মায়ং

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
মায়ং (Mayong)
—  গাঁও  —
স্থানাঙ্ক
দেশ  ভাৰত
ৰাজ্য অসম
জিলা মৰিগাঁও
সময় অঞ্চল ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০)

মায়ং (ইংৰাজী: Mayong),অসমমৰিগাঁও জিলাব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত এটা অঞ্চল৷ এই অঞ্চলক যাদু-মন্ত্ৰৰ স্থান (Land of Black Magic) বুলিও অভিহিত কৰা হয়৷[1]মায়ং গুৱাহাটীৰ পৰা প্ৰায় ৪০ কি:মি: দুৰত্বত অৱস্থিত৷ এই অঞ্চলটো দেশৰ ভিতৰতে যাদু-মন্ত্ৰৰ কিংবদন্তীপূৰ্ণ ইতিহাসৰ বাবে প্ৰসিদ্ধ৷[2] মধ্যযুগৰ সময়ছোৱাত এই অঞ্চলটো প্ৰাচীন ভাৰতৰ যাদুবিদ্যাৰ কেন্দ্ৰ হিচাপে পৰিগণিত হৈছিল বুলি জনা যায়৷ [1]

নামকৰণ[সম্পাদনা কৰক]

মায়ঙৰ এই নামৰ সৈতে বহুতো প্ৰবাদ আৰু কিংবদন্তী জড়িত হৈ আছে৷ ইয়াৰে উল্লেখযোগ্যসমূহ হ'ল- [1]

  • কিছুলোকৰ মত অনুসৰি মায়ং নামটো 'মায়া' শব্দৰ পৰা আহিছে৷ কাৰণ অতীজৰে পৰা এই অঞ্চলটোৰ যাদুবিদ্যাৰ বাবে 'মায়াৰ দেশ ( land of illusion) গণ্য কৰা হয়৷
  • অন্য কিছু লোকৰ মত অনুসৰি সমগ্ৰ উত্তৰ-পূব ভাৰত অসমৰ অন্তৰ্ভুক্ত হৈ থকাৰ সময়ত মাইবং গোষ্ঠীৰ ডিমাচা লোকসকল আহি মায়ঙত বসবাস কৰিবলৈ লয়৷ এই পাহাৰীয়া অঞ্চলটো সেইসময়ত হাতীৰ বসতিস্থল আছিল৷ ডিমাচা শব্দ 'Miyong'ৰ অৰ্থ হাতী৷ গতিকে 'মায়ং' নামটো এই শব্দৰ পৰাই উদ্ভৱ হয়৷
  • কিংবদন্তী অনুসৰি মায়ঙ নামটোৱে 'শক্তি দেৱীৰ অংশ' বুজায়৷ 'মা' ৰ অৰ্থ শক্তি দেৱী আৰু 'Ongo 'ৰ অৰ্থ অংশ৷

যাদু-মন্ত্ৰ[সম্পাদনা কৰক]

যাদু-মন্ত্ৰৰ ব্যৱহাৰৰ বাবে মায়ং খুবেই প্ৰসিদ্ধ আছিল৷ এইসম্পৰ্কে বহুতো কাহিনী প্ৰচলিত থকাৰ সম্ভেদ পোৱা যায়৷ উদাহৰণস্বৰূপে, মন্ত্ৰৰ বলেৰে আলহীৰ গাত পিৰা লাগি ধৰা, বহুতো দুৰত্ব কম সময়ৰ ভিতৰতে অতিক্ৰম কৰা, পিঠিত কাঁহৰ কাঁহী আঠা লাগি ধৰা আদি ঘটনাৰ কথা জনা যায়৷ এই অঞ্চললৈ যাদুশিক্ষাৰ উদেশ্যেৰে বহু দুৰ-দূৰণিৰ পৰাও লোক অহা বুলি জানিব পৰা যায়৷ [1][2] কেইটামান ব্যতিক্ৰমৰ বাহিৰে প্ৰায়ভাগ মন্ত্ৰই মৌখিকভাৱে ইজনৰ পৰা সিজনলৈ বিস্তৃতি লাভ কৰিছিল৷ [1]

কিংবদন্তী[সম্পাদনা কৰক]

কিংবদন্তীত মায়ঙকে ধৰি প্ৰাচীন প্ৰাগজ্যোতিষপুৰৰ গুৰুত্বপূৰ্ণ উল্লেখ আছে৷ উদাহৰণস্বৰূপে কচাৰী ৰাজত্বৰ মহাৰজা ঘটোৎকচে মহাভাৰতৰ যুদ্ধত অংশ লৈ যাদুমন্ত্ৰৰ প্ৰ্য়োগ কৰাৰ কথা জনা যায়৷ [1][2]

নৰবলি[সম্পাদনা কৰক]

ঐতিহাসিক সাক্ষ্য অনুসৰি আধুনিক কালৰ আগভাগলৈকে শক্তি সাধনাৰ ক্ষেত্ৰত নৰবলি অৰ্থাৎ মানৱ-উৎসৰ্গাৰ প্ৰথা প্ৰচলিত আছিল। শেহতীয়াকৈ খন্দনৰ জৰিয়তে তৰোৱাল আৰু অন্যান্য চোকা হাথিয়াৰ সন্ধান পোৱা গৈছে আৰু এইবোৰৰ সৈতে দেশৰ অন্যান্য প্ৰান্তত মানৱ-উৎসৰ্গাত ব্যৱহৃত হাথিয়াৰৰ সাদৃশ্য দেখা যায়। ভাৰতীয় প্ৰত্নতাত্বিক প্ৰাধিকাৰী (ASI) গুৱাহাটী চক্ৰৰ অধীক্ষক প্ৰত্নতাত্বিক কে মঞ্জুলে এইদৰে কয় যে, “The swords are huge, similar to what were used in human sacrifice in some parts of the country. The villagers, too, told us that their forefathers used to talk about human sacrifice. We have reason to believe that human sacrifice might have taken place in the Ahom era in Mayong. At present, the ritual of animal sacrifice is prevalent in Mayong as it is in other Shakti shrines in the state. But we need to find out more evidence to arrive at a conclusion.”।[2]

প্ৰত্নতত্ব তথা পৰ্যটন[সম্পাদনা কৰক]

চহকী বন্যজীৱ, প্ৰত্নতাত্বিক তীৰ্থস্থান, ইক'-টুৰিজিম, এডভেন্সাৰ টুৰিজিম, সাংস্কৃতিক পৰ্যটন আৰু নদী পৰ্যটনৰ বাবে মায়ং পৰ্যটন আৰু প্ৰত্নতাত্বিক দিশত এক আকৰ্ষণৰ ক্ষেত্ৰ হৈ পৰিছে। মায়ং প্ৰত্নতাত্বিক ধ্বংসাৱশেষ, বহু আৱিস্কৃত আৰু আন বহুতো অনাৱিস্কৃত শিল্পকৃতি সমলেৰে ভৰপূৰ। গাওঁখনত থকা মায়ং কেন্দ্ৰীয় সংগ্ৰহালয় আৰু এম্প'ৰিয়ামত (Mayong Central Museum and Emporium) যাদু-মন্ত্ৰ (Black Magic) আৰু আয়ুৰ্বেদৰ বহু প্ৰাচীন পাণ্ডুলিপি সংৰক্ষিত হৈছে।[1]

লগতে চাওক[সম্পাদনা কৰক]

তথ্যসুত্ৰ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]