সমললৈ যাওক

সাগৰমাথা ৰাষ্ট্ৰীয় উদ্যান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সাগৰমাথা ৰাষ্ট্ৰীয় উদ্যান
ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰাকৃতিক দৃশ্য
ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰাকৃতিক দৃশ্য
অৱস্থান কোশী, নেপাল
নিকটতম চহৰ নামচে, খুমজুং
মাটিকালি 1,148 বৰ্গ কি.মি. (443 বৰ্গ মাইল)
প্ৰতিস্থা ১৯ জুলাই ১৯৭৬
কৰ্তৃপক্ষ ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্ৰাণী সংৰক্ষণ বিভাগ
ৱেবছাইট sagarmathanationalpark.gov.np
ইউনেস্ক' বিশ্ব ঐতিহ্য ক্ষেত্ৰ
সাগৰমাথা ৰাষ্ট্ৰীয় উদ্যান
বিশ্ব ঐতিহ্য ক্ষেত্ৰত তালিকাভুক্ত হিচাপে নাম
মাপকাঠি প্ৰাকৃতিক: vii
উদ্ধৃতি ১২০
অভিলিখনৰ ইতিহাস
অভিলিখন ১৯৭৯ (৩য় অধিবেশন)


সাগৰমাথা ৰাষ্ট্ৰীয় উদ্যান (ইংৰাজী: Sagarmatha National Park) হৈছে পূব নেপালহিমালয়ত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান। এই উদ্যান ১৯৭৬ চনত স্থাপন কৰা হৈছিল। চলুখুংবু জিলাত ১,১৪৮ বৰ্গকিলোমিটাৰ (৪৪৩ বৰ্গ মাইল) এলেকা সামৰি এই ৰাষ্ট্ৰীয় উদ্যানখন আছে। ই সাগৰপৃষ্ঠৰ পৰা ২,৮৪৫ - ৮,৮৪৮ মিটাৰ (৯,৩৩৪ - ২৯,০২৯ ফুট) উচ্চতাত অৱস্থিত আৰু ইয়াতে‍ মাউণ্ট এভাৰেষ্ট অন্তৰ্ভুক্ত হৈ আছে। উত্তৰ দিশত ই তিব্বত স্বায়ত্তশাসিত অঞ্চলৰ কমোলাংমা ৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ-বতৰা কৰিছে‍। পূব দিশত ই মাকালু বৰুণ ৰাষ্ট্ৰীয় উদ্যানৰ সৈতে‍ লাগি আছে আৰু দক্ষিণ দিশত ই দুধ কোচী নদীলৈকে বিস্তৃত হৈ আছে।[1] ই পৱি‍ত্ৰ হিমালয়ৰ ভূ-খণ্ডৰ অংশ।[2]

সাগৰমাথা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰৱেশদ্বাৰ

১৯৭৬ চনৰ ১৯ জুলাইত সাগৰমাথা ৰাষ্ট্ৰীয় উদ্যান স্থাপন কৰা হৈছিল।[3] ১৯৭৯ চনত ই দেশৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান হিচাপে চিহ্নিত হয় আৰু ইয়াক প্ৰাকৃতিক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে লিপিৱদ্ধ কৰা হৈছে‍। ২০০২ চনৰ জানুৱাৰীত ২৭৫ বৰ্গকিলোমিটাৰ (১০৬ বৰ্গমাইল) সামৰি‍ এক বাফাৰ জ'ন যোগ কৰা হৈছিল।[1] বাফাৰ জ'ন ব্যৱস্থাপনা নিৰ্দেশনাৰ অধীনত বন, বন্যপ্ৰাণী আৰু সাংস্কৃতিক সম্পদ সংৰক্ষণক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়া হৈছে‍; তাৰ লগতে‍ অন্যান্য প্ৰাকৃতিক সম্পদৰ সংৰক্ষণ আৰু বিকল্প শক্তি বিকাশত গুৰুত্ব দিয়া হৈছে‍।[4] ১৯৬০-ৰ দশকৰ আৰম্ভণিতে অঞ্চলটোত পৰ্যটন আৰম্ভ হৈছিল। ২০০৩ চনত ৰাষ্ট্ৰীয় উদ্যানখনলৈ‍ প্ৰায় ১৯,০০০জন পৰ্যটকৰ আগমন হৈছিল। ২০০৫ চনলৈকে প্ৰায় ৩,৫০০জন শ্বেৰ্পা লোক মূল পৰ্যটন ক্ষেত্ৰৰ কাষত অৱস্থিত গাঁও আৰু ঋতুভিত্তিক বসতিস্থানসমূহত বাস কৰি আহিছে‍।[5]

ভূ-দৃশ্য

[সম্পাদনা কৰক]

সাগৰমাথা ৰাষ্ট্ৰীয় উদ্যানত দুধ কোচী আৰু ভোটকোশী নদীৰ উজনিৰ অৱবাহিকা অঞ্চলৰ লগতে‍ গোকিও হ্ৰদ আছে। ই ২,৮৪৫ মিটাৰ (৯,৩৩৪ ফুট)ৰ উচ্চতাৰ পৰা ৮,৮৪৮ মিটাৰ (২৯,০২৯ ফুট) উচ্চতাৰ মাউণ্ট এভাৰেষ্ট শিখৰলৈকে বিস্তৃত। ৬,০০০ মিটাৰ (২০,০০০ ফুট)ৰ ওপৰত থকা আন শৃংগবোৰ হৈছে লট্ছে, চো অয়ু, থামচেৰকু, নুপ্ছে, আমাদাবলাম আৰু পুমোৰি। ৫,০০০ মিটাৰ (১৬,০০০ ফুট)তকৈ অধিক উচ্চতাৰ অনুৰ্বৰ ভূমিত উদ্যানখনৰ ৬৯% অঞ্চল আছে, আনহাতে ২৮% অঞ্চল চৰণীয়া পথাৰ আৰু বাকী ৩% অঞ্চল বনাঞ্চল। জলবায়ু ৩,০০০ মিটাৰ (৯,৮০০ ফুট)ৰ ওপৰৰ অংশ নাতিশীতোষ্ণ আৰু উপ-আলপাইন পৰা ৪,০০০ মিটাৰ (১৩,০০০ ফুট)ৰ অধিক উচ্চতাত থকা আলপাইনলৈকে উদ্ভিদ বৃদ্ধিৰ উচ্চ সীমা বিস্তৃত। নিভাল অঞ্চল ৫,০০০ মিটাৰ (১৬,০০০ ফুট)ত আৰম্ভ হয়।[1]

বন্যপ্ৰাণী

[সম্পাদনা কৰক]
৫,০০০ মিটাৰ (১৬,০০০ ফুট) উচ্চতাত ফুল ফুলা

উদ্ভিদকুল

[সম্পাদনা কৰক]

চাবালপাইন বেল্টৰ অৰণ্যবোৰ ফিৰ, হিমালয়ান বাৰ্চ আৰু ৰ'ড'ডেণ্ড্ৰনৰে পৰিৱেষ্টিত। জুনিপাৰ আৰু ৰ'ড'ডেণ্ড্ৰন ৪,০০০-৫,০০০ মিটাৰ (১৩,০০০-১৬,০০০ ফুট) উচ্চতালৈকে‍ সিঁচৰতি হৈ আছে‍। মোস আৰু লাইকেন ৫,০০০ মিটাৰ (১৬,০০০ ফুট)তকৈ অধিক উচ্চতাত পোৱা যায়।[6] ৰাষ্ট্ৰীয় উদ্যানখনত ১,০০০তকৈও অধিক ফুলৰ প্ৰজাতি লিপিৱদ্ধ কৰা হৈছে‍।[1]

জীৱ-জন্তু

[সম্পাদনা কৰক]
ৰাষ্ট্ৰীয় উদ্যানত স্নোকক

সাগৰমাথা ৰাষ্ট্ৰীয় উদ্যানত ইম্পেয়ান ফেজেণ্ট, দাড়ি থকা শিয়াল, স্নোকক আৰু আলপাইন চ'গকে ধৰি ২০৮টা বিবিধ প্ৰজাতিৰ চৰাই আছে।[1] ইয়াক এক গুৰুত্বপূৰ্ণ পক্ষী অঞ্চল হিচাপে চিনাক্ত কৰা হৈছে।[7] কুঁজ থকা জন্তুবোৰৰ ভিতৰত আছে হিমালয়ান তাহৰ, হিমালয়ান চেৰো আৰু কস্তুৰী মৃগ, বৰফৰ নাহৰফুটুকী বাঘ। ৩,৫০০ মিটাৰ(১১,৫০০ ফুট)তকৈ অধিক উচ্চতাত ইহঁত বাস কৰে আৰু ভাৰতীয় নাহৰফুটূকী নিম্ন উচ্চতাৰ অৰণ্যত ঘূৰি ফুৰে।[8]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 1.3 1.4 Bhuju, U.R.; Shakya, P.R.; Basnet, T.B. & Shrestha, S. (2007). Nepal Biodiversity Resource Book. Protected Areas, Ramsar Sites, and World Heritage Sites. Kathmandu: International Centre for Integrated Mountain Development, Ministry of Environment, Science and Technology, in cooperation with United Nations Environment Programme, Regional Office for Asia and the Pacific. পৃষ্ঠা. 53–55. ISBN 978-92-9115-033-5. 
  2. Gurung, C. P.; Maskey, T. M.; Poudel, N.; Lama, Y.; Wagley, M. P.; Manandhar, A.; Khaling, S.; Thapa, G. et al. (2006). "The Sacred Himalayan Landscape: Conceptualizing, Visioning, and Planning for Conservation of Biodiversity, Culture and Livelihoods in the Eastern Himalaya". In McNeely, J. A.. Conservation Biology in Asia. প্ৰকাশক Kathmandu: Nepal Society for Conservation Biology, Asia Section and Resources Himalaya Foundation. পৃষ্ঠা. 10–20. ISBN 99946-996-9-5. https://conbio.org/images/content_groups/Asia/Chapter%201_Gurung_Himalayan%20Landscape.pdf. 
  3. Centre, UNESCO World Heritage. "Sagarmatha National Park" (en ভাষাত). UNESCO World Heritage Centre. https://whc.unesco.org/en/list/120/। আহৰণ কৰা হৈছে: 2023-10-23. 
  4. Heinen, J. T.; Mehta, J. N. (2000). "Emerging Issues in Legal and Procedural Aspects of Buffer Zone Management with Case Studies from Nepal". Journal of Environment and Development খণ্ড 9 (1): 45–67. 
  5. Byers, A. (2005). "Contemporary human impacts on Alpine ecosystems in the Sagarmatha (Mt. Everest) National Park, Khumbu, Nepal". Annals of the Association of American Geographers খণ্ড 95 (1): 112–140. 
  6. Buffa, G.; Ferrari, C.; Lovari, S. (1998). "The upper subalpine vegetation of Sagarmatha National Park (Khumbu Himal area, Nepal) and its relationship with Himalayan tahr, musk deer and domestic yak. An outline". In Baudo, R.. Top of the World environmental research: Mount Everest–Himalayan ecosystem. প্ৰকাশক Leiden, the Netherlands: Backhuys Publishers. পৃষ্ঠা. 167–175. 
  7. "Sagarmatha National Park". BirdLife Data Zone. BirdLife International. 2005. http://datazone.birdlife.org/site/factsheet/Sagarmatha-national-park-iba-nepal। আহৰণ কৰা হৈছে: 11 October 2020. 
  8. Lovari, S.; Boesi, R.; Minder, I.; Mucci, N.; Randi, E.; Dematteis, A.; Ale, S. B. (2009). "Restoring a keystone predator may endanger a prey species in a human-altered ecosystem: the return of the snow leopard to Sagarmatha National Park". Animal Conservation খণ্ড 12: 559–570. doi:10.1111/j.1469-1795.2009.00285.x. 

বাহ্যিক সংযোগসমূহ

[সম্পাদনা কৰক]