ভাগীৰথী (অভিনেত্ৰী)
ভাগীৰথী (ইংৰাজী: Bhagirathi Bai Kadam)ওৰফে ভাগীৰথী বাই কদম এগৰাকী অভিনেত্ৰী। অভিনেতা বাহাৰুল ইছলামৰ সৈতে বিবাহসূত্ৰে তেওঁ অসমৰ বাসিন্দা। তেওঁৰ জন্ম ১৯৬৩ তেওঁৰ জন্ম হৈছিল মহীশূৰৰ হুন্সুৰ তালুকৰ গাভাদেগেৰেত।[1] কৰ্ণাটকৰ নিনছামৰ পৰা নাটকৰ ডিপ্লমা লৈ তেওঁ অভিনয়কে জীৱনৰ পেছা হিচাপে গ্ৰহণ কৰে। বৰ্তমানলৈ তেওঁ ৬৫ খনতকৈয়ো অধিক নাটকত অভিনয় কৰিছে।
কৃতিত্ব
[সম্পাদনা কৰক]ভাগীৰথীয়ে ১৯৯০ চনত নেচনেল স্কুল অৱ ড্ৰামা,নতুন দিল্লীৰ পৰা অভিনয়ত স্নাতক ডিগ্ৰী লাভ কৰে। তাত অধ্যয়ন কৰি থাকোঁতেই অভিনেতা গিৰীশ কাৰ্ণাডৰ সংস্পশলৈ আহিবলৈ সুযোগ পায়৷ তাতেই তেওঁ অভিনেতা বাহাৰুল ইছলামকো লগ পায় আৰু প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে৷ তাৰপিছত বিয়া হয়৷[2] তাৰ আগতে ১৯৮৬-৯১ চনৰ ভিতৰ কৰ্ণাটকৰ নিনাছাম ৰেপাৰ্টৰী কোম্পানীৰ সৈতে অভিনয় আৰম্ভ কৰিছিল।[2] ১৯৯২-৯৩ চনত “হীৰ-ৰঞ্জা’’ নাটকৰ প্ৰযোজনাৰ বাবে লণ্ডনৰ তাৰা আৰ্টত যোগদান কৰে।[2] তাৰপৰা তেওঁ ’গ্লোবেল থিয়েটাৰ’ নামৰ আন এটা দলৰ সৈতে চুক্তিবদ্ধ হয় আৰু লণ্ডনৰপৰা জাপানৰ টকিঅ’লৈ অভিনয় কৰিবলৈ যায়৷[2] তেওঁ বৰ্তমানলৈকে কানাড়া, অসমীয়া, হিন্দী আৰু ইংৰাজী আদি বিভিন্ন ভাষাৰ ৬৫ খনতকৈও অধিক নাটকত অভিনয় কৰিছে।[1]
ভাগীৰথীয়ে ১৯৯১-৯২ চনত মহিলা চৰিত্ৰ শকুন্তলা,গান্ধী আৰু মল্লিকাৰ একক আখ্যান অভিনয়ৰ প্ৰকল্পৰ বাবে এন এছ ডিৰ পৰা ফেল’শ্বিপ লাভ কৰে। বৰ্তমান তেওঁ গুৱাহাটীৰ ছিগাল থিয়েটাৰ একাডেমীৰ অধ্যক্ষ হিচাপে কৰ্মৰত। অসমত ১৯৯৫ৰ পৰা বৰ্তমানলৈ বহু নাটকৰ ডিজাইন আৰু পৰিচালনা কৰে। ভাৰত চৰকাৰৰ সংস্কৃতি বিভাগ পৰা বিশেষভাৱে সক্ষম শিশুৰ সৈতে কাম কৰাৰ বাবে জুনিয়ৰ ফেল’শ্বিপ আৰু চিনিয়ৰ ফেল’শ্বিপ লাভ কৰিছে। তেওঁ কানাড়াৰ পৰা অসমীয়ালৈ কিছু নাটক আৰু প্ৰবন্ধ অনুবাদ কৰে। তেওঁ কানাড়া, অসমীয়া আৰু হিন্দী ভাষাৰ বহু ছবিতো অভিনয় কৰিছে। ৪৪ তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ৯৭ত অসমীয়া ছবি অদাহ্যত কৰা অভিনয়ৰ বাবে বিশেষ জুৰী মেনচন হিচাপে ৰাষ্ট্ৰীয় বঁটা লাভ কৰে। কৰ্ণাটকৰ ৰাজ্য চৰকাৰ ২০১৬ৰ পৰা AGASI PARLOR ছবিখনৰ বাবে সহযোগী চৰিত্ৰত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে আৰু ৰ’দৰ চিঠি ছবিৰ বাবে লোনাৱলা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ২০১৬ত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে.[1]
তথ্য সূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 "ভাগীৰথী বাই কদম". https://www.mysuruliteraturefestival.com/lit-fest-2019/bhagirathi-bai-kadam/। আহৰণ কৰা হৈছে: 28 September 2024.
- ↑ 2.0 2.1 2.2 2.3 "ভাগীৰথীৰ সৈতে সাক্ষাৎকাৰ". https://fotadhol.com/?p=20592। আহৰণ কৰা হৈছে: 28 September 2024.