সিংজু

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সিংজু

যোংচাক সিংজু
উৎপত্তিৰ স্থান ভাৰত
অঞ্চল মণিপুৰ
ভিন্ন প্ৰকাৰ ঋতুগত পাচলি

সিংজু (ইংৰাজী: Singju) ভাৰতমণিপুৰ ৰাজ্যত প্ৰচলিত এবিধ জনপ্ৰিয় পাৰম্পৰিক ব্যঞ্জন। ইয়াৰ উৎপত্তি মূলতঃ মেইতেই সংস্কৃতিৰ পৰা হৈছিল যদিও মণিপুৰৰ বেছিভাগ সম্প্ৰদায় আৰু উত্তৰ-পূব ভাৰতৰ কিছুমান চুবুৰীয়া ৰাজ্যত ইয়াক ব্যাপকভাৱে গ্ৰহণ কৰা হৈছে। প্ৰায়ে মছলাযুক্ত গৌণ ব্যঞ্জন হিচাপে পৰিৱেশন কৰা হয়। ই দুপৰীয়া বা সন্ধিয়াৰ জলপান হিচাপেও জনপ্ৰিয়।[1]

ইয়াৰ মুখ্য উপাদান হৈছে ঋতুগত পাচলি। ঠাইভেদে চিংজুৰ বহুতো তাৰতম্য দেখা যায়। অৱশ্যে ইয়াৰ দুটা মুখ্য প্ৰকাৰ আছে: নগাৰী-আধাৰিত আৰু থইডিং-বেচন আধাৰিত। নগাৰী হৈছে এক প্ৰকাৰৰ কিণ্বন কৰা মাছ আৰু ইয়াৰ গোন্ধ মণিপুৰী ৰন্ধনশৈলীৰ মেৰুদণ্ড স্বৰূপ। ভজা নগাৰী-আধাৰিত চিংজু অধিক জনপ্ৰিয়। অৱশ্যে ইয়াক সাধাৰণতে স্থানীয় চিংজু বিক্ৰেতাসকলে নগাৰীৰ উচ্চ ব্যয়ৰ বাবে বিক্ৰী নকৰে। সেয়েহে থাইডিং-বেচন সংস্কৰণটো চিংজু বিক্ৰেতাসকলৰ পৰা অধিক ব্যাপকভাৱে উপলব্ধ। থইডিং হৈছে পেৰিলা ফাৰ্টেচেন (বৈজ্ঞানিক নাম: Perilla frutescens) গছৰ পৰা প্ৰাপ্ত কৰা এক তৈলাক্ত বীজ। যেতিয়া ইয়াৰ বীজ ভজা হয় তেতিয়া এক বাদামী গোন্ধ ওলায়। ভজা থইডিং আৰু ভজা বেচনৰ মিশ্ৰণে এটা সুস্বাদু গোন্ধ প্ৰদান কৰে আৰু এই গোন্ধ চিংজুৰ বাবে স্বকীয়। এই পৰৱৰ্তী অ-নগাৰী সংস্কৰণটো ধৰ্মীয় ভোজতো পৰিৱেশন কৰা হয় য'ত মাছ নিষিদ্ধ।[2]

ইতিহাস[সম্পাদনা কৰক]

মুখ্য উপাদান হিচাপে পদুমৰ মূলযুক্ত নিৰামিষ সিংজু

১৯৪৯ চনত ভাৰতৰ অংশ হোৱাৰ আগতে দক্ষিণ এছিয়াৰ অন্যতম প্ৰাচীন স্বতন্ত্ৰ ৰাজ্য হোৱাৰ বাবে মণিপুৰত বহুতো স্বকীয় স্থানীয় ৰীতি-প্ৰণোদনা আৰু পৰম্পৰা আছে। ইয়াৰ ফলত মণিপুৰৰ সংস্কৃতিত বিভিন্ন প্ৰভাৱৰ পৰিলক্ষিত। "সিংজু" শব্দটো দুটা শব্দৰ পৰা আহিছে - "মনা-মসিং" আৰু "সুবা।" "মনা-মসিং" ৰ অৰ্থ হৈছে সেউজীয়া পাচলি আৰু "সুবা" ৰ অৰ্থ হৈছে একত্ৰিত কৰা। সেয়েহে, দ্ৰুত উচ্চাৰণত "মনা-মসিং" শব্দটো "সিং" লৈ যায় আৰু "সুবা" শব্দটো উন্নত উচ্চাৰণৰ বাবে অপভ্ৰংশ হৈ "জু" লৈ ৰূপান্তৰিত হয়। ফলস্বৰূপে "সিংজু" শব্দটোৰ জন্ম হৈছিল।[3]

প্ৰস্তুতি[সম্পাদনা কৰক]

মুখ্য উপাদান হিচাপে পদুমৰ মূলযুক্ত আমিষ সিংজু

সিংজু হৈছে এক বহুমুখী ব্যঞ্জন। ইয়াক নিৰামিষ আমিষ হিচাপে তৈয়াৰ কৰিব পাৰি। সিংজু প্ৰস্তুত কৰাৰ দুটা পৃথক উপায় আছে।

নিৰামিষ সিংজু[সম্পাদনা কৰক]

নিৰামিষ সিংজু মুখ্যতঃ মেইতেইৰ পৰম্পৰাগত ৰাজহুৱা ভোজত পৰিৱেশন কৰা হয়। এই ভোজ সাধাৰণতে ঘৰৰ চোতাল, মন্দিৰ, সম্প্ৰদায়ৰ কমপ্লেক্সত পালন কৰা হয়। ইয়াক ঘৰতো খাব পাৰি কিন্তু সাধাৰণতে মানুহে আমিষ সংস্কৰণ বেছি পছন্দ কৰে।

ব্যঞ্জনৰ এই ৰূপত, মুখ্য উপাদানবোৰ হৈছে পেৰিলাৰ বীজ (মেইতেই ভাষাত 'থাইডিং'), চানা পাউডাৰ, নিমখ, জলকীয়া আৰু বিভিন্ন সেউজীয়া শাক পাচলি।[4]

আমিষ সিংজু[সম্পাদনা কৰক]

সিংজুৰ আমিষ সংস্কৰণ মুখ্যতঃ ঘৰত খোৱা হয় আৰু গোটেই মণিপুৰত ৰেষ্টুৰেণ্টত, আৰু ভাৰতৰ আন কিছুমান অঞ্চলতো ব্যাপকভাৱে বিক্ৰী কৰা হয়। কিম্বণ কৰা মাছ উপাদান নগাৰীৰ ব্যৱহাৰৰ বাবে ই আমিষ। ইয়াৰ বাবে ইয়াক সম্প্ৰদায়ৰ ৰীতি-ভোজত পৰিৱেশন কৰিব নোৱাৰি যি সম্পূৰ্ণ নিৰামিষ।

এই প্ৰকাৰত মুখ্য উপাদানবোৰ হৈছে নগাৰী (কিম্বণ কৰা মাছৰ মণিপুৰী ৰূপ), নিমখ, জলকীয়া আৰু সেউজীয়া শাক পাচলি।[5]

সচৰাচৰ সিংজু পাচলিৰ উপাদানসমূহ[সম্পাদনা কৰক]

যিকোনো পাচলি সিংজু তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি। কিন্তু কিছুমান আনতকৈ অধিক জনপ্ৰিয়। জনপ্ৰিয় সংযোজনৰ ভিতৰত আছে:

  • পদুমৰ মূল (থামবু)
  • মণিপুৰী মাহ (য়ংচাক)
  • বন্ধাকবি (কোবিফুল)
  • ফুলকবি (কোবি-লাই)
  • হাৱাই দেৱী বা তেবি
  • হাৱাই মাটোন
  • কেঁচা অমিতা (আৱা থাবি)
  • কলদিল (লাপু থাৰু)
  • ৰাইছ বীন (চখাৱাই)
  • পিঁয়াজ (টিলহৌ)

মৰোক মেটপা বা এমেটপা[সম্পাদনা কৰক]

মৰোক মেটপা বা এমেটপা

মৰোক মেটপা বা এমেটপা হৈছে আন এটা চিংজু সদৃশ ব্যঞ্জন। মৰোকৰ অৰ্থ হৈছে জলকীয়া আৰু মেটপা/এমেটপা অৰ্থ পিটিকা। ইয়াক পৰম্পৰাগতভাৱে ঘৰত দৈনিক আহাৰৰ সৈতে খোৱা হয় কিন্তু ৰীতি-নীতিত পৰিৱেশন কৰা নহয়। চিংজুৰ দৰে ইয়াক দুই ধৰণে প্ৰস্তুত কৰিব পাৰি। নিৰামিষ সংস্কৰণ সাধাৰণতে ধৰ্মীয় বিশ্বাসৰ বাবে যিকোনো প্ৰকাৰৰ মাছ/মাংস এৰাই চলা দিনত শোকৰ সময়ত খোৱা হয়। ইয়াক সাধাৰণতে প্ৰতিদিনে খোৱা সচৰাচৰ ভাপত সিজোৱা বা ভজা কিণ্বন কৰা মাছ আৰু জলকীয়াৰ বিপৰীতে ৰঙা জলকীয়া, চিভ আৰু পিঁয়াজ ভাজি তৈয়াৰ কৰা হয়।[6]

তথ্য উৎস[সম্পাদনা কৰক]