ৰংঘৰৰ পৰিচয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search


ৰংঘৰৰ চমু পৰিচয়[সম্পাদনা কৰক]

ৰংঘৰ[সম্পাদনা কৰক]

অসমৰ প্ৰাচীন কীর্তিচিহ্ন সমূহৰ ভিতৰত এক অন্যতম তথা ঐতিহাসিক সম্পদটো হ`ল ৰংঘৰ |অসম গৌৰৱ ৰংঘৰে আহোম যুগৰ ক্ৰিয়া প্ৰেমৰ কথা সোঁৱৰে |এছিয়া মহাদেশৰ ভিতৰত প্ৰথম ক্ৰীয়া পেভিলিয়ন হিচাপে স্বীকৃতি পাইছে ৰংঘৰে |

ৰংঘৰৰ অৱস্থিতি[সম্পাদনা কৰক]

  • দেশঃভাৰতবর্ষ
  • ৰাজ্যঃঅসম
  • জিলাঃশিৱসাগৰ
  • শিৱসাগৰ নগৰৰ পৰা প্ৰায় তিনি কিলোমিটাৰ দূৰ ৰূপহী পথাৰৰ বুুুুকুুু ত সগৌৰৱে থিয় দি আছে ধৰাৰ বুকুত |

ৰংঘৰৰ ইতিহাস[সম্পাদনা কৰক]

সর্বপ্ৰথম স্বর্গদেউ ৰুদ্ৰসিংহই কাঠ আৰু বাঁহেৰে নির্মাণ কৰিছিল যদিও পূূূূর্ণাংগ ৰূপত

নির্মাণ কৰে স্বর্গদেউ প্ৰমত্ত সিংহই ১৭৪৬ খ্রীষ্ঠাব্দত |

ৰংঘৰৰ নির্মাণ কৌশল[সম্পাদনা কৰক]

ৰংঘৰ নির্মাণ কার্য সাধাৰণতে থলুৱা পদ্ধতিৰে নির্মাণ কৰিছিল |বিশেষকৈ বৰালি মাছ ,বৰা চাউল,হাঁহ কণী,মাটি মাহ অন্যান্য কিছুমান বস্তুৰ সংমিশ্ৰণক বিশেষ ভাৱে চিমেন্ট প্ৰস্ত্তত কৰাৰ লগতে মাটিৰে তৈয়াৰী ইটাৰ দ্বাৰা নির্মাণ কৰা হৈছিল |ইয়াৰ দেৱালসমূহত দেৱ-দেৱীৰ,সিংহ,হাতী আদি বিভিন্ন চিত্ৰ অংকন কৰিছিল |

ৰংঘৰৰ আকৃতি[সম্পাদনা কৰক]

ৰংঘৰৰ আকৃতি দুই খলপীয়া ইটাবৰণীয়া এটা খেল উপভোগ কৰা ঘৰ |ই দেখিবলৈ হাঁহ কণীৰ দৰে |৮৮ফুট আৰু ৩৬.৫ফুট বহল পেভিলিয়নত একেলগে বহি আহোম ৰাজপৰিয়ালে উপভোগ কৰিছিল খেল আৰু

বিহুৰ বিভিন্ন সমাৰোহৰ বহু উমাল মুহুর্ত |

ৰংঘৰৰ প্ৰতি অহা ভাবুকি[সম্পাদনা কৰক]

ইংৰাজে ইয়াণ্ডাবু সন্ধিৰ আধাৰত অসমক শাসনলৈ অনা পাছত ব`থান নামৰ ইংৰাজ বিষয়াজনে ১,৩০০টকাত ৰংঘৰ আৰু তলাতল ,কাৰেংঘৰ বেৰ দুখন কেনকণ আলিক বিক্ৰী কৰিছিল |ৰংঘৰৰ সন্মুখত আন এটা সৰু পকী ৰংঘৰ আছিল ,যিটো কেৰকণ আলিয়ে ধ্বংশ কৰিলে |

ৰংঘৰত পতা ক্ৰীড়া সমূহ[সম্পাদনা কৰক]

ম`হ যুঁজ,মাল যুঁজ,হাতী যুঁজ শেন চৰাই যুঁজ আদি |

সামৰণি[সম্পাদনা কৰক]

শেষত যি কি নহঁওক শিৱসাগৰ নগৰৰ গৌৰৱ ৰূপহী পথাৰৰ বুকুত সগৌৰৱে ৰংঘৰ থিয় দি থাকিব |যেনেকৈ মান আৰু মোৱামৰিয়াই আহোম ৰাজ্য ধ্বংস কৰি যোৱাৰ পিছতো শিৱসাগৰত নিজস্ব স্বকীয়তাৰে জীয়াই আছে অতীতৰ প্ৰেৰণা হৈ জীয়াই থাকিব অনন্ত কাললৈ আধুনিক নগৰ ৰূপত |