বিশ্বকাপ ক্ৰিকেট ২০১৯

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
আইচিচি বিশ্বকাপ ক্ৰিকেট ২০২৫
300px
বিশ্বকাপ ক্ৰিকেট ২০১৫ৰ ল'গ'
দিনাংক ৩০ মে – ১৫ জুলাই
প্ৰশাসক(সমূহ) আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট সংসদ
ধৰণ এদিনীয়া আন্তঃৰাষ্ট্ৰীয়
প্ৰতিযোগিতাৰ ধৰণ(সমূহ) ৰাউণ্ড ৰবিন আৰু নকআউট
আয়োজক(সমূহ) ইংলেণ্ডইংলেণ্ড
ৱেলছৱেলছ
দলৰ সংখ্যা ১০
মুঠ খেলৰ সংখ্যা ৪৮

বিশ্বকাপ ক্ৰিকেট ২০১৯ ২০১৯ চনৰ ৩০ মেৰ পৰা ১৫ জুলাইলৈকে[1] ইংলেণ্ড আৰু ৱেলছত অনুষ্ঠিত কৰা হ'ব,[2][3] ই হৈছে দ্বাদশ সংখ্যক বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতা। ১৯৭৫, ১৯৭৯, ১৯৮৩ আৰু ১৯৯৯ চনৰ সৈতে এইবাৰ ইংলেণ্ড আৰু ৱেলছে পঞ্চমবাৰলৈ বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত কৰিব।

অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডত অনুষ্ঠিত হোৱা বিশ্বকাপৰ আয়োজকৰ নামৰ পৰা ইংলেণ্ড আৰু ৱেলছে নিজৰ নাম প্ৰত্যাহাৰ কৰাৰ পিছত ২০০৬ চনৰ এপ্ৰিল মাহত ২০১৯ চনৰ বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ আয়োজক দেশৰ নাম ঘোষণা কৰা হৈছিল। প্ৰতিযোগিতাৰ প্ৰথম খেলখন দি অ'ভেলত আৰু চুড়ান্ত খেলখন লৰ্ডছ্ত খেলুৱা হ'ব। কমসংখ্যক দলকলৈ আয়োজন কৰিবলৈ লোৱা বাবে প্ৰতিযোগিতাখনক সমালোচনা কৰা হৈছে যদিও আইচিচিএ কেৱল ১০টা দলৰ মাজতেই প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰিছে।[4] ২০১৫ চনৰ বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাঅষ্ট্ৰেলিয়া বিজয়ী হৈছিল।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]