সমললৈ যাওক

স্নেহা শ্ৰেষ্ঠ (শিল্পী)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
স্নেহা শ্ৰেষ্ঠ
জন্ম কাঠমাণ্ডু, নেপাল
অন্য নাম ইমাজিন
শিক্ষা গেটিছবাৰ্গ কলেজ (বি এ), হাৰ্ভাৰ্ড গ্ৰেজুৱেট স্কুল অৱ এডুকেচন (এম ই ডি)
পেচা চিত্ৰশিল্পী, পথ শিল্পী, শিক্ষাবিদ, কলা প্ৰশাসক
ৱেবছাইট
www.snehashrestha.com

স্নেহা শ্ৰেষ্ঠ (নেপালী: स्नेहा श्रेष्ठ) হৈছে এগৰাকী নেপালী সমসাময়িক দৃশ্য শিল্পী, পথ শিল্পী, শিক্ষাবিদ, আৰু কলা প্ৰশাসক। তেওঁ নেপালৰ শিশু কলা সংগ্ৰহালয় নামৰ সংগ্ৰহালয়টিৰ প্ৰতিষ্ঠাপক। তেওঁ ইমাজিন উপনামেৰে দেৱাল লিখনৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে পৰিচিত।

শ্ৰেষ্ঠই নেপালকাঠমাণ্ডুত জন্মগ্ৰহণ কৰিছিল।[1] ২০১০ চনত পেনচিলভেনিয়াৰ গেটিছবাৰ্গৰ গেটিছবাৰ্গ কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত শ্ৰেষ্ঠই মেছাচুচেটছৰ বষ্টনলৈ গুচি যায়।[1][2] ২০১৭ চনত হাৰ্ভাৰ্ড গ্ৰেজুৱেট স্কুল অৱ এডুকেশ্যনৰ পৰা তেওঁ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।[3][4]

বৰ্তমান তেওঁ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ মিত্তল ইনষ্টিটিউটত কলা কাৰ্যসূচী পৰিচালক হিচাপে কাম কৰে।[5][6] দেৱাল লিখনৰ কামসমূহৰ বাবে তেওঁ "ইমাজিন" নামেৰে স্বাক্ষৰ কৰে, যিটো তেওঁৰ মাকৰ নামৰ ইংৰাজী অনুবাদ।[1]

কৰ্মজীৱন

[সম্পাদনা কৰক]

নেপালৰ শিশু কলা সংগ্ৰহালয়

[সম্পাদনা কৰক]

শ্ৰেষ্ঠই ২০১৩ চনত ৱৰ্ল্ড লাৰ্নিঙৰ সহযোগত নেপালৰ শিশু কলা সংগ্ৰহালয় নামৰ সংগ্ৰহালয়টি প্ৰতিষ্ঠা কৰিছিল।[7][8][9]

দেৱাল লিখন

[সম্পাদনা কৰক]

দেৱাল লিখনৰ কামসমূহত শ্ৰেষ্ঠই নেপালী বৰ্ণমালাৰ ব্যৱহাৰ কৰে। সংস্কৃত শাস্ত্ৰসমূহৰ পৰা তেওঁ এনে কাম কৰাৰ অনুপ্ৰেৰণা পায়।[5][1][10] শ্ৰেষ্ঠই এই কামবোৰক "কেলিগ্ৰাফিটি" বুলি অভিহিত কৰে, যি হৈছে কেলিগ্ৰাফী আৰু গ্ৰাফিটি শব্দ দুটাৰ এক মিশ্ৰণ।[11]

তেওঁ ইষ্টানবুল, কাঠমাণ্ডু আৰু বালিকে ধৰি বিশ্বৰ বিভিন্ন ঠাইত বহুতো মিউৰেল অংকন কৰিছে।[10][9] যাৰ ভিতৰত কেম্ব্ৰিজ আৰু বষ্টনৰ "ফৰ কেম্ব্ৰিজ উইথ লাভ ফ্ৰম নেপাল", "ছায়া পত্ৰী (দ্য ৱান উইথ এ হাণ্ড্ৰেড পেটালছ)",[1][12] নৰ্থইষ্টাৰ্ণ ইউনিভাৰ্চিটিৰ "ন'লেজ ইজ পাৱাৰ"[13] আদি উল্লেখযোগ্য।

তেওঁলোকৰ শিল্পীৰ সমষ্টিগত সংগ্ৰহৰ অংশ হিচাপে তেওঁ ৰিবককে ধৰি বিভিন্ন কোম্পানীৰ লগত সহযোগিতা কৰিছে। যাৰ ভিতৰত ট্ৰিপএডভাইজাৰ, ৰেড বুল আৰু বষ্টন ক্ৰাফ্ট ব্ৰুৱেৰী এৰ'নাউট ব্ৰিউয়িং কোম্পানী আদি উল্লেখযোগ্য।[2][14]

বঁটা আৰু সন্মান

[সম্পাদনা কৰক]

২০১৮ চনত তেওঁ বষ্টনৰ আৰ্টিষ্ট-ইন-ৰেচিডেন্স হিচাপে নিৰ্বাচিত হয়।[1][3][15] ২০১৯ চনত বষ্টন মিউজিয়াম অৱ ফাইন আৰ্টৰ কমিউনিটি আৰ্টছ ইনিচিয়েটিভ আৰ্টিষ্ট প্ৰজেক্টৰ বাবে নিৰ্বাচিত শিল্পীসকলৰ ভিতৰত অন্যতম আছিল তেওঁ।[16][17]

তেওঁৰ কামসমূহ কেপিটেল ৱান, ফিডেলিটি ইনভেষ্টমেণ্টছ, গুগল আৰু ফেইচবুকৰ ব্যক্তিগত সংগ্ৰহত ৰখা হৈছে।[3]

প্ৰদৰ্শনী

[সম্পাদনা কৰক]

একক প্ৰদৰ্শনী

[সম্পাদনা কৰক]
  • ২০১৯: গোল্ডেন ইকুইনক্স, ছিমনছ ইউনিভাৰ্চিটি ট্ৰাষ্টমেন গেলেৰী।[11][10]
  • ২০১৯: মাইণ্ডফুল মণ্ডলাছ, মিউজিয়াম অৱ ফাইন আৰ্টছ, বষ্টন।[3][18][19]
  • ২০১৮: মন্ত্ৰ: স্নেহা শ্ৰেষ্ঠ, ডিষ্টিলেৰী গেলেৰী, বষ্টন।[20]

তথ্য উৎস

[সম্পাদনা কৰক]
  1. 1 2 3 4 5 6 Shea, Andrea (March 27, 2019). "Sneha Shrestha, AKA 'Imagine,' Brings Her Native Alphabet To Boston's Burgeoning Street Art Scene" (en ভাষাত). www.wbur.org. https://www.wbur.org/artery/2019/03/25/artery25-sneha-shrestha-imagine-street-art আহৰণ কৰা হৈছে: 2021-03-31.
  2. 1 2 "Graffiti for good" (en ভাষাত). Gettysburg College. https://www.gettysburg.edu/news/stories?id=63e35da4-f1cf-42f6-a886-0a49a5809e15 আহৰণ কৰা হৈছে: 2021-03-31.
  3. 1 2 3 4 "Imagine" (en ভাষাত). Isabella Stewart Gardner Museum. https://www.gardnermuseum.org/about/community-efforts/luminaries/shrestha-sneha আহৰণ কৰা হৈছে: 2021-03-31.
  4. "Ashcharya: An Exhibition" (en ভাষাত). Harvard Library. 2019. https://library.harvard.edu/events/ashcharya-exhibition আহৰণ কৰা হৈছে: 2021-03-31.
  5. 1 2 Weston, Tori (May 2020). "IMAGINE, May Artist of the Month". Somerville Arts Council. http://somervilleartscouncil.org/artistmonth/imagine আহৰণ কৰা হৈছে: 2021-03-31.
  6. "Alphabets of the Imagination Workshop with Artist IMAGINE (AKA Sneha Shrestha)". Boston Children's Museum. 2019. Archived from the original on 2021-11-19. https://web.archive.org/web/20211119225125/https://bostonchildrensmuseum.org/calendar/alphabets-imagination-workshop-artist-imagine-aka-sneha-shrestha আহৰণ কৰা হৈছে: 2021-03-31.
  7. "IMAGINE" (en ভাষাত). Pow! Wow! Worldwide!. Archived from the original on 2021-04-12. https://web.archive.org/web/20210412211550/http://powwowworldwide.com/participant/imagine আহৰণ কৰা হৈছে: 2021-03-31.
  8. "World Learning Celebrates 2015 Advancing Leaders Fellows in San Francisco" (en ভাষাত). Medium. 2015-10-23. Archived from the original on 2020-12-02. https://web.archive.org/web/20201202223322/https://worldlearning.medium.com/world-learning-celebrates-new-advancing-leaders-fellows-f4df58d3988f আহৰণ কৰা হৈছে: 2021-03-31.
  9. 1 2 Khvan, Olga (November 6, 2013). "Boston Street Artist to Open First Children's Art Museum in Nepal". Boston. https://www.bostonmagazine.com/arts-entertainment/2013/11/06/nepal-childrens-art-museum/.
  10. 1 2 3 "Golden Equinox". Trustman Gallery Simmons University. 2019. https://trustman.simmons.edu/exhibits/2019/golden-equinox/ আহৰণ কৰা হৈছে: 2021-03-31.
  11. 1 2 "Simmons University presents "Golden Equinox" featuring work by IMAGINE (a.k.a. Sneha Shrestha) [03/27/19"]. The Boston Calendar. 2019. https://www.thebostoncalendar.com/events/simmons-university-presents-golden-equinox-featuring-work-by-imagine-a-k-a-sneha-shrestha আহৰণ কৰা হৈছে: 2021-03-31.
  12. "Spotlight: IMAGINE Mural: Saya Patri (One with a Hundred Petals)" (en-US ভাষাত). Zone 3 Western Ave. https://www.zone3westernave.com/project/imagine/ আহৰণ কৰা হৈছে: 2021-03-31.
  13. "Knowledge is Power". Northeastern University. 2018. Archived from the original on 2021-03-05. https://web.archive.org/web/20210305174400/https://www.northeastern.edu/art/knowledge-is-power/ আহৰণ কৰা হৈছে: 2021-03-31.
  14. Guy, Ovadia (2018-11-02). "Profile: artist Sneha Shrestha discusses new exhibit at The Distillery Gallery". The Huntington News. https://huntnewsnu.com/55673/lifestyle/profile-artist-sneha-shrestha-discusses-new-exhibit-at-the-distillery-gallery/ আহৰণ কৰা হৈছে: 2021-03-31.
  15. "Sneha Shrestha" (en ভাষাত). City of Boston. 2018-01-31. https://www.boston.gov/departments/arts-and-culture/sneha-shrestha আহৰণ কৰা হৈছে: 2021-03-31.
  16. "Walking Tour with Artist IMAGINE" (en ভাষাত). Museum of Fine Arts, Boston. 2020. Archived from the original on 2021-11-19. https://web.archive.org/web/20211119225120/https://www.mfa.org/event/walking-tour-with-artist-imagine আহৰণ কৰা হৈছে: 2021-03-31.
  17. Icasiano, Spencer (September 25, 2019). "Sneha Shrestha Wants 'Mindful Mandalas' To Be 'A Source Of Pride' For Boston's Young Artists" (en ভাষাত). W-BUR. https://www.wbur.org/artery/2019/09/25/sneha-shrestha-mindful-mandalas-mfa আহৰণ কৰা হৈছে: 2021-03-31.
  18. "Community Arts Initiative: Mindful Mandalas" (en ভাষাত). Museum of Fine Arts, Boston. 2019. https://www.mfa.org/exhibitions/community-arts-initiative-mindful-mandalas আহৰণ কৰা হৈছে: 2021-03-31.
  19. "The Making of "Mindful Mandalas"" (en ভাষাত). Museum of Fine Arts, Boston. 2019. https://www.mfa.org/media/video/13006 আহৰণ কৰা হৈছে: 2021-03-31.
  20. Kryjak, William (2018-10-30). "Went There: Mantra, Sneha Shrestha" (en-US ভাষাত). BOSTON HASSLE. https://bostonhassle.com/went-there-mantra-sneha-shrestha/ আহৰণ কৰা হৈছে: 2021-03-31.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]