বাৰ্তা:গৰ্গ চট্টোপাধ্যায়

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

উল্লেখযোগ্যতা[সম্পাদনা কৰক]

নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯ৰ বিৰোধিতা কৰি বিতৰ্কিত মন্তব্যৰ বাবে বাতৰিত স্থান পোৱাৰ বাদে গৰ্গ চট্টোপাধ্যায়ৰ বিষয়ে কোনো উল্লেখযোগ্য কাৰ্য চকুত পৰা নাই। বাংলা পক্ষৰ সভাপতি হিচাপে সেইখিনি বাংলা পক্ষ পৃষ্ঠাতে উল্লেখ কৰা উচিত। তদুপৰি পৃষ্ঠাখনত ব্যৱহাৰ কৰা উৎসত কেৱল তেওঁৰ বিষয়ে trivial mentionৰ বাদে একো নাই। @user:Thesaurabhsaha অনুগ্ৰহ কৰি উল্লেখযোগ্যতাৰ কাৰণ ইয়াত উল্লেখ কৰিব। লগতে আপোনাক অনুৰোধ জনাওঁ যে মূল অৱদানকাৰী হিচাপে থকা পৃষ্ঠাত আন অভিজ্ঞ সম্পাদকে কিবা টেগ লগালে আলোচনা নকৰাকৈ আঁতৰাই নিদিব। শেহতীয়াকৈ আপুনি আপুনি মূল অৱদানকাৰী হিচাপে থকা কেইবাটাও পৃষ্ঠাৰ আনে লগোৱা টেগ আঁতৰাই দিয়া পৰিলক্ষিত হৈছে। শুভেচ্ছাৰে- অজয়  কথা-বতৰা 12:27, 27 June 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

কিহৰ বাবে বাতৰিত স্থান পাইছে আৰু কিহৰ বাবে পোৱা নাই সেয়া আমাৰ বিবেচ্য বিষয় নহয়। বাংলা পক্ষৰ লগতে এইখন পৃষ্ঠাও একপক্ষীয়ভাবে লিখা আছিলে। ৱিকিপিডিয়াৰ নীতি অনুসৰি পৃষ্ঠা এটা নিৰপেক্ষ হোৱাটো বাঞ্ছনীয়।
 
তদুপৰি, Trivial mention ৰ বাহিৰেও লিংক কিছুমান সংযোজন কৰিছোঁ। এবাৰ চকু ফুৰাই চাবচোন।
Thesaurabhsaha (বাৰ্তা) 13:01, 27 June 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
তেওঁৰ Notability ৰ প্ৰশ্ন উত্থাপন কৰিছেই যেতিয়া আপোনাক জনাই থও যে গৰ্গা চেটাৰ্জী এগৰাকী ভাৰতীয় শিক্ষাবিদ, ৰাজনৈতিক বিশ্লেষক আৰু সমাজ কৰ্মী। বিশেষকৈ ভাৰতৰ পশ্চিম বংগত বিভিন্ন ৰাজনৈতিক আৰু সামাজিক বিষয়ৰ লগত জড়িত থকাৰ বাবে তেওঁ অধিক পৰিচিত। ৰাজনীতি, বঙালী জাতীয়তাবাদ, আঞ্চলিক বিষয়ৰ ওপৰত নিজৰ মতামতক তেওঁৰ লেখা, ভাষণ, আৰু সংবাদ মাধ্যমত উপস্থিতিৰ জৰিয়তে সময়ে সময়ে প্ৰকাশ কৰি আহিছে।
Thesaurabhsaha (বাৰ্তা) 13:12, 27 June 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
user:Thesaurabhsaha, আপুনি উল্লেখ কৰা উৎসৰ প্ৰথমটো ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠানৰ অধ্যাপক পৰিচয় পৃষ্ঠা। এনেকুৱা অগণন প্ৰতিষ্ঠানৰ অগণন অধ্যাপক আছে আৰু কেৱল এজন অধ্যাপক হ'লেই ব্যক্তি গৰাকী উল্লেখযোগ্য নহয়। তেনেকৈ দ্বিতীয়টো গৱেষণা পত্ৰৰ পৃষ্ঠা, কোনোবায়ে গৱেষণা পত্ৰ লিখিলেই উল্লেখযোগ্য হ'লে ৱিকিপিডিয়া দ্বিতীয়টো Google scholar হ'ব। তৃতীয়টোত ব্যক্তি গৰাকীৰ বিষয়ে trivial mentionৰ বাদে 'জীৱিত ব্যক্তি উল্লেখযোগ্যতাৰ নীতি' কেনেকৈ পূৰণ কৰিছে নুবুজিলোঁ। আপুনি প্ৰবন্ধ এটা ৱিকিফাই কৰিছে বা নিৰপেক্ষভাৱে লিখিছে সেয়া নিশ্চয় প্ৰশংসনীয় কথা। কিন্তু আন সদস্যয়ে লগোৱা টেগ (বিশেষকৈ, উল্লেখযোগ্যতা, ডিলিট ইত্যাদি) আদি আলোচনা নকৰাকৈ আঁতৰাই নিদিয়েযেন।- অজয়  কথা-বতৰা 13:35, 27 June 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
Notability ৰ কথাখিনি ইতিমধ্যেই উপৰত উল্লেখ কৰিছোঁ। তথাপি, মই Notability টেগ লগোৱাৰ সলনি Db টেগ লগোৱাৰ পক্ষপাতী। আপোনাৰ এই সন্দৰ্ভত মতামত বিছাৰিছোঁ।
 
Thesaurabhsaha (বাৰ্তা) 14:25, 27 June 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
ডিলিট টেগ লগোৱাত সমৰ্থন জনালোঁ।- অজয়  কথা-বতৰা 14:38, 27 June 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]