হীৰালাল সেন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
হীৰালাল সেন

১৯০০ চন মানত হীৰালাল সেন
জন্ম ২ আগষ্ট, ১৮৬৮
মাণিকগঞ্জ, বেংগল প্ৰেছিডেন্সি, ব্ৰিটিছ ভাৰত (বৰ্তমান বাংলাদেশত)
মৃত্যু ২৬ অক্টোবৰ, ১৯১৭ (৪৯ বছৰ)
কলকাতা,বেংগল প্ৰেছিডেন্সি, ব্ৰিটিছ ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা ফটোগ্ৰাফাৰ, চলচ্চিত্ৰ নিৰ্মাতা
দাম্পত্যসঙ্গী হেমাংগিনী দেৱী

হীৰালাল সেনক (ইংৰাজী: Hiralal Sen; ২ আগষ্ট ১৮৬৮-২৬ অক্টোবৰ ১৯১৭)[1] সাধাৰণতে ভাৰতীয় চলচ্চিত্ৰৰ প্ৰাৰম্ভিক কালৰ অন্যতম চলচ্চিত্ৰ নিৰ্মাতা বুলি গণ্য কৰা হয়। ১৯০৩ চনত তেওঁ প্ৰথম ভাৰতীয় পূৰ্ণদৈৰ্ঘ্যৰ চলচ্চিত্ৰ, জনপ্ৰিয় আলিবাবা আৰু চল্লিশ চোৰৰ চিত্ৰায়ণ কৰিছিল। তেওঁ আছিল এজন উল্লেখনীয় ফটোগ্ৰাফাৰ। ভাৰতৰ প্ৰথমখন বিজ্ঞাপনমূলক ছবি আৰু খুব সম্ভৱ, ভাৰতৰ প্ৰথমখন ৰাজনৈতিক ছবি নিৰ্মাণৰ কৃতিত্বও তেওঁক দিয়া হয়। ১৯১৭ চনত হোৱা অগ্নিকাণ্ডই তেওঁৰ সকলো ছবি ধ্বংস কৰি পেলায়।

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

হীৰালাল সেনৰ জন্মস্থান আছিল বৰ্তমানৰ বাংলাদেশৰ ৰাজধানী ঢাকাৰ পৰা প্ৰায় ৮০ কিলোমিটাৰ দূৰৈৰ মাণিকগঞ্জৰ এখন গাঁও বাগজুৰিত।[2] তেওঁ সেই অঞ্চলৰ বৈদ্য জমিদাৰ[3] পৰিয়ালৰ এজন সফল উকীলৰ পুত্ৰ আছিল আৰু ডাঙৰ-দীঘল হৈছিল কলিকতাত।[2] ১৮৯৮ চনত পেৰিছলৈ যোৱাৰ পথত এটা চলচ্চিত্ৰ দলে কলকাতাৰ ষ্টাৰ থিয়েটাৰত মঞ্চ প্ৰদৰ্শনৰ লগতে প্ৰফেচাৰ ষ্টিভেনচনৰ চুটিছবি দ্য ফ্লাৱাৰ অৱ পাৰ্চিয়াও প্ৰদৰ্শন কৰে।[4] ষ্টিভেনছনৰ কেমেৰা ধাৰ লৈ সেনে দ্য ফ্লাৱাৰ অৱ পাৰ্চিয়া অপেৰাৰ পৰা তেওঁৰ প্ৰথমখন ছবি এ ডান্সিং চিন নিৰ্মাণ কৰে। ভাতৃ মোতিলাল সেনৰ সহায়ত তেওঁ লণ্ডনৰ চাৰ্লছ আৰবানৰ ৱাৰউইক ট্ৰেডিং কোম্পানী এটাৰ পৰা এটা আৰবান বায়োস্কোপ কিনে। আৰু পিছৰ বছৰত তেওঁ ভাতৃৰ সৈতে ৰয়েল বায়োস্কোপ কোম্পানী গঠন কৰে।[4]

কৰ্মজীৱন[সম্পাদনা কৰক]

১৮৯৮ চনত হীৰালালে কলকাতাৰ ষ্টাৰ থিয়েটাৰত ফ্লাৱাৰ অফ পাৰ্চিয়া নামৰ নাটকখন চাইছিল। সেই নাটকখনৰ বিৰতিত কিছুমান চুটি চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হৈছিল। সেই মুহূৰ্ততে তেওঁৰ চলচ্চিত্ৰ নিৰ্মাণৰ ধাৰণা মনলৈ আহে। তেওঁ নাটকৰ পৰিচালকৰ পৰা কেমেৰা ধাৰলৈ লৈ গোটেই ফ্লাৱাৰ অফ পাৰ্চিয়া নাটকখনৰ চিত্ৰগ্ৰহণ কৰে। পিছত তেওঁ দেউতাকৰ পৰা ধন লৈ এটা মুভী কেমেৰা কিনি ১৮৯৮ চনত তেওঁ ভাৰতৰ প্ৰথমটো চলচ্চিত্ৰ উদ্যোগ আৰম্ভ কৰে; যাৰ নাম আছিল “ৰয়েল বায়স্কোপ ফিল্ম কোম্পানী”। ১৯১৩ চনলৈকে বিস্তৃত সৃষ্টিশীল কৰ্মজীৱনত হীৰালাল সেনে চল্লিশখনতকৈও অধিক চুটি ছবি নিৰ্মাণ কৰে।[5] তেওঁ নিৰ্মাণ কৰা বেছিভাগ ছবিতে কলিকতাৰ অমৰেন্দ্ৰ দত্তৰ ক্লাছিক থিয়েটাৰত অভিনীত নাটকৰ দৃশ্য চিত্ৰিত কৰা হৈছিল। সেই সময়ত কেঁচা ফিল্ম অনা হৈছিল বিদেশৰ পৰা।[4] ১৯০১ চনৰ পৰা ১৯০৪ চনৰ ভিতৰত তেওঁ ক্লাছিক থিয়েটাৰৰ বাবে ভ্ৰমৰ, হৰিৰাজ, বুদ্ধদেৱকে ধৰি বহুতো ছবি নিৰ্মাণ কৰে।[4] ১৯০৩ চনত নিৰ্মিত তেওঁৰ আটাইকৈ দীঘলীয়া ছবি আলিবাবা আৰু চল্লিশ চোৰখনো মঞ্চনাটৰ চিত্ৰায়ণ আছিল।[2][4] কিন্তু এই পূৰ্ণদৈৰ্ঘ্যৰ ছবিখন কেতিয়াও প্ৰদৰ্শিত নোহোৱাৰ বাবে ইয়াৰ বিষয়ে বিশেষ একো জনা নাযায়।[2] তেওঁ কমিচনৰ বিনিময়ত কেইবাখনো বিজ্ঞাপনমূলক ছবি আৰু নিউজফিল্মও নিৰ্মাণ কৰিছিল।[4] জৱাকুসুম হেয়াৰ অইল আৰু এডৱাৰ্ডছ টনিকৰ দুখন বিজ্ঞাপন ছবি নিৰ্মাণৰে তেওঁ প্ৰথমজন ভাৰতীয় বিজ্ঞাপন ছবি নিৰ্মাতা হিচাপে পৰিগণিত হয়[2][6]

ভাৰতৰ প্ৰথম ৰাজনৈতিক চলচ্চিত্ৰ[সম্পাদনা কৰক]

১৯০৫ চনৰ ২২ ছেপ্টেম্বৰত কলকাতাৰ টাউন হলত হোৱা বংগ বিভাজন বিৰোধী বিক্ষোভ প্ৰদৰ্শন আৰু স্বদেশী আন্দোলনৰ বিষয়ে তথ্যচিত্ৰ নিৰ্মাণ কৰি আমাৰ নিজস্ব নিৰ্মাণৰ বাস্তৱিক স্বদেশী চলচ্চিত্ৰ শিৰোনামেৰে এটা বিজ্ঞাপন প্ৰকাশ কৰে। সমালোচক সমিক বন্দ্যোপাধ্যায়ৰ মতে, এইখনেই ভাৰতৰ প্ৰথমখন ৰাজনৈতিক ছবি।[5]

শেষ চলচ্চিত্ৰ[সম্পাদনা কৰক]

১৯১৩ চনত ৰয়েল বায়োস্কোপে শেষ চলচ্চিত্ৰখন নিৰ্মাণ কৰে।[4]

শেষ জীৱন[সম্পাদনা কৰক]

হীৰালাল সেনে জীৱনৰ শেষৰ কালচোৱা হতাশাগ্ৰস্থতা আৰু আৰ্থিক কঠিনতাত ভূগিছিল।[2] এলফিনষ্টোন বায়োস্কোপৰ জামছেদজী ফ্ৰেমজী মদনে সফলতাৰ ক্ষেত্ৰত ইতিমধ্যে তেওঁক কাহানিবাই অতিক্ৰম কৰিছিল।[5] ১৯১৭ চনত তেওঁৰ মৃত্যুৰ কিছুদিন আগত তেওঁ নিৰ্মাণ কৰা আটাইবোৰ ছবিয়ে ভস্মীভূত হৈ যায়।[2][4]

জনপ্ৰিয় সংস্কৃতিত[সম্পাদনা কৰক]

২০২১ চনত বঙালী ভাষাত ‘হীৰালাল’ নামৰে এখন জীৱনীমূলক ছবি মুক্তি পায়, য’ত অভিনয় কৰিছে কিঞ্জন নন্দই।[7]

তথ্যউৎস[সম্পাদনা কৰক]

  1. Bandyopadhyay, Alexander (2017-10-23). "Pioneer of Bengali Cinema Hiralal Sen (in Bengali)". http://www.bongodorshon.com/home/story_detail/hiralal-sen-the-pioneer-of-bengali-cinema। আহৰণ কৰা হৈছে: 24 October 2017. 
  2. 2.0 2.1 2.2 2.3 2.4 2.5 2.6 Teachers’ Medicare Benevolent Fund (2005-12-31). "Hiralal Sen (in Bengali)". Archived from the original on 2006-12-06. https://web.archive.org/web/20061206074536/http://www.abasar.net/filmhiralal.htm। আহৰণ কৰা হৈছে: 2006-11-01. 
  3. Mukharji, Projit Bihari (2016-10-14) (en ভাষাত). Doctoring Traditions: Ayurveda, Small Technologies, and Braided Sciences. University of Chicago Press. ISBN 978-0-226-38313-2. https://books.google.com/books?id=uGgpDQAAQBAJ&q=hiralal+sen+baidya। আহৰণ কৰা হৈছে: 5 February 2022. 
  4. 4.0 4.1 4.2 4.3 4.4 4.5 4.6 4.7 McKernan, Luke (1996-12-31). "Hiralal Sen (copyright British Film Institute)". http://www.victorian-cinema.net/sen.htm। আহৰণ কৰা হৈছে: 2006-11-01. 
  5. 5.0 5.1 5.2 Bandyopadhyay, Samik (1990). "The Early Years of Calcutta Cinema". In Chaudhuri, Sukanta. Calcutta: The Living City. II: The Present and Future. Oxford University Press. পৃষ্ঠা. 293–294. ISBN 978-0-19-563697-0. 
  6. "Bengal's Jabakusum Hair Oil - First Asian brand advertised in The Bengal Gazette" (en ভাষাত). Get Bengal. https://www.getbengal.com/details/bengals-jabakusum-hair-oil-first-asian-brand-advertised-in-the-bengal-gazette। আহৰণ কৰা হৈছে: 2021-12-14. 
  7. "'Hiralal' - Times of India" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/entertainment/bengali/movies/previews/hiralal/articleshow/81154201.cms। আহৰণ কৰা হৈছে: 2021-03-07. 

অধিক জানিবলৈ পঢ়ক[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]