সেই সময়ত ঢাকাত সেৱা আগবঢ়াই থকা ইউএছএআইডি আৰু ইউএছআইএছৰ আমেৰিকাৰ বিষয়াসকলে টেলিগ্ৰামত স্বাক্ষৰ কৰিছিল। ইয়াত স্বাক্ষৰকাৰীসকলে আমেৰিকাৰ "গণহত্যাৰ সহযোগিতা"ক নিন্দা কৰিছিল।[69][70]১৯৭২ চনত ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে এক সাক্ষাৎকাৰত সামৰিক হস্তক্ষেপৰ ব্যৱহাৰৰ ন্যায্যতা প্ৰদান কৰি কয় যে, "আমি বহি তেওঁলোকৰ মহিলা ধৰ্ষিতা হোৱাটো চাম নেকি?"[71]ব্ৰিটিছ হাউছ অৱ কমনছত এই পৰিঘটনাসমূহৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰা হৈছিল। জন ষ্টোনহাউছে পাকিস্তানী সশস্ত্ৰ বাহিনীয়ে চলাই থকা অত্যাচাৰক নিন্দা কৰিছিল আৰু ২০০ জন সংসদৰ সদস্যৰ সমৰ্থনত প্ৰস্তাৱ আগবঢ়াইছিল।[72]এই প্ৰস্তাৱ দুবাৰকৈ সংসদৰ সন্মুখত দাখিল কৰা হৈছিল যদিও চৰকাৰে এই সন্দৰ্ভত বিতৰ্ক কৰিবলৈ সময় নাপালে।[73]

যুদ্ধৰ অন্ত পৰাৰ আগতেই আন্তঃৰাষ্ট্ৰীয় সমাজে ভাৰতত বাস কৰা শৰণাৰ্থীসকলক বৃহৎ পৰিমাণৰ সাহায্য প্ৰদান কৰিবলৈ আৰম্ভ কৰিছিল। মানৱীয় সাহায্য দিয়া হৈছিল যদিও যুদ্ধৰ শেষত বাংলাদেশে প্ৰস্তাৱ কৰা যুদ্ধ-অপৰাধৰ বিচাৰৰ বাবে সমৰ্থন কম আছিল।[74] ৰাষ্ট্ৰসংঘৰ সমালোচকসকলে ১৯৭১ চনৰ অত্যাচাৰলৈ আঙুলিয়াই যুক্তি দিছে যে সামৰিক হস্তক্ষেপেই নৰসংহাৰ বন্ধ কৰিবলৈ একমাত্ৰ সম্বল আছিল।[75] এটা মহিলা গোটে পৰিয়াল আৰু স্বামীয়ে মহিলাক পৰিহাৰ কৰাৰ প্ৰতিক্ৰিয়াত দ্য নিউয়ৰ্ক টাইমছলৈ লিখিছিল যে “যুদ্ধৰ ফলত কাৰ্যতঃ জীৱন ধ্বংস হোৱা নিৰীহ পত্নীসকলক এতিয়া নিজৰ স্বামীয়ে সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলোৱাটো কল্পনাতীত”। যুদ্ধ ধৰ্ষণৰ বিষয়টোৰ বাবে আন্তঃৰাষ্ট্ৰীয় সাহায্যও আহি আছিল।[76]

হিন্দু ভুক্তভোগী

[সম্পাদনা কৰক]

পাকিস্তানী অভিজাত শ্ৰেণীয়ে বিশ্বাস কৰিছিল যে বিদ্ৰোহৰ আঁৰত হিন্দু আছে আৰু "হিন্দু সমস্যা"ৰ সমাধান হোৱাৰ লগে লগে সংঘাতৰ সমাধান হ'ব। পাকিস্তানীসকলৰ বাবে হিন্দু-বিৰোধী এই হিংসা আছিল এক কৌশলগত নীতি।[11]মুছলমান পাকিস্তানী পুৰুষসকলে বিশ্বাস কৰিছিল যে জাতীয় অসুস্থতা সমাধানৰ বাবে হিন্দু মহিলাৰ বলিদানৰ প্ৰয়োজন।[77] আখ্যানমূলক প্ৰমাণ অনুসৰি ইমাম আৰু মোল্লাই পাকিস্তানী সেনাই কৰা ধৰ্ষণক সমৰ্থন কৰিছিল আৰু মহিলাসকলক যুদ্ধৰ মাল (war booty) বুলি ঘোষণা কৰি ফতোৱা জাৰি কৰিছিল। যুদ্ধৰ সময়ত পশ্চিম পাকিস্তানৰ পৰা অহা এটা ফতোৱাত কোৱা হৈছিল যে বঙালী হিন্দুৰ পৰা লোৱা মহিলাক যুদ্ধৰ মাল (war booty) বুলি গণ্য কৰিব পাৰি।[10]

বেছিভাগে পাঞ্জাবী সৈন্যই হিন্দু ধৰ্মৰ লগত জড়িত যিকোনো কথা ঘৃণা কৰিছিল।[78] হিন্দুসকলৰ প্ৰতি পাকিস্তানীয়ে যি চৰম ঘৃণা অনুভৱ কৰিছিল, সেয়া পাকিস্তানী সেনা আৰু ইয়াৰ মিত্ৰশক্তিয়ে কৰা ধৰ্ষণ আৰু হত্যাৰ সময়ৰ হিংসাত দেখা গৈছিল। বঙালী মহিলাসকল "হিন্দু" পৰিচয়ৰ সৈতে জড়িত হোৱাৰ পৰিণতি হৈছিল সেনাবাহিনীৰ ধৰ্ষণ। মহিলাসকলক বন্দী কৰি সমগ্ৰ দেশতে স্থাপন কৰা শিবিৰলৈ লৈ যোৱা হৈছিল।[79] এই সামৰিক শিবিৰ আৰু চাউনীসমূহত পাকিস্তানী সৈন্যই বন্দীসকলক তেওঁলোকৰ "যৌন দাস" হিচাপে ৰাখিছিল।[80][81]

পাকিস্তানী সেনাৰ শিবিৰত হিন্দু বন্দী মহিলাসকলক ধৰ্ষণ কৰা হৈছিল।[82] পাকিস্তানী সেনাই হিন্দু মহিলাৰ ওপৰত গণ ধৰ্ষণ কৰিছিল কাৰণ তেওঁলোক হিন্দু আছিল৷ সেনাই তেওঁলোকৰ বিশ্বাস, সামাজিক স্থিতি আৰু আত্মসন্মান ধ্বংস কৰাটোৱেই উদ্দেশ্য আছিল। হিন্দু বন্দীসকলক ধৰ্ষণ কৰাৰ নীতিটোৰ উদ্দেশ্য আছিল সম্প্ৰদায়টোৰ ৰক্তৰেখা সলনি কৰা।[83]হিন্দু মহিলাৰ ওপৰত গণ যৌন হিংসাৰ সামগ্ৰিক প্ৰভাৱে নৰসংহাৰৰ অস্তিত্ব প্ৰদৰ্শন কৰিছিল।[82] আকায়েছু গোচৰত বাংলাদেশী ন্যায়াধিকৰণে জোৰ দিছিল যে হিন্দু মহিলাৰ ওপৰত হোৱা হিংসা কেৱল তেওঁলোকৰ বিৰুদ্ধে নহয়, তেওঁলোকৰ সম্প্ৰদায়ৰ সদস্য হোৱাৰ বাবেও সংঘটিত হৈছে।[84]

বিনা ডি কোষ্টাই বহুতৰে সৈতে কথা পাতিছিল যিসকলে পাকিস্তানৰ সেনাৰ নিষ্ঠুৰতাৰ কথা উল্লেখ কৰিছিল। যিসকল হিন্দু সম্প্ৰদায়ৰ সদস্যৰ সৈতে তেওঁৰ লগত যোগাযোগ কৰিছিল, তেওঁলোকে যুদ্ধৰ সময়ত পাকিস্তান সেনা আৰু ৰাজকাৰ হিন্দুসকলৰ অত্যাচাৰৰ বিষয়ে দৃঢ় মত পোষণ কৰিছিল৷ পাকিস্তান সেনাই অপহৰণ কৰা হিন্দু মহিলাসকলক আৰু কেতিয়াও দেখা পোৱা নগ'ল৷ বেছিসংখ্যকেই ধৰ্ষণৰ পিছত হত্যা কৰা হৈছিল। [85]বিনা ডি'কোষ্টাই দুগৰাকী হিন্দু মহিলাৰ পৰিয়ালৰ সৈতে মত বিনিময় কৰিছিল যিসকলক "পাঞ্জাবী" সেনাবাহিনীৰ লোকে লৈ গৈছিল৷ দুয়োগৰাকীয়েই যুদ্ধৰ পিছত নিজৰ ঘৰলৈ উভতি নাহিল।

যুদ্ধ সংবাদদাতা অব্ৰি মেনেনে ১৭ বছৰীয়া এগৰাকী হিন্দু কইনাৰ বিষয়ে লিখিছিল৷ পিতৃৰ মতে কইনাগৰাকীক ছজন পাকিস্তানী সৈন্যই দলবদ্ধ ধৰ্ষণ কৰিছিল:

দম্পতীৰ কোঠাটোলৈ দুজন সোমাই গৈছিল। বাকীবোৰ পৰিয়ালটোৰ লগত থাকি গ’ল৷ এজন বন্দুকেৰে সৈতে তেওঁলোকৰ ওচৰত থাকিল। তেওঁলোকে সজোৰে কৰা এটা আদেশ শুনিলে আৰু শুনা পালে দৰাৰ প্ৰতিবাদী কণ্ঠ। তাৰ পিছত কইনাজনীয়ে চিঞৰ-বাখৰ নকৰালৈকে নিস্তব্ধতা৷ কেইমিনিটমানৰ ভিতৰতে এজন সৈনিক ওলাই আহিল৷ তেওঁৰ ইউনিফৰ্ম অসংযত। সংগীসকলৰ সমুখত সি হাঁহি এটা মাৰিলে। অতিৰিক্ত কোঠাটোত আন এজন সৈনিক সোমাই গ'ল৷ আৰু তেনেকৈয়ে, ছয়জনে কইনাৰ ধৰ্ষণ কৰিলে৷ তাৰ পিছত ছয়জনেই খৰখেদাকৈ গুচি গ’ল। পিতৃয়ে কন্যাক অচেতন আৰু তেজ ওলোৱা অৱস্থাত ডোঙা এটাত উদ্ধাৰ কৰে। তেওঁৰ স্বামী মজিয়াৰ বমিৰ ওপৰত আঁঠু লৈ পৰি আছিল।[86]

পৰৱৰ্তী সময়ৰ প্ৰতিক্ৰিয়া

[সম্পাদনা কৰক]
ঢাকাৰ লিবাৰেচন ৱাৰ মিউজিয়ামত ১৯৭১ চনত হোৱা হিংসা, মৃত্যু আৰু ধৰ্ষণৰ শিল্পকৰ্ম আৰু ৰেকৰ্ড সংৰক্ষণ কৰা হৈছে।

যুদ্ধৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া হিচাপে এটা জৰুৰী সমস্যাৰ উদ্ভৱ হৈছিল৷ সেয়া আছিল: ধৰ্ষণৰ বলি হোৱা মহিলাসকলৰ অবাঞ্চিত গৰ্ভধাৰণৰ ক্ৰমবৰ্ধমান সংখ্যা। বাংলাদেশ চৰকাৰৰ অনুমান মতে, জন্মৰ ফলত হোৱা গৰ্ভাৱস্থাৰ আনুমানিক সংখ্যা ২৫,০০০[66]ৰ পৰা ৭০,০০০ৰ ভিতৰত৷[87] আনহাতে চেণ্টাৰ ফৰ ৰিপ্ৰডাক্টিভ ল এণ্ড পলিচিৰ এটা প্ৰকাশনে এই সংখ্যা ২,৫০,০০০ বুলি প্ৰকাশ কৰিছে।[88] বিশ্ব স্বাস্থ্য সংস্থা আৰু আন্তঃৰাষ্ট্ৰীয় পৰিকল্পিত অভিভাৱকত্ব ফেডাৰেচনৰ সহায়ত চৰকাৰৰ নিৰ্দেশত ভুক্তভোগী সাহায্য কাৰ্যসূচী আৰম্ভ কৰা হৈছিল৷ এই কাৰ্যসূচীৰ লক্ষ্য আছিল ধৰ্ষণৰ বলি হোৱা লোকসকলৰ অবাঞ্চিত গৰ্ভধাৰণ বন্ধ কৰা আৰু এই কাৰ্যত সহায় কৰিবলৈ গৰ্ভপাতৰ সা-সুবিধাসমূহ সংগঠিত কৰা। ঢাকাৰ এটা পুনৰ্বাসন কেন্দ্ৰৰ এজন চিকিৎসকে ১৯৭২ চনৰ প্ৰথম তিনিমাহত ১ লাখ ৭০ হাজাৰটা গৰ্ভপাত হৈছিল বুলি জনাইছিল৷ লগতে ৩০,০০০ যুদ্ধ-শিশুৰ জন্ম হোৱাৰ কথা প্ৰকাশ কৰিছিল।[89] এই কাৰ্যসূচীৰ বাবে কাম কৰা অষ্ট্ৰেলিয়াৰ চিকিৎসক আৰু গৰ্ভপাত বিশেষজ্ঞ ডাঃ জিঅ'ফ্ৰে ডেভিছে অনুমান কৰিছিল যে প্ৰায় ৫,০০০ টা গৰ্ভপাতেই স্ব-প্ৰৰোচিত।[90] তেওঁ লগতে কয় যে তেওঁ অসংখ্য শিশুহত্যা আৰু ভুক্তভোগীৰ আত্মহত্যাৰ কথা শুনিছিল। তেওঁৰ মতে ধৰ্ষণৰ বলি হোৱা লোকৰ মুঠ সংখ্যা আছিল ৪ লাখ, যিটো বাংলাদেশ চৰকাৰে উল্লেখ কৰা আনুষ্ঠানিক অনুমান ২ লাখতকৈ দুগুণ বেছি।[91] ভুক্তভোগীসকলৰ অধিকাংশই যৌন সংক্ৰমণতো আক্ৰান্ত হৈছিল।[92] বহুতে তীব্ৰ লাজ আৰু অপমানবোধত ভুগিছিল৷ কিছুসংখ্যকক পৰিয়াল আৰু সম্প্ৰদায়ৰ দ্বাৰা বহিষ্কাৰ কৰা হৈছিল বা তেওঁলোকে আত্মহত্যা কৰিছিল।[68]

নাৰীবাদী লেখিকা চিন্থিয়া এনলোৱে লিখিছে যে কিছুমান গৰ্ভধাৰণ সৈনিক আৰু হয়তো তেওঁলোকৰ বিষয়াসকলৰ দ্বাৰা উদ্দেশ্য-প্ৰণোদিত৷[88]আন্তৰ্জাতিক ন্যায়িক আয়োগৰ এক প্ৰতিবেদনত কোৱা হৈছে যে, “সঠিক সংখ্যাটো যিয়েই নহওক কিয়, গৰ্ভপাত কৰা আমেৰিকান আৰু ব্ৰিটিছ অস্ত্ৰোপচাৰ বিশেষজ্ঞৰ দল, আৰু এই ছোৱালী-মহিলাসকলক সমাজত গ্ৰহণ কৰিবলৈ চৰকাৰে কৰা ব্যাপক প্ৰচেষ্টাৰ দ্বাৰা ধৰ্ষণ কিমান পৰিসৰত সংঘটিত হৈছিল,তাৰ সাক্ষ্য পোৱা যায়।”[93] আয়োগে লগতে কয় যে পাকিস্তানী বিষয়াসকলে ধৰ্ষণ কৰিবলৈ ইংগিত দিয়াই নহয়, মহিলাসকলকো দাসত্বত ৰাখিছিল।[94]

ধৰ্ষণৰ বলি হোৱা লোকসকলক "সামাজিক প্ৰদূষণ" আৰু লাজৰ প্ৰতীক হিচাপে বিবেচনা কৰা হৈছিল। ইয়াৰ পৰিণতি হিচাপে পৰিয়াল বা পুৰণি ঘৰলৈ উভতি যাব পৰা মহিলাৰ সংখ্যা খুব কমেইহে হৈছিল।[95] শ্বেখ মুজিবুৰ ৰহমানে ভুক্তভোগীসকলক বিৰাংগোনা ("নায়িকা") বুলি অভিহিত কৰিছিল৷ কিন্তু ইয়াৰ ফলত এই মহিলাসকলক সমাজত "অসন্মানিত" বুলি বিবেচনা কৰা হৈছিল আৰু তেওঁলোকক সামাজিকভাৱে গ্ৰহণ-অযোগ্য বুলি ভবা হৈছিল৷[টোকা 1][95] এই শব্দটো বাৰাংগোনা "বেশ্যা"ৰ সৈতে জড়িত হৈ পৰিছিল।[96] মহিলাসকলক বিয়া কৰাই যুদ্ধৰ নায়িকা হিচাপে স্থান দিয়াৰ চৰকাৰী কৌশল বিফল হৈছিল৷ কাৰণ কম সংখ্যক পুৰুষহে তেওঁলোকক বিয়া পাতিবলৈ আগবাঢ়ি আহিছিল৷ আৰু বিয়া পাতিবলৈ অহাসকলেও আশা কৰিছিল যে ৰাষ্ট্ৰই তেওঁলোকক বৃহৎ যৌতুক প্ৰদান কৰিব।[97] যিসকল মহিলাই বিয়া কৰাইছিল, তেওঁলোকক সাধাৰণতে দুৰ্ব্যৱহাৰ কৰা হৈছিল আৰু গৰিষ্ঠসংখ্যক পুৰুষে এবাৰ যৌতুক লাভ কৰাৰ পাছত পত্নীক পৰিত্যাগ কৰিছিল।[98]

১৯৭২ চনৰ ১৮ ফেব্ৰুৱাৰীত বাংলাদেশ মহিলা পুনৰ্বাসন ব'ৰ্ড গঠন কৰা হয়৷ এইখন পৰিষদক ধৰ্ষণৰ বলি হোৱা লোকসকলক সহায় কৰা আৰু দত্তক লোৱাৰ দায়িত্ব দিয়া হয়।[99] গ্ৰহণ কাৰ্যসূচীত কেইবাটাও আন্তঃৰাষ্ট্ৰীয় সংস্থাই অংশগ্ৰহণ কৰিছিল৷ যেনে: মাদাৰ টেৰেছাচিষ্টাৰছ অৱ চেৰিটি। যুদ্ধৰ কেঁচুৱাবোৰৰ অধিকাংশই নেদাৰলেণ্ড আৰু কানাডাত দত্তক লোৱা হৈছিল; কাৰণ ৰাষ্ট্ৰই নতুনকৈ গঠিত জাতিটোৰ পৰা পাকিস্তানৰ স্মৃতিচিহ্ন আঁতৰাব বিচাৰিছিল।[100] কিন্তু সকলো মহিলাই নিজৰ সন্তানক লৈ যোৱাটো বিচৰা নাছিল আৰু কিছুমানক বলপূৰ্বকভাৱে আঁতৰাই দত্তক লোৱাৰ বাবে পঠিওৱা হৈছিল৷ এইটো প্ৰথাক ৰহমানে উৎসাহিত কৰিছিল৷ তেওঁ কৈছিল, "মই এই দেশত সেই প্ৰদূষিত তেজ [sic] নিবিচাৰোঁ"।[101] বহু মহিলাই গৰ্ভপাত কাৰ্যসূচীৰ বাবে আনন্দিত হৈছিল কাৰণ তেওঁলোকে গৰ্ভধাৰণ কৰা সন্তান জন্ম দিব নালাগিছিল। আন কিছুমানৰ ক্ষেত্ৰত এনে হোৱা নাছিল, আৰু পেটত থকা শিশুটিৰ প্ৰতি তেওঁলোকৰ মন ঘৃণাৰে ভৰি পৰিছিল৷ নিজৰ সন্তানক "মূলসুঁতিৰ জীৱন"লৈ ঘূৰাই আনিবলৈ দত্তক দিয়াসকলে নৱজাতকক পিছৰবাৰ আৰু চোৱা নাছিল।[102] ১৯৯০ চনত এই শিশুসকলৰ বহুতেই জন্মদাতা মাতৃক বিচাৰি বাংলাদেশলৈ উভতি আহে।[103] ২০০৮ চনত ডিকোষ্টাই দত্তক লোৱাসকলক বিচাৰি উলিয়াবলৈ চেষ্টা কৰিছিল৷ অৱশ্যে অতি কম সংখ্যকেহে সঁহাৰি জনাইছিল৷ এজনে কৈছিল "মই ল'ৰা হোৱাটো ঘৃণা কৰিছিলোঁ, আৰু মোৰ খং বাংলাদেশৰ ওপৰত৷ কাৰণ মোৰ আটাইতকৈ প্ৰয়োজনৰ সময়ত তেওঁলোকে মোৰ যত্ন লোৱা নাছিল। মোৰ তাৰ কোনো শিপা নাই৷ কথাটোৱে মোক কান্দিবলৈ বাধ্য কৰে। সেইবাবেই মই মোৰ জন্ম ক'ত হৈছিল-সেই বিষয়ে অধিক জানিবলৈ চেষ্টা কৰিছোঁ।[41]

যুদ্ধৰ বিশ বছৰৰ পাছত ডয়চে ৱেলে ধৰ্ষণৰ বলি হোৱা দুগৰাকী ভগ্নীৰ সাক্ষাৎকাৰ লৈছিল। এগৰাকী ভগ্নী আলেয়াই কৈছিল যে, তেওঁক তেৰ বছৰ বয়সত পাকিস্তানী সেনাই লৈ গৈছিল আৰু সাত মাহ ধৰি বাৰে বাৰে দলবদ্ধ ধৰ্ষণ কৰা হৈছিল। তেওঁ কয় যে তেওঁক নিৰ্যাতন চলোৱা হৈছিল আৰু ঘৰলৈ উভতি অহাৰ সময়ত তেওঁ পাঁচ মাহৰ গৰ্ভৱতী আছিল। তেওঁৰ ভনীয়েক লাইলীয়ে কয় যে, যেতিয়া তেওঁক সশস্ত্ৰ বাহিনীয়ে লৈ গৈছিল তেতিয়া তেওঁ গৰ্ভৱতী আছিল৷ তেওঁ সন্তানটো হেৰুৱাইছিল। পিছলৈ তেওঁ মুক্তি বাহিনীৰ লগত যুঁজিছিল। দুয়োগৰাকী ভগ্নীয়ে কয় যে, ৰাষ্ট্ৰই বিৰাংগোনাক ব্যৰ্থ কৰিছে, আৰু তেওঁলোকে কেৱল "অপমান, ঠাট্টা, ঘৃণা আৰু বঞ্চনা" লাভ কৰিছিল।[104]

পাকিস্তান চৰকাৰৰ প্ৰতিক্ৰিয়া

[সম্পাদনা কৰক]

সংঘাতৰ পিছত পাকিস্তান চৰকাৰে ধৰ্ষণ সন্দৰ্ভত মৌনতাৰ নীতি নিৰ্ধাৰণ কৰে।[52] তেওঁলোকে ১৯৭১ চনৰ যুদ্ধৰ উৎপীড়ন আৰু পাকিস্তানৰ আত্মসমৰ্পণৰ পৰিস্থিতিৰ বিৱৰণী প্ৰস্তুত কৰিবলৈ হামুদুৰ ৰহমান আয়োগ গঠন কৰে। আয়োগে সেনাবাহিনীক তীক্ষ্ন সমালোচনা কৰিছিল।[105]আয়োগত হস্তক্ষেপ কৰাৰ চেষ্টা কৰাৰ বাবে সেনা আৰু পাকিস্তান বায়ুসেনাৰ মুৰব্বীসকলক তেওঁলোকৰ পদৰ পৰা অপসাৰণ কৰা হয়।[106] আয়োগে ৰাজনীতিবিদ, বিষয়া আৰু জ্যেষ্ঠ সেনাধ্যক্ষৰ সৈতে হোৱা সাক্ষাৎকাৰৰ ওপৰত ভিত্তি কৰি প্ৰতিবেদন প্ৰস্তুত কৰিছিল। ১৯৭২ চনৰ জুলাই মাহত চূড়ান্ত প্ৰতিবেদন দাখিল কৰা হৈছিল যদিও পৰৱৰ্তী সময়ত পাকিস্তানৰ ৰাষ্ট্ৰপতি জুলফিকাৰ আলী ভুট্টোৰ হাতত থকা এটা প্ৰতিবেদনৰ বাহিৰে বাকীবোৰ ধ্বংস কৰা হৈছিল। এই তথ্য কেতিয়াও ৰাজহুৱা কৰা হোৱা নাছিল।[107]

১৯৭৪ চনত আয়োগ পুনৰ মুকলি কৰি এটা পৰিপূৰক প্ৰতিবেদন জাৰি কৰা হয়৷ যিটো প্ৰতিবেদন ২৫ বছৰ ধৰি গোপনীয় হৈ থকাৰ পাছত ইণ্ডিয়া টুডে আলোচনীয়ে প্ৰকাশ কৰে।[108] প্ৰতিবেদনত কোৱা হৈছে যে ২৬,০০০ লোকৰ মৃত্যু হৈছে৷ ধৰ্ষণৰ সংখ্যা শতাধিক আৰু মুক্তি বাহিনী বিদ্ৰোহীসকলে ব্যাপক ধৰ্ষণ আৰু অন্যান্য মানৱ অধিকাৰ উলংঘাত লিপ্ত হৈছে।[51] ৰাজনীতি বিজ্ঞানী সুমিত গাংগুলীৰ মতে, পাকিস্তানীসকল এতিয়াও সেই অত্যাচাৰ-উৎপীড়ণৰ সৈতে একমত হোৱা নাই৷ তেওঁ কয় যে, ২০০২ চনত বাংলাদেশ ভ্ৰমণত পাৰভেজ মুশ্বাৰফে দায়িত্ব গ্ৰহণ নকৰি উৎপীড়ণৰ বাবে দুখ প্ৰকাশ কৰিছিল।[109]

যুদ্ধ অপৰাধৰ গোচৰ

[সম্পাদনা কৰক]
১৯৭১ চনত যুদ্ধাপৰাধৰ দোষী সাব্যস্ত হোৱাসকলক অধিক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনোৱা ২০১৩ চনৰ শ্বাহবাগ প্ৰতিবাদৰ সৈতে সংহতি প্ৰকাশ কৰি যুক্তৰাজ্যৰ মানচেষ্টাৰত বাংলাদেশীসকল।

২০০৮ চনত ১৭ বছৰীয়া তদন্তৰ অন্তত যুদ্ধ-অপৰাধৰ তথ্য বিচাৰি উলিওৱা সমিতিয়ে এই অত্যাচাৰত অংশগ্ৰহণ কৰা ১৫৯৭ জন লোকক চিনাক্ত কৰা নথিপত্ৰ প্ৰকাশ কৰে। এই তালিকাত ১৯৭৮ চনত প্ৰতিষ্ঠা হোৱা জামাত-ই-ইছলামী আৰু বাংলাদেশ জাতীয়তাবাদী পাৰ্টিৰ সদস্যসকল আছিল।[110] ২০১০ চনত বাংলাদেশ চৰকাৰে অত্যাচাৰৰ তদন্তৰ বাবে আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণ (ICT) গঠন কৰে। হিউমেন ৰাইটছ ৱাটচে ন্যায়াধিকৰণক সমৰ্থন জনাইছে যদিও[111]অভিযুক্তক প্ৰতিনিধিত্ব কৰা অধিবক্তাসকলক হাৰাশাস্তি কৰাৰ বাতৰিৰ সমালোচনাও কৰিছে। হিউমেন ৰাইটছ ৱাটচৰ এছিয়া শাখাৰ সঞ্চালক ব্ৰেড এডামছে কয় যে, বিচাৰক গুৰুত্বসহকাৰে নোলোৱাৰ আশংকাৰ পৰা হাত সাৰিবলৈ অভিযুক্তসকলক আইনৰ সম্পূৰ্ণ সুৰক্ষা দিব লাগিব৷[112] মানৱ অধিকাৰ কৰ্মী আইৰিন খানে মহিলাৰ গণ ধৰ্ষণ আৰু হত্যাৰ সমাধান কৰা হ'ব নে নহয় সেই সম্পৰ্কে সন্দেহ প্ৰকাশ কৰিছে।[113] খানে তেওঁৰ চৰকাৰৰ প্ৰতিক্ৰিয়াৰ বিষয়ে কৈছে-

এখন ৰক্ষণশীল মুছলমান সমাজে বিষয়টোৰ ওপৰত গাফিলতি আৰু অস্বীকাৰৰ আচ্ছাদন পেলোৱাটো বিচাৰিছে৷ ইয়াৰ দ্বাৰা তেওঁলোকে লিংগ হিংসা সংঘটিত কৰা বা গোপন বুজাবুজি কৰাসকলক লাভৱান হ’বলৈ অনুমতি দিছে, আৰু ভুক্তভোগী মহিলাসকলক নাম প্ৰকাশ নকৰিবলৈ, লজ্জিত হৈ থাকিবলৈ, অথবা ৰাষ্ট্ৰ বা সম্প্ৰদায়ৰ বিশেষ সমৰ্থন নোহোৱাকৈ সংগ্ৰাম কৰিবলৈ এৰি দিছে।[113]

অভিযোগৰ সন্মুখীন হোৱা প্ৰথমজন ব্যক্তি আছিল জামাত-ই-ইছলামীৰ উপ-নেতা ডেলৱাৰ হোছেইন ছায়েদি৷ তেওঁৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণে হত্যা, ধৰ্ষণ আৰু অগ্নিসংযোগকে ধৰি যুদ্ধাপৰাধৰ বিশটা অভিযোগ উত্থাপন কৰে। তেওঁ সকলো অভিযোগ অস্বীকাৰ কৰিছিল।[114] ২০১৩ চনৰ ২৮ ফেব্ৰুৱাৰীত ছায়েদিক নৰসংহাৰ, ধৰ্ষণ আৰু ধৰ্মীয় নিৰ্যাতনৰ দোষী সাব্যস্ত কৰা হয় আৰু ফাঁচীৰ শাস্তি প্ৰদান কৰা হয়।[115] মোটিউৰ ৰহমান নিজামীকে ধৰি জামাত-ই-ইছলামী বাংলাদেশৰ আন চাৰিজন সদস্যৰ বিৰুদ্ধেও যুদ্ধাপৰাধৰ অভিযোগ উত্থাপন হৈছে।[114]ৰাজাকাৰৰ সদস্য আবুল কালাম আজাদ আছিল যুদ্ধৰ সময়ত অপৰাধৰ শাস্তি পোৱা প্ৰথমজন ব্যক্তি। তেওঁক হত্যা আৰু ধৰ্ষণৰ দোষী সাব্যস্ত কৰা হয় আৰু মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰা হয়।[116][117] বাংলাদেশ জামাত-ই-ইছলামীৰ জ্যেষ্ঠ সহকাৰী মহাসচিব মহম্মদ কামৰুজ্জামানে ১৯৭১ চনৰ ২৫ জুলাইত শ্বোহাগপুৰ গাঁৱত মহিলা ধৰ্ষণৰ পৰিকল্পনা আৰু পৰামৰ্শকে ধৰি যুদ্ধাপৰাধৰ সাতটা অভিযোগৰ সন্মুখীন হৈছিল।[118] ICTয়ে ২০১৩ চনৰ ৯ মে'ত তেওঁক ফাঁচীৰ শাস্তি প্ৰদান কৰে।[119]২০১৩ চনৰ জুলাই মাহত সংঘাতৰ সময়ত ধৰ্ষণ আৰু নৰসংহাৰৰ অপৰাধত গুলাম আজামক নবৈ বছৰৰ কাৰাদণ্ড বিহা হয়।[120]যুদ্ধৰ সময়ত ৰাজাকাৰ সামৰিক বাহিনীৰ সদস্য আব্দুল কোৱাদৰ মোল্লাৰ অভিযোগ আছিল পাকিস্তানী সেনাবাহিনীক সহযোগ কৰা আৰু ১৯৭১ চনৰ বাংলাদেশৰ অত্যাচাৰত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰা৷ ইয়াৰ লগতে ধৰ্ষণ (নাবালিকা ধৰ্ষণকে ধৰি) আৰু বাংলাদেশ মুক্তি যুদ্ধৰ সময়ত ঢাকাৰ মিৰপুৰ অঞ্চলত বাংলাদেশীৰ গণহত্যা।[121] চৰকাৰে যুদ্ধাপৰাধ আইন সংশোধন কৰি শাস্তিৰ শিথিলতাৰ ভিত্তিত শাস্তিৰ বিৰুদ্ধে আবেদন কৰিব পৰাকৈ অনুমতি দিয়ে৷ ইয়াৰ পিছত অভিযুক্তসকলে বাংলাদেশৰ উচ্চতম ন্যায়ালয়ত আবেদন জনায় আৰু মোল্লাৰ শাস্তি আজীৱন কাৰাদণ্ডৰ পৰা মৃত্যুদণ্ডলৈ উন্নীত কৰিবলৈ কয়।[122]২০১৩ চনৰ ১৭ ছেপ্টেম্বৰত উচ্চতম ন্যায়ালয়ে এই আবেদন গ্ৰহণ কৰি মোল্লাক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰে।[123]অৱশেষত তেওঁক ২০১৩ চনৰ ১২ ডিচেম্বৰত ২২:০১ বজাত ঢাকা কেন্দ্ৰীয় কাৰাগাৰত ফাঁচী দিয়া হয়।[124][125]

সাহিত্য আৰু অন্যান্য সৃষ্টিশীল মাধ্যমত

[সম্পাদনা কৰক]

বাংলাদেশৰ মুক্তিযুদ্ধ সম্পৰ্কীয় প্ৰথমখন ছবি অৰুনোদয়ৰ অগনিশাখী (Pledge to a New Dawn) ১৯৭২ চনত প্ৰথম বাংলাদেশৰ স্বাধীনতা দিৱস উদযাপনত প্ৰদৰ্শিত হয়।[126]ছবিখন আলতাফ নামৰ এজন অভিনেতাৰ অভিজ্ঞতাৰ আধাৰত কৰা হৈছে। কলিকতাত নিৰাপদ আশ্ৰয়স্থলত উপনীত হ’বলৈ চেষ্টা কৰি থাকোঁতে তেওঁ ধৰ্ষণৰ বলি হোৱা মহিলাৰ সন্মুখীন হয়। আঘাতৰে জৰ্জৰিত এই বিৰাংগোনাসকলৰ ছবিবোৰক আক্ৰমণৰ সাক্ষ্য হিচাপে ব্যৱহাৰ কৰা হয়। আলটাফে লগ পোৱা আন ভুক্তভোগীসকলক আত্মহত্যা কৰা বা মানসিক স্থিৰতা হেৰাই পেলোৱা দেখা যায়।[127]

১৯৯৫ চনত গীতা সাহগলে ৱাৰ ক্ৰাইমছ ফাইল নামৰ তথ্যচিত্ৰ নিৰ্মাণ কৰে আৰু চেনেল ৪ ত প্ৰদৰ্শিত হয়।[128] ২০১১ চনত গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত মেহেৰজান ছবিখন প্ৰদৰ্শিত হয়। ইয়াত যুদ্ধখন দুটা দৃষ্টিকোণৰ পৰা অন্বেষণ কৰা হৈছে: পাকিস্তানী সৈনিকক ভালপোৱা এগৰাকী মহিলা আৰু ধৰ্ষণৰ ফলত জন্মগ্ৰহণ কৰা এজন ব্যক্তি।[129]

১৯৯৪ চনত নিলিমা ইব্ৰাহিমৰ অমি বীৰংগনা বোলছি (The Voices of War Heroines) নামৰ গ্ৰন্থখন মুক্তি পায়। এই গ্ৰন্থখন সাতগৰাকী ধৰ্ষণৰ বলি হোৱা প্ৰত্যক্ষদৰ্শীৰ সাক্ষ্যৰ সংকলন৷ যিখন ইব্ৰাহিমে পুনৰ্বাসন কেন্দ্ৰত কাম কৰাৰ সময়ত নথিভুক্ত কৰিছিল।[130] এই গ্ৰন্থখনত জীৱিতসকলৰ আখ্যানসমূহে যুদ্ধোত্তৰ বাংলাদেশী সমাজে ধৰ্ষণৰ বলি হোৱা লোকসকলক সমৰ্থন কৰাত ব্যৰ্থ হোৱাৰ বাবে তীব্ৰ সমালোচনা কৰে।[131]

২০১২ চনত প্ৰকাশিত ৰাইজিং ফ্ৰম দ্য এছেছ: ৱমেনছ নেৰেটিভছ অৱ ১৯৭১ (Rising from the Ashes: Women's Narratives of 1971) নামৰ গ্ৰন্থখনত মুক্তিযুদ্ধৰ দ্বাৰা প্ৰভাৱিত মহিলাসকলৰ মৌখিক সাক্ষ্য সন্নিবিষ্ট কৰা হৈছে। বীৰ প্ৰতীক(Symbol of Valour) বঁটা লাভ কৰা তৰামন বিবিৰ ভাষ্যৰ লগতে ধৰ্ষণ হোৱা মহিলাৰ ৯টা সাক্ষাৎকাৰ গ্ৰন্থখনত আছে। যুদ্ধৰ চল্লিশ বছৰীয়া জয়ন্তীৰ সময়ত ইংৰাজী ভাষাত কিতাপখন প্ৰকাশ কৰাটো নিউয়ৰ্ক টাইমছে "গুৰুত্বপূৰ্ণ মৌখিক ইতিহাস" হিচাপে উল্লেখ কৰিছিল।[113]

২০১৪ চনৰ চিলড্ৰেন অৱ ৱাৰ ছবিখনে এই ভয়ানকতাক প্ৰকাশ ৰাখিবলৈ চেষ্টা কৰিছে। ফাৰুক শ্বেখ, ভিক্টৰ বেনাৰ্জী, ৰাইমা সেন আদি অভিনীত মৃত্যুঞ্জয় দেৱভ্ৰাতৰ এই ছবিখনৰ উদ্দেশ্য হৈছে "দৰ্শকক শিহৰিত কৰোৱা। আমি ছবিখনক ইমানেই বিৰক্তিদায়ক কৰি তুলিব বিচাৰোঁ যে অপৰাধ কৰাটো দূৰৰে কথা, ধৰ্ষণকাৰীক ক্ষমা কৰাৰ কথাও কোনেও নাভাবে। দৃশ্যগ্ৰহণৰ সময়তে আমি বেয়াকৈ প্ৰভাৱিত হৈছোঁ।"[132]

  1. "ধৰ্ষণ ধৰ্ষণকাৰীৰ পৰিৱৰ্তে ধৰ্ষণৰ বলি হোৱা লোকক লজ্জিত কৰা সম্প্ৰদায়ৰ মহিলাৰ বিৰুদ্ধে ব্যৱহাৰ কৰিলে গণহত্যাৰ কৌশল হিচাপে বিশেষভাৱে ফলপ্ৰসূ হ’ব পাৰে। এনে সম্প্ৰদায়ত ধৰ্ষণে জীৱিতজনৰ সামাজিক স্থান চিৰদিনৰ বাবে ক্ষতিগ্ৰস্ত কৰে। গণহত্যাৰ ধৰ্ষণ সহ্য কৰা বঙালী ছোৱালী আৰু মহিলাসকলে কেৱল নিজৰ শাৰীৰিক আৰু মানসিক আঘাতৰ লগতে নিৰ্যাতিত মহিলাৰ প্ৰতি অসহজ হোৱা সমাজখনৰ সৈতেও মোকাবিলা কৰিবলগীয়া হৈছিল। সন্মান হেৰুৱাৰ দোষ ধৰ্ষণকাৰীৰ ওপৰত নহয়, ধৰ্ষণ কৰাজনৰ ওপৰতহে পৰে।"[59]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Tulloch & Blood 2010, পৃষ্ঠা. 513.
  2. Tulloch & Blood 2012, পৃষ্ঠা. 54–55.
  3. Sharlach 2000, পৃষ্ঠা. 92–93.
  4. Sajjad 2012, পৃষ্ঠা. 225.
  5. Ghadbian 2002, পৃষ্ঠা. 111.
  6. Mookherjee 2012, পৃষ্ঠা. 68.
  7. Bartrop, Paul R.; Jacobs, Steven Leonard, eds (2014). Modern Genocide: The Definitive Resource and Document Collection. ABC-CLIO. পৃষ্ঠা. 1866. ISBN 978-1-61069-364-6. https://books.google.com/books?id=JB4UBgAAQBAJ&pg=PA1866. 
  8. Islam 2019, পৃষ্ঠা 175: "The Pakistani occupation army and its local collaborators targeted mostly the Hindu women and girls for rape and sexual violence. Many rape victims were killed in captivity while others migrated to India or committed suicide"
  9. Siddiqi 1998, পৃষ্ঠা. 208.
  10. 10.0 10.1 10.2 10.3 D'Costa 2011, পৃষ্ঠা. 108.
  11. 11.0 11.1 D'Costa 2011, পৃষ্ঠা. 101.
  12. Yasmin Saikia, Women, War, and the Making of Bangladesh : Remembering 1971, pg. 52
  13. Siddiqi 1998, পৃষ্ঠা 208–209
  14. Shafqat 2007, পৃষ্ঠা. 593.
  15. Kabia 2008, পৃষ্ঠা. 13.
  16. Wheeler 2000, পৃষ্ঠা. 13.
  17. D'Costa 2011, পৃষ্ঠা. 104.
  18. Saikia, Yasmin (2017). "Nations, Neighbours, and Humanity: Destroyed and Recovered in War and Violence". Melbourne Historical Journal খণ্ড 44 (1): 23–40. 
  19. 19.0 19.1 Mookherjee, Nayanika (June 2006). "'Remembering to forget': public secrecy and memory of sexual violence in the Bangladesh war of 1971" (en ভাষাত). Journal of the Royal Anthropological Institute খণ্ড 12 (2): 433–450. doi:10.1111/j.1467-9655.2006.00299.x. ISSN 1359-0987. https://onlinelibrary.wiley.com/doi/10.1111/j.1467-9655.2006.00299.x. 
  20. Mookherjee, Nayanika (2021-11-02). "Historicising the Birangona : Interrogating the Politics of Commemorating the Wartime Rape of 1971 in the Context of the 50 th Anniversary of Bangladesh" (en ভাষাত). Strategic Analysis খণ্ড 45 (6): 588–597. doi:10.1080/09700161.2021.2009663. ISSN 0970-0161. 
  21. Mookherjee 2009, পৃষ্ঠা. 51.
  22. Thompson 2007, পৃষ্ঠা. 42.
  23. Molla 2004, পৃষ্ঠা. 217.
  24. Hossain & Tollefson 2006, পৃষ্ঠা. 345.
  25. Riedel 2011, পৃষ্ঠা. 9.
  26. Jones 2010, পৃষ্ঠা. 227–228.
  27. Roy 2010b, পৃষ্ঠা. 102.
  28. Midlarsky 2011, পৃষ্ঠা. 257.
  29. Murphy 2012, পৃষ্ঠা. 71.
  30. Sisson & Rose 1992, পৃষ্ঠা. 141.
  31. Hagerty & Ganguly 2005, পৃষ্ঠা. 31.
  32. Southwick 2011, পৃষ্ঠা. 119.
  33. Heinze 2009, পৃষ্ঠা. 79.
  34. Totten, Bartrop & Jacobs 1998, পৃষ্ঠা. 34.
  35. Jahan 2008, পৃষ্ঠা. 248.
  36. Jahan 2008, পৃষ্ঠা. 250.
  37. Rummel 1997, পৃষ্ঠা. 335.
  38. Mohaiemen 2011, পৃষ্ঠা. 47.
  39. Chalk & Jonassohn 1990, পৃষ্ঠা. 369.
  40. Gotam 1971, পৃষ্ঠা. 26.
  41. 41.0 41.1 41.2 D'Costa 2008.
  42. Jessica Lee Rehman, Rape as Religious Terrorism and Genocide The 1971 War Between East and West Pakistan (2012)
  43. Jessica Lee Rehman, Rape as Religious Terrorism and Genocide The 1971 War Between East and West Pakistan (2012)
  44. Yasmin Saikia, Women, War, and the Making of Bangladesh : Remembering 1971, pg. 134
  45. Thomas & Ralph 1998, পৃষ্ঠা. 204.
  46. Thomas & Ralph 1994, পৃষ্ঠা. 82-99.
  47. Jahan 2004, পৃষ্ঠা. 147–148.
  48. Brownmiller 1975, পৃষ্ঠা. 82.
  49. Coggin 1971, পৃষ্ঠা. 157.
  50. Brownmiller 1975, পৃষ্ঠা. 83.
  51. 51.0 51.1 Rahman 2007, পৃষ্ঠা. 29, 41.
  52. 52.0 52.1 Saikia 2011b, পৃষ্ঠা. 157.
  53. Dixit 2002, পৃষ্ঠা. 183.
  54. Arens 2010, পৃষ্ঠা. 128.
  55. Jones 2010, পৃষ্ঠা. 343.
  56. Mookherjee 2012, পৃষ্ঠা. 73–74.
  57. Linton 2010, পৃষ্ঠা. 191-311.
  58. Brownmiller 1975, পৃষ্ঠা. 85.
  59. 59.0 59.1 Sharlach 2000, পৃষ্ঠা. 95.
  60. Friend 2011, পৃষ্ঠা. 62.
  61. Mohaiemen 2011, পৃষ্ঠা. 42.
  62. Newberg 2002, পৃষ্ঠা. 120.
  63. Dawn 2013.
  64. Payaslian.
  65. Simms 2011, পৃষ্ঠা. 17.
  66. 66.0 66.1 Scholz 2006, পৃষ্ঠা. 277.
  67. Scholz 2011, পৃষ্ঠা. 388.
  68. 68.0 68.1 Siddiqi 2008, পৃষ্ঠা. 202.
  69. Khondker 2006, পৃষ্ঠা. 244.
  70. Biswas 2012, পৃষ্ঠা. 163.
  71. Mookherjee 2006, পৃষ্ঠা. 73.
  72. Hansard 1971, পৃষ্ঠা. 819.
  73. Smith 2010, পৃষ্ঠা. 85–86.
  74. Jahan 2004, পৃষ্ঠা. 150.
  75. Ball 2011, পৃষ্ঠা. 46.
  76. Brownmiller 2007, পৃষ্ঠা. 89.
  77. Yasmin Saikia, Women, War, and the Making of Bangladesh : Remembering 1971, pg. 52
  78. D'Costa 2010, পৃষ্ঠা. 101-102.
  79. D'Costa 2011, পৃষ্ঠা. 102.
  80. Gerlach 2010, পৃষ্ঠা. 155.
  81. Nayanika Mookherjee (23 October 2015). The Spectral Wound: Sexual Violence, Public Memories, and the Bangladesh War of 1971. Duke University Press. পৃষ্ঠা. 159–. ISBN 978-0-8223-7522-7. https://books.google.com/books?id=OtrDCgAAQBAJ&pg=PT159. 
  82. 82.0 82.1 Islam 2019, পৃষ্ঠা. 177.
  83. Islam 2019, পৃষ্ঠা. 176.
  84. Islam 2019, পৃষ্ঠা. 176-177.
  85. Bina D'Costa, Nationbuilding, Gender and War Crimes in South Asia (2011) pg. 139
  86. Bina D'Costa, Nationbuilding, Gender and War Crimes in South Asia (2011) pp. 121-122
  87. Debnath 2009, পৃষ্ঠা. 49.
  88. 88.0 88.1 Enloe 2000, পৃষ্ঠা. 340.
  89. Mohsin 2005, পৃষ্ঠা. 223.
  90. Brownmiller 2007, পৃষ্ঠা. 92.
  91. Mookherjee 2012, পৃষ্ঠা. 77.
  92. D'Costa 2010a.
  93. International Commission of Jurists 1972, পৃষ্ঠা. 40-41.
  94. Ghadbian 2002, পৃষ্ঠা. 112.
  95. 95.0 95.1 Siddiqi 1998, পৃষ্ঠা. 209.
  96. Roy 2010c, পৃষ্ঠা. 37.
  97. Gerlach 2010, পৃষ্ঠা. 157.
  98. Saikia 2011a, পৃষ্ঠা. 57.
  99. Rahman & Baxter 2002, পৃষ্ঠা. 52.
  100. Saikia 2011a, পৃষ্ঠা. 260.
  101. Gerlach 2010, পৃষ্ঠা. 157-158.
  102. Mookherjee 2007, পৃষ্ঠা. 344.
  103. Mookherjee 2007, পৃষ্ঠা. 344-345.
  104. Das 2011.
  105. Jones 2003, পৃষ্ঠা. 266.
  106. Malik 2010, পৃষ্ঠা. 90.
  107. Saikia 2011a, পৃষ্ঠা. 63.
  108. Wynbrandt 2009, পৃষ্ঠা. 203.
  109. Ganguly 2010, পৃষ্ঠা. 93.
  110. Alffram 2009, পৃষ্ঠা. 11.
  111. Adams 2011a.
  112. Adams 2011b.
  113. 113.0 113.1 113.2 Roy 2010a.
  114. 114.0 114.1 Huq 2011, পৃষ্ঠা. 463.
  115. Al Jazeera 2013.
  116. Minegar 2013.
  117. Mustafa 2013.
  118. BD News 24 2013.
  119. Ahmed et al. 2013.
  120. Sadique 2013.
  121. Tahmima Anam (13 February 2013). "Shahbag protesters versus the Butcher of Mirpur". The Guardian. https://www.theguardian.com/world/2013/feb/13/shahbag-protest-bangladesh-quader-mollah. ""Mollah smiled because for him, a man convicted of beheading a poet, raping an 11-year-old girl and shooting 344 people during the 1971 Bangladesh war of independence – charges that have earned him the nickname the Butcher of Mirpur" 
  122. "Bangladesh Islamist given last-minute stay of execution". NDTV.com. http://www.ndtv.com/article/world/bangladesh-islamist-given-last-minute-stay-of-execution-457153। আহৰণ কৰা হৈছে: 28 August 2014. 
  123. "Case history". Supreme Court. Archived from the original on 4 March 2016. https://web.archive.org/web/20160304065726/http://www.supremecourt.gov.bd/nweb/case_history/case_history.php?div_id=2&case_id=601845। আহৰণ কৰা হৈছে: 12 December 2013. 
  124. "Bangladesh executes opposition leader". Al Jazeera. 12 December 2013. http://www.aljazeera.com/news/southasia/2013/12/bangladesh-politician-be-executed-20131212622649656.html। আহৰণ কৰা হৈছে: 12 December 2013. 
  125. "Quader Molla hangs, finally, for war crimes". bdnews24.com. http://bdnews24.com/bangladesh/2013/12/12/quader-molla-hangs-finally-for-war-crimes। আহৰণ কৰা হৈছে: 12 December 2013. 
  126. Mookherjee 2009a, পৃষ্ঠা. 48–49.
  127. Mookherjee 2006, পৃষ্ঠা. 80.
  128. Sahgal 2011.
  129. Assam Tribune 2011.
  130. Mookherjee 2009b, পৃষ্ঠা. 78.
  131. Saikia 2011a, পৃষ্ঠা. 56.
  132. "1971 rapes". The Times of India. http://timesofindia.indiatimes.com/entertainment/bengali/movies/news-interviews/Rape-shoot-leaves-Raima-and-Tillotama-tormented/articleshow/34833856.cms। আহৰণ কৰা হৈছে: 11 May 2014. 

গ্ৰন্থতালিকা

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]