বাৰ্তা:শিৰডীৰ সাই বাবা

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

অসমীয়াত 'সাই বাবা' লিখাতকৈ, 'চাই বাবা' লিখিলেহে উচ্চাৰণ শুদ্ধ হ’ব বুলি ভাৱো৷ বিক্ৰম৯৮ 14:43, 5 নৱেম্বৰ 2014 (UTC)

বিদেশী (অনা-অসমীয়া) শব্দৰ পৰা Transliterationৰ বাবে অসমীয়াত 'ছ' ব্যৱহাৰ কৰা হয়। গতিকে 'ছাঁঈ' শুদ্ধ হ'ব। হিন্দীত দীৰ্ঘ 'ঈ' ব্যৱহাৰ হৈছে । মাৰাঠীত ঁ ব্যৱহাৰ হোৱা নাই। গতিকে মাংগলিক মধ্যমাৱস্হান়়[1]ত থাকি 'ছাঈ' কৰিব পৰা যায়। যদিও যুক্তিসৌত্ৰিক ভাৱে শুদ্ধ নহ'ব পাৰে। JBDVIJASDVI (talk) 12:10, 6 নৱেম্বৰ 2014 (UTC)
'চাই বাবা'ই সঠিক হ'ব। ওপৰৰ মন্তব্যত উল্লেখ কৰা অনা-অসমীয়া শব্দৰ পৰা Transliterationৰ বাবে অসমীয়াত 'ছ' ব্যৱহাৰ কৰাটো শুদ্ধ নহয় (সকলোৰে বেলেগ বেলেগ নিয়ম)। অসমীয়া ৱিকিপিডিয়াত ইংৰাজী বা আন বিদেশী ভাষাৰ 's' উচ্চাৰণৰ বাবেবে 'ছ' ব্যৱহাৰ কৰা হয়। — গীতাৰ্থ বৰদলৈ (talk) 18:57, 14 নৱেম্বৰ 2014 (UTC)

লিখাৰ আগত ময়ো নিশ্চিত নাছিলো, কিন্তু যদিও উচ্চাৰণৰ দিশৰ পৰা 'চাই বাবা' বা 'ছাই বাবা'হে শুদ্ধ হ'ব, সাধাৰণতে সাই বাবাৰ মন্দিৰত ব্যৱহৃত ফলক, সনাতন সাৰথীৰ দৰে আলোচনী, সাই কষ্ট নিবাৰণ মন্ত্ৰ, সাই সৎচৰিত আদি গ্ৰন্থত 'সাই' ব্যৱহাৰ কৰা হয় বাবেই উচ্চাৰণৰ দিশৰ পৰা অশুদ্ধ হ'লেও মনমোহন সিং (ছিং/চিং হ'ব লাগিছিল)ৰ দৰে 'সাই বাবা' ব্যৱহাৰ কৰিলো। IKHazarika (talk) 07:14, 30 মাৰ্চ 2015 (UTC)

  1. https://as.wikipedia.org/wiki/%E0%A6%B8%E0%A6%A6%E0%A6%B8%E0%A7%8D%E0%A6%AF:JBDVIJASDVI/%E0%A6%AE%E0%A6%BE%E0%A6%82%E0%A6%97%E0%A6%B2%E0%A6%BF%E0%A6%95_%E0%A6%AE%E0%A6%A7%E0%A7%8D%E0%A6%AF%E0%A6%AE%E0%A6%BE%E0%A7%B1%E0%A6%B8%E0%A7%8D%E0%A6%A5%E0%A6%BE%E0%A6%A8