সমললৈ যাওক

সদৌ টাই আহোম ছাত্ৰ সন্থা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সদৌ টাই আহোম ছাত্ৰ সন্থা
𑜋𑜪𑜤 𑜑𑜪𑜤 𑜎𑜤𑜀𑜫 𑜑𑜦𑜃𑜫 𑜄𑜩 𑜒𑜡 𑜑𑜪𑜤 𑜄𑜂𑜫 𑜉𑜢𑜤𑜂𑜫 (চম হম লিক হেন টাই আহোম টাং মু'ঙ)
Chom Hom Lik Hen Tai Ahom Tang Mung
প্ৰকাৰ জনগোষ্ঠীয় ছাত্ৰ সংগঠন
Legal status সক্ৰিয়
উদ্দেশ্য টাই আহোম জনগোষ্ঠীৰ বিকাশ সাধন, অসমৰ জলন্ত সমস্যা সমূহত মাত মতা তথা মূলতঃ টাই আহোমৰ সৈতে ছয় জনগোষ্ঠীৰ জনজাতি কৰণৰ দাবী
Region served
অসম, অৰুণাচল
Official language
টাই-আহোম ভাষা
সভাপতি
চাও প্ৰাঞ্জল ৰাজকোঁৱৰ
প্ৰতিস্থাপক
চাও প্ৰমোদ বৰুৱা
সহকাৰী প্ৰতিস্থাপক
চাও পুষ্পধৰ শইকীয়া
অনলাইন অবলোকন
চাও হৰিষ ৰঞ্জন গগৈ
Key people
চাও পলাশ প্ৰতিম পাটকাই, চাও সুভাষ দিহিঙীয়া
Main organ
কেন্দ্ৰীয় সমিতি

সদৌ টাই আহোম ছাত্ৰ সন্থা (আহোম ভাষা: 𑜋𑜪𑜤 𑜑𑜪𑜤 𑜎𑜤𑜀𑜫 𑜑𑜦𑜃𑜫 𑜄𑜩 𑜒𑜡 𑜑𑜪𑜤 𑜄𑜂𑜫 𑜉𑜢𑜤𑜂𑜫 চম হম লিক হেন টাই আহোম টাং মু'ঙ, ইংৰাজী: All Tai Ahom Students union) বা চমুকৈ আটাছু হ'ল অসম আৰু অৰুণাচল প্ৰদেশৰ এটা আগশাৰী জনগোষ্ঠীয় ছাত্ৰ সংগঠন। ই টাই-আহোম জনগোষ্ঠীৰ ছাত্ৰ সমাজ মিলিত হৈ গঠন হৈছে। ই বৰ্তমান অসমৰ এটা বৃহৎ টাই-আহোম জনগোষ্ঠীয় সংগঠন।[1]

সংগ্ৰাম

[সম্পাদনা কৰক]

সদৌ টাই আহোম ছাত্ৰ সন্থা মূলতঃ টাই আহোম জনগোষ্ঠীৰ জনজাতীকৰণৰ কাৰণে দাবী জনাই আহিছে।[2].[3][4] ইয়াৰ উপৰি অসমৰ বিভিন্ন জলন্ত সমস্যাৰ ওপৰতো সংগঠনটোৱে বিভিন্ন সময়ত প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা দেখা যায়। শেহতীয়া সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধেও সদৌ টাই আহোম ছাত্ৰ সন্থাৰ সদস্য সকলে প্ৰতিবাদ কৰিছে।

সাংগঠনিক বিভাগ

[সম্পাদনা কৰক]

সদৌ টাই আহোম ছাত্ৰ সন্থাৰ বৰ্তমানৰ জিলা পৰ্যায়ৰ সমিতিসমূহ হৈছে-

  1. সদৌ টাই আহোম ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতি
  2. সদৌ টাই আহোম ছাত্ৰ সন্থা ডিব্ৰুগড় জিলা সমিতি
  3. সদৌ টাই আহোম ছাত্ৰ সন্থা ধেমাজি জিলা সমিতি
  4. সদৌ টাই আহোম ছাত্ৰ সন্থা লখিমপুৰ জিলা সমিতি
  5. সদৌ টাই আহোম ছাত্ৰ সন্থা শিৱসাগৰ জিলা সমিতি
  6. সদৌ টাই আহোম ছাত্ৰ সন্থাচৰাইদেও জিলা সমিতি
  7. সদৌ টাই আহোম ছাত্ৰ সন্থা যোৰহাট জিলা সমিতি
  8. সদৌ টাই আহোম ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতি
  9. সদৌ টাই আহোম ছাত্ৰ সন্থা কামৰূপ জিলা সমিতি
  10. সদৌ টাই আহোম ছাত্ৰ সন্থা কাৰ্বি আংলং জিলা সমিতি
  11. সদৌ টাই আহোম ছাত্ৰ সন্থা নগাঁও জিলা সমিতি
  12. সদৌ টাই আহোম ছাত্ৰ সন্থা মৰিগাঁও জিলা সমিতি
  13. সদৌ টাই আহোম ছাত্ৰ সন্থা পাছিঘাট জিলা সমিতি (অৰুণাচল প্ৰদেশ)

সংগঠনটোৱে অসম দিৱস, বিহু সন্মিলন ,লাচিত দিৱস, মে ডাম মে ফি আদি উদযাপন কৰে। প্ৰদ্যুৎ পৱন গগৈ সদৌ টাই আহোম ছাত্ৰ সন্থাৰ প্ৰথম শিক্ষা সচিব আছিল। আৰু তেওঁ কটন মহাবিদ্যালয়ৰ সদৌ টাই আহোম ছাত্ৰ সন্থা সমিতি গঠন কৰাৰ লগতে অধিকাৰীক ৱেবছাইট এটাও গঠন কৰিছিল।

বুৰঞ্জী

[সম্পাদনা কৰক]

১৯৮৮ চনৰ জুলাই মাহত সদৌ টাই আহোম ছাত্ৰ সন্থা স্থাপন কৰা হৈছিল। প্ৰতিস্থাপক সমিতিৰ সদস্য সমূহ হল অমৃত কুমাৰ চেতিয়া, প্ৰমোদ বৰুৱা, পুষ্পধৰ শইকীয়া আৰু অৰুণ গগৈ।

লগতে চাওক

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]

উৎস প্ৰসংগ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]