বাজেট

অসমীয়া ৱিকিপিডিয়াৰ পৰা

বাজেট (ইংৰাজী: Budget) হৈছে এক নিৰ্ধাৰিত ম্যাদৰ (সাধাৰণতে এবছৰ) বাবে এক বিত্তীয় পৰিকল্পনা। ইয়াত পৰিকল্পিত বিক্ৰী-পৰিমাণ আৰু ৰাজহ, সম্পদৰ পৰিমাণ, খৰচ আৰু ব্যয়, সম্পত্তি, দায়বদ্ধতা বা লায়েবিলিটি আৰু নগদ প্ৰবাহ (কেশ্ব ফ্লো) অন্তৰ্ভুক্ত থাকিব পাৰে। কোম্পানী, চৰকাৰ, পৰিয়াল আৰু অন্যান্য সংগঠনে ইয়াক পৰিমাপযোগ্য পৰিভাষা অৰ্থাৎ হিচাপ কৰিব পৰা ভাষাত বিভিন্ন কাৰ্যকলাপ বা ঘটনাৰ কৌশলগত পৰিকল্পনা প্ৰকাশ কৰিবলৈ ব্যৱহাৰ কৰে। [1] বাজেট হৈছে এক নিৰ্দিষ্ট উদ্দেশ্যৰ বাবে আৱণ্টন কৰা বিত্তীয় যোগফল আৰু সেইবোৰ কেনেদৰে পূৰণ কৰিব লাগে তাৰ প্ৰস্তাৱৰ সৈতে অভিপ্ৰেত ব্যয়ৰ সাৰাংশ। ইয়াত ৰাহি বাজেট অৰ্থাৎ ভৱিষ্যতৰ সময়ত ব্যৱহাৰৰ বাবে অতিৰিক্ত ধন প্ৰদান, বা এক ঘাটি বাজেট য'ত ব্যয় উপাৰ্জনতকৈ অধিক, এই দুয়োবিধ অন্তৰ্ভুক্ত থাকিব পাৰে। বাজেট শব্দটো পুৰণি ফৰাচী শব্দ বৌগেটৰ পৰা আহিছে যাৰ অৰ্থ হৈছে “সৰু চামৰাৰ পাৰ্চ”। বিত্তীয় পৰিকল্পনাৰ ক্ষেত্ৰত ইয়াৰ প্ৰথম ব্যৱহাৰ উইলিয়াম পুলটেনিৰ দ্বাৰা মুকলি কৰা বাজেট পত্ৰিকাৰ পৰা আহিছে যি সুৰা আৰু ধঁপাতৰ ওপৰত চৰকাৰৰ বিত্তীয় নীতি বৰ্ণনা আৰু সমালোচনা কৰিবলৈ বাজেট শব্দটো ব্যৱহাৰ কৰে। [2] "বাজেট" শব্দটোৰ সচৰাচৰ ব্যৱহাৰে ব্যক্তি বা সংগঠন এটাৰ দ্বাৰা তেওঁলোকৰ প্ৰক্ষেপিত উপাৰ্জন আৰু ব্যয়ৰ ওপৰত আধাৰিত এক বিত্তীয় পৰিকল্পনাকে বুজায়। বহল অৰ্থত ইয়াক ব্যক্তি বা সংগঠনে ব্যয় কৰিবলৈ উপলব্ধ পৰিমাণ বুজাবলৈ ব্যৱহাৰ কৰা হয়। [3]

কৰ্প’ৰেট বাজেট[সম্পাদনা কৰক]

কোম্পানী এটাৰ বাজেট প্ৰায়ে বাৰ্ষিকভাৱে সংকলিত কৰা হয় যদিও ই সম্পূৰ্ণ বা সমাপ্ত বাজেট নহ'বও পাৰে। সাধাৰণতে ই হ্ৰস্বম্যাদী ভৱিষ্যতৰ বাবে এক পৰিকল্পনা হিচাপে কাম কৰে যি বিভিন্ন বিভাগক (কাৰ্যবাহক, মানৱ সম্পদ, তথ্য প্ৰযুক্তি ইত্যাদি) চূড়ান্ত বাজেটত তেওঁলোকৰ প্ৰত্যাশিত ৰাজহ আৰু ব্যয় তালিকাভুক্ত কৰিবলৈ অনুমতি দিয়ে। যদি প্ৰকৃত পৰিসংখ্যা বাজেটৰ পৰিসংখ্যাৰ ওচৰে-পাজৰে থাকে তেন্তে ই সূচায় যে মেনেজাৰ বা প্ৰবন্ধকসকলে তেওঁলোকৰ ব্যৱসায়ৰ বিষয়ে বুজি পাইছে আৰু ইয়াক সফলতাৰে অভিপ্ৰেত দিশত চলাই আহিছে। আনহাতে যদি পৰিসংখ্যাবোৰ বাজেটৰ পৰা বহু পৰিমাণে আঁতৰি যায় তেন্তে ই পৰিস্থিতি 'নিয়ন্ত্ৰণৰ বাহিৰত' থকাৰ এক সংকেত প্ৰেৰণ কৰে আৰু ইয়াৰ ফলত শ্বেয়াৰৰ মূল্য ক্ষতিগ্ৰস্ত হ'ব পাৰে। প্ৰচাৰ পৰিকল্পনাকাৰীসকলে (কেম্পেইন প্লেনাৰছ) যিকোনো প্ৰচাৰত দুই প্ৰকাৰৰ ব্যয় বহন কৰে: প্ৰথমটো হ'ল অভিযানটোৰ পৰিকল্পনা আৰু কাৰ্যকৰী কৰাৰ বাবে প্ৰয়োজনীয় মানৱ সম্পদৰ ব্যয়। প্ৰচাৰ পৰিকল্পনাকাৰীসকলে বহন কৰা দ্বিতীয় প্ৰকাৰৰ ব্যয় হৈছে প্ৰচাৰৰ কঠিন ব্যয় (হাৰ্ড কষ্ট অফ কেম্পেইন)। বাজেট সম্পৰ্কীয় বিশেষ বিত্তীয় বিশ্লেষকৰ ভূমিকাত নিয়োজিত পেছাদাৰীসকলক প্ৰায়ে "বাজেট বিশ্লেষক" হিচাপে মনোনীত কৰা হয়। [4] ই সাধাৰণতে কোম্পানীৰ বিত্তীয় ব্যৱস্থাপনা ক্ষেত্ৰ, বিশেষকৈ "এফপিএণ্ডএ"ৰ (বিত্তীয় পৰিকল্পনা আৰু বিশ্লেষণ) অন্তৰ্ভুক্ত।

চৰকাৰী বাজেট[সম্পাদনা কৰক]

চৰকাৰৰ বাজেট হৈছে চৰকাৰ এখনৰ আকাংক্ষিত ৰাজহ আৰু ব্যয়ৰ সাৰাংশ বা পৰিকল্পনা। তিনি প্ৰকাৰৰ চৰকাৰী বাজেট হৈছে ক্ৰমে পৰিচালনা বা চলিত বাজেট, মূলধন বা বিনিয়োগ বাজেট, আৰু নগদ ধন বা নগদ প্ৰবাহ বাজেট। [5]

ব্যক্তিগত বা পৰিয়াল বাজেট[সম্পাদনা কৰক]

ব্যক্তিগত বাজেট বা গৃহ বা পৰিয়াল বাজেট হৈছে এক বিত্তীয় পৰিকল্পনা যি ভৱিষ্যতৰ ব্যক্তিগত উপাৰ্জন, ব্যয়, সঞ্চয় আৰু ঋণ পৰিশোধৰ বাবে উৎসৰ্গিত। ব্যক্তিগত বাজেট সৃষ্টি কৰোঁতে পূৰ্বৰ ব্যয় আৰু ব্যক্তিগত ঋণ বিবেচনা কৰা হয়। ব্যক্তিগত বাজেট সৃষ্টি, ব্যৱহাৰ আৰু মিলোৱা কাৰ্যৰ বাবে কেইবাটাও পদ্ধতি আৰু সঁজুলি উপলব্ধ। উদাহৰণ স্বৰূপে, চাকৰি হৈছে এক উপাৰ্জনৰ উৎস। আনহাতে বিল আৰু ভাড়া পৰিশোধ হৈছে ব্যয়।

প্ৰকাৰ[সম্পাদনা কৰক]

  • বিক্ৰী বাজেট– ভৱিষ্যতৰ বিক্ৰীৰ এক আনুমানিক হিচাপ যাক প্ৰায়ে দুটা গোটত বিভক্ত কৰা হয়। ইয়াক বিক্ৰীৰ লক্ষ্য নিৰ্ধাৰণ কৰিবলৈ ব্যৱহাৰ কৰা হয়।
  • উৎপাদন বাজেট – বিক্ৰী লক্ষ্য পূৰণ কৰিবলৈ নিৰ্মাণ কৰিব লগা এককৰ সংখ্যাৰ এক আনুমানিক হিচাপ। উৎপাদন বাজেটত শ্ৰমিক আৰু সামগ্ৰীকে ধৰি উৎপাদনৰ সৈতে জড়িত বিভিন্ন ব্যয় অন্তৰ্ভুক্ত কৰা হয়।
  • মূলধন বাজেট – এটা সংগঠনৰ দীৰ্ঘম্যাদী বিনিয়োগ যেনে নতুন যন্ত্ৰপাতি, প্ৰতিষ্ঠাপন যন্ত্ৰপাতি, নতুন প্লাণ্ট, নতুন সামগ্ৰী, আৰু গৱেষণা বিকাশ প্ৰকল্পবোৰ চলাই নিয়াৰ যোগ্য হয় নে নহয় নিৰ্ধাৰণ কৰিবলৈ ব্যৱহাৰ কৰা হয়।
  • নগদ প্ৰবাহ/নগদ বাজেট– এক নিৰ্দিষ্ট সময়ৰ বাবে ভৱিষ্যতৰ নগদ প্ৰাপ্তি আৰু ব্যয়ৰ আনুমানিক হিচাপ। ই সাধাৰণতে হ্ৰস্বম্যাদী ভৱিষ্যতৰ এছোৱা সময় সামৰি লয়। নগদ প্ৰবাহ বাজেটে ব্যৱসায়টোক ব্যয় পূৰণ কৰাৰ বাবে কেতিয়া উপাৰ্জন পৰ্যাপ্ত হ'ব আৰু কোম্পানীটোৱে কেতিয়া বাহ্যিক উৎসৰ পৰা বিত্ত বিচাৰিব লাগিব নিৰ্ধাৰণ কৰাত সহায় কৰে।
  • চৰ্তসাপেক্ষ বাজেট - ই হৈছে উত্থান-পতন হোৱা উপাৰ্জন, অধিক পৰিমাণৰ স্থিৰ ব্যয়, বা ডুবন্ত ব্যয়ৰ (Sunk Cost) ওপৰত নিৰ্ভৰ কৰি উপাৰ্জন কৰা কোম্পানী, অলাভকাৰী সংগঠন আৰু বেচৰকাৰী সংগঠনসমূহৰ বাবে প্ৰস্তুত কৰা এক বাজেট পদ্ধতি।
  • মাৰ্কেটিং বাজেট– সামগ্ৰী বা সেৱাৰ বজজ্ৰীকৰনৰ বাবে প্ৰচাৰ, বিজ্ঞাপন আৰু জনসম্পৰ্কৰ বাবে প্ৰয়োজনীয় পুঁজিৰ এক বাজেট।
  • প্ৰকল্প বাজেট– এটা নিৰ্দিষ্ট কোম্পানী প্ৰকল্পৰ সৈতে সম্পৰ্কিত ব্যয়ৰ বাজেট। এই ব্যয়বোৰৰ ভিতৰত আছে শ্ৰম, সামগ্ৰী, আৰু অন্যান্য সম্পৰ্কিত ব্যয়।
  • ব্যয় বাজেট' – বিভিন্নধৰণৰ ব্যয়ৰ বাজেট ইয়াত অন্তৰ্ভুক্ত কৰা হয়।
  • নমনীয়তা বাজেট– ইয়াক স্থিৰ ব্যয়ৰ বাবে প্ৰস্তুত কৰা হয় আৰু পৰিৱৰ্তনশীল ব্যয়ৰ বাবে প্ৰতিটো কাৰ্যকলাপৰ পৰিমাপত পৰিৱৰ্তনশীল হাৰ নিৰ্ধাৰণ কৰা হয়।
  • বিনিয়োগ বাজেট– ইয়াৰ যোগেদি পৰিচালনা শাখাৰ সিদ্ধান্তৰ ওপৰত ৰ্নিৰ্ভৰ কৰি কিছুমান ব্যয়ৰ বাবে সৰ্বাধিক পৰিমাণ নিৰ্ধাৰণ কৰা হয়।
  • প্ৰদৰ্শন বাজেট– ইয়াক বেছিভাগ সংগঠন আৰু উন্নয়নমূলক কাৰ্যকলাপৰ সৈতে জড়িত মন্ত্ৰালয়ে ব্যৱহাৰ কৰে। বাজেটৰ এই প্ৰক্ৰিয়াটোৱে অন্তিম ফলাফলসমূহ বিবেচনা কৰে।
  • শূন্য আধাৰিত বাজেট' – একপ্ৰকাৰৰ বাজেট য'ত বাজেটত যোগ দিয়া প্ৰতিটো সামগ্ৰীৰ অনুমোদনৰ প্ৰয়োজন হয় আৰু আগৰ বছৰৰ বাজেটৰ পৰা কোনো সামগ্ৰী যোগ কৰা নহয় নহয়। যেতিয়া সীমিত সম্পদবোৰ সাৱধানে আৰু নিৰপেক্ষভাৱে আৱণ্টন কৰিব লাগে তেতিয়া এই ধৰণৰ বাজেটৰ এক স্পষ্ট সুবিধা আছে। শূন্য আধাৰিত বাজেট তৈয়াৰ কৰিবলৈ অধিক সময় লাগে কিয়নো বাজেটৰ সকলো অংশ পৰিচালনা শাখাৰ দ্বাৰা পুনৰীক্ষণ কৰা প্ৰয়োজন।
  • ব্যক্তিগত বাজেট– নিজৰ বাবে বা ঘৰৰ বাবে ব্যয়ৰ ওপৰত গুৰুত্ব দিয়া বাজেট প্ৰকাৰত সাধাৰণতে বাজেটৰ উপাৰ্জন অন্তৰ্ভুক্ত হৈ থাকে।


তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "CIMA Official Terminology". Archived from the original on 2013-08-10. https://web.archive.org/web/20130810055251/http://www.cimaglobal.com/Documents/ImportedDocuments/cig_tg_budgeting_mar08.pdf। আহৰণ কৰা হৈছে: 2021-08-02. 
  2. বাজেট, p. 8, গুগুল বুকচ্‌
  3. "Budget Meaning in the Cambridge English Dictionary". https://dictionary.cambridge.org/dictionary/english/budget। আহৰণ কৰা হৈছে: 2021-02-25. 
  4. Budget Analysts, Bureau of Labor Statistics
  5. Cliche, P. (2012). “Budget,” in L. Côté and J.-F. Savard (eds.), Encyclopedic Dictionary of Public Administration, [online], http://www.dictionnaire.enap.ca/Dictionnaire/en/home.aspx