সমললৈ যাওক

বিষ্ণু চট্টোপাধ্যায়

অসমীয়া ৱিকিপিডিয়াৰ পৰা

বিষ্ণু চট্টোপাধ্যায় ওৰফে বিস্তু ঠাকুৰ (ইংৰাজী: (Bishnu Chattopadhyay) (এপ্ৰিল, ১৯১০ – ১১ এপ্ৰিল, ১৯৭১) বাংলাদেশৰ মুক্তিযুদ্ধত নিহত হোৱা বাংলাদেশী ৰাজনীতিবিদ। তেওঁ আছিল ভাৰতীয় স্বাধীনতা কৰ্মী আৰু কৃষক আন্দোলনৰ নেতা। ১৯৪০ চনত অবিভক্ত বংগত বিকশিত হোৱা তেভাগা আন্দোলনক তেওঁ নেতৃত্ব প্ৰদান কৰিছিল।

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

ব্ৰিটিছ ভাৰতৰ খোলনা জিলাৰ এটি পৰিয়ালত বিষ্ণু চট্টোপাধ্যায়ৰ জন্ম হৈছিল।তেওঁৰ পিতৃ আছিল ৰাধাচৰণ চট্টোপাধ্যায়। নাইহাটী গাঁৱৰ বিদ্যালয়ত পঢ়ি থাকোঁতে তেওঁ স্বগৃহ ত্যাগ কৰি সন্যাসী জীৱনৰ প্ৰতি আকৰ্ষিত হৈছিল। অৱশ্যে কিছুদিন পাছত তেওঁ ঘৰলৈ উভতি আহে আৰু বিপ্লৱী ৰাজনীতিত যোগ দিয়ে। তেওঁৰ ভাতৃ নাৰায়ণ চট্টোপাধ্যায় আৰু ভগ্নী ভানু দেৱীও জেছৌৰ খুলনা যুৱ সমাজৰ আঁৰ লৈ গোপনে ব্ৰিটিছ বিৰোধী কাৰ্যকলাপৰ সৈতে জড়িত আছিল।[1]

কৰ্মজীৱন[সম্পাদনা কৰক]

খালীছপুৰ স্বৰাজ আশ্ৰমত কাম কৰি থকাৰ সময়তে চট্টোপাধ্যায়ক প্ৰথমবাৰৰ বাবে ১৯২৯ চনত ৰাজনৈতিক কুটিলতাৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল। কিন্তু প্ৰমাণ নথকাৰ বাবে তেওঁক মুকলি কৰি দিয়া হ’ল। তেওঁ আইন অমান্য আন্দোলনত অংশগ্ৰহণ কৰি ১৯৩০ চনৰ ২ মে'ত বংগ ফৌজদাৰী গোচৰ আইনত বন্দী হৈ থাকে। পৰৱৰ্তী তিনি বছৰীয়া কাৰাবাসৰ জীৱনত তেওঁ ভবানী সেন, প্ৰমাথা ভৌমিক আৰু আব্দুৰ ৰেজ্জাক খানৰ দৰে কমিউনিষ্ট নেতাৰ দ্বাৰা প্ৰভাৱিত হৈ মাৰ্ক্সবাদৰ প্ৰতি আকৰ্ষিত হয়। মুক্তি পোৱাৰ কিছু সময়ৰ পিছতে তেওঁ ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ সদস্য হয় আৰু কৃষক সংগঠক হিচাপে কাম আৰম্ভ কৰে।[1][2]

চট্টোপাধ্যায়ে হাজাৰ হাজাৰ কৃষকক সংগঠিত কৰি শাখাবাহী নদীৰ ওপৰত শোৱনা মথাউৰি আৰু নবেকী বান্ধ নিৰ্মাণ কৰে৷ ইয়াৰ বাবে তেওঁ মাটিৰ মালিকৰ গুণ্ডাবাহিনী আৰু আৰক্ষী বাহিনীক প্ৰতিহত কৰিবলগীয়া হয়।১৯৪০ চনত তেওঁৰ নেতৃত্বত ২১ হাজাৰ একৰ মাটি ভূমিহীন লোকক বিতৰণ কৰা হয়। ডুমুৰিয়া, বটিয়াঘাটা অঞ্চল আৰু খুলনা জিলাৰ কৃষক বিদ্ৰোহৰ তেওঁ এক বীৰত্বপূৰ্ণ ব্যক্তিত্ব হৈ পৰে৷ তেওঁৰ নামটোৱেই সাধাৰণ মানুহৰ বাবে প্ৰবাদ হৈ পৰিছিল। জনপ্ৰিয়ভাৱে তেওঁ বিষ্তু ঠাকুৰ নামেৰে পৰিচিত হৈছিল। তেওঁ ১৯৩৯ আৰু ১৯৪৪ চনত দুখন জিলা সামৰি কৃষক সন্মিলনৰ আয়োজন কৰিছিল। মৌভাগ অঞ্চলত ১৯৪৬ চনত তেওঁৰ দ্বাৰা এখন আঞ্চলিক কৃষক সন্মিলনো আয়োজিত হয়। বংগ বিভাজনৰ পিছত আৰু আগত (১৯৪৭) তেওঁ জীৱনৰ ২৪টা বছৰ ধৰি প্ৰতিৰোধমূলক আটক আৰু অত্যাচাৰৰ সন্মুখীন হ’বলগীয়া হয়৷ [3] খুলনা কাৰাগাৰত থকা তেওঁৰ এজন সতীৰ্থ বন্দী আছিল শ্বেখ মুজিবুৰ ৰহমান, যি পিছলৈ বাংলাদেশৰ ৰাষ্ট্ৰপতি হৈছিল।[4]

চট্টোপাধ্যায় আছিল বহুমুখী প্ৰতিভাসম্পন্ন ব্যক্তি। তেওঁ কৃষকৰ বাবে নৈশ বিদ্যালয় নিৰ্মাণ কৰিছিল৷ আনহাতে বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ৰ অধীনত প্ৰাপ্তবয়স্ক শিক্ষা কেন্দ্ৰ, লোকশিক্ষা সন্থা নিৰ্মাণ কৰিছিল। তেওঁৰ কৃষি বিজ্ঞান আৰু পশু চিকিৎসাৰ অভিজ্ঞতা আছিল।[3]  ১৯৬৯ চনত তেওঁ এখন প্ৰবন্ধ-সংকলনো প্ৰকাশ কৰে৷ সংকলনৰ নাম মেহানতী মনুষ[5][6][7]

মৃত্যু[সম্পাদনা কৰক]

১৯৭১ চনৰ ১১ এপ্ৰিলত বাংলাদেশ মুক্তি যুদ্ধৰ সময়ত ৰাজকাৰ আৰু মুছলিম লীগৰ এজেণ্টে তেওঁক নিৰ্মমভাৱে হত্যা কৰে।[1][3]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 Volume 1, Subhodh Chandra Sengupta & Anjali Basu (2002) (bn ভাষাত). Sansad Bangali Charitabhidhan. প্ৰকাশক Kolkata: Sahitya Sansad. পৃষ্ঠা. 489–490. ISBN 81-85626-65-0. 
  2. Amitava Chandra (1992) (bn ভাষাত). Abivakto Banglay Communist Andolon. প্ৰকাশক Kolkata: Pustak Bipani. পৃষ্ঠা. 115, 117. ISBN 81-85471-08-8. 
  3. 3.0 3.1 3.2 Pinaki Biswas (2014) (bn ভাষাত). Seishab Shahidera. প্ৰকাশক Kolkata: Atirikto Publication. পৃষ্ঠা. 53–55. ISBN 978-81-928741-0-4. 
  4. Sheikh Mujibur Rahman (2012). The Unfinished Memoirs. Penguin UK. পৃষ্ঠা. 184. ISBN 978-81-8475-703-3. https://books.google.com/books?id=oScvZvKW9-kC&q=Bishnu+Chatterjee+Khulna&pg=PT262। আহৰণ কৰা হৈছে: December 6, 2017. 
  5. Sarkar, Jatin (bn ভাষাত). Banglar Lok Sangskriti. Atmajaa Publishers. https://books.google.com/books?id=tpxWDwAAQBAJ&dq=%E0%A6%AC%E0%A6%BF%E0%A6%B7%E0%A7%8D%E0%A6%A3%E0%A7%81+%E0%A6%9A%E0%A6%9F%E0%A7%8D%E0%A6%9F%E0%A7%8B%E0%A6%AA%E0%A6%BE%E0%A6%A7%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%AF%E0%A6%BC&pg=PT110. 
  6. "Selected Bibliography". http://shodhganga.inflibnet.ac.in/bitstream/10603/155356/17/17_selected%20bibliography.pdf। আহৰণ কৰা হৈছে: December 6, 2017. 
  7. Sutapa Chatterjee Sarkar (2010). The Sundarbans: Folk Deities, Monsters and Mortals. Berghahn Books. ISBN 9788187358350. https://books.google.com/books?id=slYOZal48OcC&q=bishnu+Chattopadhyay&pg=PA157। আহৰণ কৰা হৈছে: December 7, 2017.