সমললৈ যাওক

ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্তই ভাৰতৰ নিৰ্বাচন আয়োগৰ নেতৃত্ব দিয়ে, যিটো সংস্থা সাংবিধানিকভাৱে মুক্ত আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষমতা প্ৰদান কৰা এক সংস্থা। ভাৰতৰ প্ৰধানমন্ত্ৰীৰ নেতৃত্বত তিনিজনীয়া বাছনি সমিতিৰ পৰামৰ্শ মতে এজন নিৰ্বাচন আয়ুক্তক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে আৰু সকলোতকৈ জ্যেষ্ঠ নিৰ্বাচন আয়ুক্তক মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্তি দিয়ে। চি-ই-চিৰ কাৰ্যকাল সৰ্বাধিক ছয় বছৰ বা তেওঁৰ বয়স পয়ষষ্ঠি বছৰ হোৱালৈকে হ’ব পাৰে। সাধাৰণতে মুখ্য নিৰ্বাচন আয়ুক্ত ভাৰতীয় অসামৰিক সেৱাৰ সদস্য আৰু বেছিভাগেই ভাৰতীয় প্ৰশাসনিক সেৱাৰ।

ক্ষমতা আৰু কাৰ্য

[সম্পাদনা কৰক]

ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্তই ভাৰতীয় নিৰ্বাচন আয়োগৰ নেতৃত্ব দিয়ে, যিটো সংস্থা ৰাষ্ট্ৰীয়, ৰাজ্যিক বিধায়িনী দল, ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতিৰ বাবে মুক্ত আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ সাংবিধানিকভাৱে ক্ষমতা প্ৰদান কৰা সংস্থা। ভাৰতীয় নিৰ্বাচন আয়োগৰ এই ক্ষমতা ভাৰতৰ সংবিধানৰ ৩২৪ নং অনুচ্ছেদত লিখা আছে।[1] মুখ্য নিৰ্বাচন আয়ুক্ত সাধাৰণতে ভাৰতীয় অসামৰিক সেৱাৰ সদস্য আৰু বেছিভাগেই ভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰা অহা। ভাৰতীয় নিৰ্বাচন আয়োগ এজন মুখ্য নিৰ্বাচন আয়ুক্ত আৰু দুজন নিৰ্বাচন আয়ুক্তৰে গঠিত। মুখ্য নিৰ্বাচন আয়ুক্তৰ অভাৰৰুলিং ক্ষমতা নাথাকে আৰু যিকোনো সিদ্ধান্ত তিনিওজনৰ মাজৰ সংখ্যাগৰিষ্ঠৰ মতামতৰ দ্বাৰা লোৱা হয়।[1]

নিযুক্তি আৰু কাৰ্যকাল

[সম্পাদনা কৰক]

মুখ্য নিৰ্বাচন আয়ুক্ত আৰু অন্যান্য নিৰ্বাচন আয়ুক্ত(নিযুক্তি, সেৱাৰ চৰ্ত আৰু কাৰ্যকাল) আইন, ২০২৩ত নিৰ্ধাৰিত মুখ্য নিৰ্বাচন আয়ুক্তৰ নিযুক্তি আৰু কাৰ্যকালৰ উল্লেখ আছে। আইনৰ ৭নং ধাৰা অনুসৰি, ভাৰতৰ প্ৰধানমন্ত্ৰীৰ নেতৃত্বত আৰু লোকসভাৰ বিৰোধী দলৰ নেতা আৰু প্ৰধানমন্ত্ৰীয়ে মনোনীত হ’বলগীয়া কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ সদস্যৰে গঠিত বাছনি সমিতিৰ পৰামৰ্শ অনুসৰি ভাৰতৰ ৰাষ্ট্ৰপতিয়ে এজন নিৰ্বাচন আয়ুক্ত নিযুক্তি দিয়ে।[2] নিৰ্বাচন আয়োগৰ সকলোতকৈ জ্যেষ্ঠ সদস্যক ৰাষ্ট্ৰপতিয়ে মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্তি দিয়ে।[1] চিইচিৰ কাৰ্যকাল তেওঁ নিজৰ কাৰ্যভাৰ গ্ৰহণ কৰাৰ তাৰিখৰ পৰা সৰ্বাধিক ছবছৰ হ’ব পাৰে। কিন্তু কাৰ্যকাল শেষ হোৱাৰ আগতে তেওঁৰ বয়স পয়ষষ্ঠি বছৰ হ'লে চিইচিয়ে কাৰ্যভাৰৰ পৰা অৱসৰ লয়।[1] লোকসভা আৰু ৰাজ্যসভাৰ দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠতা উপস্থিত থাকি একেটাৰ বাবে ভোটদান কৰিব লাগিব বুলি অভিযোগনামা প্ৰক্ৰিয়াৰ জৰিয়তে চিইচিক কাৰ্যালয়ৰ দ্বাৰা অপসাৰণ কৰিব পাৰি।[1]

১৯৯১ চনৰ নিৰ্বাচন আয়োগ (Condition Of Service Of Election Commissions And Transaction Of Business) আইন অনুসৰি মুখ্য নিৰ্বাচন আয়ুক্তৰ দৰমহা ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ দৰমহাৰ সৈতে একে। [3] চিইচিয়ে মাহিলী দৰমহা ৩৫০,০০০ টকা (৪,২০০ মাৰ্কিন ডলাৰ) আৰু অন্যান্য ভাট্টা লয়।[3][4]

মুখ্য নিৰ্বাচন আয়ুক্তৰ তালিকা

[সম্পাদনা কৰক]

তলত উল্লেখ কৰা ব্যক্তিসকল মুখ্য নিৰ্বাচন আয়ুক্ত আছিল।[5]

সংখ্যা নাম প্ৰতিকৃতি কাৰ্যকাল
সুকুমাৰ সেন ২১ মাৰ্চ ১৯৫০ ১৯ ডিচেম্বৰ ১৯৫৮ ৮ বছৰ ২৭৩ দিন
কল্যাণ সুন্দৰম ২০ ডিচেম্বৰ ১৯৫৮ ৩০ ছেপ্তেম্বৰ ১৯৬৭ ৮ বছৰ ২৮৪ দিন
এছ. পি. সেন বাৰ্মা ১ অক্টোবৰ ১৯৬৭ ৩০ ছেপ্তেম্বৰ ১৯৭২ ৪ বছৰ ৩৬৫ দিন
নগেন্দ্ৰ সিং ১ অক্টোবৰ ১৯৭২ ৬ ফেব্ৰুৱাৰী ১৯৭৩ ১২৮ দিন
টি স্বামীনাথন ৭ ফেব্ৰুৱাৰী ১৯৭৩ ১৭ জুন ১৯৭৭ ৪ বছৰ ১০ দিন
এছ. এল. শ্বাকধৰ ১৮ জুন ১৯৭৭ ১৭ জুন ১৯৮২ ৪ বছৰ ৩৬৪ দিন
আৰ. কে. ত্ৰিবেদী ১৮ জুন ১৯৮২ ৩১ ডিচেম্বৰ ১৯৮৫ ৩ বছৰ ১৯৬ দিন
আৰ. ভি. এছ. পেৰি শাস্ত্ৰী ১ জানুৱাৰী ১৯৮৬ ২৫ নৱেম্বৰ ১৯৯০ ৪ বছৰ ৩২৮ দিন
ভি. এছ. ৰমাদেৱী ২৬ নৱেম্বৰ ১৯৯০ ১১ ডিচেম্বৰ ১৯৯০ ১৬ দিন
১০ টি. এন. শেষন ১২ ডিচেম্বৰ ১৯৯০ ১১ ডিচেম্বৰ ১৯৯৬ ৬ বছৰ
১১ এম. এছ. গীল ১২ ডিচেম্বৰ ১৯৯৬ ১৩ জুন ২০০১ ৪ বছৰ ৬৯ দিন
১২ জে.এম.লিংডো ১৪ জুন ২০০১ ৭ ফেব্ৰুৱাৰী ২০০৪ ২ বছৰ ২৬৯ দিন
১৩ টি. এছ. কৃষ্ণমূৰ্তি ৮ ফেব্ৰুৱাৰী ২০০৪ ১৫ মে’ ২০০৫ ১ বছৃ ৬৭ দিন
১৪ বি. বি. টেণ্ডন ১৬ মে’ ২০০৫ ২৯ জুন ২০০৬ ২৬৯ দিন
১৫ এন. গোপালাস্বামী ৩০ জুন ২০০৬ ২০ এপ্ৰিল ২০০৯ 2 years, 294 days
১৬ নবীন চাওলা ২১ এপ্ৰিল ২০০৯ ২৯ জুলাই ২০১০ ১ বছৰ ৮৯ দিন
১৭ এছ. ওৱাই. কুৰেশ্বি ৩০ জুলাই ২০১০ ১০ জুন ২০১২ ১ বছৰ ৩১৬ দিন
১৮ ভি. এছ. সম্পথ ১১ জুন ২০১২ ১৫ জানুৱাৰী ২০১৫ ২ বছৰ ২১৮ দিন
১৯ হৰিশংকৰ ব্ৰহ্ম ১৬ জানুৱাৰী ২০১৫ ১৮ এপ্ৰিল ২০১৫ ৯২ দিন
২০ নাছিম জাইদী ১৯ এপ্ৰিল ২০১৫[6] ৫ জুলাই ২০১৭ ২ বছৰ ৭৭ দিন
২১ এ. কে. জ্যোতি ৬ জুলাই ২০১৭[7] ২২ জানুৱাৰী ২০১৮ ২০০ দিন
২২ ওম প্ৰকাশ ৰাৱত ২৩ জানুৱাৰী ২০১৮[8] ১ ডিচেম্বৰ ২০১৮ ৩১২ দিন
২৩ সুনীল আৰোৰা ২ ডিচেম্বৰ ২০১৮[9][10] ১২ এপ্ৰিল ২০২১ ২ বছৰ ১৩১ দিন
২৪ সুশীল চন্দ্ৰা ১৩ এপ্ৰিল ২০২১ [11] ১৪ মে’ ২০২২ ১ বছৰ ৩১ দিন
২৫ ৰাজীৱ কুমাৰ ১৫ মে’ ২০২২ কৰ্মৰত[12] ২ বছৰ ১৮৯ দিন

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 1.3 1.4 "Election, FAQ". Government of India. Archived from the original on 2 March 2024. https://web.archive.org/web/20240302175339/https://www.ceoandaman.nic.in/election/gfaq.php। আহৰণ কৰা হৈছে: 1 December 2023. 
  2. "SC refuses to stay new law on appointment of CEC and ECs, issues notice to Centre". The Economic Times. 13 February 2024. https://economictimes.indiatimes.com/news/india/sc-refuses-to-stay-new-law-on-appointment-of-cec-ecs-by-panel-excluding-cji-issues-notice/articleshow/107659220.cms?from=mdr. 
  3. 3.0 3.1 "Election Commission (Condition Of Service Of Election Commissions And Transaction Of Business) Act, 1991". Vakil No. 1. http://vakilno1.com/bareacts/Laws/Election-Commission-Condition-Of-Service-Of-Election-Commissions-And-Transaction-Of-Business-Act-1991.htm। আহৰণ কৰা হৈছে: 17 September 2012. 
  4. "The High Court and Supreme Court Judges Salaries and Conditions of Service Amendment Bill 2008". PRS India. Archived from the original on 22 August 2017. https://web.archive.org/web/20170822023037/http://www.prsindia.org/uploads/media/1230018357/1230018357_The_High_Court_and_Supreme_Court_Judges__Salaries_and_Conditions_of_Service__Amendment_Bill__2008.pdf। আহৰণ কৰা হৈছে: 17 September 2012. 
  5. "Former Chief Election Commissioners". Election Commission of India. https://eci.gov.in/former-cec-ec/। আহৰণ কৰা হৈছে: 19 May 2022. 
  6. "Election Commission of India". ECI.nic.in. http://eci.nic.in/eci_main1/election_comission.aspx। আহৰণ কৰা হৈছে: 11 June 2017. 
  7. Borgohain, Sonalee, ed (3 July 2017). "India's new Chief Election Commissioner Achal Kumar Jyoti to take charge on 6 July". India Today. http://indiatoday.intoday.in/story/india-chief-election-commissioner-achal-kumar-jyoti-to-take-charge-on-july-6/1/992727.html। আহৰণ কৰা হৈছে: 2 September 2017. 
  8. "Om Prakash Rawat to succeed AK Joti as new Chief Election Commissioner". The Indian Express. 21 January 2018. http://indianexpress.com/article/india/om-prakash-rawat-to-succeed-ak-joti-as-new-chief-election-commissioner-5033745/। আহৰণ কৰা হৈছে: 21 January 2018. 
  9. "President Kovind appoints Sunil Arora as new Chief Election Commissioner". 2018-11-26. https://indianexpress.com/article/india/president-kovind-appoints-sunil-arora-as-new-chief-election-commissioner-5465892/। আহৰণ কৰা হৈছে: 2018-11-27. 
  10. "Sunil Arora takes over as Chief Election Commissioner, will oversee 2019 polls". 2018-12-02. https://www.hindustantimes.com/india-news/sunil-arora-takes-over-as-chief-election-commissioner-will-oversee-2019-polls/story-xFbXfa07Z5CIX2NNBQWByO.html. 
  11. Nath, Damini (12 April 2021). "Sushil Chandra appointed Chief Election Commissioner". The Hindu. https://www.thehindu.com/news/national/sushil-chandra-appointed-chief-election-commissioner/article34303884.ece. 
  12. "Rajiv Kumar takes charge as 25th Chief Election Commissioner, says EC won't shy away from tough calls" (en-IN ভাষাত). The Hindu. 15 May 2022. https://www.thehindu.com/news/national/rajiv-kumar-assumes-charge-as-chief-election-commissioner/article65416424.ece.