সামাজিক উপভাষা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

সামাজিক উপভাষা (ইংৰাজী: Social dialect) হৈছে সমাজৰ সৈতে জড়িত ভাষা৷ সমাজ একোখনত নানা জাতি-উপজাতি আৰু ভিন ভিন ধৰ্মীয় সম্প্ৰদায়ৰ লোকে বসবাস কৰে৷ ইয়াৰোপৰি সমাজ এখনত বিভিন্ন শ্ৰেণী আৰু গোষ্ঠীৰ লোকে বসবাস কৰে৷ এই ভিন ভিন তৰহৰ মানুহৰ আচাৰ-নীতিৰ ভিন্নতা আছে৷ তেওঁলোকৰ নৈতিক দৃষ্টিভংগীও ক্ষেত্ৰ বিশেষে সুকীয়া হয়৷ তেওঁলোকৰ সামাজিক চাল-চলনৰ বিভিন্নতা আৰু বৈচিত্ৰতা ভাষাত প্ৰতিফলিত হয়৷ একেটা ভাষাকে ব্যৱহাৰ কৰিলেও এনে সামাজিক ভিন্নতাৰ হেতুকে প্ৰত্যেকৰে ভাষাৰ ৰূপবোৰো সুকীয়া৷ এইদৰে কোনো সমাজক কেন্দ্ৰ কৰি গঢ়ি উঠা ভাষাৰ বিভিন্ন ৰূপবোৰকে সামাজিক উপভাষা বোলে৷ সামাজিক উপভাষাই সমাজৰ শ্ৰেণী আৰু গোষ্ঠীসমূহৰ অৰ্থনৈতিক, সামাজিক আদি অৱস্থাৰ ইংগিত বহন কৰে৷

সামাজিক উপভাষাৰ সংজ্ঞা[সম্পাদনা কৰক]

ভাষাবিজ্ঞানীসকলে বিভিন্ন সময়ত সামাজিক উপভাষাৰ বিভিন্ন সংজ্ঞা আগবঢ়াইছে৷ যেনে-

  1. ভাষাবিজ্ঞানী লংমেনে তেখেতৰ Dictionary of Applied Linguistics নামৰ গ্ৰন্থখনত সামাজিক উপভাষাৰ সংজ্ঞা আগবঢ়াইছে যে– ‘‘....a variety of a language (a dialect) used by people belonging to particular social class. The speakers of a sociolect usually share a similar socio-economic and/or educational background.’’[1] অৰ্থাৎ সামাজিক উপভাষা হৈছে এক প্ৰকাৰৰ উপভাষা, যাক সমাজৰ বিশেষ শ্ৰেণীৰ লোকসকলে ব্যৱহাৰ কৰে৷ এই ভাষা ব্যৱহাৰকাৰীসকলৰ আৰ্থ-সামাজিক বা শৈক্ষিক পটভূমি একে৷
  2. ভাষাবিজ্ঞান উপক্ৰমণিকাত ড॰ অৰ্পণা কোঁৱৰে সামাজিক উপভাষাৰ সংজ্ঞা আগবঢ়াইছে–‘‘উপভাষাই কেতিয়াবা ভৌগোলিক সীমা অতিক্ৰম কৰি গোষ্ঠীভেদে বা সামাজিক শ্ৰেণীভেদে ভিন্ন ৰূপত গঢ় লৈ উঠা দেখা যায়৷ এনেদৰে কোনো সমাজক কেন্দ্ৰ কৰি গঢ় লৈ উঠা ভাষাৰ সুকীয়া ৰূপবোৰকে সামাজিক উপভাষা বোলা হয়৷’’[2]
  3. ভাষাবিদ ড॰ ভীমকান্ত বৰুৱাই সামাজিক উপভাষাৰ সংজ্ঞাৰ সম্পৰ্কত লিখিছে যে–‘‘এখন সমাজত শিক্ষিত, অশিক্ষিত, শ্ৰমিক, অভিজাত আদি বিভিন্ন শ্ৰেণীৰ লোকে বসবাস কৰে৷ এনেকৈ বসবাস কৰা শ্ৰেণীসমূহে ভাষা হিচাপে একেটা ভাষাকে প্ৰয়োগ কৰিলেও কথন ৰীতি, শব্দৰ প্ৰয়োগ, উচ্ছাৰণ আদিৰ দিশত প্ৰতিটোৰেই পাৰ্থক্য দেখা পোৱা যায়৷ অভিজাত শ্ৰেণীটোৱে যি ধৰণে কথা-বতৰা পাতিব, শ্ৰমিক শ্ৰেণীটোৱে সেই ধৰণে কথা-বতৰা নাপাতে অথবা শিক্ষিতসকলৰ ভাষাৰ লগত একে ভাষা কোৱা শ্ৰমিকসকলৰ ভাষাৰ মিল নাই৷ সমাজৰ বিভিন্ন শ্ৰেণীভেদে একেটা ভাষাতে দেখা পোৱা এই পাৰ্থক্যবোৰক সামাজিক উপভাষা বুলি কোৱা হয়৷’’[3] অৰ্থাৎ বিভিন্ন সামাজিক কাৰকৰ প্ৰভাৱত গঢ় লৈ উঠা এটা ভাষাৰ সুকীয়া ৰূপবোৰেই হৈছে সামাজিক উপভাষা৷

সামাজিক উপভাষা সৃষ্টিৰ কাৰণ[সম্পাদনা কৰক]

সামাজিক উপভাষা সৃষ্টিৰ অন্তৰালত বহুতো কাৰণ জড়িত হৈ থাকে৷ দীপঙ্কৰ মৰলে উপভাষা বিজ্ঞান নামৰ গ্ৰন্থত সামাজিক উপভাষাৰ উদ্ভৱ সম্পৰ্কে কৈছে–‘‘এটা ভাষাৰ যিকোনো দলে যেতিয়া একেধৰণৰ সামাজিক বান্ধোনত বান্ধ খাই একে ব্যৱস্থাপনাৰে বসবাস কৰি সেই দলৰ অন্তৰ্ভূক্ত নোহোৱাসকলৰ ভাষাতকৈ সুকীয়া ধৰণেৰে ভাব প্ৰকাশ কৰে বা তাৰ মাজেদি তেওঁলোকৰ স্বকীয়তা প্ৰকাশ কৰে, তেতিয়াই সামাজিক উপভাষাৰ উদ্ভৱ হয়৷’’[4] সামাজিক উপভাষা কোনো এটা ভৌগোলিক এলেকাত বা কেতিয়াবা ভৌগোলিক সীমা অতিক্ৰম কৰি গোষ্ঠীভেদে বা সামাজিক শ্ৰেণীভেদে সৃষ্টি হয়৷ সামাজিক উপভাষাৰ সৃষ্টিৰ অন্তৰালত কেইবাটাও কাৰণ জড়িত হৈ আছে৷ সেহবোৰ হৈছে–

  1. মানুহৰ প্ৰব্ৰজন
  2. সামাজিক শ্ৰেণী, লিংগ আৰু বয়সভেদ
  3. জাতি বা গোষ্ঠীগত কাৰণ

মানুহৰ প্ৰব্ৰজন[সম্পাদনা কৰক]

মানুহে এঠাইৰ পৰা অন্য এটা অঞ্চললৈ প্ৰব্ৰজন কৰোঁতে পূৰ্বৰ ভাষাটো লগত লৈ যায়৷ সময় বাগৰাৰ লগে লগে মানুহবোৰে নতুন অঞ্চলটোৰ ভাষাও লাহে লাহে আয়ত্ব কৰি পূৰ্বৰ ভাষাটোৰ লগতে তাকো ক’বলৈ আৰম্ভ কৰে৷ সেইবাবে দুয়োটা ভাষাৰ সংমিশ্ৰণ ঘটাৰ ফলত ভাষাৰ এক সুকীয়া ৰূপ গঢ় লয়৷ এনেদৰেই মানুহৰ [প্ৰব্ৰজন]ৰ ফলত সামাজিক উপভাষা গঢ় লৈ উঠে৷

সামাজিক শ্ৰেণী, লিংগ আৰু বয়সভেদ[সম্পাদনা কৰক]

সমাজ এখনত শিক্ষিত-অশিক্ষিত, শ্ৰমিক-অভিজাত আদি বিভিন্ন শ্ৰেণীৰ লোকে বসবাস কৰে৷ সমাজত বসবাস কৰা লোকসকলৰ বয়সো ভিন-ভিন হয়৷ শিক্ষিত লোক এজনৰ ভাষাৰ লগত অশিক্ষিতজনৰ বা শ্ৰমিক এজনৰ কৰা লোকসকলৰ বয়সো ভিন-ভিন হয়৷ শিক্ষিত লোক এজনৰ ভাষাৰ লগত অশিক্ষিতজনৰ বা শ্ৰমিক এজনৰ লগত অভিজাতজনৰ ভাষাৰ সুকীয়াৰূপ পৰিলক্ষিত হয়৷ এনে ভিন-ভিন বয়সৰ লোকসকলৰ ভাষাৰ পাৰ্থক্য আছে৷ লিংগভেদেও ভাষাৰ সুকীয়া ৰূপ দেখা যায়৷ পুৰুষ এজনৰ ভাষাৰ লগত মহিলাৰ ভাষাৰ যথেষ্ট পাৰ্থক্য থাকে৷ এইদৰে সামাজিক শ্ৰেণী, লিংগ আৰু বয়সভেদৰ ফলত ভাষাৰ বিভিন্ন ৰূপ অৰ্থাৎ সামাজিক উপভাষাৰ সৃষ্টি হয়৷

জাতি বা গোষ্ঠীগত কাৰণ[সম্পাদনা কৰক]

একেখন সমাজত ভিন-ভিন ভাষা কোৱা জাতি বা গোষ্ঠী একেলগে বসবাস কৰিলে, তেওঁলোকৰ ভাষাসমূহৰ ভিতৰত আটাইতকৈ প্ৰভাৱশালী ভাষাটো সেই জাতি বা গোষ্ঠীসমূহে তেওঁলোকৰ মাজত বিনিময়ৰ বাবে উমৈহতীয়া ভাষা ৰূপে ব্যৱহাৰ কৰা দেখা যায়৷ এই প্ৰক্ৰিয়াটোত সম্পৰ্কিত ভাষা কেইটাৰ আংশিক সংমিশ্ৰণত উমৈহতীয়া হিচাপে ব্যৱহাৰ কৰিবলৈ লোৱা ভাষাটোৰ এক সুকীয়া ৰূপ অথাৰ্ৎ সামাজিক উপভাষাৰ সৃষ্টি হয়৷

সামাজিক উপভাষাৰ শ্ৰেণীবিভাজন[সম্পাদনা কৰক]

সামাজিক উপভাষাক গঢ় লোৱাৰ দিশ অনুসৰি দুটা ভাগত ভাগ কৰা হয়–

  1. সামাজিক শ্ৰেণীগত উপভাষা
  2. সামাজিক জাতিগত উপভাষা

সামাজিক শ্ৰেণীগত উপভাষা[সম্পাদনা কৰক]

সামাজিক শ্ৰেণীভেদে গঢ় লৈ উঠা উপভাষাকে [সামাজিক শ্ৰেণীগত উপভাষা] বোলে৷ সামাজিক শ্ৰেণীগত উপভাষাৰ নিদৰ্শন সাধাৰণতে উদ্যোগপ্ৰধান সমাজতহে দেখা যায়৷ ঔদ্যোগিক সমাজৰ লগত অৰ্থনৈতিক দিশ অতি ঘনিষ্ঠভাৱে জড়িত বাবে তেনে সমাজত উচ্চ শ্ৰেণী, মধ্যবিত্ত শ্ৰেণী, নিম্ন শ্ৰেণী, উচ্ছ মধ্যবিত্ত শ্ৰেণী, নিম্ন মধ্যবিত্ত শ্ৰেণী আদি শ্ৰেণী সমাজত সৃষ্টি হয়৷ শ্ৰেণী সমাজত প্ৰত্যেক শ্ৰেণীৰ জীৱন ধাৰণ পদ্ধতি, শিক্ষা-দীক্ষা, সংস্কাৰ-ৰীতি-নীতিয়ে একোটা গোট সৃষ্টি কৰে৷ এই গোটসমূহৰ মাজত ভাষিক ভিন্নতা পৰিলক্ষিত হয়৷ এই ভিন্ন ৰূপেই সামাজিক শ্ৰেণীগত উপভাষা৷ সামাজিক শ্ৰেণীগত উপভাষা সদায় কৰ্মৰ লগত জড়িত৷ কৰ্মভিত্তিক হোৱা বাবে সামাজিক শ্ৰেণীগত উপভাষা পৰিৱৰ্তনীয় কাৰণ মানুহ এজনৰ কৰ্ম বা শ্ৰেণী সদায় একে নাথাকিবও পাৰে৷

সামাজিক জাতিগত উপভাষা[সম্পাদনা কৰক]

সামাজিক জাতিগত উপভাষা জন্মগত৷ বেদৰ সময়ৰ পৰা আমি মূলতঃ ব্ৰাহ্মণ, ক্ষত্ৰিয়, শূদ্ৰ আৰু বৈশ্য এই চাৰিটা জাতিৰ বিষয়ে পাই আহিছোঁ৷ বৈদিক যুগতে মানুহৰ সমাজখনে কৰ্মৰ ভিত্তিত মানুহক চাৰি জাতিত বিভক্ত কৰিছিল যদিও পৰৱৰ্তী সময়ত এই জাতিভেদৰ মানসিকতা সমাজত অধিক দৃঢ় হৈ উঠিল৷ জন্ম সূত্ৰে লাভ কৰা জাতিৰ মাপকাঠি সাধাৰণতে অপৰিৱৰ্তনীয়৷ প্ৰত্যেক জাতিয়ে নিজা নিজা নিয়ম-নীতিৰে নিজৰ লগতে নিজৰ ভাষা-সংস্কৃতিক বান্ধি ৰাখে৷ এইদৰে থকা বিভিন্ন জাতি বা গোষ্ঠীয়ে সুকীয়া সুকীয়া ৰূপত ভাষা এটা ব্যৱহাৰ কৰিবলৈ লোৱাৰ ফলত ভাষাৰ এটা পৃথক ৰূপৰ সৃষ্টি হয়৷ সেই নতুন ৰূপটোকে সামাজিক জাতিগত উপভাষা বোলে৷ ভাৰতৰ ব্ৰাহ্মণ আৰু অব্ৰাহ্মণ লোকসকলে প্ৰয়োগ কৰা ভাষাৰ ক্ষেত্ৰত জাতিগত উপভাষাৰ নিদৰ্শন পোৱা যায়৷
ইয়াৰোপৰি এইচ. এ. গ্লিচনে সামাজিক উপভাষাক এনেদৰে ভাগ কৰিছে–

  1. বিকশিত বা সংস্কৃত বাকভংগী
  2. লোক বাকভংগী
  3. সাধাৰণ বাকভংগী

অন্যহাতে, পশ্চিমৰ উদ্যোগিক সমাজ-ব্যৱস্থাৰ দৰে অসমত অৰ্থনৈতিক কাৰণত ভাষাই সুকীয়া ৰূপ লোৱা তেনেকৈ দেখা নাযায়৷ সেয়েহে ড॰ ৰমেশ পাঠকে অসমত সম্প্ৰদায়গত, লিংগগত আৰু শিক্ষাগত শ্ৰেণীবিভাজনৰ দ্বাৰাই এনে অধ্যয়ন পোষকতা কৰে৷

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. দীপ্তি ফুকন পাটগিৰি. অসমীয়া ভাষাৰ উপভাষা. প্ৰকাশন বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়. পৃষ্ঠা. ৬. 
  2. ড॰ অৰ্পণা কোঁৱৰ (চতুৰ্থ সংস্কৰণ ২০১৫). ভাষাবিজ্ঞান উপক্ৰমণিকা. বনলতা. পৃষ্ঠা. ২৯. 
  3. ড॰ ভীমকান্ত বৰুৱা, (তৃতীয় সংস্কৰণ ২০১১). ভাষাৰ ইতিবৃত্ত. বনলতা. পৃষ্ঠা. ৪. 
  4. ড॰ অৰ্পণা কোঁৱৰ (চতুৰ্থ সংস্কৰণ, ২০১৫). ভাষাবিজ্ঞান উপক্ৰমণিকা. বনলতা. পৃষ্ঠা. ২৯. 

সহায়ক গ্ৰন্থপঞ্জী[সম্পাদনা কৰক]

  1. কোঁৱৰ, অৰ্পণা: ভাষাবিজ্ঞান উপক্ৰমণিকা, বনলতা, চতুৰ্থ সংস্কৰণ ২০১৫
  2. পাটগিৰি, দীপ্তি ফুকন: অসমীয়া ভাষাৰ উপভাষা, প্ৰকাশন বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়
  3. বৰুৱা, ফনীন্দ্ৰ নাৰায়ণ দত্ত: আধুনিক ভাষাবিজ্ঞান পৰিচয়, বাণী প্ৰকাশ, দ্বিতীয় পৰিৱধিত সংস্কৰণ ২০১৬
  4. বৰুৱা, ভীমকান্ত: ভাষাৰ ইতিবৃত্ত,বনলতা, তৃতীয় সংস্কৰণ ২০১১