সমললৈ যাওক

ৰামাইয়া ৱাস্তাৱৈয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰামাইয়া ৱাস্তাৱৈয়া

ছবিগৃহত মুক্তিৰ পোষ্টাৰ
পৰিচালক প্ৰভু দেৱা
চিত্ৰনাট্য শ্বিৰাজ আহমেদ
কাহিনী বীৰু পোটলা
ভিত্তি প্ৰভু দেৱাৰ নুভ্ভোস্তানেন্তে নেনোদ্দান্তানা
প্ৰযোজক কুমাৰ এছ. তৌৰাণী
অভিনয়ত গিৰীশ কুমাৰ
শ্ৰুতি হাছান
চনু সুদ
চিত্ৰগ্ৰহণকাৰী কিৰণ দেওহান্স
সম্পাদনা হেমল কোঠাৰী
সংগীত পৰিচালক গীত:
শচীন–জিগৰ
আৱহ সংগীত:
সন্দীপ শিৰোদকাৰ
প্ৰযোজনা
কোম্পানী
টিপচ ইণ্ডাষ্ট্ৰিজ
পৰিবেশক টিপচ ইণ্ডাষ্ট্ৰিজ
মুক্তি
১৯ জুলাই ২০১৩ (2013-07-19)
দৈৰ্ঘ্য
১৪৮ মিনিট
দেশ ভাৰত
ভাষা হিন্দী
বাজেট ₹৩৮ কোটি
সৰ্বমুঠ আয় ₹৩৮.৩৪ কোটি[1]

ৰামাইয়া ৱাস্তাৱৈয়া (ইংৰাজী: Ramaiya Vastavaiya; অনুবাদ: ৰামাইয়া আহিব) হৈছে প্ৰভু দেৱাৰ দ্বাৰা পৰিচালিত, ২০১৩ চনত মুক্তিপ্ৰাপ্ত ভাৰতীয় হিন্দী ভাষাৰ এখন ৰোমাণ্টিক নাট্যধৰ্মী চলচ্চিত্ৰ। টিপছ ইণ্ডাষ্ট্ৰিজৰ অধীনত, কুমাৰ এছ. তৌৰাণীয়ে চলচ্চিত্ৰখনৰ প্ৰযোজনা কৰে। চলচ্চিত্ৰখনত অভিনেত্ৰী শ্ৰুতি হাছানৰ বিপৰীতে নৱাগত অভিনেতা গিৰীশ কুমাৰে মুখ্য চৰিত্ৰত অভিনয় কৰিছে। ছবিখন পৰিচালকৰ নিজৰ তেলেগু চলচ্চিত্ৰ, নুভ্ভোস্তানেন্তে নেনোদ্দান্তানাৰ পুনৰ্নিৰ্মাণ। ২০১৩ চনৰ ২০ জুলাই তাৰিখে ছবিখনে মুক্তি পাইছিল।

কাহিনীভাগ

[সম্পাদনা কৰক]

ৰাম কাপুৰ হৈছে কোটিপতি পিতৃ-মাতৃৰ ঘৰত জন্মগ্ৰহণ কৰা আৰু অষ্ট্ৰেলিয়াত ডাঙৰ-দীঘল হোৱা, এজন ধনী চহৰীয়া ল’ৰা। আনহাতে সোণা সিং হৈছে পঞ্জাবৰ এজনী পৰম্পৰাগত, সহজ-সৰল দেশীয় ছোৱালী যাক তেওঁৰ একমাত্ৰ ভাতৃ ৰঘুবীৰ সিঙে ডাঙৰ-দীঘল কৰে। ৰঘুৰ দেউতাকে আন এগৰাকী মহিলাক বিয়া কৰাই তেওঁলোকক ঘৰৰ পৰা বাহিৰ কৰি দিয়ে, বাটত সিহঁতক অপমান কৰে। এনে অৱস্থাত ৰঘু ভাগি পৰে। এনেতে তেওঁলোকৰ মাকৰো মৃত্যু হয়, আৰু তেওঁলোকৰ মালিকনাধীন সৰু মাটি এডৰাতে সমাধিস্থ কৰা হয়। কিয়নো তেওঁলোকৰ মাটিভাগ জমিদাৰ লালাৰ হাতত আছিল কাৰণ তেওঁলোকৰ মাকে মানুহজনৰ পৰা ঋণ লৈছিল। ৰঘুবীৰে স্বেচ্ছাই দিনে নিশাই কাম কৰি ঋণ পৰিশোধ কৰে। জয়ছোৱাল মান্তি হয়, আৰু স্থানীয় ষ্টেচন মাষ্টৰ শংকৰে তেওঁলোকক সহায় কৰে। লাহে লাহে ৰঘু আৰু সোণা ডাঙৰ হয়। এদিন, সোণাৰ অন্তৰংগ বান্ধৱী ৰিয়া ভাৰ্গৱে সোণাক তাইৰ বিয়াৰ নিমন্ত্ৰণ কৰিবলৈ তেওঁলোকৰ ঘৰলৈ আহে। সেইদিনাই ৰিয়াৰ ভায়েক ৰামো, মাক অশ্বিনী কাপুৰৰ সৈতে উপস্থিত হয়।

লাহে লাহে ৰাম আৰু সোণাৰ প্ৰেমত পৰে। কিন্তু এই কথাষাৰ ৰামৰ মাক অশ্বিনীয়ে সহ্য কৰিব নোৱাৰে কাৰণ সোণা তেওঁলোকৰ দৰে ধনী নহয় আৰু এইদৰে তেওঁলোকৰ মানদণ্ডৰ নহয়। অশ্বিনীৰ ভাতৃ কৃষ্ণ কান্ত ভাৰ্গৱৰ ব্যৱসায়িক অংশীদাৰ, জয় প্ৰকাশৰ কন্যা ডলীৰ সৈতে ৰামৰ বিবাহ হোৱাৰ কথাও আছিল। অশ্বিনীয়ে সোণাৰ লগতে এমিনিট আগতে আহি পোৱা ৰঘুকো অপমানিত কৰে আৰু অশ্বিনীয়ে ৰামক প্ৰলোভিত কৰি ফান্দত পেলাবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰে আৰু পিছত দুয়োকে ঘৰৰ পৰা বাহিৰ কৰি দিয়া হয়। এই কথা গম পাই ৰামে সোণাৰ ঘৰলৈ যায় আৰু তাক মানি লʼবলৈ ককায়েক ৰঘুক কাতৰ অনুৰোধ কৰে। ৰঘুৱে তাক এটা সুযোগ দিয়ে, ঠিক যেনেকৈ তাক সৰুতে লালাই সুযোগ দিছিল। ৰামক গৰু-ছাগলীৰ যত্ন লোৱা, তাৰ পিছত চাফাই কাম কৰা আৰু শস্য চপোৱালৈকে ৰঘুতকৈ বেছি শস্য খেতি কৰাৰ দায়িত্ব দিয়া হয়। যদি তেওঁ এনে নকৰে তেন্তে ৰামক গাঁৱৰ পৰা উলিয়াই দিয়া হ’ব আৰু সোণাৰ লগত কেতিয়াও দেখা কৰিব নোৱাৰিব।

লালা আৰু তেওঁৰ পুত্ৰ অজয় সুখী নহয়, কিয়নো অজয়ে সোণাক বিয়া কৰাব বিচাৰে। তেওঁলোক, ডলী আৰু ডলীৰ দেউতাকে ৰামক প্ৰতিযোগিতাত পৰাস্ত কৰিবলৈ চেষ্টা কৰে। ৰামে সহ্য কৰিব নোৱাৰিলেও, প্ৰতিদিনে ৰঙা জলকীয়া গুৰি আৰু ভাত খাই নিজৰ প্ৰেমৰ বাবে কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হয়। লালা আৰু জয় প্ৰকাশৰ ফালৰ পৰা অহা বহু বাধা নেওচি ৰামে অৱশেষত ৰঘুৰ ওচৰত সোণাৰ প্ৰতি থকা প্ৰেম প্ৰমাণ কৰে আৰু অধিক শস্য খেতি কৰাতো সফল হয়। ইফালে ৰাও, জয় প্ৰকাশ, অজয় আৰু লালাই সোণাক অপহৰণ কৰে আৰু তাৰ পিছত বলপূৰ্বকভাৱে অজয়ৰ লগত বিয়া দিবলৈ চেষ্টা কৰে। ৰামে ৰাও আৰু অজয়ক হত্যা কৰে আৰু ৰঘুৱে জয় প্ৰকাশ আৰু লালাক নিৰ্মমভাৱে প্ৰহাৰ কৰে। ৰাম আৰু সোণা একেলগে থাকিব লাগে বুলি উপলব্ধি কৰি ৰঘুৱে সকলো দোষ নিজৰ গাত লৈ লৈ সাত বছৰ কাৰাবাস খাটে। ছবিখনৰ শেষত ৰঘুৱে কাৰাগাৰৰ পৰা মুক্তি লাভ কৰে আৰু সকলোৰে উপস্থিতিত সোণা আৰু ৰামৰ বিয়া হয়। অশ্বিনীয়েও সোণাক বোৱাৰী হিচাপে গ্ৰহণ কৰে।

অভিনয় শিল্পী

[সম্পাদনা কৰক]
  • গিৰীশ কুমাৰ - ৰাম কাপুৰ
  • শ্ৰুতি হাছান - সোণা সিং
    • জিয়া খান - সোণা (সৰুকালৰ)
  • চনু সুদ - ৰঘুবীৰ 'ৰঘু' সিং, সোণাৰ ককায়েক
    • নমিত শ্বাহ - ৰঘু (সৰুকালৰ)
  • ৰণধীৰ কাপুৰ - সিদ্ধান্ত কাপুৰ, ৰামৰ দেউতাক
  • পূনম ঢিল্লোঁ - অশ্বিনী কাপুৰ, ৰামৰ মাক
  • বিনোদ খান্না - ষ্টেচন মাষ্টৰ শংকৰ
  • পৰেশ গণত্ৰ - বিজ্লী
  • সতীশ শ্বাহ - কৃষ্ণ কান্ত ভাৰ্গৱ, ৰামৰ মামা
  • নছৰ - জয় প্ৰকাশ (জে.পি.), কৃষ্ণ কান্তৰ ব্যৱসায়িক অংশীদাৰ
  • গোবিন্দ নামদেৱ - জমিদাৰ লালা
  • চৰফৰাজ খান - অজয়, লালাৰ পুত্ৰ
  • জাকিৰ হুছেইন - ৰাও
  • আঁচল সিং - ৰিয়া ভাৰ্গৱ, ৰামৰ সম্পৰ্কীয় ভাই আৰু সোণাৰ অন্তৰংগ বান্ধৱী
  • অংশুল ত্ৰিবেদী - অংশুল, ৰিয়াৰ স্বামী
  • কেনিশা অৱস্থি - ডলী প্ৰকাশ, জে.পি.-ৰ জীয়ৰী
  • আৰতি পুৰী - গৌৰী
  • শ্বিৰাজ আহমেদ - জেইলাৰ
  • হেৰী জোছ - আফজল
  • পূজা বসু (এটি কেমিঅʼ ভূমিকাত)
  • গণেশ আচাৰ্য ('পীছা ছুটে' নামৰ গানটোত এক বিশেষ উপস্থিতিত)
  • প্ৰভু দেৱা ("জাদু কি ঝাপ্পী" নামৰ গানটোত এক বিশেষ উপস্থিতিত)
  • জেকলিন ফাৰ্নাণ্ডেজ - "জাদু কি ঝাপ্পী" নামৰ গানটোৰ এগৰাকী নৰ্তকী

নিৰ্মাণ

[সম্পাদনা কৰক]

২০১২ চনৰ ১ আগষ্টৰ পৰা মুম্বাইত ছবিখনৰ চিত্ৰগ্ৰহণ আৰম্ভ হৈছিল। ছবিখনে হিমাচল প্ৰদেশতো এটা সূচী সম্পূৰ্ণ কৰিছিল।[2] ছবিখন পৰিচালক প্ৰভু দেৱাৰ দ্বাৰা পৰিচালিত প্ৰথম তেলেগু চলচ্চিত্ৰ, নুভ্ভোস্তানেন্তে নেনোদ্দান্তানাৰ এটি পুনৰ নিৰ্মাণ (চলচ্চিত্ৰ) হʼব বুলি ঘোষণা কৰা হৈছিল। বক্স অফিচ ইণ্ডিয়া নামৰ ৱেবচাইট এটিৰ দ্বাৰা ইয়াক "ফ্লপ" বুলি ঘোষণা কৰা হৈছিল।[3]

ৰামাইয়া ৱাস্তাৱৈয়া
শচীন–জিগৰৰ
সংগীত এলবাম
মুক্তি ২৫ এপ্ৰিল ২০১৩
শৈলী/ধৰণ চলচ্চিত্ৰ সংগীত
লেবেল টিপচ ইণ্ডাষ্ট্ৰিজ লিমিটেড
প্ৰযোজক শচীন–জিগৰ


আতিফ আচলম আৰু শ্ৰেয়া ঘোষালে গোৱা "জীনে লগা হুঁ" নামৰ চলচ্চিত্ৰখনৰ প্ৰথম গীতটোৰ প্ৰʼমʼ, ২০১৩ চনৰ ১০ মে'ত মুক্তি দিয়া হৈছিল। গানটো টিপছ মিউজিক ফিল্মছ ইউটিউব চেনেলত (টিপচমিউজিক) আপলোড কৰা হৈছিল, আৰু সম্পূৰ্ণ সংগীত এলবামটো ২০১৩ চনৰ ১৫ মে' তাৰিখে মুকলি কৰা হৈছিল। এই এলবামটোৰ সকলো বোৰ গীত ৰচনা কৰিছে শচীন-জিগৰে আৰু গীতৰ কথা লিখিছে প্ৰিয়া সাৰাইয়াই।

ছবিখনৰ আৱহ সংগীত ৰচনা কৰিছে সন্দীপ শিৰোদকাৰে।

গীতৰ তালিকা

[সম্পাদনা কৰক]
নং শিৰোনামকণ্ঠশিল্পী দৈৰ্ঘ্য
1. "জীনে লগা হুঁ"  আতিফ আচলম, শ্ৰেয়া ঘোষাল ৩:৫৭
2. "হিপ হপ পাম্মি"  মিকা সিং, মোনালী ঠাকুৰ ৩:৪০
3. "বৈৰিয়া"  আতিফ আচলম, শ্ৰেয়া ঘোষাল ৪:০৮
4. "পীছা ছুটে"  মোহিত চৌহান ৩:৪৭
5. "ৰং জো লাগ্যো"  আতিফ আচলম, শ্ৰেয়া ঘোষাল ৪:৫৬
6. "জাদু কি ঝাপ্পী"  নেহা কক্কড়, মিকা সিং ৩:৩৭
7. "জাদু কি ঝাপ্পী (ৰিপ্ৰাইজ)"  মিকা সিং, নেহা কক্কড় ২:১১
মুঠ দৈৰ্ঘ্য:
২৯:৫৭

২০১৩ চনৰ ১৯ জুলাই তাৰিখে ছবিখনে মুক্তি লাভ কৰিছিল।[4][5] দ্য টাইম্‌ছ অৱ ইণ্ডিয়াই ছবিখনক ৫ টাৰ ভিতৰত ৩টা ষ্টাৰ দি কয়, "ছবিখন উদযাপনৰ বাবে সজাই তোলা এখন সুন্দৰ পথাৰ যেন লাগে, কিন্তু দেখুৱাবলৈ কোনো প্ৰকৃত শস্য নাই।" [6]

তথ্য উৎস

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]