সমললৈ যাওক

ৱান্‌চো নগা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৱান্চো
ইটানগৰৰ জৱাহৰলাল নেহৰু যাদুঘৰত ৱানচো লোকৰ মমৰ মূৰ্তি।
উল্লেখযোগ্য জন-অধ্যুষিত অঞ্চলসমূহ
 ভাৰত (অৰুণাচল প্ৰদেশ)
ভাষাসমূহ

ৱান্চো

ধৰ্ম

খ্ৰীষ্টান, এনিমিষ্ট, হিন্দু

সংশ্লিষ্ট নৃতাত্ত্বিক গোষ্ঠী

নগা, নক্টে, কন্যাক

ৱান্‌চোসকল (ইংৰাজী: The Wancho Naga) অৰুণাচল প্ৰদেশৰ লংদিং জিলাৰ পাটকাই পাহাৰত বাস কৰা এটা নগা খিলঞ্জীয়া জনগোষ্ঠী। সাংস্কৃতিকভাৱে তেওঁলোক নগা আৰু তেওঁলোক অৰুণাচল প্ৰদেশৰ নক্টে আৰু নগালেণ্ডৰ কন্যাকৰ সৈতে জাতিগতভাৱে সম্পৰ্কিত। কন্যাকসকল নাগালেণ্ডৰ আটাইতকৈ ডাঙৰ জনজাতি। ৱানচোৰ ইতিহাস বেছিভাগেই বৰ্তমানৰ নাগালেণ্ডৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে। আজিও অৰুণাচলৰ ৱানচোসকল আৰু নাগালেণ্ডৰ মন জিলাৰ কন্যাকসকলে বসবাস কৰা একে নামৰ গাঁও আছে। উদাহৰণ- লংকেই নামৰ গাঁওখন অৰুণাচল আৰু নাগালেণ্ড উভয়তে পোৱা যায়।নগা ভাষাৰ অন্তৰ্গত ৱান্‌চো ভাষা তিব্বত-বৰ্মী পৰিয়ালৰ অন্তৰ্গত

ধৰ্ম[সম্পাদনা কৰক]

আন নগাসকলৰ বিপৰীতে ৱান্‌চোসকলে এতিয়াও নক্টে আৰু কন্যাকৰ সৰু গোটৰ সৈতে মিলি এতিয়াও এনিমিজমত (জীৱবাদ বা Animism) বিশ্বাস বজাই ৰাখিছে। এই এনিমিষ্ট ৱান্চোসকলে ৰং আৰু বাউৰাং নামৰ দুজন শক্তিশালী দেৱতাৰ অস্তিত্বত বিশ্বাস কৰে।

ৱান্‌চোসকলৰ বহুতেই খ্ৰীষ্টান ধৰ্মত দীক্ষিত হৈছে। ইয়াৰে বহুতেই বেপ্টিষ্ট বা কেথ’লিক ধৰ্মগোষ্ঠীৰ। খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰাৰ পিছত নগাসকলৰ শত্ৰুৰ মূৰ কাটি অনা পৰম্পৰাৰ প্ৰতি থকা দৃষ্টিভংগীৰ আমূল পৰিবৰ্তন ঘটিছিল। কিন্তু ইয়াৰ ফলত আদিম ধৰ্মৰ সৈতে থকা শক্তিশালী সম্পৰ্কৰ লগতে তেওঁলোকৰ পৰম্পৰাগত সংস্কৃতিৰো বহুক্ষেত্ৰত অৱনতি ঘটিছে।[1]

২০০১ চনৰ লোকপিয়ল অনুসৰি ৱান্‌চোৰ মাত্ৰ ১০% হিন্দু আৰু আন ১৬% এনিমিষ্ট। ২০১১ চনৰ লোকপিয়ল অনুসৰি ২.৫৫% হিন্দু আৰু ০.৫৫% এনিমিষ্ট।

সংস্কৃতি[সম্পাদনা কৰক]

ৱানচো জনগোষ্ঠীৰ মাজত টেটুৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। পৰম্পৰা অনুসৰি এজন পুৰুষে চকু আৰু ওঁঠৰ চাৰিওফালৰ বাদে মুখমণ্ডলকে ধৰি দেহৰ বাকীবোৰ অংশত টেটু কৰে। মহিলাসকলে কণ্ঠহাৰ আৰু খাৰুৰে নিজকে সজায়। লগতে কিছু পাতলীয়া টেটুও কৰে।

ৱান্‌চোসকলৰ প্ৰধান উৎসৱ হৈছে মাৰ্চৰ পৰা এপ্ৰিল মাহৰ ভিতৰত উদযাপন কৰা অ’ৰিয়া উৎসৱ আৰু প্ৰাৰ্থনা, গীত, নাচৰে সমৃদ্ধ যিটো উৎসৱ ছয়ৰ বাৰদিন ব্যাপি চলে। গাঁওবাসীয়ে শুভেচ্ছা আৰু সদিচ্ছাৰ চিন স্বৰূপে বাঁহৰ চুঙাত চাউলৰে তৈয়াৰ থলুৱা সুৰা আদান-প্ৰদান কৰে। চৰ্বিৰে ভৰা গাহৰিৰ ছালখন সন্মানৰ চিন স্বৰূপে গাঁৱৰ মুখীয়ালজনক আগবঢ়োৱা হয়। ইফালে ঝুম খেতি আৰম্ভ হয়, গাহৰি, ম’হ আৰু মেথোন বলি দিয়া হয়, আৰু প্ৰতিটো মুৰুঙত (অবিবাহিত যুৱকসকলে বাস কৰা সামুহিক গৃহ) ভোজৰ ব্যৱস্থা কৰা হয়। ল’ৰা-ছোৱালীবোৰে আনুষ্ঠানিক সাজ-পোছাক পৰিধান কৰি গীত গায় আৰু জাংবানৰ (অ’ৰিয়া উপলক্ষে পুতি লোৱা এটা দীঘলীয়া খুটা) চাৰিওফালে নাচে।[2] প্ৰতি বছৰে ১৬ ফেব্ৰুৱাৰীৰ দিনটো ৱানচো অ’ৰিয়া উৎসৱ হিচাপে পালন কৰা হয়।[3]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Tanka Bahadur Subba, Sujit Som, K. C. Baral, North Eastern Hill University Dept. of Anthropology (2005). Between Ethnography and Fiction: Verrier Elwin and the Tribal Question in India. Orient Longman. পৃষ্ঠা. 6, 173–8. ISBN 8125028129. 
  2. Govt. of Arunachal Pradesh (1980). Arunachal Pradesh District Gazetteers. Govt. of Arunachal Pradesh. পৃষ্ঠা. 83–5. 
  3. "Archived copy". Archived from the original on 4 March 2016. https://web.archive.org/web/20160304110138/http://arunachalipr.gov.in/GH_Local.htm। আহৰণ কৰা হৈছে: 19 February 2016. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]