সমললৈ যাওক

বিছমিল্লাহিৰ ৰাহমানিৰ ৰাহীম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Written version of the Basmala
বিছমিল্লাহিৰ ৰাহমানিৰ ৰাহীম

বিছমিল্লাহিৰ ৰাহমানিৰ ৰাহীম এটা আৰবী বাক্যবন্ধ; যাৰ অৰ্থ- পৰম কৰুণাময় অসীম দয়ালু আল্লাহৰ নামত আৰম্ভ কৰিছো। সংক্ষেপত কোৱা হয়- বিছমিল্লাহ। পৱিত্ৰ কোৰআনৰ ১১৪টা ছূৰাৰ মাজত ছূৰা আত-তৌবাহৰ বাহিৰে অন্য বাকী ১১৩টা ছূৰা "বিছমিল্লাহিৰ ৰাহমানিৰ ৰাহীম" দি আৰম্ভ কৰা হৈছে। ইয়াৰ উপৰিও হাদিছৰ পৰা জনা যায়, মহানবী মুহাম্মাদ চাল্লাহু আলাইহি ওয়াছাল্লাময়ে প্ৰতিটো কামৰ আৰম্ভণি কৰাৰ আগতে "বিছমিল্লাহিৰ ৰাহমানিৰ ৰাহীম" কোৱাৰ পাছত আৰম্ভ কৰিছিল। বহুত কামত "বিছমিল্লাহিৰ ৰাহমানিৰ ৰাহীম" কোৱা বা লিখাৰ নিৰ্দেশনা আছে। বিধানগত বিচাৰত ই মাছনূন বা মুস্তাহাব হ'লেও ইয়াৰ তাৎপৰ্য অত্যন্ত গভীৰ।[1]

আৰবী ভাষাতউচ্চাৰণঅসমীয়া অনুবাদ

বিছমিল্লাহিৰ ৰাহমানিৰ ৰাহীম

পৰম কৰুণাময়, অসীম দয়ালু আল্লাহ্‌ৰ নামত আৰম্ভ কৰিছো

তাৎপৰ্য

[সম্পাদনা কৰক]
White-on-black rendering of the Basmala in the shape of a pear
বিছমিল্লাহিৰ ৰাহমানিৰ ৰাহীম বাক্যটি নাচপতিৰ আকৃতিৰ শৈল্পিক গঠন

তাফছিৰ-ই-ইবনে আবি হাতিমত আছে, ‘উছমান বিন আফফানে ৰাঃ ৰাছুলুল্লাহ/ৰাছুল+আল্লাহ (ছাঃ)ক ‘বিছমিল্লাহ’ সম্পৰ্কে জিজ্ঞাসা কৰিলে। তেতিয়া তেখেতে উত্তৰত ক'লে, ইয়াত আল্লাহ তায়ালাৰ নাম আছে। আল্লাহৰ ডাঙৰ নাম আৰু এই বিছমিল্লাহৰ মাজত ইমানদূৰ নৈকট্য আছে যেনেকৈ আছে চুলিৰ কলা অংশ আৰু বগা অংশৰ মাজত। ইবনে মৰদুওয়াইৰ তাফছিৰত আছে, ‘ৰাছুলুল্লাহ/ৰাছুল+আল্লাহ (ছাঃ)য়ে কৈছে, আমাৰ ওপৰত এনেকুৱা এটি আয়াত অৱতীৰ্ণ হৈছে যাৰ নিচিনা আয়াত ছুলাইমান অবিহনে অন্য কোনো নবীৰ ওপৰত অৱতীৰ্ণ হোৱা নাই। আয়াতটি হ'ল, ‘বিছমিল্লাহিৰ ৰাহমানিৰ ৰাহীম’। জাবিৰ ৰাঃয়ে বৰ্ণনা কৰিছে, যেতিয়া এই আয়াতটো অৱতীৰ্ণ হয় তেতিয়া পূৰ্ব দিশত বৃষ্টি বন্ধ হৈ যায়, বায়ুমণ্ডল স্তব্ধ হৈ যায়, তৰঙ্গ বিুব্ধ সমুদ্ৰ প্ৰশান্ত হৈ ওঠে, জন্তুসমূহৰ কাণ লগাই চয়তানক বিতাড়ন কৰে আৰু বিশ্বপ্ৰভুয়ে স্বীয় সম্মান আৰু মৰ্যাদাৰ কচম কৰি কয়, ‘যি বস্তুৰ ওপৰত মোৰ এই নাম লোৱা হ'ব তাত অৱশ্যেই বৰকত হ'ব।[2][3]

কেলিগ্ৰাফীত বিছমিল্লাহ

[সম্পাদনা কৰক]

ইছলামিক কেলিগ্ৰাফীত বিছমিল্লাহিৰ ৰাহমানিৰ ৰাহীম প্ৰচুৰ লিখা হয়।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. এটা অন্যায় কামঃ(বঙালী) ‘বিছমিল্লাহ’ ও ‘দৰূদ’ অশুদ্ধ বা অসম্পূৰ্ণ কোৱা আৰু লিখা, প্ৰকাশৰ তাৰিখঃ আগষ্ট-চেপ্তেম্বৰ ২০০৯।
  2. তাফছিৰ ইবনে কাছিৰ
  3. বিছমিল্লাহৰ তাৎপৰ্য[সংযোগবিহীন উৎস], জি এম মুজিবুৰ ৰহমান।