ভেলেউগুৰি ৰতনপুৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ভেলেউগুৰি ৰতনপুৰ
—  গাঁও  —
ভেলেউগুৰি ৰতনপুৰ is located in Assam
ভেলেউগুৰি ৰতনপুৰ
অসম (ভাৰত)ত ভেলেউগুৰি ৰতনপুৰৰ অৱস্থান
ভৌগোলিক স্থানাংক: 26°42′N 94°27′E / 26.70°N 94.45°E / 26.70; 94.45স্থানাংক: 26°42′N 94°27′E / 26.70°N 94.45°E / 26.70; 94.45
গাঁও  ভাৰত
ৰাজ্য অসম
জিলা যোৰহাট
সময় অঞ্চল ভাৰতীয় মান সময় (গ্ৰী.মা.স.+৫:৩০)

ভেলেউগুৰি ৰতনপুৰ গাঁও যোৰহাট জিলামৰিয়নিৰ অন্তৰ্গত নকছাৰিৰ এখন গাঁও ৷

ইতিহাস[সম্পাদনা কৰক]

ইতিহাসৰ পাতত এই গাঁওখনৰ বিশেষ অৱদান নাই ৷ ষাঠী দশকৰ শেষৰফালে মাজুলীৰ পৰা কেইখনমান গাঁও চৰকাৰে ইয়াত আনি সংস্থাপন কৰিছিল৷ তাৰে এখন গাঁও হৈছে ভেলেউগুৰি ৰতনপুৰ ৷ ইয়াৰ পূৰ্বে এই ঠাইখিনি বৰ্তমানৰ হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ (তেতিয়াৰ হোলোঙাপাৰ সংৰক্ষিত বনাঞ্চল)ৰ ভিতৰৰ অঞ্চল আছিল ৷[উদ্ধৃতিৰ প্ৰয়োজন]

নামৰ উৎপত্তি[সম্পাদনা কৰক]

প্ৰথম সংস্থাপনৰ সময়ত এই ঠাইখিনি ভেলেউ গছেৰে ভৰি আছিল আৰু যিহেতু ইয়াৰ অধিকাংশ লোক মাজুলীৰ ৰতনপুৰ গাঁৱৰ পৰা অহা সেয়ে গাওখনৰ নাম ভেলেউগুৰি ৰতনপুৰ হয় ৷[উদ্ধৃতিৰ প্ৰয়োজন]

ভৌগোলিক বিৱৰণ[সম্পাদনা কৰক]

ভৌগোলিকভাৱে ভেলেউগুৰি ৰতনপুৰ গাঁওখন 26.70°N 94.45°E স্থানাংকত অৱস্থিত৷ এই ঠাইখন মৰিয়নি ৰে'লৱে জংচনৰ পৰা ৭ কিমি দূৰত্বত অৱস্থিত৷ বুৰঞ্জী প্ৰসিদ্ধ ধোদৰ আলি গাওখনৰ মাজেৰে পাৰ হৈ গৈছে ৷

যাতায়ত ব্যৱস্থা[সম্পাদনা কৰক]

এই গাঁওখন বুৰঞ্জীপ্ৰসিদ্ধ ধোদৰ আলিৰে সংযোগ হৈ আছে ৷ যাতায়তৰ ব্যৱস্থা হিচাপে ইয়ালৈ মৰিয়নিৰ পৰা বিভিন্ন সৰু-ডাঙৰ বাহন চলি থাকে ৷ নকছাৰি ৰেলৱে ষ্টেচনলৈ ৪কি মি দূৰত্ব ৷ তদুপৰি ৭ কি.মি. দূৰত মৰিয়নি ৰেলৱে জংচন আছে ৷ ইয়াৰ নিকটতম বিমানবন্দৰ হৈছে যোৰহাট বিমান বন্দৰ, যি যোৰহাট চহৰৰ সমীপৱৰ্তী ৰৰৈয়াত অৱস্থিত ৷

জনবসতিৰ জীৱিকা[সম্পাদনা কৰক]

ইয়াৰ লোকসকলৰ মুখ্য জীৱিকা কৃষি । চৰকাৰী জীৱিকাৰ উপৰিও ইয়াতে বহুটো ইটা উদ্যোগ গঢ়ি উঠিছে। গাৱৰ যুৱচাম সেই উদ্যোগত সংস্থাপিত হৈছে ৷

ৰাজনীতি[সম্পাদনা কৰক]

ভেলেউগুৰি ৰতনপুৰ গাঁওখন ১০১ নং মৰিয়নী বিধান সভা সমষ্টি তথা ১৪ নং যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত ৷

শিক্ষা[সম্পাদনা কৰক]

গাঁওখনত দুখনকৈ প্ৰাথমিক বিদ্যালয় আৰু গাঁওখনৰ এটা মূৰত এখন মধ্য ইংৰাজী আৰু এখন উচ্চ মাধ্যমিক বিদ্যালয় আছে ৷ উচ্চ শিক্ষাৰ বাবে ছাত্ৰ ছাত্ৰীসকল সমীপতে থকা নকছাৰি কনিষ্ঠ মহাবিদ্যালয়,নকছাৰি মহাবিদ্যালয় তথা মৰিয়নি মহাবিদ্যালয়লৈ যায় ৷ তদুপৰি ছাত্ৰ ছাত্ৰীসকল অন্য ঠাইলৈও যোৱা দেখা যায় ৷

প্ৰাথমিক বিদ্যালয়[সম্পাদনা কৰক]

মধ্য ইংৰাজী বিদ্যালয়[সম্পাদনা কৰক]

উচ্চ মাধ্যমিক বিদ্যালয়[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]