সমললৈ যাওক

গৌৰৱ গগৈ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Gourav Gogoiৰ পৰা পুনঃনিৰ্দেশিত)
গৌৰৱ গগৈ
লোকসভাৰ সাংসদ
কলিয়াবৰ (লোকসভা সমষ্টি)
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
১ ছেপ্তেম্বৰ ২০১৪
পূৰ্বসূৰী দীপ গগৈ
অসম বিধানসভাৰ বিধায়ক
কলিয়াবৰ
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
১ ছেপ্তেম্বৰ ২০১৪
পূৰ্বসূৰী দীপ গগৈ
ব্যক্তিগত তথ্য
জন্ম ৪ ছেপ্টেম্বৰ, ১৯৮২ (৪২ বছৰ)
দিল্লী, ভাৰত
ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছ
দাম্পত্যসঙ্গী এলিজাবেথ কলবাৰ্ণ গগৈ
মাতৃ ডলি গগৈ
পিতৃ তৰুণ গগৈ
শিক্ষা বি.টেক. বৈদ্যুতিক আৰু যোগাযোগ অভিযান্ত্ৰিকী (B.Tech. in Electronics and Communication Engineering) (ইন্দ্ৰপ্ৰস্থ বিশ্ববিদ্যালয়, দিল্লীৰ পৰা)
ৰাজহুৱা প্ৰশাসনত স্নাতকোত্তৰ (Master of Public Administration) (নিউয়ৰ্ক বিশ্ববিদ্যালয়ৰ পৰা) [1]
শিক্ষানুষ্ঠান নিউয়ৰ্ক বিশ্ববিদ্যালয়, ইন্দ্ৰপ্ৰস্থ বিশ্ববিদ্যালয়, দিল্লী
২ জানুৱাৰী, ২০১২-ৰ তথ্য
গৌৰৱ গগৈ

গৌৰৱ গগৈ (ইংৰাজী: Gaurav Gogoi; জন্ম: ৪ ছেপ্টেম্বৰ ১৯৮২) ভাৰতীয় জাতীয় কংগ্ৰেছৰ এজন ৰাজনীতিবিদ তথা লোকসভাৰ এগৰাকী সাংসদ। ২০২০ চনৰ পৰা তেওঁ লোকসভাত ভাৰতীয় জাতীয় কংগ্ৰেছৰ উপ-নেতা হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। [2]তেওঁ লোকসভাত ২০১৪ চনৰ পৰা ২০২৪ চনলৈ কলিয়াবৰ সমষ্টিক প্ৰতিনিধিত্ব কৰে আৰু ২০২৪ চনত ১৮ নং যোৰহাট সমষ্টিৰ পৰা লোকসভালৈ মনোনীত হয়।[3] গগৈ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ।  

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

গৌৰৱ গগৈৰ জন্ম হয় ১৯৮২ চনৰ ৪ ছেপ্তেম্বৰত দিল্লীত। তেওঁৰ পিতৃ তৰুণ গগৈয়ে ২০০১ চনৰ পৰা ২০১৬ চনলৈ অসমৰ মুখ্যমন্ত্ৰী ৰূপে কাৰ্য্যনিৰ্বাহ কৰিছিল। গগৈয়ে দিল্লীৰ ছেন্ট কলম্বাছ স্কুলৰ পৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰি ইন্দ্ৰপ্ৰস্থ বিশ্ববিদ্যালয়ৰ পৰা বি টেক ডিগ্ৰী লাভ কৰিছিল। তাৰ পিছত তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক বিশ্ববিদ্যালয়ৰ পৰা প্ৰশাসনিক শিক্ষা গ্ৰহণ কৰে।[4]

ৰাজনৈতিক জীৱন

[সম্পাদনা কৰক]

গগৈ ২০১৪ চনৰ মাৰ্চত কংগ্ৰেছ দলৰ পৰা কলিয়াবৰ (লোকসভা সমষ্টি)ৰ পৰা লোকসভালৈ মনোনীত হয় ।[5] পুনৰবাৰ ২০১৯ চনত একে সমষ্টিৰ পৰা দ্বিতীয় বাৰৰ বাবে লোকসভালৈ তেওঁ নিৰ্বাচিত হয় আৰু ২০২৪ চনলৈকে কাৰ্যনিৰ্বাহ কৰে।[6]২০২৪ চনৰ দেশৰ সাধাৰণ নিৰ্বাচনত তেওঁ যোৰহাট সমষ্টিৰ পৰা মনোনয়ন দাখিল কৰে[7] আৰু বিজেপিৰ তদানীন্তন সাংসদ তপন গগৈৰ বিৰুদ্ধে বিজয় সাব্যস্ত কৰে।[8]

তথ্য উৎস

[সম্পাদনা কৰক]
  1. "Search | NYU Wagner"
  2. "Assam CM's son Gaurav Gogoi files nomination for LS polls"
  3. "Gaurav Gogoi vs Topon Gogoi Jorhat Elections Result Live Updates". The Indian Express. https://indianexpress.com/elections/gaurav-gogoi-vs-topon-gogoi-jorhat-elections-result-live-updates-9370030/। আহৰণ কৰা হৈছে: 14 July 2024. 
  4. "Gourav Gogoi: Biography". OneIndia. https://www.oneindia.com/politicians/gourav-gogoi-32499.html। আহৰণ কৰা হৈছে: 14 July 2024. 
  5. Simantic Dowerah (12 March 2013). "Open to any role in Congress, says tarun gogoi's son gaurav". Firstpost.com. http://www.firstpost.com/politics/open-to-any-role-in-congress-says-tarun-gogois-son-gaurav-657563.html। আহৰণ কৰা হৈছে: 20 March 2014. 
  6. "Kaliabor Lok Sabha Constituency Election Results". The Times of India. https://timesofindia.indiatimes.com/elections/lok-sabha-constituencies/assam/kaliabor। আহৰণ কৰা হৈছে: 14 July 2024. 
  7. "Assam: Sarbananda Sonowal, Gaurav Gogoi File Nomination For Lok Sabha Polls". NDTV. https://www.ndtv.com/india-news/assam-sarbananda-sonowal-gaurav-gogoi-file-nomination-for-lok-sabha-polls-5315373। আহৰণ কৰা হৈছে: 14 July 2024. 
  8. "In Assam, status quo: Congress takes heart in victory for Gaurav Gogoi". The Indian Express. 13 July 2024. https://indianexpress.com/article/political-pulse/in-assam-status-quo-congress-takes-heart-in-victory-for-gaurav-gogoi-9372736/। আহৰণ কৰা হৈছে: 14 July 2024.