ৰোষেশ্বৰ বৰুৱা
ৰোষেশ্বৰ বৰুৱা Rosheswar Barua | |
---|---|
জন্ম | ৰোষেশ্বৰ বৰুৱা ১৭৭৮ মেলেং বালি চাপৰি পূজাৰী গাঁও, যোৰহাট |
মৃত্যু | ১৮৫৮ |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
পেচা | চাহ খেতিয়ক |
জনা যায় | অসমৰ প্ৰথমগৰাকী চাহ উদ্যোগী হিচাপে পৰিচিত |
ৰোষেশ্বৰ বৰুৱা(ইংৰাজী: Rosheswar Barua) আছিল অসম, ভাৰতৰ এগৰাকী চাহ-খেতিয়ক৷ ঊনৈশ শতিকাৰ শেষাৰ্ধত তেওঁ অসমৰ যোৰহাটত চাহখেতি কৰিছিল৷ পদ্মনাথ গোহাঞি বৰুৱাৰ অসমৰ বুৰঞ্জী আৰু দুই-এক তথ্যসূত্ৰ মতে, ৰোষেশ্বৰ বৰুৱা অসমৰ প্ৰথমগৰাকী চাহ-খেতিয়ক৷[1] [2][3]
জন্ম, শিক্ষা আৰু শৈশৱকাল
[সম্পাদনা কৰক]১৭৭৮ চনত যোৰহাটৰ মেলেং বালি চাপৰি পূজাৰী গাঁৱত ৰোষেশ্বৰ বৰুৱাৰ জন্ম হৈছিল৷ তেওঁৰ জন্ম হৈছিল মোৱামৰীয়া বিদ্ৰোহ চলি থকাৰ সময়তে৷ তেওঁৰ পিতৃৰ নাম আছিল বজ্ৰনাথ৷ ৰোষেশ্বৰ বৰুৱাৰ নবছৰ বয়সত অসমত মানৰ আক্ৰমণ আৰম্ভ হৈছিল৷ আক্ৰমণৰ পৰা বচাবলৈ তেওঁ পৰিয়ালৰ সৈতে প্ৰায়েই হাবিয়ে-বননিয়ে পলাই ফুৰিবলগীয়া হৈছিল৷ অৱশ্যে যোৰহাটৰ পাৰ্শ্বৱতী একাংশ ঠাইত তেতিয়াও কেইখনমান শিক্ষাকেন্দ্ৰ পাঠশালা বা টোলৰ ৰূপত সক্ৰিয় হৈ আছিল৷ ৰোষেশ্বৰ বৰুৱাই যদু অধ্যাপক টোলত অন্তৰ্ভুক্ত হয়৷ এইখন টোলৰ পৰাই উত্তীৰ্ণ হৈ ৰোষেশ্বৰ বৰুৱাই জীৱিকাৰ সন্ধানত নামি পৰে৷ [2]
কৰ্মজীৱন
[সম্পাদনা কৰক]১৮৩৮ চনত বৃটিছে পুৰন্দৰ সিংহক উজনি অসম শাসন কৰিবলৈ দিয়ে৷ এই সময়তে ৰোষেশ্বৰ বৰুৱাই নিজৰ পৰিয়াল-পৰিচয় আৰু ৰাজ-আনুগত্যৰ বিষয়ে ৰজাক জনালে আৰু ৰাজসভাত নিযুক্তিৰ বাবে ৰজাৰ কাষ চাপে৷ জনৈক ৰাজগুৰুৱে তেওঁক এই প্ৰচেষ্টাত সহায় কৰে৷ তেওঁৰ সহায়তেই ৰোষেশ্বৰ বৰুৱাই দেৱী দ'লৰ বৰুৱা হিচাপে নিযুক্তি লাভ কৰে৷ অৱশ্যে স্বৰ্গদেউ পুৰন্দৰ সিংহক ইংৰাজে সিংহাসনৰ পৰা অপসাৰিত কৰাৰ লগে লগে ৰোষেশ্বৰ বৰুৱা কৰ্মসংস্থাপনবিহীন হৈ পৰে৷ এইবাৰ তেওঁ জীৱিকাৰ সন্ধানত গুৱাহাটী পায়হি৷ [2]
ৰোষেশ্বৰ বৰুৱাই কালেক্টৰী কাৰ্যালয়ত পূৰ্বৰ অভিজ্ঞতাৰ ভিত্তিত অস্থায়ী নিযুক্তি লাভ কৰে৷ অস্থায়ী চাকৰিৰ ম্যাদ ওকলাত তেওঁ গুৱাহাটীতে এইবাৰ ব্যৱসায়ত নামে৷ পিছে সফলতা লাভ নকৰাত পুনৰ উজনিলৈ গমন কৰে৷ নিবনুৱা হৈ থকা কালতে তেওঁ ব্ৰিটিছৰ সংস্পৰ্শলৈ আহি ইংৰাজী ভাষা সম্পৰ্কে কিছুমান জ্ঞান আয়ত্বলৈ আনে আৰু নৱ-স্থাপিত নাজিৰাৰ বৃটিছ আসাম কোম্পানীত এটা চাকৰি লাভ কৰে৷ এইটো কামত তেখেতে ভূমি অধিগ্ৰহণ, ভূমি আৱণ্টন, ৰাজহ নীতি, চাহ খেতিৰ সৱিশেষ জ্ঞান লাভ কৰে৷ কামত সন্তুষ্ট হৈ বৃটিছে তেওঁক গাভৰু পৰ্বত, মাইবেলিয়াকে ধৰি একাধিক মৌজাৰ অতিৰিক্ত দায়িত্ব প্ৰদান কৰে৷ [2]
চাহ খেতি
[সম্পাদনা কৰক]নাজিৰাৰ কোম্পানীত চাকৰি কৰি থকা কালতেই ৰোষেশ্বৰ বৰুৱাই চাহ-ব্যৱসায়ত আত্মনিয়োগ কৰাৰ কথা ভাবে আৰু স্বতন্ত্ৰভাৱে এই ব্যৱসায়ত যুক্ত হ'বলৈ চাকৰি ত্যাগ কৰে৷ ভূমিৰ আৱণ্টন আৰু অন্যান্য সহায়-সহযোগ লাভ কৰাত ব্ৰিটিছৰ উপৰি তেওঁক মণিৰাম দেৱানেও সহযোগ আগবঢ়ায়৷ সহযোগিতা লাভ কৰি তেওঁ ১৮৪১ চনত যোৰহাট জিলাৰ মেলেং বালি চাপৰি অঞ্চলত লাহদৈগড় চাহ বাগিচা[1][3] খোলে৷ ইয়াৰ লগতে তেওঁ চাহ গুটিৰ নাৰ্চাৰী এখোন আৰম্ভ কৰে৷ ১৮৬০ চনৰ ভিতৰত তেওঁ ৬-৭খন চাহ বাগিচা ৰোপন কৰে৷ অৱশ্যে ১৮৬৭-৬৭ চনৰ সংকটৰ সময়ত তেওঁৰ চাহ-উদ্যোগ কিছুপৰিমাণ ক্ষতিগ্ৰস্ত হৈছিল৷ যাৰ বাবে তেওঁ নাগিনীজান আৰু মধুপুৰ চাহ বাগিছা যথাক্ৰমে এজন ইউৰোপীয় ব্যক্তি আৰু এজন চাহকৃষক ৰায়বাহাদুৰ বিষ্ণুৰাম বৰুৱাক বিক্ৰী কৰিছিল৷ বিক্ৰী কৰি দিয়াৰ এটা কাৰণ আছিল শ্ৰমিক আৰু পুঁজিৰ অভাৱ৷[3]
বিতৰ্ক
[সম্পাদনা কৰক]১৮০৬ চনত জন্মগ্ৰহণ কৰা মণিৰাম দেৱানক প্ৰথমগৰাকী চাহ-খেতিয়ক হিচাপে মান্যতা দিয়া হয়৷ একেদৰে ১৮৫১ চনত যোৰহাটত জন্মলাভ কৰা জগন্নাথ বৰুৱাকো কোনো-কোনোৱে অসমৰ প্ৰথমগৰাকী চাহ খেতিয়কৰ মৰ্যাদা দিয়ে৷ মন কৰিবলগীয়া যে, এওঁলোক দুয়োজনৰে জন্ম ৰোষেশ্বৰ বৰুৱাৰ পৰৱৰ্তী সময়তহে৷ পদ্মনাথ গোহাঞি বৰুৱাৰ অসমৰ বুৰঞ্জী মতে, ৰোষেশ্বৰ বৰুৱাই হৈছে অসমত চাহ-বাগিছা খোলা প্ৰথমগৰাকী অসমীয়া৷ ইয়াৰোপৰি গোহাঞিবৰুৱাৰ মতে, ৰোষেশ্বৰ বৰুৱা সেই সময়ৰ সবাতোকৈ চহকী অসমীয়া৷ এই প্ৰসংগত তেখেতে অসমৰ বুৰঞ্জীত লিখিছে-
অসমীয়াৰ ভিতৰত লাহদৈগড়ৰ ৺ৰোষেশ্বৰ বৰুৱাই পোন-প্ৰথমে চাহ-বাগিছা খুলি পটন্তৰ দেখুৱায়৷ তেওঁ প্ৰতিষ্ঠা কৰা “লাহদৈগড় চাহ-বাগিছা” সবাতো-আগ অসমীয়াৰ চাহ-বাগিছা৷ তেওঁ মৰণৰ আগলৈকে ৯জন পুতেকৰ বাবে ৯খন বাগিছা পাতিছিল৷ সেই কালত ৰোষেশ্বৰ বৰুৱা অসমত আটাইতকৈ চহকী অসমীয়া আছিল৷ ৺ৰায়বাহাদুৰ জগন্নাথ বৰুৱাৰ পিতৃ ৺হেমধৰ বৰুৱাই প্ৰথমতে লাহদৈ-গড় বাগিছাৰ গুটি-সঁচ নিহে তেওঁৰ “লেতেকুজান বাগিছা” পাতেগৈ৷[1]
ৰোষেশ্বৰ বৰুৱাই খোলা বাগিছাৰ সংখ্যাক লৈ বিতৰ্ক নথকা নহয়৷ ৰোষেশ্বৰ বৰুৱাৰ দ্বিতীয় পুত্ৰ জীৱেশ্বৰ বৰুৱাই স্বপ্ন জীৱন পুথিত উল্লেখ কৰা অনুসৰি ৰোষেশ্বৰ বৰুৱাই ২২ খন বাগিছা খুলিছিল৷ সেইসমূহ বাগিছাৰ নাম হৈছে-লাহদৈগড়, হাতীগড়, কৃষ্ণবাৰী, বাঘজান, দক্ষিণ পাটৰ গ্ৰাণ্ড (বৰ্তমানৰ চটাই) লেটেকুজান, বৰগুৰি, নাগিনীজান, মাধপুৰ (মধুপুৰ), টিমপীয়া, উলুৱনী, চৰাইপানী, গোঁসাইবাৰী, মেজেঙি, মেলেং, চপানী, টেকেলাগোঁহাই, চিন্তামণি গড়, ঘৰফলীয়া, চেলেং, দেওপানী৷ পিছে, বুৰঞ্জীবিদ অমলেন্দু গুহৰ মতে, ৰোষেশ্বৰ বৰুৱাই ৬খনহে বাগিছা খুলিছিল৷ একেদৰে পদ্মনাথ গোহাঞি বৰুৱাৰ মতে, বৰুৱাই নজন পুতেকৰ বাবে নখন বাগিছা খুলিছিল৷
অন্যান্য কৰ্ম
[সম্পাদনা কৰক]ৰোষেশ্বৰ বৰুৱাই নিজা ধনেৰে মাটি কিনি ৰোষেশ্বৰ আলি আৰু লাহদৈ বাগিছাৰ পৰা ধোদৰ আলিৰ কাষৰ দেওঁপানী বাগিছা আৰু নাগিনী জান সংযোগী আলিবাটটো নিৰ্মাণ কৰিছিল৷ [2] তেওঁ লাহদৈগড় বাগিছাত প্ৰায় ২০০ গছজোপা আম ৰুইছিল৷ আমৰ সোৱাদ, আকাৰ আৰু প্ৰকাৰ অনুযায়ী তেওঁ সৰুতে শুনা নামেৰে আমবোৰৰ নাম ৰাখিছিল৷ যেনে-আগে পকি, চাহঘৰৰ আম, শোভন কেতেকী, মাটি মিঠা, শগুনী, চেনি আম, সেন্দূৰী, তিলিকি আদি৷ ৰোষেশ্বৰ বৰুৱাৰ মৃত্যুৰ পাছত আম গছেৰে আৱৰি থকা লাহদৈগড় বাগিছাৰ একাংশ তেওঁৰ নাতি আনন্দ চন্দ্ৰ বৰুৱাই আম্ৰকানন হিচাপে নামাংকিত কৰে৷ [2]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]ৰোষেশ্বৰ বৰুৱাৰ চাৰিগৰাকী পত্নী আছিল৷ তেওঁলোক হৈছে-তোলনী দেৱী, চন্দ্ৰা দেৱী, ৰুমদা দেৱী, প্ৰভা দেৱী৷ তেওঁৰ পুত্ৰ নজন যথাক্ৰমে-কমলেশ্বৰ, জীৱেশ্বৰ, দামোদৰ, গোপাল, কৃপাল, দয়াল, ধৰ্ম্মেশ্বৰ, গোলাপ আৰু নাৰায়ণ৷ আনহাতে কন্যা দুগৰাকী হৈছে ইন্দুপ্ৰভা আৰু মুক্তা দেৱী৷
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 গোহাঞিবৰুৱা,পদ্মনাথ (জুন ১৯৭৬,তৃতীয় সংস্কৰণ (আগষ্ট ২০০৪)). অসমৰ বুৰঞ্জী. প্ৰকাশক গুৱাহাটী: অসম প্ৰকাশন পৰিষদ. পৃষ্ঠা. ১৮০-১৮১. https://as.wikisource.org/wiki/%E0%A6%AA%E0%A7%83%E0%A6%B7%E0%A7%8D%E0%A6%A0%E0%A6%BE:%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%B0_%E0%A6%AC%E0%A7%81%E0%A7%B0%E0%A6%9E%E0%A7%8D%E0%A6%9C%E0%A7%80_%E0%A6%97%E0%A7%8B%E0%A6%B9%E0%A6%BE%E0%A6%9E%E0%A6%BF_%E0%A6%AC%E0%A7%B0%E0%A7%81%E0%A7%B1%E0%A6%BE.djvu/%E0%A7%A7%E0%A7%AF%E0%A7%AD.
- ↑ 2.0 2.1 2.2 2.3 2.4 2.5 বৰুৱা, কুমাৰ দিলীপ (এপ্ৰিল, ২০২১). অগ্ৰণী চাহ খেতিয়ক ৰোষেশ্বৰ বৰুৱা আৰু হাতীগড়ৰ উত্তৰপুৰুষ. প্ৰকাশক যোৰহাট. pp. ১-৮.
- ↑ 3.0 3.1 3.2 Davey,Tom. "PIONEERING INDIGENOUS ASSAMESE TEA PLANTERS". worldteadirectory. https://worldteadirectory.com/pioneering-assamese-tea-estates/। আহৰণ কৰা হৈছে: 21 August 2022.