ৱিকিপিডিয়া:বেটুপাতৰ নিৰ্বাচিত চিত্ৰ/নৱেম্বৰ,২০২২

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গুৱাহাটীত অনুষ্ঠিত SARAS MELA 2021-ত মাজুলীৰ ৰঙীণ মুখাশিল্পৰ চানেকি
মুখাশিল্প (ইংৰাজী: Mask) অসমৰ এবিধ প্ৰাচীন লোককলা। শ্ৰীমন্ত শংকৰদেৱক অসমৰ মুখা শিল্পৰ জনক বুলি গণ্য কৰা হয়। শ্ৰীৰামচৰণ ঠাকুৰৰ 'চৰিত পুথি'ত কৰা বৰ্ণনা অনুসৰি মহাপুৰুষজনাই ভাৱৰীয়াসকলৰ বাবে নিজ হাতে মুখা সজাতে সীমাবদ্ধ নাথাকি বিভিন্ন চৰিত্ৰৰ বাহনৰ মুখাসমূহো (যেনে-বিষ্ণুৰ বাহন গৰুড়, ব্ৰহ্মাৰ বাহন হংস) নিজ হাতে তৈয়াৰ কৰি ভাওনাত ব্যৱহাৰ কৰিছিল। মুখাৰ ব্যৱহাৰ সাধাৰণতে ভাওনা, ৰাস আদি উংসৱসমূহত দেখিবলৈ পোৱা যায়৷ মুখা সাজিবলৈ বাহ, খেৰ, বোকামাটি, গোবৰ আদি ব্যৱহাৰ কৰা হয়৷ অসমমাজুলী আৰু গোলাঘাটৰ কেতবোৰ ঠাই মুখাশিল্পৰ বাবে জনাজাত৷

আলোকচিত্ৰ শিল্পী: চন্দন চিৰিং ফুকন
পূৰ্বৰ নিৰ্বাচিত চিত্ৰসমূহঅধিক নিৰ্বাচিত চিত্ৰ আৰু মিডিয়া...