বিবাহ প্ৰতিবন্ধক

অসমীয়া ৱিকিপিডিয়াৰ পৰা

বিবাহ প্ৰতিবন্ধক (ইংৰাজী: Marriage bar) হৈছে বিবাহিত মহিলাৰ নিয়োগক বাধা দিয়াৰ এক প্ৰথা।[1] ১৯ শতিকাৰ শেষৰ ফালৰ পৰা ১৯৭০ চনলৈকে ইংৰাজী ভাষী দেশসমূহত সাধাৰণতে এই প্ৰথা দৃষ্টিগোচৰ হৈছিল ৷ [2] এই প্ৰথাই প্ৰায়ে এগৰাকী মহিলাৰ বিবাহৰ সময়ত নিয়োগ বন্ধ কৰাৰ আহ্বান জনাইছিল। ইয়াৰ উপৰি, সন্তান থকা বিধৱা মহিলাসকলকো কেতিয়াবা বিবাহিত বুলি গণ্য কৰা হৈছিল, যাৰ ফলত তেওঁলোকক নিযুক্তি-প্ৰদান বাধাপ্ৰাপ্ত হৈছিল।[3][4][5]

এই প্ৰথাৰ অৰ্থনৈতিক ন্যায্যতা নাছিল আৰু ইয়াৰ কঠিন প্ৰয়োগে প্ৰায়ে কৰ্মক্ষেত্ৰত বিঘ্নিত কৰিছিল। কিন্তু যুদ্ধৰ সময়ত শ্ৰমিকৰ চাহিদা বৃদ্ধি পোৱাৰ বাবে বিবাহ প্ৰতিবন্ধক বহুলভাৱে শিথিল কৰা হৈছিল। ক্লাউডিয়া গোল্ডিনে ১৯৩১ আৰু ১৯৪০ চনৰ ফাৰ্মৰ স্তৰৰ তথ্য ব্যৱহাৰ কৰি ইয়াৰ নিৰ্ণায়কসমূহ অন্বেষণ কৰিছিল৷ তেওঁৰ গৱেষণাই কৈছে যে ইয়াৰ সৈতে ভিতৰৰ পৰা পদোন্নতি, কাৰ্যকালভিত্তিক দৰমহা আৰু অন্যান্য আধুনিক কৰ্মচাৰীৰ পদ্ধতিৰ সম্পৰ্ক আছে।[6]

১৯৬০ চনৰ পৰাই এই প্ৰথাক নিয়োগৰ বৈষম্য আৰু যৌন বৈষম্য বুলি বহুলভাৱে গণ্য কৰা হৈছে৷ বৈষম্য বিৰোধী আইন অনুসৰি ইয়াক বন্ধ কৰা হৈছে,নতুবা নিষিদ্ধ কৰা হৈছে। নেদাৰলেণ্ডত ১৯৫৭ চনত,[7][8][9] অষ্ট্ৰেলিয়াত ১৯৬৬ চনত,[10] আৰু আয়াৰলেণ্ডত ১৯৭৩ চনত এই প্ৰতিবন্ধক আঁতৰোৱা হয়।[11][12]

তাৰতম্য[সম্পাদনা কৰক]

"বিবাহ প্ৰতিবন্ধক" হৈছে বিবাহিত মহিলাৰ বিৰুদ্ধে সকলো বৈষম্যমূলক নিযুক্তি পদ্ধতিক সামৰি ল'বলৈ ব্যৱহাৰ কৰা এটা শব্দ৷ ১৯০০ চনত নিয়োগকৰ্তাসকলৰ বাবে দুটা ভিন্নতা সাধাৰণ আছিল : (ক) "নিযুক্তি প্ৰতিবন্ধক" হৈছে বিবাহিত মহিলাক নিযুক্তি দিয়া প্ৰতিৰোধৰ শ্ৰেণীবিভাজন আৰু (খ) "বাহাল প্ৰতিবন্ধক" (retain bar) হৈছে বিবাহিত শ্ৰমিকক ৰখাত বাধা।[13]

আপাত দৃষ্টিত বৈষম্যমূলক প্ৰথাৰ পৰা হাত সাৰিবলৈ বহু নিয়োগকৰ্তাই বিবাহিত মহিলাসকলক স্থায়ীৰ পৰিৱৰ্তে পৰিপূৰক কৰ্মচাৰী হিচাপেহে শ্ৰেণীভুক্ত কৰিবলৈ বিবাহ প্ৰতিবন্ধক ব্যৱহাৰ কৰিছিল। উদাহৰণস্বৰূপে, লয়ডছ বেংকত ১৯৪৯ চনলৈকে এইটো প্ৰথা বৰ্তি আছিল। তাৰ পিছতহে এই প্ৰথা বন্ধ কৰি দিয়া হয়৷[14] মহিলাসকলক পূৰ্ণকালীন কৰ্মচাৰীৰ পৰিৱৰ্তে পৰিপূৰক হিচাপে শ্ৰেণীভুক্ত কৰিলে নিয়োগকৰ্তাসকলে মহিলাসকলক নিৰ্দিষ্ট দৰমহা দিয়াৰ পৰা বিৰত থাকিব পাৰে, অথবা মহিলাসকলক অধিক সহজে চাকৰিৰ পৰা বৰ্খাস্ত কৰিব পাৰে।

যুক্তৰাজ্যৰ ইতিহাস[সম্পাদনা কৰক]

ব্ৰিটেইনত সকলো শিক্ষকৰ বাবে আৰু বিবিচিত ১৯৪৪ চনত বিবাহৰ প্ৰতিবন্ধক আঁতৰোৱা হয়।[15][16][17] ১৯৩২ চনৰ পৰা ১৯৪৪ চনৰ ভিতৰত বিবিচিৰ বিবাহৰ প্ৰতিবন্ধক আছিল যদিও ই আংশিক নিষেধাজ্ঞা আছিল আৰু এই নীতিৰ ওপৰত বিবিচিৰ দুৰ্বল মতামতৰ বাবে ইয়াক সম্পূৰ্ণৰূপে বলবৎ কৰা হোৱা নাছিল।[18]

ব্ৰিটেইনৰ আন কেইবাটাও চাকৰিত ১৯৭০ চনৰ কোনোবা এটা সময়লৈকে বিবাহৰ প্ৰতিবন্ধক আছিল৷ উদাহৰণস্বৰূপে ১৯৭৫ চনলৈকে এই প্ৰথা বৰ্তি থকা ব্ৰিটিছ ভূতাত্ত্বিক জৰীপৰ কথা ক'ব পাৰি।[19]বিবাহ প্ৰতিবন্ধকে বিবাহিত মহিলাক অসামৰিক সেৱাত যোগদান কৰাত নিষেধাজ্ঞা আৰোপ কৰিছিল। ১৯৪৬ চনত গৃহ অসামৰিক সেৱাৰ বাবে আৰু ১৯৭৩ চনত বিদেশ সেৱাৰ বাবে ইয়াক বিলুপ্ত কৰা হয়৷ তেতিয়ালৈকে মহিলাসকলে বিয়া হোৱাৰ সময়ত পদত্যাগ কৰিবলগীয়া হৈছিল।[20]১৯৭৫ চনৰ যৌন বৈষম্য আইন অনুসৰি সমগ্ৰ ব্ৰিটেইনতে বিবাহৰ প্ৰতিবন্ধক থকাটো অবৈধ কৰা হয়৷

আমেৰিকাত ইতিহাস[সম্পাদনা কৰক]

১৮০০ চনৰ শেষৰ ফালে আমেৰিকাত বিবাহ প্ৰতিবন্ধক প্ৰথাৰ সৃষ্টি হয়। শিক্ষকতা আৰু কেৰাণী উদ্যোগত বিবাহৰ প্ৰতিবন্ধক প্ৰায়ে দেখা গৈছিল। বহু মহিলাই নিজৰ চাকৰি ৰখাৰ প্ৰয়াসত নিজৰ বৈবাহিক অৱস্থা লুকুৱাই ৰাখিছিল৷ ১৯৬৪ চনত বিবাহ প্ৰতিবন্ধক আইন অনুসৰি ইয়াক নিষিদ্ধ কৰা হৈছিল৷ ১৯৬৪ চনৰ নাগৰিক অধিকাৰ আইনখনে জাতি, ৰং, লিংগ বা জাতিগত উৎপত্তিৰ ভিত্তিত নিয়োগৰ ক্ষেত্ৰত বৈষম্য নিষিদ্ধ কৰা হৈছিল৷[21]

সমগ্ৰ আমেৰিকাত সাধাৰণ হ'লেও কিছুমান ভৌগোলিক অঞ্চল আৰু সময়ত বিবাহৰ প্ৰতিবন্ধক শিথিল কৰা হৈছিল৷[3] চহৰ অঞ্চলৰ বিপৰীতে গ্ৰাম্য অঞ্চলত প্ৰায়ে শিক্ষকৰ প্ৰয়োজন হৈছিল৷ গতিকে তেওঁলোকে বিবাহিত মহিলাক নিযুক্তি দিবলৈ ইচ্ছুক আছিল। প্ৰথম বিশ্বযুদ্ধৰ সময়ত বিবাহৰ বাধা কম আছিল৷ কাৰণ যুদ্ধৰ প্ৰচেষ্টাৰ সহায়ত মহিলাৰ প্ৰয়োজন আছিল।[3] দ্বিতীয় বিশ্বযুদ্ধৰ আৰম্ভণিতে ৮৭% স্কুল পৰিষদে বিবাহিত মহিলাক নিযুক্তি নিদিলে আৰু ৭০% স্কুল পৰিষদে বিবাহিত এগৰাকী মহিলাক ধৰি ৰাখিব নোৱাৰিলে। কিন্তু ১৯৫১ চনত মাত্ৰ ১৮% স্কুল পৰিষদত "নিযুক্তি প্ৰতিবন্ধক" আৰু ১০% "বাহাল প্ৰতিবন্ধক" আছিল।[13]

বিবাহ প্ৰতিবন্ধকে সাধাৰণতে শিক্ষিত, মধ্যবিত্তীয় বিবাহিত মহিলা, বিশেষকৈ স্থানীয়ভাৱে জন্মগ্ৰহণ কৰা শ্বেতাংগ মহিলাসকলক প্ৰভাৱিত কৰিছিল। তেওঁলোকৰ বৃত্তি আছিল শিক্ষকতা আৰু কেৰাণীৰ কাম। উৎপাদন, ওৱেট্ৰেছ আৰু ঘৰুৱা বনকৰা মহিলাৰ দায়িত্বত থকা নিম্ন শ্ৰেণীৰ মহিলা আৰু বৰ্ণৰ মহিলাসকল প্ৰায়ে বিবাহ প্ৰতিবন্ধকৰ দ্বাৰা প্ৰভাৱিত হোৱা নাছিল।[13] ১৯৬৪ চনত নাগৰিক অধিকাৰ আইন গৃহীত হোৱাৰ পাছতহে আমেৰিকাত বিবাহিত মহিলা শিক্ষকৰ বিৰুদ্ধে থকা বৈষম্য বন্ধ হৈছিল।[3]

ন্যায্যতা[সম্পাদনা কৰক]

১৯৪৬ চনত ব্ৰিটিছ ৰক্ষণশীল আলোচনী দ্য স্পেক্টেটৰত প্ৰকাশিত এটা প্ৰবন্ধত বিবাহ প্ৰতিবন্ধকৰ ন্যায্যতা প্ৰদানৰ বাবে কেইটামান কাৰণ উল্লেখ কৰা হৈছিল।[22] প্ৰবন্ধটোত কোৱা হৈছিল যে বিবাহিত মহিলাসকলক স্বামীয়ে সহায় কৰিছিল, সেয়েহে তেওঁলোকক চাকৰিৰ প্ৰয়োজন নাছিল।[22]তদুপৰি, সমৰ্থকসকলে "প্ৰকৃততে" নিয়োগৰ প্ৰয়োজন বুলি ভবাসকলৰ বাবে বিবাহ প্ৰতিবন্ধকে অধিক সুযোগ প্ৰদান কৰিছিল বুলি কয়; যেনে: একক মহিলা।[22] স্পেক্টেটৰে দিয়া আন এটা যুক্তিত কোৱা হৈছে যে বিবাহিত মহিলাসকলতকৈ অবিবাহিত মহিলাসকল অধিক নিৰ্ভৰযোগ্য আৰু গতিশীল, [22]কাৰণ তেওঁলোকৰ পৰিয়াল বা অন্যান্য জৰুৰী দায়িত্ব নাছিল।[22]

বিশেষকৈ প্ৰথম বিশ্বযুদ্ধ অন্ত পৰাৰ পিছত বিবাহৰ প্ৰতিবন্ধক সামাজিক আৰু অৰ্থনৈতিক অস্থিৰতাৰ সৈতেও জড়িত আছিল। কিন্তু যিবোৰ ঠাইত বিবাহিত মহিলাক তত্ত্বাৱধায়ক হিচাপে লোৱাৰ অতি শক্তিশালী পৰম্পৰা আছিল, সেইবোৰ ঠাইত বিবাহৰ বাধা প্ৰায়ে পৰম্পৰাৰ ওপৰত ন্যায্য আছিল।[23]

একেধৰণৰ প্ৰথা[সম্পাদনা কৰক]

বিবাহ প্ৰতিবন্ধকৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত নহ’লেও কিছুমান বাস্তৱিকতে বৈষম্যমূলক নিযুক্তিৰ প্ৰথাই মহিলাসকলৰ বাবে ১৯০০ চনৰ আৰম্ভণিতে বিবাহ প্ৰতিবন্ধকৰ দৰেই উদ্বেগ সৃষ্টি কৰিছিল। উদাহৰণস্বৰূপে,গৰ্ভৱতী মহিলাৰ বিৰুদ্ধে কিছুমান বৈষম্যমূলক প্ৰথাৰ ফলত ১৯৭৮ চনৰ গৰ্ভাৱস্থা বৈষম্য আইন প্ৰণয়ন কৰা হয়।

লগতে চাওক[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "Why Many Married Women Were Banned from Working During the Great Depression". 8 November 2021. https://www.history.com/news/great-depression-married-women-employment. 
  2. Borjas, George J. (2007). Labor Economics (4th সম্পাদনা). প্ৰকাশক London: McGraw-Hill. পৃষ্ঠা. 402. ISBN 978-0073402826. 
  3. 3.0 3.1 3.2 ""Must a woman . . . give it all up when she marries?": The Debate over Employing Married Women as Teachers" (en-US ভাষাত). Women's History Matters. 18 December 2014. http://montanawomenshistory.org/must-a-woman-give-it-all-up-when-she-marries-the-debate-over-employing-married-women-as-teachers/। আহৰণ কৰা হৈছে: 2015-11-04. 
  4. O'Leary, Eoin (1987). "The Irish National Teachers' Organisation and the Marriage Bar for Women National Teachers, 1933-1958". Saothar খণ্ড 12: 47–52. 
  5. "BBC - Standard Grade Bitesize History - Women and work : Revision, Page 3". bbc.co.uk. https://www.bbc.co.uk/bitesize/standard/history/scotland_britain_1880_now/employment_women/revision/3/। আহৰণ কৰা হৈছে: 8 October 2015. 
  6. Goldin, Claudia (1988). Marriage Bars: Discrimination Against Married Women Workers, 1920's to 1950's. Working Paper Series. doi:10.3386/w2747. https://www.nber.org/papers/w2747. 
  7. The Economics of Imperfect Labor Markets: Second Edition, by Tito Boeri, Jan van Ours, pp. 105
  8. "Dutch gender and LGBT-equality policy, 2013-16". https://rm.coe.int/CoERMPublicCommonSearchServices/DisplayDCTMContent?documentId=090000168045ae0e. 
  9. "2015 Review BPFA Report of the Netherlands Government". http://www.unece.org/fileadmin/DAM/Gender/publication/Netherlands_2015_Review_BPFA_Report_of_the_Netherlands_Government.pdf. 
  10. "The long, slow demise of the "marriage bar" • Inside Story". 8 December 2016. https://insidestory.org.au/the-long-slow-demise-of-the-marriage-bar/. 
  11. Patterson, Rachel A.. "Women of Ireland: Change Toward Social and Political Equality in the 21st Century Irish Republic". Archived from the original on October 8, 2015. https://web.archive.org/web/20151008154655/https://martindale.cc.lehigh.edu/sites/martindale.cc.lehigh.edu/files/Patterson.pdf। আহৰণ কৰা হৈছে: March 30, 2024. 
  12. Galligan (1997). "Women and National Identity in the Republic of Ireland".. pp. 45–53. 
  13. 13.0 13.1 13.2 Goldin, Claudia (October 1988). "Marriage Bars: Discrimination Against Married Women Workers, 1920s to 1950s". NBER Working Paper No. 2747. doi:10.3386/w2747. 
  14. "1901-1950 - Lloyds Banking Group plc". www.lloydsbankinggroup.com. https://www.lloydsbankinggroup.com/our-group/our-heritage/timeline/1901-1950/. 
  15. "BBC - History - Themes - Women - Teaching". www.bbc.co.uk. https://www.bbc.co.uk/wales/history/sites/themes/society/women_teaching.shtml। আহৰণ কৰা হৈছে: 2021-11-13. 
  16. "Victorian Women Teachers" (en ভাষাত). Chard Museum. https://www.chardmuseum.co.uk/victorian-classroom। আহৰণ কৰা হৈছে: 2021-11-13. 
  17. University, London Metropolitan. "Winning Equal Pay: The value of women's work" (en ভাষাত). www.unionhistory.info. http://www.unionhistory.info/equalpay/display.php?irn=100273&QueryPage=/equalpay/index.php। আহৰণ কৰা হৈছে: 2021-11-13. 
  18. Murphy, Kate (1 December 2014). "A Marriage Bar of Convenience? The BBC and Married Women's Work 1923–39". Twentieth Century British History খণ্ড 25 (4): 533–561. doi:10.1093/tcbh/hwu002. PMID 25608371. http://eprints.bournemouth.ac.uk/33051/3/BBC%20Marriage%20Bar%20-%20second%20revision%20-%20final.pdf. 
  19. Pennington, Catherine (August 1, 2016). "The historic role of women scientists at BGS and a look at what is happening today". GeoBlogy. http://nora.nerc.ac.uk/id/eprint/514086/. 
  20. "Women in the UK Civil Service - History". www.civilservant.org.uk. https://www.civilservant.org.uk/women-history.html। আহৰণ কৰা হৈছে: 2021-11-13. 
  21. Houseman, Susan. "Anti-discrimination Laws". United States Department of Labor. https://www.dol.gov/oasam/programs/history/herman/reports/futurework/conference/staffing/9.7_discrimination.htm। আহৰণ কৰা হৈছে: 6 December 2018. 
  22. 22.0 22.1 22.2 22.3 "The Marriage Bar » 22 Aug 1946 » The Spectator Archive". The Spectator Archive. http://archive.spectator.co.uk/article/23rd-august-1946/2/the-marriage-bar। আহৰণ কৰা হৈছে: 2015-11-04. 
  23. "The inter-war years: 1918-1939 | Striking Women". www.striking-women.org. https://www.striking-women.org/module/women-and-work/inter-war-years-1918-1939. 

অধিক তথ্য[সম্পাদনা কৰক]