সুনীতি ছলোমন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

সুনীতি ছলোমন (ইংৰাজী: Suniti Solomon; ১৯৩৮ বা ১৯৩৯– ২৮ জুলাই, ২০১৫) এগৰাকী ভাৰতীয় চিকিৎসক আৰু অণুজীৱ বিজ্ঞানী আছিল যিয়ে এইড্‌ছ গৱেষক আৰু ১৯৮৫ চনত ভাৰতৰ চেন্নাইত প্ৰথম ভাৰতীয়ৰ এইড্‌ছ ৰোগ পোহৰলৈ অহাৰ পিছত এইড্‌ছ প্ৰতিৰোধৰ পথিকৃৎ।[1] তেওঁ চেন্নাইত ৱাই আৰ গেচনেড চেণ্টাৰ ফৰ এইড্‌ছ গৱেষণা আৰু শিক্ষা প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰে। ভাৰত চৰকাৰ তেওঁক ৰাষ্ট্ৰীয় নাৰী বায়ো-বিজ্ঞানী বটাঁৰে সম্মানিত কৰে।[2][3][4][5]

প্ৰাথমিক জীৱন আৰু শিক্ষা[সম্পাদনা কৰক]

সুনীতি ছলোমন বা সুনীতি গেচনেড (তেওঁৰ বিবাহৰ আগৰ নাম) চেন্নাইৰ পেচাত চামৰ ব্যৱসায়ী, এটা মৰাঠী হিন্দু পৰিয়ালত জন্ম হয়। তেওঁৰ পৰিয়ালৰ আঠ সন্তানৰ মাজত সপ্তম জন আৰু একমাত্ৰ কইনা আছিল।[6][7][8] ২০০৯ চনত এটা সাক্ষাৎকাৰত তেওঁ কৈছিল যে, তেখেত স্বাস্থ্য কৰ্মীসকলোৰ টিকা দিয়াৰ বাবে বাৰ্ষিক ভিত্তিত ৰোগীসকলোৰ ঘৰত যোৱাৰ বিষয়টোৰ পৰা তেওঁ ঔষুধৰ বিষয়ত আগ্ৰহী হৈ উঠে।[6]

তেখেত মাদ্ৰাজ মেডিকেল কলেজত মেডিচিনৰ বিষয়ত পঢ়া-শুনা কৰে আৰু তাৰ পিছত যুক্তৰাজ্য, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু অষ্ট্ৰেলিয়া প্যাথোলজিত প্ৰশিক্ষিত হয়। ১৯৭৩ চনত, তেওঁ আৰু তেওঁৰ স্বামী ভিক্টৰ ছলোমন চেন্নাইত উভতি আহে। সুনীতি ভাবিছিল ভাৰতত তেওঁৰ সেৱাৰ বেছি প্ৰয়োজন। তেওঁ মাইক্ৰোবায়োলজিত ডক্টৰেট কৰে[7] আৰু মাদ্ৰাজ মেডিকেল কলেজৰ, ইনষ্টিটিউট অব মাইক্ৰোবায়োলজিত যোগদান কৰে।[9]

কৰ্মজীৱন[সম্পাদনা কৰক]

ছলোমন তেওঁৰ কৰ্মজীৱনৰ আৰাম্ভণিত বিদেশত, লণ্ডনৰ কিংচ কলেজ হস্পিতালত এজন জুনিওৰ চিকিৎসক হিচাপে কাম কৰে।[9] ভাৰত উভতি অহাৰ পিছত, ছলোমন, মাদ্ৰাজ মেডিকেল কলেজত অণুজীৱ বিজ্ঞানী হিচাপে কাম কৰে আৰু পদোন্নতি হৈ অধ্যাপক হয়।[2] তেওঁ ১৯৮১ চনত এইচআইভি আৱিষ্কাৰ আৰু এইড্‌ছৰ ক্লিনিক্যাল বিষয়ক গ্ৰন্থবিলাক পঢ়িছিল আৰু ১৯৮৬ চনত ১০০ জন মহিলা যৌনকৰ্মীক পৰীক্ষা কৰাৰ সিদ্ধান্ত লয়, যিহেতু ভাৰতত কোনো প্ৰকাশ্য সমকামী সম্প্ৰদায় নাছিল। এশজনৰ তেজৰ নমুনাৰ মাজত ছয়টা নমুনা এইচআইভি পজিটিভ পোৱা গ'ল। ছলোমন পিছত বাল্টিমোৰৰ জনচ হপকিঞ্চ বিশ্ববিদ্যালয়ত নমুনা আকৌ পৰীক্ষাৰ বাবে পঠিয়াই দিয়ে, যি ভাইৰছটোৰ উপস্থিতি নিশ্চিত কৰা হয়।[9] ভাৰতত এই আৱিষ্কাৰটো এইচআইভিৰ প্ৰথম ডকুমেণ্টচন।[7][10] ইয়াৰ পিছৰ পাৰা, ছলোমন তেওঁৰ জীৱন আৰু কৰ্মক্ষেত্ৰ, এইচআইভি/এইড্‌ছ গৱেষণা, চিকিত্সা আৰু সচেতনতা প্ৰসাৰত সমৰ্পণ কৰাৰ সিদ্ধান্ত লয়। তেওঁ বৰ্ণনা কৰিছিল কেনেকৈ মানুহ এইচআইভি সংক্ৰামিত ব্যক্তিসকলোৰ পৰিত্যাগ কৰিছিল; আনকি তেওঁৰ স্বামীও বিচৰা নাই, যে তেওঁ এইচআইভি পজিটিভ ৰোগীসকলোৰ লগত কাম কৰক যিসকলোৰ অধিকাংশই আছিল সমকামী যিহঁত নিজেই ইনজেকচনৰ মাধ্যমত ড্ৰাগ লৈছিল আৰু যৌন কৰ্মী আছিল। ছলোমন উত্তৰ দিয়ে ,"আপুনি সিহঁতৰ লগত কথা পাতিলে, এইটো কথা নকব।"[6] ছলোমন আছিল প্ৰথম মানুহ যিয়ে এইচআইভি আৰু তাৰ লগত অপযশৰ কথা প্ৰকাশ্যে আলোচনা কৰে, তেওঁ এবাৰ কৈছিল," অপযশ আৰু বৈষম্য এইড্‌ছ আক্ৰান্ত মানুহবিাল্কক বেছি হত্যা কৰিছে।"[2]

১৯৮৮-ৰ পৰা ১৯৯৩ লৈকে, ছলোমন মাদ্ৰাজ মেডিকেল কলেজত ভাৰতৰ প্ৰথম এইড্‌ছ সহায়ক দল প্ৰতিষ্ঠা কৰে আৰু বিভিন্ন এইড্‌ছ গৱেষণা আৰু সামাজিক সেৱা আৰাম্ভ কৰে। ভাৰতত কোনো প্ৰাইভেট আৰু পাবলিক ছেক্টৰৰ দ্বাৰা এইচআইভি/এইড্‌ছ সুবিধা প্ৰদানৰ আগত, এই দলটো আছিল প্ৰথম।[10] ১৯৯৩ চনত ছলোমন তেওঁৰ দেউতাকৰ নামত 'ৱাই আৰ জি চেণ্টাৰ ফৰ এইড্‌ছ ৰিচাৰ্চ অ্যাণ্ড এডুকেচন' (ৱাই আৰ জি ক্যয়াৰ) প্ৰতিষ্ঠা কৰে।[9] এইটো আছিল ভাৰতৰ স্বেচ্ছামূলক এইচআইভি কাউঞ্চেলিচ আৰু টেষ্টিংৰ অন্যতম প্ৰথম স্থান। ২০১৫ চন অনুযায়ী, তাত দৈনিক ১০০ জন ৰোগী বহিৰ্বিভাগে চোৱা হৈছে আৰু ১৫০০০ ৰোগীসকলোৰ নিয়মিত ভাবে ফলো-আপ কৰ হৈছে। তেওঁৰ কেন্দ্ৰটো আৰু তেওঁৰ কামক"এইচআইভি মহামাৰীক মন্থৰ কৰাৰ উল্লেখযোগ্য কাৰণ হিচাপে বৰ্ণনা কৰা হয়"। তেওঁ বেলেগ ডাক্তৰ আৰু ছাত্ৰসকলোকও এইচআইভি আৰু তেওঁৰ চিকিত্সা সম্পৰ্কত শিক্ষা প্ৰদান কৰিছিল।[7] ছলোমন চেন্নাইৰ এইড্‌ছৰ ডাক্তৰ হিচাপে পৰিচিত আছিল।[9] তেওঁ ভাৰতৰ এইড্‌ছ চ'চাইটিৰ সভাপতি হিচাপে দায়িত্ব পালন কৰে।[3]

ছলোমন আমেৰিকা যুক্তৰাষ্ট্ৰৰ ন্যাচনাল ইনষ্টিটিউট অফ মেণ্টাল হেলথত, এটা বহুদেশীয় এইচআইভি/এচটিডি প্ৰতিৰোধ পৰীক্ষা, আমেৰিকান ন্যাচনাল ইনষ্টিটিউট অফ অ্যালাৰ্জি অ্যাণ্ড ইনফেকচাচ ডিজিজেচ দ্বাৰা পৰিচালিত এইচআইভি দমন পৰীক্ষাৰ নেটৱাৰ্ক, দক্ষিণ ভাৰতত স্বাস্থ্যপৰিসেৱা স্থাপনাত, এইচআইভিৰ দূৰ্নাম বিষয়ক NIH ৰ এটা সমীক্ষা আৰু ৬% চি এচ জেল (CONRAD সংস্থাৰ এটা মাইক্ৰোবিচাইড) বিষয়ত তৃতীয় দফাৰ অধ্যয়ন সহ আন্তৰ্জাতিক গৱেষণায় সহযোগিতা কৰে।[3]

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

ছলোমন মাদ্ৰাজ কলেজত মেডিচিন লৈ পঢ়াৰ সময় তেওঁৰ স্বামী ভিক্টৰ ছলোমন যিয়ে এজন হৃদৰোগৰ চিকিৎসক, তেওঁৰ লগত সাক্ষাৎ হয়। তেওঁৰ স্বামীৰ লগত যুক্তৰাজ্য, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু অষ্ট্ৰেলিয়াত যায়। ভিক্টৰ ছলোমন ২০০৬ চনত মৃত্যু বৰণ কৰে। সিহঁতৰ পুতেক ছুনীল ছলোমন বাল্টিমোৰত জনচ হপকিঞ্চ বিশ্ববিদ্যালয়ত এজন মহামাৰী বিশেষজ্ঞ। ছলোমন জুলাই ২৮, ২০১৫ ত ৭৬ বছৰ বয়দত চেন্নাইত তেওঁৰ ঘৰত ইহলীলা ত্যাগ কৰে, মৃত্যুৰ দুমাহমান আগত তেওঁৰ অগ্ন্যাশয়ৰ ক্যাঞ্চাৰ ধৰা পৰিছিল।[7]

পুৰস্কাৰসমূহ[সম্পাদনা কৰক]

ছলোমন নিম্নলিখিত পুৰস্কাৰবিলাক পাইছিল:[4]

  • ২০০১ চনত ৰাজ্য চৰকাৰ পৰিচালিত মেডিক্যাল বিশ্ববিদ্যালয় দ্বাৰা এইচআইভি/এইড্‌ছত অগ্ৰগামী কৰ্মৰ বাবে প্ৰথম লাইফ টাইম অ্যাচিভমেণ্ট পুৰস্কাৰ পায়।
  • ২০০৫ চনত তেওঁৰ এইচআইভি বিষয়ত অবদানৰ বাবে তামিল নাড়ু ৰাজ্য এইড্‌ছ কণ্ট্ৰোল চ'চাইটি দ্বাৰা দ্বিতীয় লাইফ টাইম অ্যাচিভমেণ্ট পুৰস্কাৰ পায়।
  • ২০০৬ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্ৰাউন বিশ্ববিদ্যালয় দ্বাৰা DMS (Honoris Cusa) পায়।
  • ২০০৯ চনত ভাৰতীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰণালয়ৰ 'ৰাষ্ট্ৰীয় নাৰী বায়ো-ছাইণ্টিষ্ট বঁটা' পায়।
  • ২০১০ চনত ফেলোচিপ অফ দ্য নেশ্বনেল একাদেমি অফ মেডিকেল ছাইঞ্চচ পায়।[11]
  • ২০১২ চনত ৰাজ্য চৰকাৰ পৰিচালিত ডক্টৰ এমজিআৰ মেডিকেল বিশ্ববিদ্যালয় চেন্নাই দ্বাৰা 'লাইফটাইম অ্যাচিভমেণ্ট বঁটা ফৰ চাৰ্ভিচ অন এইচআইভি/এইড্‌ছ' পুৰস্কাৰ পায়।
  • আৰু বিভিন্ন অন্যান্য পুৰস্কাৰ যথা, শিক্ষা ও মানৱিক সেৱাৰ বাবে 'মাদাৰ ট্ৰেছা মেমোৰিয়াল বঁটা'

তথ্যসূত্ৰ[সম্পাদনা কৰক]