শইকীয়া
![]() | এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে । আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
শইকীয়া (ইংৰাজী: Saikia) হৈছে অসমৰ লোকসকলে ব্যৱহাৰ কৰা এটা উপাধি।
সূচী
উৎপত্তি[সম্পাদনা কৰক]
শইকীয়া উপাধিটো আহোম ৰজাই দিয়া। শ মানে হৈছে এশ। অৰ্থাৎ এশ সৈন্য পৰিচালনা কৰা বিষয়াজনক শইকীয়া উপাধি দিয়া হৈছিল।
পৌৰাণিক কালত ব্যৱহাৰ[সম্পাদনা কৰক]
আহোম ৰজাই অসমত পাইক প্ৰথাৰ প্ৰচলন কৰে। এক পাইক (এজন সৈন্য) হৈছে আহোম সামৰিক বাহিনীৰ আটাইতকৈ ক্ষুদ্ৰতম একক। এশজন পাইক পৰিচালনা কৰা বিষয়া জনক শইকীয়া বোলা হৈছিল। শইকীয়াক নিযুক্তি দিয়াটো ফুকন (৬০০০ পাইকৰ পৰিচালনা কৰা বিষয়া) আৰু ৰাজখোৱা (২০০০ পৰা ৩০০০ পাইকৰ পৰিচালনা কৰা বিষয়া)ৰ দায়িত্ব আছিল। পাইক সকলে শইকীয়াক বৰ্জন কৰিবলৈ অধিকাৰ দিয়া হৈছিল আৰু পচন্দৰ কোনো এজন বিষয়া নিযুক্তি দিবৰ বাবে অনুৰোধ কৰিব পাৰিছিল। পাইকৰ ধৰ্ম বা গোষ্ঠী বিচাৰ নকৰাকৈ ইয়াৰ নিযুক্তি দিয়া হৈছিল।
সাম্প্ৰতিক কালত ব্যৱহাৰ[সম্পাদনা কৰক]
বৰ্তমান এই উপাধিটো অসমৰ হিন্দু আৰু মুছলিম লোকসকলে ব্যৱহাৰ কৰে। হিন্দু ধৰ্মৰ লোকসকলৰ ভিতৰত, শইকীয়া উপাধিটো কায়স্থ/ক্ষেত্ৰীয় জাতিৰ অন্তৰ্গত। বৰ্তমান তেওঁলোকক অসমত কলিতা আৰু আহোম জাতি নামেৰে জনা যায়।
শইকীয়া উপাধিৰ প্ৰসিদ্ধ ব্যক্তি[সম্পাদনা কৰক]
- ভবেন্দ্ৰনাথ শইকীয়া, সাহিত্যিক, চলচ্চিত্ৰ পৰিচালক
- হিতেশ্বৰ শইকীয়া, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী