সদস্য বাৰ্তা:Bablu P Baruah

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

নিজৰ বিষয়ে প্ৰবন্ধ[সম্পাদনা কৰক]

অসমীয়া ৱিকিপিডিয়ালৈ আপুনি দেখুওৱা আগ্ৰহৰ বাবে ধন্যবাদ। অনুগ্ৰহ কৰি আত্মপ্ৰচাৰ সম্পৰ্কীয় নীতিসমূহৰ বিষয়ে পঢ়ি চাব। ধন্যবাদ। --𝕮𝖍𝖆𝖓𝖉𝖆𝖓 𝕮𝖍𝖎𝖗𝖎𝖓𝖌 𝕻𝖍𝖚𝖐𝖔𝖓Let's Talk 16:02, 14 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

I have had read these. Thank you. Bablu P Baruah (বাৰ্তা) 17:56, 14 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

@Bablu P Baruah: তেন্তে আপুনি নিশ্চয় বুজি পাইছে যে আপোনাৰ নিজৰ বিষয়ে লিখা প্ৰবন্ধটো আৰু ইয়াৰ তথ্য উৎসসমূহ কিয় গ্ৰহণযোগ্য নহয়। সহযোগিতা কামনাৰে। --𝕮𝖍𝖆𝖓𝖉𝖆𝖓 𝕮𝖍𝖎𝖗𝖎𝖓𝖌 𝕻𝖍𝖚𝖐𝖔𝖓Let's Talk 18:50, 14 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই লেখাটোৰ কোনো অংশতে পক্ষপাতিত্ব, তথ্যৰ অপব্যৱহাৰ অথবা অসত্য বা অপ্ৰমাণিত তথ্যসূত্ৰ ব্যৱহাৰ কৰা হোৱা নাই। তৎসত্ত্বেও মোৰ প্ৰবন্ধটো বাতিলকৰণৰ বাবে আপোনাৰ দাবীৰ ন্যায্যতা প্ৰদান কৰে যেন। Bablu P Baruah (বাৰ্তা) 05:25, 15 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

@Bablu P Baruah: ৱিকিপিডিয়াৰ নীতি অনুসৰি নিজৰ বিষয়ে বা নিজে জড়িত থকা কোনো কৰ্মৰ বিষয়ে নিজেই প্ৰবন্ধ লিখাটোক আত্মপ্ৰচাৰ বুলি ধৰা হয় আৰু আপোনাৰ সদস্যপৃষ্ঠালৈ লক্ষ্য কৰিলে এই কথা অনুমান কৰাত অসুবিধা নহয় যে আপুনি নিজৰ বিষয়েই বাব্‌লু প্ৰসাদ বৰুৱা প্ৰবন্ধটো লিখিছে। দ্বিতীয়তে আপুনি প্ৰবন্ধটোত তিনিটা তথ্য উৎস উল্লেখ কৰিছে আৰু তাৰে প্ৰথমটোৰ লেখকদ্বয়ৰ অন্যতম বাব্‌লু প্ৰসাদ বৰুৱা নিজেই আৰু সেয়ে ই গ্ৰহণযোগ্য নহয়। দ্বিতীয় সূত্ৰটোৱে প্ৰবন্ধটোৰ সৈতে পোনপটীয়াকৈ জড়িত কোনো তথ্যৰে সত্যাপনযোগ্যতা প্ৰমাণ কৰা নাই। তৃতীয় সূত্ৰটোৱে কেৱলমাত্ৰ বাব্‌লু প্ৰসাদ বৰুৱা অসমীয়া সাহিত্য সন্মিলনীৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক, ৰাজ্যিক সম্পাদক তথা ৰাজ্যিক কৰ্ণধাৰ সমিতিৰ সদস্য বুলি উদ্ধৃতি দিছে। গতিকে প্ৰবন্ধটোত উল্লিখিত তথ্যসমূহৰ সত্যাপনযোগ্যতা মুঠেই নাই আৰু সেয়েহে ই ক্ষিপ্ৰ বিলোপনৰ যোগ্য। --𝕮𝖍𝖆𝖓𝖉𝖆𝖓 𝕮𝖍𝖎𝖗𝖎𝖓𝖌 𝕻𝖍𝖚𝖐𝖔𝖓Let's Talk 06:08, 15 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

আপোনাৰ বহুমূলীয়া গঠনমূলক পৰামৰ্শৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। নিজৰ বিষয়ে নিজেই লিখাটো যিহেতু ৱিকিপিডিয়াৰ নীতিয়ে সমৰ্থন নকৰে, সেয়ে মই লেখাটো কিদৰে এই বৃহৎ কৰ্ম-আঁচনি তথা তথ্যভঁৰালৰ অন্তৰ্ভুক্ত কৰিব পাৰি জানিবলৈ ইচ্ছুক। অনুগ্ৰহ কৰি জনাব। Nabeen Burhagohain (বাৰ্তা) 06:27, 15 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

ভাষা-চৰ্চাৰ প্ৰতি আন্তৰিক প্ৰীতি ভাবৰ লগতে মই লেখাটোত উল্লেখ কৰা ব্যক্তিজনৰ সাহিত্য কৰ্মৰ বিষয়ে আলোচনা কৰিবলৈ আগ্ৰহ কৰি সদস্য অন্তৰ্ভুক্ত হৈছোঁ আৰু সেয়ে মোৰ অনুসন্ধিৎসা দূৰ কৰিবলৈ আহ্বান জনাইছোঁ। Nabeen Burhagohain (বাৰ্তা) 06:33, 15 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

@Nabeen Burhagohain: অসমীয়া ৱিকিপিডিয়াৰ প্ৰতি আপোনাৰ আগ্ৰহ দেখি সুখী হ'লো। অসমীয়াই হওক বা অন্য ভাষাৰেই হওক, ৱিকিপিডিয়া কোনো ব্যক্তিৰ সাহিত্য কৰ্মৰ বিষয়ে আলোচনা কৰাৰ স্থান মুঠেই নহয়। ই নিৰপেক্ষ দৃষ্টিভংগী আৰু নিৰ্ভৰযোগ্য উৎসৰ সৈতে সন্নিৱিষ্ট কৰা তথ্যৰ ভঁৰালহে। ইয়াৰ লগতে নিজৰ বিষয়ে নিজেই লিখা বুলিয়েই নহয়, উপযুক্ত তথ্য উৎস নাথাকিলে যিকোনো প্ৰবন্ধ বা তথ্যক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। কিয়নো বহু লোকে আনৰ নামত একাউণ্ট খুলিও আত্মপ্ৰচাৰৰ যত্ন কৰা দেখা যায়। প্ৰবন্ধ আৰম্ভ কৰাৰ আগতে সদস্য পৃষ্ঠাৰ ওপৰফালে উল্লিখিত লিংকসমূহ আৰু ইতিমধ্যে ৱিকিত সন্নিৱিষ্ট বিভিন্ন প্ৰবন্ধসমূহত চকু ফুৰালে ৱিকিপিডিয়াত প্ৰবন্ধ লিখাৰ প্ৰাথমিক ধাৰণাসমূহ পাব। ইয়াৰ লগতে এবাৰ হোমেন বৰগোহাঞি প্ৰবন্ধটোও পঢ়ি চাব। শুভেচ্ছা আৰু ধন্যবাদেৰে। --𝕮𝖍𝖆𝖓𝖉𝖆𝖓 𝕮𝖍𝖎𝖗𝖎𝖓𝖌 𝕻𝖍𝖚𝖐𝖔𝖓Let's Talk 07:29, 15 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
ৱিকিপিডিয়াত কোনো ব্যক্তিৰ জীৱনী লিখিবলৈ ব্যক্তিজন উল্লেখযোগ্য হোৱা প্ৰয়োজন। ৱিকিপিডিয়াৰমতে উল্লেখযোগ্য মানে কি এই পৃষ্ঠাত চাব পাৰে। আৰু ব্যক্তিজন যদি সঁচাই উল্লেখযোগ্য হয়, তেন্তে তেনে ব্যক্তিৰ বিষয়ে ৱিকিত যিকোনো ব্যক্তিয়ে প্ৰবন্ধ লিখে, ব্যক্তিজনে নিজে নাইবা কোনো চিনাকি লোকে লিখাৰ বা লিখোৱাবৰ প্ৰয়োজন নাথাকে। প্ৰকৃততে ৱিকিপিডিয়া প্ৰচাৰৰ মাধ্যম নহয়। দিব্য দত্ত (বাৰ্তা) 13:25, 15 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

ইমান খুঁটি-নাটি সামৰি প্ৰবন্ধটো একপক্ষীয়ভাৱে আৰু সুযুক্তি বিহনে নাকচ কৰাৰ বিষয়টো প্ৰত্যাহ্বান হিচাপে লৈ আপোনালোক গুণীজনে আমি মূঢ়মতিক বুজাই দিবৰ বাবে কৰা প্ৰয়াসৰ গতিৰ সৈতে আমি তাল মিলাবলৈ অক্ষম হৈছোঁ। তথাপি আপোনালোকৰ সুমিষ্ট প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ বাবে আনন্দিত হৈছোঁ। কুশলে থাকক। ধন্যবাদ। Nabeen Burhagohain (বাৰ্তা) 14:16, 15 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]