সাধাৰণ মৰমন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সাধাৰণ মৰমন (Common Mormon)
Female Common Mormon of Romulus form
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Arthropoda
শ্ৰেণী: Insecta
বৰ্গ: Lepidoptera
পৰিয়াল: Papilionidae
গণ: Papilio
প্ৰজাতি: P. polytes
বৈজ্ঞানিক নাম
Papilio polytes
Linnaeus, 1758
Subspecies

many, see text

সাধাৰণ মৰমন (ইংৰাজী: Common Mormon, বৈজ্ঞানিক নাম-Papilio polytes) এবিধ এছিয়া মহাদেশত বহুলভাৱে বিস্তৃত হৈ থকা চাতকনেজীয়া পখিলা (Swallowtail butterfly)ৰ প্ৰজাতি৷ এই পখিলাবিধক অন্য পখিলা বিশেষকৈ ৰঙা দেহৰ চাতকনেজী পখিলা (Red-bodied Swallowtails) যেনে সাধাৰণ গোলাপী পখিলা (Common Rose) আৰু 'Crimson Rose' আদিৰ সৈতে কৰা অনুকৰণধৰ্মিতাৰ(mimicry)ৰ বাবে জনা যায়৷

বিৱৰণ[সম্পাদনা কৰক]

মাইকী সাধাৰণ মৰমন, form Romulus
Comparison between similar-looking species - A. pandiyana, A. aristolochiae, P. polytes and P. helenus

সাধাৰণ মৰমনৰ পাখিৰ বৰণ গাঢ় ক'লা আৰু পিছফালৰ পাখি (hindwing) বগা দাগ থাকে৷ বগা দাগবোৰৰ আকাৰ তললৈ কমি আহে৷ ইয়াৰ দেহৰ দৈৰ্ঘ্য প্ৰায় ৯০-১০০ মিমি হয়৷ মতা সাধাৰণ মৰমন মাইকীতকৈ আকাৰত সৰু হয়৷অৱশ্যে ঠাই বিশেষে ইয়াৰ আকাৰৰো পৰিৱৰ্ত্তন হোৱা দেখা যায়৷

বিস্তৃতি[সম্পাদনা কৰক]

সাধাৰণ মৰমন পখিলা ঘাইকৈ পাকিস্তান, ভাৰত, নেপাল, শ্ৰীলংকা, ম্যানমাৰ, থাইলেণ্ড, দক্ষিণ আৰু পশ্চিম চীন, টাইৱান, হংকং, জাপান, ভিয়েটনাম, লাওছ, আন্দামান, নিকোবৰ, মালয়েছিয়া, ব্ৰুণেই, ইন্দোনেছিয়া, ফিলিপাইনছ আদি দেশত বিস্তৃত হৈ আছে৷

বাসস্থান[সম্পাদনা কৰক]

সাধাৰণ মৰমন পখিলাই সাধাৰণতে কিছু পৰিমাণে গছ-গছনি থকা অঞ্চল পছন্দ কৰে যদিও ইয়াক প্ৰায় সকলোতে দেখিবলৈ পোৱা যায়৷ বিশেষকৈ খেতি-পথাৰ, ফলৰ বাগিচা আদিত এই পখিলাবিধে খাদ্যৰ সন্ধানত উৰি ফুৰা দেখা যায়৷ বাৰিষাকালত এইবিধ পখিলাৰ আবাদী বৃদ্ধি পায়৷

আচৰণ[সম্পাদনা কৰক]

Female form romulus seen laying an egg on Murraya paniculata

সাধাৰণ মৰমন পখিলাই ফুলৰ মৌ খাই জীয়াই থাকে৷ ই প্ৰধানকৈ নগৰৰ বাগিচাৰ Lantana, Jatropha, Ixora, আৰু Mussaenda আদি উদ্ভিদৰ বিভিন্ন অংশ খাদ্য হিচাপে গ্ৰহণ কৰে৷ বনাঞ্চলত ইয়াক সাধাৰণতে . Asystasia, Peristrophe, আৰু Jasminum উদ্ভিদৰ ফুলৰ পৰা মৌ গ্ৰহণ কৰা দেখা যায়৷ এই পখিলাবিধৰ কেৱল মতা পখিলাই মুকলি ঠাইৰ ছাঁ পৰা অঞ্চলত বোকাত খাদ্যৰ সন্ধান কৰে ( mud puddling)৷ তদুপৰি লুণীয়া মাটিৰ পৰা ইহঁতে বিভিন্ন লৱণ গ্ৰহণ কৰাৰো তথ্য পোৱা গৈছে৷[1]

পোষক উদ্ভিদ[সম্পাদনা কৰক]

সাধাৰণ মৰমনৰ পলুৱে সাধাৰণতে তলত উল্লেখ কৰা 'Rutaceae' পৰিয়ালৰ উদ্ভিদক পোষক উদ্ভিদ (host plants) হিচাপে গ্ৰহণ কৰে-

  • Aegle marmelos
  • Atalantia racemosa[2]
  • নেমুজাতীয় উদ্ভিদসমূহ (C. aurantifolia, C. grandis, C. limon, C. medica, C. sinensis)
  • Glycosmis arborea
  • Murraya koenigii, Curry leaf
  • Murraya paniculata

জীৱন-চক্ৰ[সম্পাদনা কৰক]

মাইকী সাধাৰণ মৰমন পখিলাই গছৰ মুকলি ডালত পাখি মেলি বা বন্ধ কৰি বহে৷ মতা পখিলাটোৱে এনে অৱস্থাতে প্ৰজনন কৰে৷

কণী[সম্পাদনা কৰক]

সাধাৰণ মৰমনৰ কণী পাতৰ ওপৰভাগত পাৰে৷ ইয়াৰ আকাৰ ঘূৰণীয়া আৰু বৰণ হালধীয়া বা পাতল কমলা হোৱা দেখা যায়৷

পলু[সম্পাদনা কৰক]

পলু প্ৰথম অৱস্থাত দেখাত নেমুটেঙা পখিলা (Lime Butterfly)ৰ দৰে হয়৷ পৰৱৰ্ত্তী কালত ইয়াৰ বৰণ গাঢ় সেউজীয়া হৈ পৰে৷

লেটা[সম্পাদনা কৰক]

ইয়াৰ লেটা পাত ডালৰ তলৰভাগত থাকে৷ লেটাৰ বৰণ পাতল সেউজীয়া হোৱা দেখা যায়৷

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Pola, M., García-París, M. 2005. Marine puddling in Papilio polytes (Lepidoptera Papilionidae). Florida Entomologist 88: 211-213
  2. Kunte, K. 2006. Additions to known larval host plants of Indian butterflies. J. Bombay Nat. Hist. Soc. 103(1):119-120

লগতে চাওক[সম্পাদনা কৰক]

  • Evans, W.H. (1932) The Identification of Indian Butterflies. (2nd Ed), Bombay Natural History Society, Mumbai, India
  • Gay, Thomas; Kehimkar, Isaac & Punetha, J.C.(1992) Common Butterflies of India. WWF-India and Oxford University Press, Mumbai, India.
  • Haribal, Meena (1994) Butterflies of Sikkim Himalaya and their Natural History.
  • Kunte, Krushnamegh (2005) Butterflies of Peninsular India. Universities Press.
  • Wynter-Blyth, M.A. (1957) Butterflies of the Indian Region, Bombay Natural History Society, Mumbai, India.

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

আলোকচিত্ৰ ভঁৰাল[সম্পাদনা কৰক]