মই ডেচডিম’না হ’ব খোজোঁ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মই ডেচডিম’না হ’ব খোজোঁ  

মই ডেচডিম’না হ’ব খোজোঁ গ্ৰন্থৰ বেটুপাত
লেখক মণিকুন্তলা ভট্টাচাৰ্য
দেশ অসম, ভাৰত
ভাষা অসমীয়া
প্ৰকাৰ উপন্যাস
প্ৰকাশক ইলা শৰ্মা, জ্যোতি প্ৰকাশন
প্ৰকাশ ডিচেম্বৰ, ২০০৭ (প্ৰথম সংস্কৰণ)
মাৰ্চ, ২০০৯ (দ্বিতীয় সংস্কৰণ)
মিডিয়া প্ৰকাৰ মুদ্ৰণ

মই ডেচডিম’না হ’ব খোজোঁ অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ পটভূমিত মণিকুন্তলা ভট্টাচাৰ্য ৰচিত এখন উপন্যাস[1] লেখিকাই এই উপন্যাসৰ বাবে ২০০৭-২০০৯ বৰ্ষৰ অসম সাহিত্য সভাকলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটা লাভ কৰে। উপন্যাসখনৰ প্ৰথম সংস্কৰণ প্ৰকাশ পায় ২০০৭ চনৰ ডিচেম্বৰত। দ্বিতীয় সংস্কৰণ প্ৰকাশ পায় ২০০৯ চনৰ মাৰ্চ মাহত। কিতাপখনৰ প্ৰকাশক হৈছে ইলা শৰ্মা, জ্যোতি প্ৰকাশন।

লেখিকাৰ চমু পৰিচয়[সম্পাদনা কৰক]

মণিকুন্তলা ভট্টাচাৰ্য অসমৰ এগৰাকী কবিয়িত্ৰী, চুটি গল্প লেখিকা আৰু ঔপনাসিকা।[1] তেখেতৰ প্ৰথমখন গ্ৰন্থ প্ৰস্তৰ কন্যা (২০০২) গল্প সংকলনেৰে ২০০৪ চনত মুনীন বৰকটকী বঁটা লাভ কৰিলেও লেখিকাগৰাকী প্ৰধানত এগৰাকী ঔপন্যাসিকা। তেওঁৰ দ্বিতীয় গ্ৰন্থ ’সন্ধ্যা’ (২০০৪) এইড্‌ছ-ভিত্তিক উপন্যাস। আকাশবাণী গুৱাহাটী কেন্দ্ৰ যোগেদিও এই উপন্যাস প্ৰচাৰ হয়। ইয়াৰ লগে লগে প্ৰকাশ পোৱা গ্ৰন্থ মণিকুন্তলাৰ কবিতা (২০০৫, কবিতা সংকলন) আৰু বহুপঠিত উপন্যাস ’অৰুন্ধতী’ (২০০৫)। সম্প্ৰতি ’অৰুন্ধতী’ হিন্দী অনুবাদেৰে গ্ৰন্থৰূপে যন্ত্ৰস্থ। ২০০৬ চনত প্ৰকাশ পায় সমকামী বিষয়কেন্দ্ৰিক উপন্যাস ’মুক্তি’, ডাইনী সমস্যাকেন্দিক উপন্যাস ’চামিয়ানা’, গ্ৰাম্য ভেটিত ৰচিত উপন্যাস ’শান্তু পাপুহঁতৰ কথাৰে’। লেখিকাৰ ’মুক্তি’ হিন্দী আৰু পঞ্জাবী ভাষালৈ আৰু ’চামিয়ানা’ বঙালী ভাষালৈ অনূদিত হৈছে। ’দস্তখত’, ’যমুনা’, ’বৰদোৱানী’ আদি আন কেইখনমান উপন্যাস। ছখন উপন্যাসৰ সংকলন ’ভিভিয়ানৰ লিলি’, গদ্য সংকলন শব্দ আৰু সত্য, গল্প সংকলন ’কবিগংগা’ও প্ৰকাশ পাইছে। তদুপৰি কবিতাৰে ৰচনা কৰিছে আত্মজীৱনী ’চিত্ৰপট’। আন এখন গ্ৰন্থ মা, মেক’লে চাহাব আৰু বাঢ়ৈশালৰ পিতা।

উপন্যাসৰ চৰিত্ৰসমূহ[সম্পাদনা কৰক]

নায়িকা নয়না, অথেল’ৰ নাম ভূমিকাত অভিনয় কৰা বিজয়শংকৰ, পাৰ্থ, ৰান্ধনি নৰেশ, বয়সিয়াল পৰিচালক, বাঢ়ৈ ভোলা, নৰেশৰ যোগালী উত্তম, দৰ্জী উপেন, ভূষণ, লোপামুদ্ৰা, খনিন, যজ্ঞ (কাঠমিস্ত্ৰীৰ যোগালী), দুলু (ঘোষক), ৰুমা, বিপ্লৱ, অণিমা আৰু পাত্ৰেশ্বৰ (গায়ক-গায়িকা), নাজ্‌মা, নয়নতৰা, ভুদভুদী, নয়নাৰ ভায়েক অমু, মামীয়েকৰ ল’ৰা দীপু, বলেন, গুণেশ্বৰ, ভদ্ৰ, ফণীধৰ, নয়নাৰ দেউতাক, মামীয়েক, থিয়েটাৰ পাৰ্টিৰ মালিক, ৰঞ্জয়, নৃত্য-নাটিকাৰ সমূহ কলা-কুশলী, থিয়েটাৰ পাৰ্টিৰ সমূহ কৰ্মীবৃন্দ, বিভিন্ন ঠাইৰ ৰাইজ আৰু অনেক।

উপন্যাসৰ কাহিনীৰ সাৰাংশ[সম্পাদনা কৰক]

ভ্ৰাম্যমাণৰ সুদীৰ্ঘ কালৰ তথ্যসমৃদ্ধ এই উপন্যাসত ভ্ৰাম্যমাণৰ কুশলীসমূহৰ জীৱনৰ আশা-আকাংক্ষা, ঘাত-প্ৰতিঘাত আৰু দৈনন্দিন জীৱনৰ কাৰ্যাৱলী উপস্থাপন কৰা হৈছে। অথেল’ আৰু ডেচডিম’নাৰ ট্ৰেজিক কাহিনীৰ আধাৰত উপন্যাসখনৰ কথাবস্তুৰ পাতনি তৰা হৈছে। উপন্যাসৰ প্ৰয়োজনতেই ইয়াত দেধাৰ চৰিত্ৰৰ সমাবেশ ঘটাইছে উপন্যাসিকাই। নয়না ইয়াৰ মূল চৰিত্ৰ। নয়না আৰু পাৰ্থৰ প্ৰেম কাহিনীৰ আঁত ধৰিয়েই উপন্যাসৰ কাহিনীভাগ আগবাঢ়িছে যদিও মুখ্যত: থিয়েটাৰ আৰু থিয়েটাৰৰ লগত সংযুক্ত কলাকুশলী আৰু সৰু-বৰ সমূহ কৰ্মকৰ্তাৰ মনোজগতৰ বিশ্লেষণ লেখিকাই ইয়াত উনুকিয়াই দিছে। কেতিয়াবা যদি নয়নাৰ এৰি অহা অতীত আৰু পাহৰিব নোৱাৰা বিষাদে উপন্যাসত ভূমুকি মাৰিছে আকৌ কেতিয়াবা আকৌ নয়নাৰ প্ৰতি ৰান্ধনিৰ যোগালি উত্তমৰ একপক্ষীয় প্ৰেমে মূৰ ডাঙি উঠিছে। কেতিয়াবা যদি নাটকৰ আখৰাই প্ৰাধান্য পাইছে কেতিয়াবা আকৌ নাটক কৰিবলৈ অহা বা নাটক পাৰ্টীত কাম কৰিবলৈ অহা কোনোৰ কোনোৰ মনৰ যাতনা অকৃত্ৰিমভাৱে প্ৰকাশ পাইছে। তাৰ মাজতে ভূষণৰ বক্তব্যৰ জৰিয়তে থিয়েটাৰৰ জন্ম ৰহস্যৰ পৰা বৰ্তমানলৈকে সমগ্ৰ থিয়েটাৰৰ ইতিহাসে নিজৰ গৌৰৱময় অস্তিত্ব জাহিৰ কৰিছে। মাজে মাজে নামনি অসমৰ কথিত ভাষাৰ প্ৰয়োগে উপন্যাসখনৰ ৰসাস্বাদনত এক অন্য মাত্ৰা প্ৰদান কৰিছে। নাটকৰ আখৰাৰপৰা আৰম্ভ কৰি গোটেই অসমতে নাট প্ৰদৰ্শন কৰি শেষ প্ৰদৰ্শনীলৈকে এচোৱা দীৰ্ঘ সময়ৰ খতিয়ান ইয়াত দাঙি ধৰা হৈছে।

মাকৰ মৃত্যু যাতনা পাহৰিবলৈ আৰু দেউতাকে কৰা অপকৰ্মৰ অপমানৰ হাত সাৰিবলৈ থিয়েটাৰ কৰিবলৈ আহিছিল নয়না। সেইবছৰৰ নাটকৰ নায়িকাৰ চৰিত্ৰৰ বাবে বিবেচিত হয় নয়না। অথেল’ৰ নামভূমিকাত অভিনয় কৰে প্ৰখ্যাত অভিনেতা বিজয়শংকৰে। কুৰি বছৰীয়া নায়িকাৰ বিপৰীতে পঞ্চাশোৰ্ধৰ বিজয়শংকৰৰ অৱস্থিতিক প্ৰথমেই সন্দেহৰ চকুৰেই চায় আন আন কলা-কুশলীসকলে। বিশেষকৈ তিৰোতাসুলভ ইৰ্ষাপৰায়ণতাৰ বশৱৰ্তী হৈয়েই মুখ বাগৰি ইটো-সিটো কথা উৰি ফুৰে থিয়েটাৰৰ বাকৰিত। নয়নাৰ প্ৰেমত বলিয়া পাৰ্থ। তাৰ হিয়াৰ বতৰা নয়নাৰ ওচৰলৈ কঢ়িয়াই নিয়ে লোপামুদ্ৰাই। থিয়েটাৰ পাৰ্টীৰ গায়ক-গায়িকা অণিমা আৰু পাত্ৰেশ্বৰ। বিভিন্ন অভিজ্ঞতাৰে অভিজ্ঞ নাজ্‌‍মা বয়সিয়াল অভিনেত্ৰী। অনবৰতে এক অহংবোধেৰে আবৰি ৰাখে নিজকে। নৰেশ থিয়েটাৰ পাৰ্টীৰ মূল ৰান্ধনি। ভোলা বাঢ়ৈ। দুয়ো লগলাগি নিজৰ নিজৰ জীৱনৰ দুখবোৰ ভগাব খোজে কথা বতৰাৰ মাজেৰে। ভোলাই পাহৰো বুলিও পাহৰিব নোৱাৰে পত্নীৰ প্ৰতাৰণা। বিজয়শংকৰে সকলোৰে অগোচৰে কঢ়িয়াই ফুৰে প্ৰথমা পত্নীৰ প্ৰতি কৰা অৱমাননাৰ যাতনাবোধ। উত্তমৰ বুকুত নয়নাৰ প্ৰতিমূৰ্তিয়ে ৰাজকন্যাৰ আসন দখল কৰে সকলোৰে অজানিতে। ভুদভুদী, বলেন, খনিন, দুলু, উপেন দৰ্জী, যজ্ঞ, ভদ্ৰ, বেহেলা বজোৱা ল’ৰাটো আৰু বহুতো নাটক কৰিবলে’ আহি সকলোৱে অভিনয় কৰি যায় জীৱন নাট।[2]

উল্লেখযোগ্য বঁটা আদি[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 Subhojit Bhadra. "A Distinctive Voice". The Assam Tribune. Archived from the original on November 28, 2009. https://web.archive.org/web/20091128112003/http://www.assamtribune.com/apr1709/mosaic1.html। আহৰণ কৰা হৈছে: February 03, 2013. 
  2. মই ডেচডিম’না হ’ব খোজোঁ; ৰচয়িতা: মণিকুন্তলা ভট্টাচাৰ্য, ডিচেম্বৰ, ২০০৭।