সমললৈ যাওক

ৰিণিকি ভূঞা শৰ্মা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰিণিকি ভূঞা শৰ্মা
জন্ম গুৱাহাটী, অসম
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষা ৰাজনীতি বিজ্ঞানৰ স্নাতক
আইনৰ স্নাতক
শিক্ষানুষ্ঠান কটন কলেজ[1]
পেচা
  • অধিবক্তা
  • উদ্যমী
  • সমাজকৰ্মী
  • ব্যৱসায়ী
সংস্থা
  • নিউজ লাইভ[2]
  • প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেড[3]
  • ৰাধাকৃষ্ণ চাহ বাগিচা এলএলপি[4]
  • একা ইষ্টেটছ এলএলপি[5]
জনা যায় প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ স্বত্বাধিকাৰী
দাম্পত্যসঙ্গী হিমন্ত বিশ্ব শৰ্মা
(বি. ২০০১)
সন্তান
  • নন্দিল বিশ্ব শৰ্মা
  • সুকন্যা শৰ্মা

ৰিণিকি ভূঞা শৰ্মা (ইংৰাজী: Riniki Bhuyan Sarma) এগৰাকী অধিবক্তা, উদ্যমী, সমাজকৰ্মী আৰু অসমৰ এগৰাকী ব্যৱসায়ী মহিলা।[6] তেওঁ উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ মিডিয়া হাউচ প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টৰ পৰিচালনা সঞ্চালক।[3] এই সংগঠনৰ অধীনত নিউজ লাইভ, ৰং, ৰামধেনু, নৰ্থ ইষ্ট লাইভ, ইন্দ্ৰধনু আদি টেলিভিছন চেনেল আছে। তদুপৰি তেওঁ ৰাধাকৃষ্ণ চাহ বাগিচা এলএলপি আৰু একা ইষ্টেটছ এলএলপিৰ লগতো জড়িত। ইয়াৰ উপৰিও তেওঁ অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পত্নী।[6][7]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

অসমৰ গুৱাহাটীত ৰিণিকি ভূঞাৰ জন্ম হৈছিল। তেওঁৰ পিতৃ এজন প্ৰখ্যাত উদ্যোগপতি স্বৰ্গীয় যাদৱ চন্দ্ৰ ভূঞা। তেওঁ গুৱাহাটীতে ডাঙৰ দীঘল হৈছিল।[6][8] তেওঁ গুৱাহাটীত অৱস্থিত ছেইণ্ট মেৰী হাইস্কুলৰ পৰা প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা সম্পূৰ্ণ কৰিছিল। তাৰ পিছত তেওঁ কটন কলেজত নামভৰ্তি কৰে আৰু ৰাজনীতি বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে।[1] ৰাজনীতি বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ গুৱাহাটীৰ চৰকাৰী আইন মহাবিদ্যালয়ৰ পৰা আইনৰ স্নাতক ডিগ্ৰী লাভ কৰে।[6][9][8]

তেওঁ ১৭ বছৰ বয়সত কটন কলেজত হিমন্ত বিশ্ব শৰ্মাক লগ পাইছিল আৰু প্ৰেমত পৰিছিল। ২০০১ চনৰ ৭ জুন তাৰিখে তেওঁলোক বিবাহপাশত আৱদ্ধ হয়।[10][11] দম্পতীহালৰ দুগৰাকী সন্তান আছে। তেওঁলোকৰ পুত্ৰ নন্দিল বিশ্ব শৰ্মা আৰু কন্যা সুকন্যা শৰ্মা।[11][12]

কৰ্মজীৱন

[সম্পাদনা কৰক]

ৰিণিকি ভূঞা শৰ্মা উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ মিডিয়া হাউচ আৰু হোল্ডিং কোম্পানী প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টছৰ অধ্যক্ষ।[3] এই কোম্পানী কেইবাটাও দূৰদৰ্শন চেনেলৰ মূল স্বত্বাধিকাৰী কোম্পানী। ইয়াৰ অধীনত দুটা বাতৰি চেনেল নিউজ লাইভ (অসমীয়া) আৰু নৰ্ট ইষ্ট লাইভ (বহুভাষিক),[13] এটা মনোৰঞ্জন চেনেলৰ ৰং, এটা গীতৰ চেনেল ৰামধেনু, এটা চলচ্চিত্ৰৰ চেনেল ইন্দ্ৰধনু, এটা অসম সংবাদ কাকত নিয়মীয়া বাৰ্তা আৰু এটা আলোচনী 'আইনা' আছে।[6][14][2] তদুপৰি তেওঁ ৰাধাকৃষ্ণ চাহ বাগিচা এলএলপি আৰু একা ইষ্টেটছ এলএলপিৰ লগতো জড়িত।

উদ্যোগৰ উপৰিও তেওঁ এগৰাকী সমাজসেৱী হিচাপেও বিখ্যাত। তেওঁ বৰ্তমান তিনিটা বেচৰকাৰী সংস্থাৰ পৰিচালনা কৰি আছে। সেইকেইটা হৈছে 'স্নেহ বন্ধন', 'উদয়াঞ্চল' আৰু 'গোল্ডেন থ্ৰেডছ অফ আছাম'।[6][15][16]

ৰিণিকি পেছাত এগৰাকী অধিবক্তা। তেওঁ এগৰাকী ৰাজ্যিক পৰ্যায়ৰ টেনিছ খেলুৱৈও আছিল। তেওঁ কেইবাখনো ৰাষ্ট্ৰীয় টেনিছ প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰিছিল।[6]

বঁটা আৰু সন্মান

[সম্পাদনা কৰক]

২০২০ চনৰ মাৰ্চ মাহত ৰিণিকি ভূঞা শৰ্মায়ে প্ৰাগ প্ৰেৰণা বঁটা লাভ কৰিছিল।[17] ২০২১ চনত তেওঁ মহীয়সী আৰু গৰীয়সী বঁটা লাভ কৰিছিল।[উদ্ধৃতিৰ প্ৰয়োজন]

তথ্য উৎস

[সম্পাদনা কৰক]
  1. 1 2 "Himanta was sure of becoming CM even in his college days, says wife Rinki Bhuyan" (en ভাষাত). Hindustan Times. 2021-05-10. https://www.hindustantimes.com/elections/assam-assembly-election/himanta-was-sure-of-becoming-cm-even-in-his-college-days-says-wife-rinki-bhuyan-101620656482320.html আহৰণ কৰা হৈছে: 2021-09-15.
  2. 1 2 "The Sarma Family" (en ভাষাত). india.mom-rsf.org. Archived from the original on 2021-08-21. https://web.archive.org/web/20210821185138/https://india.mom-rsf.org/en/owners/individual-owners/detail/owner//%E0%A4%B8%E0%A4%B0%E0%A4%AE-%E0%A4%AA%E0%A4%B0%E0%A4%B5%E0%A4%B0/ আহৰণ কৰা হৈছে: 2021-09-15.
  3. 1 2 3 "PRIDE EAST ENTERTAINMENTS PRIVATE LIMITED - Company, directors and contact details | Zauba Corp". www.zaubacorp.com. https://www.zaubacorp.com/company/PRIDE-EAST-ENTERTAINMENTS-PRIVATELIMITED/U92142AS2006PTC008264 আহৰণ কৰা হৈছে: 2021-08-21.
  4. "RADHAKRSNA TEA ESTATES LLP - Company, directors and contact details | Zauba Corp". www.zaubacorp.com. https://www.zaubacorp.com/company/RADHAKRSNA-TEA-ESTATES-LLP/AAU-0996 আহৰণ কৰা হৈছে: 2021-08-21.
  5. "EKAA ESTATES LLP - Company, directors and contact details | Zauba Corp". www.zaubacorp.com. https://www.zaubacorp.com/company/EKAA-ESTATES-LLP/AAV-2485 আহৰণ কৰা হৈছে: 2021-08-21.
  6. 1 2 3 4 5 6 7 "In Conversation with Riniki Bhuyan Sarma: Entrepreneur, Philanthropist and Media Tycoon of Northeast" (en ভাষাত). www.guwahatiplus.com. https://www.guwahatiplus.com/guwahati/in-conversation-with-riniki-bhuyan-sarma-entrepreneur-philanthropist-and-media-tycoon-of-northeast আহৰণ কৰা হৈছে: 2021-08-21.
  7. Shantanu, Shashank (2021-05-10). "Himanta Biswa Sarma wife Riniki Bhuyan new assam cm interesting facts latest news updates | India News – India TV". www.indiatvnews.com. https://www.indiatvnews.com/news/india/himanta-biswa-sarma-wife-riniki-bhuyan-new-assam-cm-interesting-facts-latest-updates-703779 আহৰণ কৰা হৈছে: 2021-08-21.
  8. 1 2 "Journey of Riniki Bhuyan Sharma from a daughter to an entrepreneur" (en-US ভাষাত). Archived from the original on 2021-09-15. https://web.archive.org/web/20210915201500/https://rinikibhuyansharma.com/journey/ আহৰণ কৰা হৈছে: 2021-09-15.
  9. Live, Assam News. "Riniki Bhuyan Sarma Biography - Success, Achievements, Education, Background, Controversies" (English ভাষাত). Archived from the original on 2021-07-25. https://web.archive.org/web/20210725151818/https://assamnewslive.com/assam/riniki-bhuyan-sarma-full-details/ আহৰণ কৰা হৈছে: 2021-09-15.
  10. "Assam: RTI activist seeks action against Himanta Biswa Sarma’s wife for airing Ajmal’s ‘doctored’ video" (en-US ভাষাত). NORTHEAST NOW. https://nenow.in/north-east-news/assam/assam-rti-activist-seeks-action-against-himanta-biswa-sarmas-wife-for-airing-ajmals-doctored-video.html আহৰণ কৰা হৈছে: 2021-09-15.
  11. 1 2 "Who's Who". assamassembly.gov.in. http://assamassembly.gov.in/himanta-biswa-sarma.html আহৰণ কৰা হৈছে: 2021-09-15.
  12. Desk, Sentinel Digital (2021-05-09). "Himanta Biswa Sarma: Early Life, INC & BJP Political Career, Books, Controversies & more - Sentinelassam" (en ভাষাত). The Sentinel Assam. Archived from the original on 2021-09-15. https://web.archive.org/web/20210915202918/https://www.sentinelassam.com/north-east-india-news/assam-news/wikipedia-of-himanta-biswa-sarma-muscat-of-saffron-party-in-assam-533950 আহৰণ কৰা হৈছে: 2021-09-15.
  13. "Media Ownership Monitor: Who owns the media in India? | Reporters without borders" (en ভাষাত). RSF. 2019-05-29. https://rsf.org/en/news/media-ownership-monitor-who-owns-media-india আহৰণ কৰা হৈছে: 2021-09-15.
  14. "Pride East". prideeast.com. https://prideeast.com/ আহৰণ কৰা হৈছে: 2021-09-15.
  15. Sarma, Riniki. "Sneha Bandhan Trust, Guwahati" (en-US ভাষাত). Snehabandhan. https://snehabandhan.org/ আহৰণ কৰা হৈছে: 2021-09-15.
  16. "Background about The NGO named Golden Threads of Assam operated by Riniki Bhuyan" (en-US ভাষাত). Archived from the original on 2021-09-15. https://web.archive.org/web/20210915195337/https://goldenthreadsofassam.com/about/ আহৰণ কৰা হৈছে: 2021-09-15.
  17. "ৰিণিকি ভূঞা শৰ্মাক বঁটা প্ৰদান ৰাজ্যপালৰ" (as ভাষাত). https://niyomiyabarta.com/assam/%E0%A7%B0%E0%A6%BF%E0%A6%A3%E0%A6%BF%E0%A6%95%E0%A6%BF-%E0%A6%AD%E0%A7%82%E0%A6%9E%E0%A6%BE-%E0%A6%B6%E0%A6%B0%E0%A7%8D%E0%A6%AE%E0%A6%BE%E0%A6%95-%E0%A6%AC%E0%A6%81%E0%A6%9F%E0%A6%BE-%E0%A6%AA/ আহৰণ কৰা হৈছে: 2021-09-16.