মাৰাড'না

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ডিয়েগ' মাৰাড'না
Maradona at 2012 GCC Champions League final.JPG
২০১২ চনত আল ৱাছল ক্লাবত মাৰাড'না
ব্যক্তিগত তথ্য
সম্পূৰ্ণ নাম ডিয়েগ' আৰ্মাণ্ড মাৰাড'না ফ্ৰাঙ্ক'
Diego Armando Maradona Franco
জন্ম ৩০ অক্টোবৰ, ১৯৬০
জন্মস্থান লে'নুছ, বুৱেন'ছ আয়াইছ, আৰ্জেণ্টিনা
উচ্চতা ১.৬৫ মিটাৰ (৫–৫)
খেলা স্থান আক্ৰমণাত্মক মিড্‌ফিল্ডাৰ
দ্বিতীয় ষ্ট্ৰাইকাৰ[1][2][3][4]
যুৱ কেৰিয়াৰ
১৯৬৮-১৯৬৯ ইষ্ট্ৰেলা ৰ'জা
১৯৭০-১৯৭৪ 'লছ চেব'লিটাছ
১৯৭৫-১৯৭৬ আৰ্জেণ্টিন'ছ জুনিয়'ৰ্ছ
চিনিয়'ৰ কেৰিয়াৰ*
বৰ্ষ দল অংশগ্ৰহণ (গ'ল)
১৯৭৬-১৯৮০ আৰ্জেণ্টিন'ছ জুনিয়'ৰ্ছ ১১৪ (৭৪)
১৯৮১-১৯৮২ ব'কা জুনিয়'ৰ্ছ ২৮ (১৭)
১৯৮২-১৯৮৪ বাৰ্চিল'না ৩৬ (২২)
১৯৮৪-১৯৯১ নাপ'লি ১৮৮ (৮১)
১৯৯২-১৯৯৩ ছেভিলা ২৬ (৫)
১৯৯৩-১৯৯৪ নিৱেল্‌ছ অ'ল্ড বয়জ (০)
১৯৯৫-১৯৯৮ ব'কা জুনিয়'ৰ্ছ (২)
মুঠ ৩৯২ (১৯৯)
ৰাষ্ট্ৰীয় দল
১৯৭৯ আৰ্জেণ্টিনা ২০ বছৰ অনুৰ্দ্ধ ফুটবল দল (৬)
১৯৭৭-১৯৯৪ আৰ্জেণ্টিনা ৰাষ্ট্ৰীয় ফুটবল দল ৯১ (৩৪)
পৰিচালনা কৰা দল
১৯৯৪ মেণ্ডিয়ু ডি ক'ৰিয়েণ্টিছ
১৯৯৫ ৰে'চিং ক্লাব
২০০৮-২০১০ আৰ্জেণ্টিনা ৰাষ্ট্ৰীয় ফুটবল দল
২০১১-২০১২ আল ৱাছল
* চিনিয়'ৰ ক্লাব অংশগ্ৰহণ আৰু গ'লৰ সংখ্যা কেৱল ঘৰুৱা লীগৰ বাবেহে.

ডিয়েগ' আৰ্মাণ্ড' মাৰাড'না ফ্ৰাঙ্ক' (স্পেনীয় উচ্চাৰণ: [ˈdjeɣo maɾaˈðona], জন্ম ৩০ অক্টোবৰ ১৯৬০) এজন আৰ্জেণ্টিনীয় ফুটবল মেনেজাৰ, প্ৰশিক্ষক আৰু প্ৰাক্তন খেলুৱৈ। বহু কুশলী, ফুটবল সমালোচক, প্ৰাক্তন বা বৰ্তমানৰ খেলুৱৈ আৰু অনুৰাগীয়ে তেওঁক সৰ্বকালৰ শ্ৰেষ্ঠ ফুটবল খেলুৱৈ হিচাপে গণ্য কৰে।[5][6][7][8] পেলেৰ সৈতে তেওঁক বিংশ শতিকাৰ ফিফা খেলুৱৈৰূপে নিৰ্বাচন কৰা হৈছিল।[9][10]

দুবাৰকৈ বিশ্ব-অভিলেখকাৰী চুক্তি ধন লাভ কৰা তেওঁ একমাত্ৰ ফুটবলাৰ; প্ৰথমবাৰ বাৰ্চিল'না ফুটবল ক্লাবলৈ যাওঁতে তেওঁ তেতিয়াৰ বিশ্ব অভিলেখ ৫ নিযুত পাউণ্ড, আৰু দ্বিতীয়বাৰ নাপ'লিলৈ যাওঁতে ৬.৯ নিযুত পাউণ্ড লাভ কৰিছিল। পেছাদাৰী কেৰিয়াৰত মাৰাড'নাই আৰ্জেণ্টিন'ছ জুনিয়'ৰ্ছ, ব'কা জুনিয়'ৰ্ছ, বাৰ্চিল'না, নাপ'লি, ছেভিলা আৰু নিৱেল্‌ছ অ'ল্ড বয়জৰ হৈ খেলিছিল। ক্লাব স্তৰত তেওঁ নাপ'লিৰ হৈ খেলা সময়ছোৱাৰ বাবে প্ৰখ্যাত য'ত তেওঁ বহু খিতাপ আৰু সন্মান লাভ কৰিছিল। আন্তঃৰাষ্ট্ৰীয় স্তৰত তেওঁ আৰ্জেণ্টিনাৰ হৈ খেলি ৯১ খন মেছত ৩৪টা গ'ল দিছিল।

তেওঁ চাৰিখন ফিফা বিশ্বকাপ প্ৰতিযোগিতাত অংশ লৈছিল। ১৯৮৬ চনৰ প্ৰতিযোগিতাত তেওঁ আৰ্জেণ্টিনা দলক নেতৃত্ব দি ফাইনেলত পশ্চিম জাৰ্মানীক হৰুৱাই বিশ্বকাপ লাভ কৰিছিল। তাত তেওঁ প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে গ'ল্ডেন বল বঁটাও লাভ কৰিছিল। সেই প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত ইংলেণ্ডৰ বিৰুদ্ধে ২-১ ব্যৱধানত জিকা খেলখনত দুয়োটা গ'লেই তেওঁ দিছিল আৰু দুটা ভিন্ন কাৰণত সেই গ'ল দুটা ফুটবলৰ ইতিহাসত জিলিকি আছে। ৰেফাৰীয়ে তৰ্কিব নোৱৰা তেওঁৰ প্ৰথম গ'লটো আছিল হাতেৰে দিয়া যাক তেওঁ "ভগৱানৰ হাত বুলি অভিহিত কৰিছিল। ৬০ মিটাৰ (৬৬ য়াৰ্ড) ড্ৰিবল কৰি আৰু পাঁচজন বিপক্ষৰ খেলুৱৈ পাৰ কৰি তেওঁ দিয়া দ্বিতীয় গ'লটো FIFA.com-ৰ ভোটাৰে "শতিকাৰ গ'ল" আখ্যা দিছিল।[11]

মাৰাড'নাক খেলজগতৰ এজন অন্যতম বিতৰ্কিত আৰু বাতৰিৰ শিৰোনামা দখল কৰা ব্যক্তিৰূপে গণ্য কৰা হয়। ইটালীত ১৯৯১ চনত ক'কেইন সেৱন কৰি এটা ড্ৰাগ পৰীক্ষাত অনুত্তীৰ্ণ হোৱা বাবে তেওঁক ১৫ মাহৰ বাবে ফুটবলৰ পৰা নিৰ্বাসন দিয়া হৈছিল। পুনৰ ১৯৯৪ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিশ্বকাপত প্ৰস্বাৱৰ নমুনাত এফ্ৰেড্ৰিন পোৱা বাবে তেওঁক প্ৰতিযোগিতাৰ পৰা বাহিৰ কৰা হয়। ২০০৫ চনত তেওঁ ভালেখিনি ওজন হ্ৰাস কৰে আৰু ক'কেইন আসক্তিৰ পৰা মুক্তি লাভ কৰে। তেওঁৰ বহুবল্কী স্বভাৱৰ বাবে মাজে সময়ে সাংবাদিক আৰু ক্ৰীড়া বিষয়াসকলৰ লগত সম্পৰ্ক বেয়া হৈছিল। পূৰ্ব অভিজ্ঞতা নথকা সত্বেও তেওঁক ২০০৮ চনৰ নৱেম্বৰত আৰ্জেণ্টিনা ৰাষ্ট্ৰীয় ফুটবল দলৰ মেনেজাৰৰূপে নিযুক্তি দিয়া হৈছিল আৰু ২০১০ চনৰ বিশ্বকাপৰ পিছত চুক্তিৰ ম্যাদ উকলি নোযোৱালৈকে তেওঁ সেই পদত থাকে।

২০১৩ চনৰ আগষ্টত মাৰাড'নাই আৰ্জেণ্টিনাৰ পঞ্চম শ্ৰেণীৰ ক্লাব ডিপ'ৰ্টিভ' ৰিষ্ট্ৰাত "spiritual coach" হিচাপে যোগদান কৰে[12] আৰু ১৯ আগষ্টত ছেন মিগুৱেলৰ বিপক্ষে খেলখনত তেওঁ এই নতুন পদৰ আৰম্ভণি কৰে।[13][14]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Maradona tricks and skills videos of the best soccer, football players ever. Football-tricks.com. Retrieved 31 March 2013.
  2. Diego Maradona dominated 1986 World Cup after position switch – Jonathan Wilson – SI.com. Sportsillustrated.cnn.com (27 May 2010). Retrieved 31 March 2013.
  3. Diego Maradona: ‘The Soccer Guru’. The Viewspaper (25 June 2010). Retrieved 31 March 2013.
  4. Diego Maradona – Profile of Soccer Player Diego Maradona. Worldsoccer.about.com. Retrieved 31 March 2013.
  5. "The Best of The Best". Rec.Sport.Soccer Statistics Foundation.com (19 June 2009). Retrieved 31 March 2013.
  6. – "The 100 greatest players of all time" The Football Pantheon, 20 September 2011
  7. – "Castrol Debate: Pele Versus Maradona". goal.com, 23 October 2010
  8. Other opinions about Maradona as the greatest player can be found at:
    – "Ruud Gullit: Diego Maradona is the best ever in my opinion". goal.com, 29 July 2012
    – "Lionel Messi: Diego Maradona is the greatest of all-time". SoccerAnchor, 7 September 2011
    – "Rummenigge: Maradona better than Pele". The Times of India, 12 November 2008
    – "Paolo Maldini: Maradona best ever, Ronaldo close second" Paolo Maldini fan page, 21 July 2008
    – "Wayne Rooney: Diego Maradona is the greatest player ever". givemesport
    - "Gary Lineker: Diego has been the best player without a doubt, better than Pele" SoccerBlog, 25 March 2006
    – "Glenn Hoddle: Diego Maradona is the greatest player of all time". SoccerBible, 22 July 2010.
    – "Ryan Giggs: Maradona is the best of all time". tribalfootball, 11 October 2011.
    – "Rio Ferdinand: In my eyes Maradona is the best footballer ever". fifa.com, 7 November 2008
    – "Mario Kempes: Maradona is absolutely the best". ESPN soccernet, 18 April 2005.
    – "Aguero: It is disrespectful to compare me to Maradona". Mirro Football, 20 November 2011.
    – "Frank McGarvey: Diego Maradona was world's best player". Daily Record, 30 October 2008.
    – "Gordon Smith: Maradona was the best player I ever saw play the game". Daily Record, 30 October 2008.
    – "Trevor Edwards: Maradona is best" Central Telegraph, 11 April 2012
    – "Maradona’s still number one". The Sun, 29 April 2011.
    – "Considered by many as the greatest football player to have ever walked the face of the earth". FIFA.com
  9. FIFA Player of the Century. touri.com
  10. "Maradona or Pele?". CNN Sports Illustrated, 10 December 2000. Retrieved 13 March 2013
  11. "Diego Maradona goal voted the FIFA World Cup™ Goal of the Century". FIFA (30 May 2002). Retrieved 13 March 2013
  12. "Diego Maradona debuta hoy como asesor espiritual de Deportivo Riestra", Télam, 19 August 2013
  13. "Maradona celebrates first victory as Riestra 'spiritual coach'", The Buenos Aires Herald, August 19, 2013
  14. "Maradona motivó y Riestra ganó", Clarín, 19 August 2013

বাহ্যিক সংযোগ[সম্পাদনা কৰক]