ভাৰত গণৰাজ্যৰ ইতিহাস

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ভাৰত গণৰাজ্যৰ ইতিহাস আৰম্ভ হৈছিল ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা। ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰত ব্ৰিটিছ কমনৱেলথৰ অধীনত স্বতন্ত্ৰ আধিপত্য হিচাপে আত্মপ্ৰকাশ কৰে। ১৯৫০ চনত গণৰাজ্য ঘোষণা কৰাৰ আগতে ষষ্ঠ জৰ্জ (আলবাৰ্ট ফ্ৰেডেৰিক আৰ্থাৰ জৰ্জ) এই দেশৰ ৰজা আছিল। একে সময়তে ভাৰত বিভাজনৰ ফলস্বৰূপে ব্ৰিটিছ ভাৰতৰ উত্তৰ-পশ্চিম আৰু পূব অংশৰ সৈতে পাকিস্তানৰ পৃথক ৰাজ্য প্ৰতিষ্ঠা হয়। বিভাজনৰ ফলত ভাৰত আৰু পাকিস্তানৰ পৰা প্ৰায় ১ কোটি লোক প্ৰব্ৰজন কৰিবলগীয়া হৈছিল আৰু প্ৰায় ১০ লাখ লোকৰ মৃত্যু হৈছিল। [1] প্ৰথমে লৰ্ড লুই মাউণ্টবেটেন আৰু পিছলৈ চক্ৰৱৰ্তী ৰাজগোপালাচাৰীক ভাৰতৰ গৱৰ্ণৰ জেনেৰেল নিযুক্তি দিয়া হয়। জৱাহৰলাল নেহৰুৱে দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী আৰু চৰ্দাৰ বল্লভভাই পেটেল ভাৰতৰ প্ৰথম উপ-প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী হিচাপে পৰিগণিত হয়।

১৯৫০ চনৰ ২৬ জানুৱাৰীত ভাৰত গণৰাজ্যত পৰিণত হয় আৰু নতুন সংবিধান জাৰি কৰা হয়। এই সংবিধান অনুসৰি ভাৰতত এখন ধৰ্মনিৰপেক্ষ আৰু গণতান্ত্ৰিক ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰা হৈছিল। [2] স্বাধীনতাৰ পিছৰে পৰা ভাৰতে যথেষ্ট অগ্ৰগতি লাভ কৰিছে আৰু বহু সমস্যাৰ সমাধান হৈছে। এই দেশৰ কৃষি আৰু উদ্যোগিক ব্যৱস্থা বিশেষভাৱে উন্নত। বৰ্তমান ভাৰতত চৰকাৰৰ ব্যৱস্থা আছে যিটো বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক ব্যৱস্থা বুলি গণ্য কৰা হয়। কিন্তু সাম্প্ৰদায়িক সংঘৰ্ষ, জাতিভিত্তিক সংঘৰ্ষ, নক্সালবাদ, উগ্ৰপন্থী আৰু বিচ্ছিন্নতাবাদী সন্ত্ৰাসবাদ (বিশেষকৈ জম্মু-কাশ্মীৰ আৰু উত্তৰ-পূৰ্বাঞ্চলত) ভাৰতত এতিয়াও ডাঙৰ সমস্যা হিচাপে গণ্য কৰা হয়। কিছুমান বিশেষ ভূখণ্ডৰ মালিকীস্বত্বক লৈ চীনৰ গণৰাজ্যৰ সৈতে ভাৰতৰ বৰ্তমানো বিবাদ আছে। ১৯৬২ চনত , এই বিবাদৰ পৰাই ভাৰত-চীন যুদ্ধ আৰম্ভ হৈছিল। ১৯৪৭, ১৯৬৫, ১৯৭১ আৰু ১৯৯৯ চনত পাকিস্তানৰ সৈতে ভাৰত যুদ্ধত লিপ্ত হৈছিল।

ভাৰত এখন পাৰমাণৱিক অস্ত্ৰধাৰী ৰাষ্ট্ৰ। ১৯৭৪ চনত ভাৰতে প্ৰথম পাৰমাণৱিক পৰীক্ষা চলাইছিল। [3] ইয়াৰ পিছত ভাৰতে ১৯৯৮ চনত আৰু পাঁচটা পাৰমাণৱিক পৰীক্ষা সম্পন্ন কৰে। [3] ১৯৫০ চনৰ পৰা আশীৰ দশকলৈকে ভাৰতৰ অৰ্থনীতি সমাজবাদী -শৈলীৰ আছিল। এই সময়ছোৱাত অত্যধিক নিয়ন্ত্ৰণ, সুৰক্ষাবাদ আৰু ৰাষ্ট্ৰীয়কৰণে ভাৰতীয় অৰ্থনীতিক পংগু কৰি তুলিছিল। ফলত দুৰ্নীতি বৃদ্ধি পালে আৰু অৰ্থনৈতিক বিকাশৰ হাৰ লেহেমীয়া হ’ল। [4] ১৯৯১ চনত দেশত অৰ্থনৈতিক সংস্কাৰ সাধন হয়। [5] ফলস্বৰূপে ভাৰত এতিয়া বিশ্বৰ অন্যতম দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনীতিৰ দেশ হিচাপে পৰিগণিত হৈছে।

১৯৪৭-১৯৫০[সম্পাদনা কৰক]

১৯৫০-১৯৭০[সম্পাদনা কৰক]

১৯৭০-১৯৮০[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Larres, Klaus. A companion to Europe since 1945. Wiley-Blackwell, 2009. ISBN 1405106123, 9781405106122. 
  2. "CIA Factbook: India". CIA Factbook. Archived from the original on ১১ জুন ২০০৮. https://web.archive.org/web/20080611033144/https://www.cia.gov/library/publications/the-world-factbook/geos/in.html। আহৰণ কৰা হৈছে: 10 March 2007. 
  3. 3.0 3.1 "India Profile". Nuclear Threat Initiative (NTI). 2003. Archived from the original on ২১ আগষ্ট ২০১১. https://www.webcitation.org/6174OZIEB?url=http://www.nti.org/e_research/profiles/India/index.html। আহৰণ কৰা হৈছে: 20 June 2007. 
  4. Eugene M. Makar (2007). An American's Guide to Doing Business in India. https://archive.org/details/americansguideto0000maka. 
  5. Montek Singh Ahluwalia (2002) (MS Word). Economic Reforms in India since 1991: Has Gradualism Worked?. Journal of Economic Perspectives. Archived from the original on ৪ মাৰ্চ ২০১০. https://web.archive.org/web/20100304170307/http://planningcommission.nic.in/aboutus/speech/spemsa/msa008.doc। আহৰণ কৰা হৈছে: 13 June 2007.