ৰঞ্জিত সিং
এই প্ৰবন্ধত বৰ্তমান গুৰুত্বপূৰ্ণ সালসলনিৰ কাম চলি আছে। সম্পাদনা দ্বন্দ্ব এৰাই চলিবলৈ এই জাননী থকা পৰ্যন্ত ইয়াত কোনোধৰণৰ সম্পাদনা নকৰিব। বৰ্তমান কাম কৰি থকা লিখকৰ নাম জানিবলৈ ইচ্ছা কৰিলে এই লিংক চাওক। যদি এই প্ৰবন্ধত দুসপ্তাহৰ অধিক সময় কাম হোৱা নাই, তেনেহ'লে এই সাঁচটো আঁতৰাই দিব পাৰে। |
ৰঞ্জিৎ সিং | |
---|---|
পঞ্জাবৰ মহাৰজা লাহোৰৰ মহাৰজা শ্বেৰ-ই পাঞ্জাব (পাঞ্জাবৰ সিংহ) (ভাৰতৰ সিংহ) চৰকাৰ-ই ৱালা(চৰকাৰৰ প্ৰধান)[1] চৰকাৰ খালছাজী পঞ্চ নদীৰ গৰাকী সিং চাহিব[2]
| |
কোম্পানী স্কুল মহাৰাজা ৰঞ্জিত সিং, লক্ষ্ণৌ, অৱধ, ১৮১০-২০ খ্ৰীষ্টাব্দৰ প্ৰতিকৃতি চিত্ৰ | |
ৰাজত্ব | ১২ এপ্ৰিল ১৮০১ – ২৭ জুন ১৮৩৯ |
Investiture | ১২ এপ্ৰিল ১৮০১লাহোৰ দুৰ্গ |
উত্তৰাধিকাৰী | খৰক সিং |
ৰাজত্বকাল | ১৫ এপ্ৰিল ১৭৯২– ১১ এপ্ৰিল ১৮০১ |
পূৰ্বসূৰী | মহা সিং |
দাম্পত্য সঙ্গী | মেহতাব কৌৰ দাতাৰ কৌৰ জিণ্ড কৌৰ See list for others |
সন্তান | |
খৰক সিং শ্বেৰ সিং Duleep Singh | |
বাসগৃহ | চুকেৰচাকিয়া |
মাতৃ | ৰাজ কৌৰ |
পিতৃ | মহা সিং |
মৃত্যু | ২৭ জুন, ১৮৩৯ (৫৮ বছৰ) |
স্বাক্ষৰ | |
ধৰ্ম | শিখ |
মহাৰজা ৰঞ্জিৎ সিং(ইংৰাজী: Maharaja Ranjit Singh) আছিল শিখ সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক আৰু প্ৰথম মহাৰাজা, তেওঁ ১৮০১ চনৰ পৰা ১৮৩৯ চনলৈকে তেওঁৰ মৃত্যুলৈকে শাসন কৰিছিল। উনবিংশ শতিকাৰ আৰম্ভণিতে তেওঁ উত্তৰ-পশ্চিম ভাৰতৰ উপমহাদেশত শাসন কৰিছিল। তেওঁ শৈশৱকালত সৰুআই বা বসন্ত ৰোগৰ পৰা ভাগ্যক্ৰমেহে বাচিছিল যদিও তেওঁৰ বাওঁ চকুতো দৃষ্টি শক্তি হেৰুৱাইছিল। ৰঞ্জিৎ সিঙে অতি সৰুকালত ১০ বছৰ বয়সতেই নিজৰ দেউতাকৰ সৈতে সহযোগ কৰি এখন যুজঁত অংশগ্ৰহণ কৰিছিল। কিশোৰ অৱস্থাৰ সময়ছোৱাত তথা তেওঁৰ দেউতাক মৃত্যু হোৱাৰ পিছত, ৰঞ্জিতে পৰৱৰ্তী সময়ত আফগান সকলৰ বিৰুদ্ধে কেইবাখনো যুদ্ধত অংশগ্ৰহন কৰিছিল। ২১ বছৰ বয়সত, তেওঁক "পঞ্জাৱৰ মহাৰাজা" বুলি ঘোষণা কৰা হৈছিল।[3]১৮৩৯ চনৰ ভিতৰত তেওঁৰ নেতৃত্বত পঞ্জাৱ অঞ্চলত তেওঁৰ সাম্ৰাজ্যখন বৃদ্ধি পাইছিল।[4]তেওঁৰ উত্থানৰ আগতে, পাঞ্জাৱ অঞ্চলত অসংখ্য যুঁজাৰু যাৰ মাজত একতা নথকা বাৰজন শিখৰ কনফেডেৰাচি শাসক আছিল,আৰু এজন মুছলমানৰ অধীনত আছিল।[5]ৰঞ্জিত সিঙে ছেদেলি ভেদেলি হৈ থকা শিখ মিছিলসমুহ একত্ৰিত আৰু শিখ সাম্ৰাজ্য সাম্ৰাজ্য স্থাপনৰ উদ্দেশ্যেৰে স্থানীয় ৰাজ্যসমূহ দখল কৰিছিল।[6]তেওঁ বাৰে বাৰে বাহিৰা শক্তিৰ আক্ৰমণ বিশেষকৈ আফগান সকলৰ হাতত পৰাজিত হৈছিল সেয়ে আফগানসকলক হৰুৱাবলৈ ব্ৰিটিছসকলৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক স্থাপন কৰিছিল।[7]ৰঞ্জিত সিঙৰ ৰাজত্বকালত তেওঁৰ সাম্ৰাজ্যত ভালেমান সংস্কাৰ, আন্তঃগাথঁনিৰ উন্নয়ন আৰু সাধাৰণ সমৃদ্ধি সাধন হৈছিল।[8]তেওঁৰ খালচা সেনা আৰু প্ৰশাসনিক ক্ষেত্ৰত সকলো ধৰ্মৰে লোক শিখ, হিন্দু, মুছলমান আৰু ইউৰোপীয় সকল অন্তৰ্ভুক্ত আছিল।[9] ৰঞ্জিৎ সিঙৰ দিনত শিখসকলৰ সাংস্কৃতিক আৰু শিল্পকলাৰ উন্নয়ন হৈছিল। কিয়নো তেওঁ শিখ শিল্পকলা আৰু সংস্কৃতিৰ উন্নয়নৰ ওপৰত গুৰুত্ব দিছিল আৰু পৃষ্ঠপোষক আছিল।তেওঁ অমৃতসৰৰ হৰমন্দিৰ চাহিবৰ পুনৰ নিৰ্মাণ কৰাইছিল।তেওঁ অমৃতসৰৰ হৰমন্দিৰ চাহিব গুৰুদ্বাৰাত মাৰ্বল আৰু সোণ ৰখা স্থাপন কৰিছিল, তেতিয়াৰ পৰা ইয়াক সোণালী মন্দিৰ বুলি কোৱা হয়।তখত শ্ৰী পাটনা চাহিব, বিহাৰ আৰু হাজুৰ চাহিব নান্দেদ, মহাৰাষ্ট্ৰকে ধৰি অন্যান্য মুখ্য গুৰুদ্বাৰাসমূহৰ পৃষ্ঠপোষক আছিল।[10] [11]
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]ৰঞ্জিত সিঙৰ জন্ম ১৭৮০ চনৰ ১৩ নৱেম্বৰত পঞ্জাৱ অঞ্চলৰ গুজৰানৱালাত (বৰ্তমানৰ পঞ্জাৱ, পাকিস্তান) সন্ধৱালিয়া জাট শিখ পৰিয়ালত হৈছিল। দেউতাকৰ নাম আছিল মহা সিং আৰু মাতৃৰ নাম আছিল ৰাজ কৌৰ। তেওঁৰ মাতৃ ৰাজ কৌৰ জিন্দৰ সিদ্ধু জাট শিখ শাসক ৰাজা গজপত সিঙৰ কন্যা আছিল।[12] দেউতাক মহা সিঙৰ মৃত্যুত, ৰঞ্জিত সিঙে বাৰ বছৰ বয়সতে মিছল চুক্ৰাচাকিয়াৰ নেতা হয়। ১৭৯৮ চনত, যেতিয়া জামান শ্বাহ পঞ্জাৱৰ পৰা উভতি আহে, তেওঁ লাহোৰ নিয়ন্ত্ৰণ কৰে। লাহে লাহে চুটলেজৰ পৰা সিদ্ধুলৈকে তেওঁ দেশত শাসন কৰি থকা সকলো মিছিলক দমন কৰিলে। ফুলকিয়ন মিছলৰ শাসকসকলে চুটলেজ আৰু যমুনাৰ মাজত শাসন কৰি আছিল। ১৮০৬ খ্ৰীঃত ৰঞ্জিত সিঙে ফুলকিয়ন মিছলৰ শাসকক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছিল, যদিও সফল নহ'ল।
ৰঞ্জিত সিঙৰ সামৰিক নেতৃত্বৰ বহুতো গুণ আছিল। তেওঁ দূৰদৰ্শী আছিল। শীতলা ৰোগত তেওঁৰ এটা চকু হেৰাই গৈছিল। কিন্তু ইয়াৰ স্বত্ত্বেও, তেওঁ উৎসাহী বীৰ আছিল। গতিকে যেতিয়ালৈকে তেওঁ জীয়াই আছিল, সকলো মিছল দমন কৰা থৈছিল।
সেই সময়ত ব্ৰিটিছ ৰাজ্য যমুনালৈ বিস্তৃত হৈছিল আৰু ফুলকিয়ান মিছলৰ ৰজাসকলে ইংৰাজ ৰাজ্যৰ আধিপত্যত বিশ্বাস কৰিবলৈ আৰম্ভ কৰিছিল।
ৰঞ্জিত সিঙে ব্ৰিটিছৰ সৈতে যুঁজ দিয়াটো উচিত বুলি ভবা নাছিল আৰু এখন চুক্তি কৰিছিল যে আমি চুটতলেজৰ আগলৈ আমাৰ ৰাজ্য সম্প্ৰসাৰিত নকৰোঁ। ৰঞ্জিত সিঙে ফৰাচী সৈন্যসকলক মাতি আনি তেওঁৰ সামৰিক বাহিনী বিদেশী সৈন্যৰ দৰে প্ৰস্তুত কৰি তুলিছিল। ইয়াৰ পাছত তেওঁ পঞ্জাৱৰ দক্ষিণ, পশ্চিম আৰু উত্তৰ অংশ আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে আৰু দহ বছৰৰ ভিতৰত তেওঁৰ ৰাজ্য মুলতান, পেছাৱাৰ আৰু কাশ্মীৰলৈ সম্প্ৰসাৰিত কৰে।
ৰঞ্জিত সিঙে পেছাৱাৰক নিজৰ নিয়ন্ত্ৰণলৈ আনিছিল, কিন্তু সেই প্ৰদেশৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ কৰিবলৈ তেওঁ বহু বছৰ ধৰি কঠোৰ সংগ্ৰাম কৰিব লগা হৈছিল।তেওঁ সমগ্ৰ পঞ্জাৱৰ আধিপত্য দখল কৰিছিল; আৰু ব্ৰিটিছসকলৰ হস্তক্ষেপৰ সন্মুখীন হ'ব লগা হোৱা নাছিল। কিন্তু যেতিয়া ব্ৰিটিছে নেপোলিয়নৰ বাহিনীৰ বিৰুদ্ধে শিখসকলৰ পৰা সহায় বিচাৰিছিল, তেওঁলোকে বৃটিছক সহায় কৰা নাছিল।
তথ্যৰ উৎস
[সম্পাদনা কৰক]- ↑ https://www.collinsdictionary.com/dictionary/hindi-english/%E0%A4%B8%E0%A4%B0%E0%A4%95%E0%A4%BE%E0%A4%B0#:~:text=%2Fsarak%C4%81ra%2F,are%20responsible%20for%20governing%20it.
- ↑ A history of the Sikhs by Kushwant Singh, Volume I (p. 195)
- ↑ https://archive.org/details/TheEncyclopediaOfSikhism-VolumeIiiM-r/page/479/mode/1up
- ↑ https://web.archive.org/web/20120216043951/http://histories.cambridge.org/extract?id=chol9780521268844_CHOL9780521268844A008
- ↑ https://books.google.com/books?id=D068dKeyGW4C
- ↑ https://books.google.com/books?id=qoRDAAAAYAAJ
- ↑ https://books.google.com/books?id=Vr4VAQAAIAAJ
- ↑ https://books.google.com/books?id=YrG_aJTgnw0C
- ↑ https://books.google.com/books?id=zp0FbTniNaYC&pg=PA147
- ↑ https://books.google.com/books?id=zjduAAAAMAAJ
- ↑ https://books.google.com/books?id=ddgO-DldmSwC
- ↑ https://books.google.com/books?id=nDluAAAAMAAJ