মোহিনী ৰাজকুমাৰী
মোহিনী ৰাজকুমাৰী | |
---|---|
জন্ম | ১৮৯৬-৯৭ খ্ৰীষ্টাব্দ (১৮১৮ শক)[1] মহুৰামুখ, গোলাঘাট |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
পেচা | চলচ্চিত্ৰ অভিনেত্ৰী |
উল্লেখযোগ্য কৰ্ম | জয়মতী, গঙা চিলনীৰ পাখি |
দাম্পত্যসঙ্গী | উমাকান্ত বৰগোহাঁই |
পিতৃ-মাতৃ | চক্ৰেশ্বৰ বৰগোহাঁই(পিতৃ) থিৰেশ্বৰী ৰাণী গাভৰু (মাতৃ) |
আত্মীয়-স্বজন | বীণা ৰাজকুমাৰী (নাতিনীয়েক) |
মোহিনী ৰাজকুমাৰী (ইংৰাজী: Mohini Rajmumari) এগৰাকী অসমীয়া চলচ্চিত্ৰৰ অভিনেত্ৰী আছিল। তদুপৰি তেওঁক প্ৰথম অসমীয়া মহিলা ঠিকাদাৰ ৰূপে তেওঁক বিশেষভাবে উল্লেখ কৰা হয়। তেওঁ জীৱনকাল মাত্ৰ দুখনহে অসমীয়া ছবিত অভিনয় কৰিছে, য’ত তেওঁ অভিনয় নৈপুণ্যৰ স্বাক্ষৰ ৰাখি থৈ গৈছে।[1] [2]
সংক্ষিপ্ত জীৱনী
[সম্পাদনা কৰক]বৰ্তমানৰ গোলাঘাট জিলাৰ, বোকখাট মহকুমাৰ মহুৰামুখত ১৮১৮ শকত[1] (১৮৯৬-৯৭ খ্ৰীষ্টাব্দ) মোহিনী ৰাজকুমাৰীৰ জন্ম হয়। তেওঁৰ দেউতাকৰ নাম আছিল চক্ৰেশ্বৰ বৰগোহাঁই আৰু মাকৰ নাম থিৰেশ্বৰী ৰাণী গাভৰু। মেচাগড়ৰ চাও সেনাপতিৰ নাতি উমাকান্ত বৰগোহাঁইৰ সৈতে তেওঁৰ বিবাহ হৈছিল।[3]
বৃহত্তক মহুৰামুখ অঞ্চলটোৰ সামাজিক জনজীৱনৰ সৈতে তেওঁ ওতপ্ৰোতভাবে জড়িত আছিল। চলচ্চিত্ৰত অভিনয়ৰ উপৰিও তেওঁক এগৰাকী ব্যৱসায়ী আৰু ঠিকাদাৰ ৰূপে জনা যায়। তেওঁ গেলাবিল নদীৰ নামটেমেৰা আৰু মহুৰাঘাটৰ লেচী আছিল। তদুপৰি তেওঁ কানি মহল আৰু সুলভ মূল্যৰ দোকানো চলাইছিল। কাড় এপাটৰ দৰে পোন বুলি খ্যাতি থকা মহুৰামুখৰ পৰা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী পথটো নিৰ্মাণ কৰিছিল মোহিনী ৰাজকুমাৰীয়ে। তেওঁক অসমৰ প্ৰথম মহিলা ঠিকাদাৰ আখ্যা দিয়া হয়; ইয়াৰ পূৰ্বে অসমৰ কোনো মহিলাই চৰকাৰী ঠিকাৰ কাম কৰি পোৱা নাছিল।[1][4]
মোহিনী আৰু আইদেউ সন্দিকৈ মহুৰামুখত সহ-অভিনয়ৰ পাতনি মেলিছিল আৰু বহু কেইখন বুৰঞ্জীমূলক নাটকত দুয়ো অভিনয় কৰিছিল। আইদেউয়ে প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতীত নায়িকাৰ ভাও লৈছিল আৰু গদাধৰ সিংহৰ ভাও লোৱা ফুনু বৰুৱাক বঙহৰ দেও সম্বোধন কৰাৰ অপৰাধত আজীৱন আবিয়ৈ হৈ ৰৈছিল। পৰৱৰ্তী জীৱন তেওঁৰ যথেষ্ট দুখ-কষ্টৰ মাজেৰে পাৰ হৈছিল। তেনে এক পৰিস্থিতিত মোহিনীয়ে আইদেউক জীয়াই থকাৰ সাহস দিছিল।[4]
চলচ্চিত্ৰাভিনয়
[সম্পাদনা কৰক]বিদেশত চলচ্চিত্ৰ নিৰ্মাণৰ কলা-কৌশল শিকি আহি জ্যোতিপ্ৰসাদ আগৰৱালাই এখন নিৰ্বাক ছবি নিৰ্মাণৰ পৰিকল্পনা কৰিছিল। কিন্তু পিছত তেওঁ এখন সবাক ছবি এখন নিৰ্মাণৰ কথাহে সিদ্ধান্ত লয়। সেই অনুসৰি লক্ষ্মীনাথ বেজবৰুৱা ৰচিত জয়মতী কুঁৱৰী নাটকখনক চলচ্চিত্ৰ ৰুপ দিয়াৰ মনস্থ কৰি সেইমতে আগবাঢ়ে। সেই সময়ত অসমত সহ-অভিনয়ৰ প্ৰথা আৰম্ভ হৈছিল যদিও ই ইমান সুলভ হোৱা নাছিল। সেয়েহে প্ৰস্তাবিত ছবিখনৰ বাবে ছবিৰ কাহিনীৰ সৈতে মিলা অভিনেত্ৰী অন্বেষণ আৰম্ভ হৈছিল। মহুৰামুখত তিনিগৰাকী অভিনেত্ৰীৰ সন্ধান পোৱা গৈছিল। তেওঁলোক হ’ল- আইদেউ সন্দিকৈ, মোহিনী ৰাজকুমাৰী আৰু মোহিনীৰ ভনীয়েক ব্ৰতেশ্বৰী ৰাজকুমাৰী।[4]
গাঁৱৰে এজন সম্বন্ধীয় ডিম্ব গোহাঁইৰ সৈতে এই তিনিগৰাকী মহিলা মহুৰামুখৰ পৰা গেলাবিল নৈৰে নাৱেৰে ধনশিৰি মুখলৈ যায়। তাৰপৰা জাহাজেৰে গমিৰিঘাটলৈ আৰু গমিৰিঘাটৰ পৰা লৰিৰে ভোলাগুৰি চাহবাগিছাত অস্থায়ীভাবে স্থাপন কৰা চিত্ৰবন ষ্টুডিঅ’ পায়। মোহিনী ৰাজকুমাৰীয়ে ৰাওমাওৰ আৰু ভনীয়েক ব্ৰতেশ্বৰীয়ে গৰখীয়া ল’ৰাৰ ভাওত অভিনয় কৰিছিল।[4] মোহিনী আৰু অন্যান্য শিল্পীসকলৰ অভিনয়ৰ বিষয়ে অতুল চন্দ্ৰ হাজৰিকাই লিখিছে, অভিনেত্ৰীসকলৰ ভিতৰত ডালিমী, জয়মতী, সেউতী, ৰাজমাওৰ ভাও লোৱা মহিলা কেইগৰাকীৰ দৰে ভাৰতবৰ্ষত আনকি সমস্ত পৃথিৱীতেই বহু অভিনেতা-অভিনেত্ৰী ওলাব বুলি আমাৰ বিশ্বাস নহয়। … জয়মতীৰ উজ্জ্বল তাৰকাবৃন্দই এবাৰ মাথোঁ দেখা দি মেঘৰ আঁৰত লুকাবলগীয়া হোৱাৰ প্ৰধান কাৰণ হৈছে আমাৰ দেশত এতিয়াও এনে শিল্প চৰ্চ্চাৰ বাবে অনুকূল সা-সুবিধাৰ অভাৱ। [5]
জয়মতীত অভিনয় কৰাৰ প্ৰায় চাৰি দশক পিছত পদুম বৰুৱা পৰিচালিত গঙা চিলনীৰ পাখিত মোহিনী ৰাজকুমাৰীয়ে এটা গুৰুত্বপূৰ্ণ চৰিত্ৰ ছবিৰ নায়িকা বাসন্তীৰ মাকৰ ভূমিকাত অভিনয় কৰে। তেতিয়া তেওঁ তেনেই বৃদ্ধ যদিও তেওঁৰ স্বাভাৱিক অভিনয়ে চলচ্চিত্ৰ সমালোচকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। ছবিখনৰ শ্বুটিং ১৯৭০ চনত আৰম্ভ হৈছিল যদিও মুক্তি পায় ১৯৭৬ চনতহে।[1][2]
মোহিনী ৰাজকুমাৰী ক্ষুদ্ৰ সংগ্ৰহালয়
[সম্পাদনা কৰক]ব্যক্তিগত সংগ্ৰহত থকা ভালেমান ৰজাদিনীয়া কীৰ্তিচিহ্ন যেনে : সপ্তদশ শতিকাৰ "সাঁচিপতীয়া মন্ত্ৰ পুথি", ১৯ শতিকাতে লোৰে নিৰ্মিত ৰজা আৰু ৰাজ বিষয়া সকলে ব্যৱহাৰ কৰা "কেকোঁৰা দোলা", মহিলাই ব্যৱহাৰ কৰা "চৰিয়া দোলা", ৰজাই পৰিধান কৰা পাগুৰী খুলি বহুৱাই থোৱা কাঠৰ পাত্ৰ পাগুৰি টেমা, ৰুপৰ বৈথক, ৰূপৰ ভোগজৰা, পাটৰ কাপোৰত সোণৰ বনকৰা মহিলাৰ বস্ত্ৰ, কিংখাপৰ মেখেলা, ১৮ শতিকাৰ কাপোৰত ৰূপৰ বনকৰা ৰজাই কমৰত বান্ধি লোৱা কমৰ বান্ধ, বিয়াত দৰা-কইনাক নোৱাবলৈ মাহ-হালধি পিহি থোৱা পাত্ৰ ৰূপৰ আগলতি, ৰজা আৰু ৰাজপৰিয়ালৰ বৈদ্যই ঔষধ পিহা পাত্ৰ কিস্তি, ঔ ফুলিয়া বানবাটি", ৰূপৰ থাল, ১৯ শতিকাৰ হেংদান, স্বৰ্গদেউ গৌৰীনাথ সিংহৰ ৰাজত্ব কালৰ সোণৰ মুদ্ৰা চৰণ ঢাপ আদিৰে এটা সংগ্ৰহালয় স্থাপনৰ মন কৰিছিল মোহিনী ৰাজকুমাৰীয়ে। তেওঁৰ ইচ্ছা অনুসৰি পৰিয়ালৰ লোকৰ প্ৰচেষ্টাত মহুৰামুখত ২০১০ চনত মহুৰামুখত শিল্পী মোহিনী ৰাজকুমাৰী ক্ষুদ্ৰ সংগ্ৰহালয় নামেৰে এটা সংগ্ৰহালয় স্থাপন কৰা হয়। কিন্তু চৰকাৰী পৃষ্ঠপোষকতাৰ অভাৱত সংগ্ৰহালয়টোৰ জহি-খহি যোৱা অৱস্থা। অসম ৰাজ্যিক সংগ্ৰহালয়ৰ বিষয়া এগৰাকীয়ে আৰক্ষীৰ ভাবুকিৰে তাৰপৰা ৰাজ্যিক সংগ্ৰাহালয়ত সংৰক্ষণ কৰাৰ নামেৰে বহুবিধ সামগ্ৰী তাৰপৰা লৈ যায়। কিন্তু পৰৱৰ্তী সময়ত সেই সামগ্ৰী কেইবিধ ৰাজ্যিক সংগ্ৰহালয়ত দেখা পোৱা নগ’ল বুলি অভিযোগ উত্থাপন হৈছিল।[1]
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 1.3 1.4 1.5 "ধ্বংসৰ গৰাহত শিল্পী মোহিনী ৰাজকুমাৰী ক্ষুদ্ৰ সংগ্ৰহালয়,পুনৰ উদ্ধাৰৰ বাবে আগবাঢ়ি আহিবনে নতুন প্ৰজন্ম?". অসমীয়া প্ৰতিদিন. https://www.asomiyapratidin.in/assam/artist-mohini-princess-small-museum-in-the-depths-of-destruction-news। আহৰণ কৰা হৈছে: 10 February 2023.
- ↑ 2.0 2.1 অৰুণলোচন দাস (২০১৩). ১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত (পৃঃ ২৪১). শশী শিশু প্ৰকাশন, গুৱাহাটী.
- ↑ মহুৰামুখৰ ‘শিল্পী মোহিনী ৰাজকুমাৰী ক্ষুদ্ৰ সংগ্ৰহালয়’ ধ্বংসৰ গৰাহত. Assam Live 24.
- ↑ 4.0 4.1 4.2 4.3 "আইদেউ সন্দিকৈক কেনেদৰে জানিছিলোঁ". janambhumi.in. Archived from the original on 10 February 2023. https://web.archive.org/web/20230210124901/https://janambhumi.in/VFdwamVVOVVVVDA9/%E0%A6%86%E0%A6%87%E0%A6%A6%E0%A7%87%E0%A6%89-%E0%A6%B8%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A6%BF%E0%A6%95%E0%A7%88%E0%A6%95-%E0%A6%95%E0%A7%87%E0%A6%A8%E0%A7%87%E0%A6%A6%E0%A7%B0%E0%A7%87-%E0%A6%9C%E0%A6%BE%E0%A6%A8%E0%A6%BF%E0%A6%9B%E0%A6%BF%E0%A6%B2%E0%A7%8B%E0%A6%81.html। আহৰণ কৰা হৈছে: 10 February 2023.
- ↑ মঞ্চলেখা, পৃষ্ঠা ৩১৭, অতুলচন্দ্ৰ হাজৰিকা, লয়াৰ্চ বুক ষ্টল, গুৱাহাটী, ১৯৬৭.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]মোহিনী ৰাজকুমাৰী সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।