কাণ-খোৱা
কাণ-খোৱা এখন কাব্য সাহিত্য। কাব্যখনৰ কবি শ্ৰীধৰ কন্দলি। ইয়াক নিচুকনি গীতৰ ঠাঁচত লিখা হৈছে। ড০ বাণীকান্ত কাকতিৰ ভাষাত “ই অতিশয় মনোমোহা, সৰল অথচ নিৰুপম কৌশলপূৰ্ণ। এইপিনে ইয়াত কৃষ্ণৰ শিশু জীৱনৰ নিকপটীয়া প্ৰাণৰ প্ৰতিবিম্ব পৰিছে, আনপিনে প্ৰশান্ত ভক্তিভাব পূৰ্ণচন্দ্ৰৰ নিচিনাকৈ বিৰাজ কৰিছে।”[1]
বিষয় বস্তু
[সম্পাদনা কৰক]শ্ৰীধৰ কন্দলিৰ 'কাণ-খোৱা' কবিতাটো শিশু জীৱনৰ মনোৰম ঘটনা এটি লৈ লিখা। সকলো দেশতে সকলো সময়তে শিশুক শুৱাবলৈ নিচুকণি গীত গোৱাৰ ৰীতি আছে। নিচুকণি গীতৰ আৰ্হিত বিষ্ণুৰ অৱতাৰৰ লীলা-মাহাত্ম্য সৰল প্ৰাঞ্জল আৰু অভিনৱ ৰূপত কবিয়ে কাণখোৱাত প্ৰকাশ কৰিছে। শিশুকৃষ্ণক কাণ-খোৱা আহিব বুলি মাক যশোদাই ভয় খুৱাই শুৱাবলৈ চেষ্টা কৰোঁতে শিশুৰূপী পৰমেশ্বৰ কৃষ্ণই বিভিন্ন অৱতাৰৰ কথা সুঁৱৰি ক'তো কাণখোৱাক লগ পোৱাৰ কথা মনত পেলাব নোৱাৰি কৃত্ৰিম ভয়ত মাকক সাবটি ধৰিছে। কৃষ্ণৰ ঈশ্বৰত্ব আৰু শিশুত্ব এই দুটা দিশ অকণমান পুথিখনত ফুটাই তুলিছে। মাকৰ বুকুত সোমাই ভয়াৰ্ত শিশুৰ দৰে কৃষ্ণই কাণখোৱাৰ নাম শুনি টেপা মাৰিছে আৰু বিভিন্ন অৱতাৰত বধ কৰা অসুৰ ৰাক্ষসবোৰৰ নাম সুঁৱৰি কাণখোৱা বীৰৰ উৱাদিহ উলিয়াব নোৱাৰি বিহ্বল হৈ পৰিছে।[2]
কবিৰ চমু পৰিচয়
[সম্পাদনা কৰক]বৈষ্ণব কবি শ্ৰীধৰ কন্দলি মহাপুৰুষ শংকৰদেৱৰ সমসাময়িক আৰু তেওঁৰ প্ৰিয়পাত্ৰ আছিল। শ্ৰীধৰ কন্দলি দুখন গ্ৰন্থৰ গ্ৰন্থকাৰ। এখন 'কাণ-খোৱা' আৰু আনখন 'ঘুনুচা-যাত্ৰা' | শংকৰদেৱৰ প্ৰিয়জনৰ ৰচনা বুলি 'ঘুনুচা-যাত্ৰা'ক কীৰ্তনৰ অন্তৰ্গত কৰি লোৱা হৈছে। ইয়াৰোপৰি মহাভাৰতৰ অশ্বমেধ-পৰ্ব শ্ৰীধৰ কন্দলিৰ ভাঙনি।[3]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ কাকতি, ড॰ বাণীকান্ত (২০০০). পুৰণি অসমীয়া সাহিত্য. প্ৰকাশক গুৱাহাটী: অসম প্ৰকাশন পৰিষদ. পৃষ্ঠা. ৪৩.
- ↑ শৰ্মা, সত্যেন্দ্ৰনাথ (২০১১). অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত. প্ৰকাশক গুৱাহাটী - ৮: সৌমাৰ প্ৰকাশ. পৃষ্ঠা. ১৫৭.
- ↑ কাকতি, ড॰ বাণীকান্ত (২০০০). পুৰণি অসমীয়া সাহিত্য. প্ৰকাশক গুৱাহাটী - ২১: অসম প্ৰকাশন পৰিষদ. পৃষ্ঠা. ৪৪.