হাজৰিকা
হাজৰিকা বা ৰুৰিঙ (ইংৰাজী: Hazarika) আছিল আহোম ৰাজ্য আৰু কোচ ৰাজ্যৰ প্ৰশাসন ব্যৱস্থাত প্ৰচলিত এটা বিষয়বাব।[1] পাইক প্ৰথাৰ অধীনত এহাজাৰ (ফাৰ্চী হাজাৰ) পাইকৰ তত্ত্বাৱধানত থকা বিষয়াজনক হাজৰিকা বুলি কোৱা হৈছিল। ই এটা প্ৰশাসনিক পদ হোৱাৰ বাবে বিভিন্ন জাতি-জনগোষ্ঠী আৰু ধৰ্মৰ লোকক এই পদত নিযুক্তি দিয়া হৈছিল। কালক্ৰমত এই বিষয়বাবটোৱেই বংশানুক্ৰমিক উপাধি হিচাপে প্ৰচলিত হয়।
ইতিহাস
[সম্পাদনা কৰক]আহোম ৰাজত্বকালত পাইকসকলক নিৰ্দিষ্ট সংখ্যক গোটত সংগঠিত কৰি তেওঁলোকৰ তত্ত্বাৱধানৰ বাবে বিভিন্ন পৰ্যায়ৰ বিষয়া নিযুক্তি দিয়া হৈছিল। এহাজাৰজন পাইকৰ দায়িত্বত থকা বিষয়াজনক হাজৰিকা আখ্যা দিয়া হৈছিল। পাছলৈ এই বিষয়াসকলৰ বংশধৰসকলে হাজৰিকা উপাধি ব্যৱহাৰ কৰিবলৈ লয়।
হাজৰিকা উপাধিটো প্ৰধানকৈ আহোম, চুতীয়া আৰু কোচ ৰাজবংশী জনগোষ্ঠীৰ মাজত প্ৰচলিত। আহোম হাজৰিকাৰ উপৰিও বিভিন্ন বুৰঞ্জীত চুতীয়া হাজৰিকাৰ উল্লেখ পোৱা যায়। উদাহৰণস্বৰূপে, আহোম ৰজা চুচেনফাৰ ৰাজত্বকালত উল্লেখিত বাণৰুকীয়া হাজৰিকা চুতীয়া জনগোষ্ঠীৰ লোক আছিল।[2] মোৱামৰীয়া বিদ্ৰোহৰ আৰম্ভণিতে কীৰ্তিচন্দ্ৰ বৰবৰুৱাই বিদ্ৰোহীসকলৰ বিৰুদ্ধে প্ৰথমে এজন চুতীয়া হাজৰিকাৰ নেতৃত্বত সৈন্যবাহিনী প্ৰেৰণ কৰিছিল। যুদ্ধত সেই চুতীয়া হাজৰিকাজনৰ মৃত্যু হৈছিল।[3] একেদৰে ১৬৭২ খ্ৰীষ্টাব্দত দফলাসকলৰ আক্ৰমণৰ সময়তো তেওঁলোকৰ বিৰুদ্ধে হোৱা যুদ্ধত এজন চুতীয়া হাজৰিকাই অংশগ্ৰহণ কৰাৰ উল্লেখ আছে।[4] চুতীয়া ৰাজ্যৰ পতনৰ পিছত আহোম ৰজাই বন্দী কৰি অনা চুতীয়া কমাৰসকলক যোৰহাটৰ বৰ্তমানৰ বছা আৰু উজনি অসমৰ বিভিন্ন অঞ্চলত সংস্থাপন কৰি লোহাৰ সঁজুলি আৰু অস্ত্ৰ-শস্ত্ৰ নিৰ্মাণৰ কামত নিয়োজিত কৰিছিল। তেওঁলোকৰ কাম-কাজ তদাৰক কৰিবলৈ কমাৰসকলৰ মাজৰ পৰাই শইকীয়া আৰু হাজৰিকা বিষয়া নিযুক্তি দিয়া হৈছিল বুলি বেণুধৰ শৰ্মাৰ মণিৰাম দেৱান গ্ৰন্থত উল্লেখ আছে। সেই সময়ত প্ৰায় তিনিহাজাৰ কমাৰ এই কামৰ সৈতে জড়িত আছিল বুলি গ্ৰন্থখনত বৰ্ণনা কৰা হৈছে।[5]
কোচ ৰাজ্যৰ সৈন্যবাহিনীতো হাজৰিকা এটা প্ৰশাসনিক পদ আছিল। আহোমসকলৰ সৈতে হোৱা যুদ্ধৰ বিৱৰণত নৌবাহিনীৰ দায়িত্বত থকা এজন কোচ হাজৰিকাৰ উল্লেখ পোৱা যায়।[6] পূৰ্বতে সোণোৱাল কছাৰীসকলৰ একাংশই হাজৰিকা উপাধি ব্যৱহাৰ কৰিছিল যদিও পাছলৈ ইয়াৰ ঠাইত সোণোৱাল উপাধি গ্ৰহণ কৰে। হিতেশ্বৰ বৰবৰুৱাৰ আহোমৰ দিন গ্ৰন্থ অনুসৰি, সোণোৱাল কছাৰী আৰু ঠেঙাল কছাৰীসকলৰ মাজৰ পৰাও হাজৰিকা বিষয়া নিযুক্তি দিয়া হৈছিল।[7] বৰ্তমান কৈৱৰ্ত জনগোষ্ঠীৰ লোকসকলৰ মাজতো হাজৰিকা উপাধিৰ প্ৰচলন আছে।[8]
সাম্প্ৰতিক কালত ব্যৱহাৰ
[সম্পাদনা কৰক]বৰ্তমান হাজৰিকা অসমৰ এটা প্ৰচলিত উপাধি। আহোম, চুতীয়া, কোচ-ৰাজবংশী, কৈৱৰ্ত আদি বিভিন্ন জনগোষ্ঠীৰ লগতে হিন্দু আৰু মুছলমান উভয় ধৰ্মৰ লোকৰ মাজত এই উপাধি ব্যৱহাৰ কৰা হয়। ঐতিহাসিকভাৱে ই এটা প্ৰশাসনিক পদ আছিল যদিও পাছলৈ বংশানুক্ৰমিক উপাধি হিচাপে পৰিগণিত হয়।
হাজৰিকা উপাধিৰ প্ৰসিদ্ধ ব্যক্তি
[সম্পাদনা কৰক]- সুশীলা হাজৰিকা—ৰাজনীতিবিদ।
- পীযুষ হাজৰিকা—ৰাজনীতিবিদ।
- প্ৰবীণ হাজৰিকা—ৰাজনীতিবিদ।
- অতুল চন্দ্ৰ হাজৰিকা (১৯০৩–১৯৮৬)—অসমীয়া সাহিত্যিক।
- আয়েশা হাজৰিকা (জন্ম ১৯৭৫)—ব্ৰিটিছ-অসমীয়া ৰাজনীতিবিদ আৰু ব্ৰিটেইনৰ হাউছ অৱ লৰ্ডছৰ সদস্য।
- বাঘ হাজৰিকা—সপ্তদশ শতিকাৰ অসমীয়া সামৰিক সেনানায়ক।
- বলৰাম হাজৰিকা—অসমৰ পশুৰ অনুসৰণ আৰু সন্ধানৰ কামত পাৰদৰ্শী ব্যক্তি।
- ভূপেন হাজৰিকা—ভাৰতীয় কণ্ঠশিল্পী, গীতিকাৰ, সুৰকাৰ, কবি আৰু চলচ্চিত্ৰ পৰিচালক।
- দেৱানন্দ হাজৰিকা—ভাৰতীয় ৰাজনীতিবিদ।
- ধ্ৰুৱ হাজৰিকা (জন্ম ১৯৫৬)—ভাৰতীয় ঔপন্যাসিক।
- দিগন্ত হাজৰিকা—অভিনেতা।
- এলভিছ আলী হাজৰিকা (জন্ম ১৯৮১)—অসমীয়া সাঁতোৰবিদ।
- জিতেন হাজৰিকা—অধ্যাপক আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য।
- যোগেন্দ্ৰ নাথ হাজৰিকা—ভাৰতীয় ৰাজনীতিবিদ আৰু অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী।
- মফিজুদ্দিন আহমদ হাজৰিকা (১৮৭০–১৯৫৮)—অসমীয়া কবি।
- মৃণাল হাজৰিকা
- প্ৰীতম হাজৰিকা (জন্ম ১৯৬৯)—ভাৰতীয় ক্ৰিকেটাৰ।
লগতে চাওক
[সম্পাদনা কৰক]তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Kakoty, Sanjeeb (2003) (en ভাষাত). Technology, Production And Social Formation In The Evolution Of The Ahom State. Regency Publications. ISBN 9788187498735. https://books.google.com/books?id=6DtuAAAAMAAJ.
- ↑ Barua, Golap Chandra (1930). Ahom Buranji, with a Parallel English Translation. প্ৰকাশক Calcutta: Assam Administration. পৃষ্ঠা. 29. https://archive.org/details/ahomburanjiwith00baru.
- ↑ (Barua 1930:294)
- ↑ (Barua 1930:219–220)
- ↑ (Sarma 1993:287)
- ↑ . https://books.google.com/books?id=Uo2zCgAAQBAJ&pg=PT52. "The Koch Hazarika in charge of the fleet had watched as the Ahom boats pushed out into the river"
- ↑ Barbarua, Hiteswar (1997) (as ভাষাত). Ahomar Din (2nd সম্পাদনা). Assam Publication Board. পৃষ্ঠা. 562. https://archive.org/details/in.ernet.dli.2015.451863.
- ↑ (en ভাষাত) People of India: India's Communities. Oxford University Press. 1998. ISBN 978-0-19-563354-2. https://books.google.com/books?id=g9MVAQAAMAAJ&q=hazarika+kaibarta.
গ্ৰন্থপঞ্জী
[সম্পাদনা কৰক]- Sarma, Benudhar (1993), Maniram Dewan, প্ৰকাশক Guwahati: Manuh Prakashan
- Barua, Golap Chandra (1930), Ahom Buranji, with a Parallel English Translation, প্ৰকাশক Calcutta: Assam Administration, https://archive.org/details/ahomburanjiwith00baru