বিপিন চন্দ্ৰ পাল
বিপিন চন্দ্ৰ পাল | |
---|---|
![]() | |
জন্ম | ৭ নৱেম্বৰ, ১৮৫৮ পলি, হাবিগঞ্জ, ছিলেট জিলা, বেংগল প্ৰেচিডেঞ্চি, ব্ৰিটিছ ভাৰত, (বৰ্তমান বাংলাদেশত) |
মৃত্যু | ২০ মে', ১৯৩২ (৭৩ বছৰ) কলিকতা (বৰ্তমান কলকাতা), ব্ৰিটিছ ভাৰত |
ৰাষ্ট্ৰীয়তা | ব্ৰিটিছ ভাৰত |
শিক্ষানুষ্ঠান | কলিকতা বিশ্ববিদ্যালয় |
পেচা | ৰাজনীতিক লেখক ভাৰতৰ স্বাধীনতা সংগ্ৰামী বক্তা সমাজ সংস্কাৰক |
সংস্থা | ব্ৰাহ্ম সমাজ |
ৰাজনৈতিক দল | ভাৰতীয় জাতীয় কংগ্ৰেছ |
ৰাজনৈতিক আন্দোলন | ভাৰতৰ স্বাধীনতা আন্দোলন |
স্বাক্ষৰ | |
![]() |
বিপিন চন্দ্ৰ পাল (ইংৰাজী: Bipin Chandra Pal; ৭ নৱেম্বৰ ১৮৫৮ – ২০ মে' ১৯৩২) এজন ভাৰতীয় জাতীয়তাবাদী নেতা, সাহিত্যিক, বক্তা, সমাজ সংস্কাৰক আৰু ভাৰতৰ স্বাধীনতা আন্দোলনৰ সক্ৰিয় সংগ্ৰামী আছিল। তেওঁ “লাল বাল পাল”ৰ অন্যতম সদস্য আছিল।[1] শ্ৰী অৰবিন্দৰ লগতে পাল আছিল ভাৰতৰ স্বদেশী আন্দোলনৰ অন্যতম প্ৰধান বাতকটীয়া। ব্ৰিটিছ ঔপনিৱেশিক চৰকাৰে কৰা বংগ বিভাজনৰ তেঁও বিৰোধিতা কৰিছিল।
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]ব্ৰিটিছ ভাৰতৰ বেংগল প্ৰেচিডেঞ্চিৰ অন্তৰ্গত ছিলেট জিলাৰ হাবিগঞ্জৰ পলি গাঁৱৰ এটা কায়স্থ পৰিয়ালত বিপিন চন্দ্ৰ পালৰ জন্ম হৈছিল।[2] তেওঁৰ পিতৃ ৰামচন্দ্ৰ পাল, এজন পাৰ্চী পণ্ডিত, আৰু সৰু মাটিৰ মালিক। পৰৱৰ্তী সময়ত তেওঁৰ পিতৃয়ে চিলেট বাৰত উকীল হিচাপে যোগদান কৰে।[3] তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ অধীনৰ ক্ৰাছ মিছন ছছাইটি ক’লেজত অধ্যয়ন আৰু অধ্যাপনা কৰিছিল।[4] তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ সংযুক্ত কলেজ চাৰ্চ মিছন ছ'চাইটি কলেজ (বৰ্তমান ছেইণ্ট পলছ কেথেড্ৰেল মিছন কলেজ)ত অধ্যয়ন আৰু অধ্যাপনা কৰে।[4] তেওঁ ইংলেণ্ডৰ অক্সফৰ্ডৰ নিউ মানচেষ্টাৰ কলেজত এবছৰ (১৮৯৯-১৯০০) তুলনামূলক ধৰ্মতত্ত্বও অধ্যয়ন কৰিছিল যদিও পাঠ্যক্ৰম শেষ কৰা নাছিল।[5] তেওঁৰ পুত্ৰ আছিল বম্বে টকীজৰ অন্যতম প্ৰতিষ্ঠাপক নিৰঞ্জন পাল। এজন জোঁৱাই আছিল ভাৰতীয় অসামৰিক সেৱা (আইচিএছ) বিষয়া এছ কে ডে, যি পিছলৈ কেন্দ্ৰীয় মন্ত্ৰী হৈছিল। তেওঁৰ আনজন জোঁৱাই আছিল স্বাধীনতা সংগ্ৰামী উল্লাস্কৰ দত্ত যিয়ে তেওঁৰ শৈশৱৰ প্ৰেম লীলা দত্তক বিয়া কৰাইছিল।
বিপিন চন্দ্ৰ পালৰ পৰিয়াল:
- ভাতৃ- কুঞ্জা গোবিন্দ পাল
- ভতিজা- সুৰেশ চন্দ্ৰ পাল
- পুত্ৰ- নিৰঞ্জন পাল (বম্বে টাকিছৰ প্ৰতিষ্ঠাপক)
- নাতি- কলিন পাল (শ্বুটিং ষ্টাৰৰ লেখক) চলচ্চিত্ৰ পৰিচালক
- নাতি- দীপ পাল (ষ্টেডিকেম কেমেৰাৱৰ্ক)।
তেওঁ ৰাজনীতিত যিমানেই বিপ্লৱী আছিল, ব্যক্তিগত জীৱনতো একেই আছিল। প্ৰথমা পত্নীৰ মৃত্যুৰ পিছত বিপিন চন্দ্ৰ পালে এগৰাকী বিধবাক বিবাহ কৰে আৰু ব্ৰাহ্ম সমাজত যোগদান কৰে।[6]
কৰ্ম
[সম্পাদনা কৰক]
বিপিন চন্দ্ৰ পালক ভাৰতত বিপ্লৱী চিন্তাধাৰাৰ জনক বুলি জনা যায়।[7] তেওঁ ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছৰ এজন গুৰুত্বপূৰ্ণ নেতা হৈ পৰিছিল। ১৮৮৭ চনত মাদ্ৰাজত অনুষ্ঠিত কংগ্ৰেছৰ অধিৱেশনত তেওঁ অস্ত্ৰ আইন বাতিলৰ দাবীত দৃঢ়ভাৱে বক্তৃতা দিছিল, যি আইন বৈষম্যপূৰ্ণ আছিল। তেওঁ লালা লাজপত ৰায়, বাল গংগাধৰ তিলকৰ সৈতে লাল-বাল-পাল ত্ৰয়ীৰ অংশ আছিল, যিসকলে বিপ্লৱী কাৰ্যকলাপৰ সৈতে জড়িত আছিল। শ্ৰী অৰবিন্দ ঘোষ আৰু পালক নতুন ৰাষ্ট্ৰীয় আন্দোলনৰ মুখ্য মুখৰূপে গণ্য কৰা হৈছিল, যিটো আন্দোলন পূৰ্ণ স্বৰাজ, স্বদেশী, বিদেশী সামগ্ৰীৰ বয়কট আৰু ৰাষ্ট্ৰীয় শিক্ষাৰ আদৰ্শৰ ওপৰত আধাৰিত আছিল। তেওঁৰ কাৰ্যসূচীত স্বদেশী, বিদেশী সামগ্ৰীৰ বয়কট আৰু ৰাষ্ট্ৰীয় শিক্ষা অন্তৰ্ভুক্ত আছিল। তেওঁ দাৰিদ্ৰ আৰু বেকাৰত্বৰ উচ্ছেদৰ বাবে স্বদেশী ব্যৱহাৰ আৰু বিদেশী সামগ্ৰীৰ বয়কটৰ আহ্বান জনাইছিল। তেওঁ সমাজৰ দুষ্ট প্ৰথাসমূহ দূৰ কৰিব বিচাৰিছিল আৰু ৰাষ্ট্ৰীয় সমালোচনাৰ জৰিয়তে ৰাষ্ট্ৰভক্তি উদ্দীপিত কৰিবলৈ প্ৰচেষ্টা কৰিছিল। তেওঁ ব্ৰিটিছ উপনিবেশবাদী চৰকাৰৰ সৈতে বিনয়ী অসহযোগিতাৰ দৰে মৃদু প্ৰতিবাদত বিশ্বাস নকৰিছিল। এই বিষয়ত তেওঁৰ আৰু মহাত্মা গান্ধীৰ মাজত কোনো মিল নাছিল। জীৱনৰ শেষ ছয় বছৰত তেওঁ কংগ্ৰেছৰ পৰা আঁতৰি নিঃসঙ্গ জীৱন যাপন কৰিছিল। শ্ৰী অৰবিন্দে তেওঁক ৰাষ্ট্ৰীয়তাৰ শক্তিশালী ঐশী দূত হিচাপে অভিহিত কৰিছিল। বিপিন চন্দ্ৰ পালই সমাজ আৰু অৰ্থনৈতিক দীনতা দূৰ কৰাৰ চেষ্টা কৰিছিল। তেওঁ জাতিপ্ৰথাৰ বিপক্ষে আছিল আৰু বিধবা পুনঃবিবাহৰ পক্ষপাতী আছিল। তেওঁ ৪৮ ঘণ্টাৰ কাৰ্য সপ্তাহৰ দাবী কৰিছিল আৰু কৰ্মচাৰীৰ দৰমহা বৃদ্ধিৰ আৱশ্যকতাৰ কথাও কৈছিল। তেওঁ গান্ধীৰ পদ্ধতিসমূহক সমালোচনা কৰিছিল, যি তেওঁৰ মতে "যুক্তিৰ" পৰিৱৰ্তে "মায়াজাল"ত আধাৰিত।
একজন সাংবাদিক হিচাপে, পাল বেংগল পাব্লিক ওপিনিয়ন, দ্য ট্ৰিবিউন আৰু নিউ ইণ্ডিয়া নামৰ কাকতত কাম কৰিছিল, য’ত তেওঁ তেওঁৰ ৰাষ্ট্ৰীয়তাবাদৰ ধাৰণাবোৰ প্ৰকাশ কৰিছিল।[8] তেওঁ কেইবাটাও প্ৰবন্ধ লিখি ভাৰতক চীন আৰু অন্যান্য ভূ-ৰাজনৈতিক পৰিস্থিতিৰ পৰিৱৰ্তনৰ বিষয়ে সতৰ্ক কৰিছিল। তেওঁৰ এজন লেখাত, যিটো "Our Real Danger" শীৰ্ষক আছিল, তেওঁ উল্লেখ কৰিছিল যে ভৱিষ্যতে ভাৰতৰ বাবে বিপদ ক’ৰ পৰা আহিব পাৰে।[9]
-
পঞ্জাবৰ লালা লাজপত ৰায়, মহাৰাষ্ট্ৰৰ বাল গংগাধৰ তিলক, আৰু বংগৰ বিপিন চন্দ্ৰ পাল (সোঁফালে)—এই ত্ৰয়ী লাল-বাল-পাল নামেৰে জনাজাত আছিল আৰু তেওঁলোকে ভাৰতীয় স্বাধীনতা আন্দোলনৰ ৰাজনৈতিক চিন্তাধাৰা পৰিৱৰ্তন কৰিছিল।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Ashalatha, A.; Koropath, Pradeep; Nambarathil, Saritha (2009). "Chapter 6 – Indian National Movement". Social Science: Standard VIII Part 1. State Council of Educational Research and Training (SCERT). পৃষ্ঠা. 72. https://www.itschool.gov.in/pdf/Std_VIII/Social%20Science/SS_VIII_Engpart1.pdf। আহৰণ কৰা হৈছে: 13 October 2011.
- ↑ M.K. Singh (2009). Encyclopedia Of Indian War Of Independence (1857–1947). Anmol Publications. পৃষ্ঠা. 130. "Bipin Chandra Pal (1858–1932) a patriot, nationalist politician, renowned orator, journalist, and writer. Bipin Chandra Pal was born on 7 November 1858 in Sylhet in a wealthy Hindu Kayastha family"
- ↑ Pal, Bipin (1932) (English ভাষাত). Memories of My Life and Times. প্ৰকাশক Calcutta: The Modern Book Agency. পৃষ্ঠা. 22.
- ↑ 4.0 4.1 "List of distinguished alumni". Archived from the original on 25 September 2012. https://web.archive.org/web/20120925080918/http://www.stpaulscmcollege.org/alumni-association.html। আহৰণ কৰা হৈছে: 18 May 2023.
- ↑ "Making Britain". The Open University. https://www.open.ac.uk/researchprojects/makingbritain/content/bepin-chandra-pal। আহৰণ কৰা হৈছে: 20 May 2022.
- ↑ "Bipin Chandra Pal: As much a revolutionary in politics, as in his private life". 12 January 2020. https://theprint.in/features/bipin-chandra-pal-as-much-a-revolutionary-in-politics-as-in-his-private-life/146215/। আহৰণ কৰা হৈছে: 18 May 2023.
- ↑ "Bipin Chandra Pal". YouTube. 19 May 2014. https://www.youtube.com/watch?v=69M3Bqe-WRc.
- ↑ Sequeira, Dolly (2018). Total History & Civics. প্ৰকাশক India: Morning Star (A unit of MSB Publishers Pvt. Ltd). পৃষ্ঠা. 53. Archived from the original on 3 April 2020. https://web.archive.org/web/20200403082409/http://studentsmorningstar.com/Books.aspx। আহৰণ কৰা হৈছে: 10 December 2018.
- ↑ Madhav, Ram (2014). Uneasy neighbours : India and China after 50 years of the war. New Delhi: Har-Anand Publications. পৃষ্ঠা. 10, 11, 12. ISBN 978-81-241-1788-0.