সমললৈ যাওক

মুৰাৰিচাঁদ মহাবিদ্যালয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মুৰাৰিচাঁদ মহাবিদ্যালয়
এম.চি. কলেজ

মহাবিদ্যালয়ৰ প্ৰতীকচিহ্ন
স্থাপিত ২৭ জুন ১৮৯২
অধ্যক্ষ মঃ চালেহ আহমেদ
স্থান চিলেট, বাংলাদেশ
উপনাম এম.চি. কলেজ
ভুক্তি বাংলাদেশ জাতীয় বিশ্ববিদ্যালয়
ৱেবছাইট mccollege.edu.bd

মুৰাৰিচাঁদ মহাবিদ্যালয় (বঙালী: মুরারিচাঁদ মহাবিদ্যালয়) ব্ৰিটিছ শাসিত অসমৰ প্ৰথম মহাবিদ্যালয় আৰু বৰ্তমানৰ বাংলাদেশৰ চিলেট ডিভিজনৰো ই প্ৰথম উচ্চশিক্ষাৰ প্ৰতিষ্ঠান। ই বাংলাদেশৰ সপ্তম পুৰণি মহাবিদ্যালয়। এই মহাবিদ্যালয়খন ১৮৯২ চনত প্ৰতিষ্ঠা কৰা হৈছিল। তেতিয়াৰে পৰা এই প্ৰতিষ্ঠানখনে বৃহত্তৰ চিলেটৰ শিক্ষা, সংস্কৃতি আৰু ৰাজনৈতিক পৰিমণ্ডলৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা লৈছে।[1]

মুৰাৰিচাঁদ মহাবিদ্যালয় স্থানীয় এক স্মৰণীয় ব্যক্তিত্ব চিলেটৰ ৰয়নগৰৰ ৰাজা গিৰিশ্চন্দ্ৰ ৰয়ে ১৮৯২ চনৰ ২৭ জুনৰ দিনা প্ৰতিষ্ঠা কৰিছিল। চাৰিজন শিক্ষক আৰু ওঠৰজন ছাত্ৰৰে আৰম্ভ কৰা মহাবিদ্যালয়খনৰ নামকৰণ মাতৃপক্ষৰ ককাক মুৰাৰিচাঁদ ৰয়ৰ নামেৰে কৰা হৈছিল আৰু ইয়াক বৰ্তমানৰ বন্দৰ বজাৰৰ ৰাজা জি.চি. ৰয় স্কুলৰ ওচৰতে স্থাপন কৰা হৈছিল। গিৰিশ্চন্দ্ৰ ৰয় বিধবা ব্ৰজ সুন্দৰী দেৱীৰ তোলনীয় পুতেক আছিল, ব্ৰজ সুন্দৰী আছিল জমিদাৰ বাবু মুৰাৰিচাঁদ ৰয়ৰ জীয়ৰী। প্ৰথম অৱস্থাত ই এখন ব্যক্তিগত পূঁজিৰে সঞ্চালিত মহাবিদ্যালয় আছিল আৰু মাথোঁ F.A. (কলা শাখাৰ প্ৰাক-স্নাতক) শ্ৰেণীহে খোলা হৈছিল। শিক্ষানুষ্ঠানখন চলাই ৰাখিবলৈ প্ৰয়োজন হোৱা ধন গিৰিশ্চন্দ্ৰ ৰয়ে যোগান ধৰিছিল। ১৯৯৭ৰ প্ৰলয়ংকৰী ভূমিকম্পত মহাবিদ্যালয়ৰ ভৱন ধ্বংস হৈছিল। ৰয়ৰ নিজৰো বিস্তৰ ক্ষতি হৈছিল। এই দুৰ্যোগে তেওঁক আৰ্থিকভাবে তেনেই নিশকতীয়া কৰিছিল। এই প্ৰতিষ্ঠানটোলৈ ধন যোগান ধৰা তেওঁৰ বাবে অসম্ভৱ হৈ পৰিল। সেয়েহে তেওঁ মহাবিদ্যালয়খন অধিগ্ৰহণ কৰিবলৈ চৰকাৰক অনুৰোধ জনালে। ৰয়ৰ মৃত্যুৰ পিছত ১৯০৮ চনত চৰকাৰে ইয়াক অধিগ্ৰহণ কৰিলে আৰু ই চৰকাৰী সাহাহ্যপ্ৰাপ্ত মহাবিদ্যালয়লৈ পৰিবৰ্তন হ'ল। ১৯১২ চনত অসম প্ৰদেশৰ চিফ কমিচনাৰ আৰ্চডেল আৰ্লেই ইয়াক সম্পূৰ্ণৰূপে চৰকাৰী প্ৰশাসনৰ আওতালৈ অনাৰ ঘোষণা কৰে। স্থানীয় ৰাইজে মহাবিদ্যালয়খন স্নাতক পৰ্যায়লৈ উন্নীত কৰি প্ৰথম শ্ৰেণীৰ মহাবিদ্যালয় ৰূপে গঢ় দিয়াৰ বাবে চৰকাৰক দাবী জনায়।  নেতৃত্ব দিয়ে কাজী ইলিয়াচ, খান বাহাদুৰ আব্দুল মজিদ ওৰফে কাপ্তান মিঞা আদিয়ে। ৰাইজৰ দাবীৰ প্ৰতি সঁহাৰি জনাই আৰ্চডেল আৰ্লেই প্ৰস্তাৱ দিয়ে যে স্থানীয় ৰাইজে যদি প্ৰথম দুবছৰলৈ মহাবিদ্যালয়খনৰ সমুদায় খৰচৰ আধা অংশ বহন কৰে, তেতিয়াহে চৰকাৰে ইয়াত স্নাতক পাঠ্যক্ৰম আৰম্ভ কৰা তথা প্ৰথম শ্ৰেণীৰ মহাবিদ্যালয়লৈ উন্নীত কৰা সম্ভৱ হ’ব পাৰে। সেইমতে খান বাহাদুৰ আব্দুল মজিদৰ সভাপতিত্বত নলিনীকান্ত দস্তিদাৰ, মহম্মদ বখট মজুমদাৰ, বৈকুণ্ঠনাথ শৰ্মা, সুখময় শৰ্মা, প্ৰমোদচন্দ্ৰ দত্ত, সাৰদাচৰণ শ্যেম, ৰাধাবিনোদ দাম আৰু হৰেন্দ্ৰচন্দ্ৰ সিনহা, মুঠ নজন শিক্ষানুৰাগী হিতৈষীয়ে সভা পাতি টকাৰ যোগাৰ কৰিবলৈ গাত লয়। সেই অনুসৰি ১৮,০০০ টকাৰ বৰঙণি আগবঢ়োৱাত ১৯১৬ চনৰ জুলাইৰ পৰা স্নাতক পাঠ্যক্ৰম আৰম্ভ হয় আৰু ইয়াক প্ৰথম শ্ৰেণীৰ মহাবিদ্যালয়লৈ উন্নীত কৰা হয়।[2][3]

১৯২১ চনত খান বাহাদুৰ আব্দুল মজিদ অসম প্ৰদেশৰ আইন সভাৰ সদস্য (Member of Law Council) হয় আৰু শিক্ষা বিভাগৰ দায়িত্ব লাভ কৰে। দায়িত্ব লাভ কৰিয়ে শিক্ষানুষ্ঠানখনৰ উৎকৰ্ষ সাধনৰ বাবে নিজকে সমৰ্পন কৰে। তেতিয়ালৈকে মহাবিদ্যালয়খন গোৱিন্দচৰণ পাৰ্কৰ বাঁহ-খাগৰিৰ ঘৰতে চলি আছিল। তাত ঠাইৰ অকুলন হোৱাত তিনিমাইল দূৰৰ থেকাৰে টিলাৰ (বৰ্তমান টিলাগড়) ১৫০ একৰৰ আহল-বহল ভূমিলৈ স্থানান্তৰ কৰা হয়। তাত ১৯২১ চনৰ ১৯ আগষ্টত অসমৰ গৱৰ্ণৰ চাৰ উইলিয়াম মৰিছে নতুন চৌহদৰ আধাৰশিলা স্থাপন কৰে আৰু ১৯২৫ৰ ২৭ জুলাইত নতুন চৌহদ উন্মোচন কৰে।[1]

১৯৪৭ৰ দেশ বিভাজনৰ পূৰ্বলৈ ই কলকাতা বিশ্ববিদ্যালয়ৰ অধিভূক্ত আছিল। দেশ বিভাজনৰ পিছত ই ঢাকা বিশ্ববিশ্ববিদ্যালয়ৰ আৰু পৰৱৰ্তী পৰ্যায়ত চট্টগ্ৰামত বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হোৱাত চট্টগ্ৰাম বিশ্ববিদ্যালয়ৰ অধিভূক্ত হয়। সৰ্বশেষত ১৯৯২ চনত বাংলাদেশ জাতীয় বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হোৱাৰ পিছত দেশৰ সকলো মহাবিদ্যালয়ৰ দৰে মুৰাৰিচাঁদো জাতীয় বিশ্ববিদ্যালয়ৰ অধিভূক্ত হয়।[1]

আব্দুল খালিক চৌধুৰী (১৮৮৬-১৯৪৮) এই মহাবিদ্যালয়ৰ প্ৰথম মুছলমান ছাত্ৰ আছিল। তেওঁ ১৯২১ৰ পৰা ১৯৩৬লৈ অসম আইন সভাৰ সদস্য হোৱাৰ উপৰিও দক্ষিণ চিলেট লোকেল বোৰ্ড আৰু ঢাকা বিশ্ববিদ্যালয় চিণ্ডিকেটৰো সদস্য আছিল।[4]

২০০১ চনত মহাবিদ্যালয়খনত ১৩০জন শিক্ষক আৰু ৬০০০জন ছাত্ৰ আছিল। হোষ্টেল ৭টা। নতুনকৈ ২টা হোষ্টেল নিৰ্মাণ কৰা হৈছে। আৱাসিক সা-সুবিধাৰ দিশেৰে মহাবিদ্যালয় পৰ্যায়ত ই বাংলাদেশৰ শীৰ্ষৰ শিক্ষানুষ্ঠান। মহাবিদ্যালয়খনৰ পুথিভঁৰালত প্ৰায় ১লাখ গ্ৰন্থ উপলব্ধ।[5]

বিভাগসমূহ

[সম্পাদনা কৰক]

কলা শাখা

  • ইংৰাজী
  • বাংলা
  • ইতিহাস
  • দৰ্শন
  • উৰ্দু
  • ইসলামীয় ইতিহাস আৰু সংস্কৃতি[1]

বিজ্ঞান শাখা

  • উদ্ভিদ বিজ্ঞান
  • ৰসায়ন বিজ্ঞান
  • গণিত বিজ্ঞান
  • পদাৰ্থ বিজ্ঞান
  • মনোবিজ্ঞান
  • প্ৰাণী বিজ্ঞান
  • পৰিসংখ্যা বিজ্ঞান[1]

সমাজবিজ্ঞান শাখা

  • অৰ্থনীতি
  • ৰাজনীতি বিজ্ঞান
  • সমাজতত্ত্ব[1]

উল্লেখনীয় প্ৰাক্তন ছাত্ৰ

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]