শক্তিকান্ত দাস

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শক্তিকান্ত দাস
ভাৰতীয় ৰিজাৰ্ভ বেংক২৫তম গভৰ্ণৰ
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
১১ ডিচেম্বৰ
নিয়োগকৰ্তা কেবিনেটৰ নিযুক্তি কমিটি
ৰাষ্ট্ৰপতি ৰাম নাথ কোৱিন্দ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
উপ ৰাষ্ট্ৰপতি ভেংকাইয়া নাইডু
পূৰ্বসূৰী উৰ্জিত পেটেল
জি২০লৈ ভাৰতৰ প্ৰতিনিধি
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
২৭ নৱেম্বৰ ২০১৭
নিয়োগকৰ্তা কেবিনেটৰ নিযুক্তি কমিটি
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
মন্ত্ৰী অৰুণ জেটলি
ৰাজ্যপাল উৰ্জিত পেটেল
পূৰ্বসূৰী অৰবিন্দ পাণগৰীয়া
পঞ্চদশ বিত্তীয় আয়োগৰ সদস্য
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
২৭ নৱেম্বৰ ২০১৭
নিয়োগকৰ্তা কেবিনেটৰ নিযুক্তি কমিটি
ভাৰতৰ অৰ্থনৈতিক সচিব
কাৰ্যকাল
৩১ আগষ্ট ২০১৫ – ২৮ নৱেম্বৰ ২০১৭
নিয়োগকৰ্তা কেবিনেটৰ নিযুক্তি কমিটি
মন্ত্ৰী অৰুণ জেটলি
পূৰ্বসূৰী ৰাজীৱ মহৰ্ষি
উত্তৰসূৰী সুবাস চন্দ্ৰ গাৰ্গ
ভাৰতৰ কৰ সচিব
কাৰ্যকাল
১৬ জুন ২০১৪ – ৩১ আগষ্ট ২০১৫
নিয়োগকৰ্তা কেবিনেটৰ নিযুক্তি কমিটি
মন্ত্ৰী অৰুণ জেটলি
পূৰ্বসূৰী ৰাজীৱ ঠাকুৰ
উত্তৰসূৰী হাসমুখ আধিয়া
ভাৰতৰ সাৰ সচিব
কাৰ্যকাল
৩০ ডিচেম্বৰ ২০১৩ – ১৫ জুন ২০১৪
নিয়োগকৰ্তা কেবিনেটৰ নিযুক্তি কমিটি
ব্যক্তিগত তথ্য
জন্ম ২৬ ফেব্ৰুৱাৰী, ১৯৫৭ (৬৭ বছৰ)
ওড়িশা, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষানুষ্ঠান ছেন্ট ষ্টিফেন কলেজ, দিল্লী
দিল্লী বিশ্ববিদ্যালয়
ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান, বেংগালুৰু
ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান, কলিকতা
ভাৰতীয় প্ৰশাসনীয় কৰ্মচাৰী মহাবিদ্যালয়
পাব্লিক এন্টাৰপ্ৰাইজ প্ৰতিষ্ঠান
ৰাষ্ট্ৰীয় বেংক ব্যৱস্থাপনা প্ৰতিষ্ঠান
হিমাচল প্ৰদেশ জন প্ৰশাসন প্ৰতিষ্ঠান
চৰকাৰী ব্যৱস্থাপনা প্ৰতিষ্ঠান
পেচা প্ৰশাসনিক বিষয়া

শক্তিকান্ত দাস (জন্ম ২৬ ফেব্ৰুৱাৰী ১৯৫৭) এজন অৱসৰ প্ৰাপ্ত তামিলনাডু কেডাৰৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া তথা বৰ্তমান ভাৰতীয় ৰিজাৰ্ভ বেংকগভৰ্ণৰ। পূৰ্বে তেওঁ ভাৰতৰ বিভিন্ন গুৰুত্বপূৰ্ণ পদবী যেনে বিভিন্ন বিভাগৰ সচিব, পঞ্চদশ বিত্তীয় আয়োগৰ সদস্য আৰু জি২০লৈ ভাৰতৰ প্ৰতিনিধিত্ব কৰিছিল।

প্ৰশাসনিক বিষয়া হিচাপে তেওঁ ভাৰত চৰকাৰ আৰু তামিলনাডু চৰকাৰৰ বিভিন্ন পদবীত কাৰ্যনিৰ্বাহ কৰা দাসে ১১ ডিচেম্বৰ তাৰিখে ভাৰতৰ ২৫তম ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ হিচাপে নিযুক্তি লাভ কৰে।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা[সম্পাদনা কৰক]

১৯৫৭ চনৰ ২৬ ফেব্ৰুৱাৰী তাৰিখে ওড়িশাৰ ৰাজধানী ভুৱনেশ্বৰত শক্তিকান্ত দাসৰ জন্ম হৈছিল।[1] তেওঁ ভুৱনেশ্বৰৰ ডেম'ষ্ট্ৰেচন মাল্টিপাৰপজ স্কুলত শিক্ষা গ্ৰহণ কৰিছিল।[2] তাৰপিছত তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ছেন্ট ষ্টিফেন কলেজৰ পৰা ইতিহাসত স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।[3]

তাৰ পিছত তেওঁ ভাৰতীয় প্ৰশাসনিক সেৱালৈ নিযুক্তি লাভ কৰে। প্ৰশাসনিক বিষয়া হিচাপে তেওঁ ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান, বেংগালুৰুৰ পৰা উচ্চ বিত্তীয় ব্যৱস্থাপনাৰ পাঠ্যক্ৰম লগতে ৰাষ্ট্ৰীয় বেংক ব্যৱস্থাপনা প্ৰতিষ্ঠানৰ পৰা উন্নয়ন বেংকিং আৰু প্ৰতিষ্ঠানীয় ঋণ বিষয়ক পাঠ্যক্ৰম গ্ৰহণ কৰে। সেৱাৰত অৱস্থাত তেওঁ পাব্লিক এন্টাৰপ্ৰাইজ প্ৰতিষ্ঠানত বিত্তীয় ব্যৱস্থাপনা বিষয়ত প্ৰশিক্ষণ লাভ কৰে। তেওঁ ভাৰতীয় প্ৰশাসনীয় কৰ্মচাৰী মহাবিদ্যালয়ৰ পৰা ডিপ্লমা আৰু ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান, কলিকতাৰ পৰা মধ্যকালীন স্তৰৰ প্ৰশিক্ষণ লাভ কৰে। লগতে তেওঁ হিমাচল প্ৰদেশ জন প্ৰশাসন প্ৰতিষ্ঠানৰ পৰা প্ৰকল্প ৰূপায়নৰ শিক্ষা লয়।[3][4]

তথ্যউৎস[সম্পাদনা কৰক]