সমললৈ যাওক

আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(International Court of Justiceৰ পৰা পুনঃনিৰ্দেশিত)
আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়
International Court of Justice
Cour internationale de justice

আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ ছীল
প্ৰতিষ্ঠা ১৯৪৫ (১৯৪৬ চনত আন্তঃৰাষ্ট্ৰীয় স্থায়ী ন্যায়বিচাৰ আদালত ভংগ হৈছিল)
ক্ষেত্ৰাধিকাৰ বিশ্বব্যাপী (ৰাষ্ট্ৰসংঘৰ সকলো সদস্য ৰাষ্ট্ৰ)
অৱস্থান দা হেগ, নেদাৰলেণ্ড
স্থানাংক 52°05′11.8″N 4°17′43.8″E / 52.086611°N 4.2955°E / 52.086611; 4.2955স্থানাংক: 52°05′11.8″N 4°17′43.8″E / 52.086611°N 4.2955°E / 52.086611; 4.2955
প্ৰাধিকাৰক
  • ৰাষ্ট্ৰসংঘ চাৰ্টাৰ
  • আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয় বিধি
বিচাৰকৰ কৰ্মকাল ৯ বছৰ
পদৰ সংখ্যা ১৫
ৱেবছাইট www.icj-cij.org
President
বৰ্তমান আব্দুলকাৱাই ইউচুফ (অধ্যক্ষ)
কেতিয়াৰ পৰা ৬ ফেব্ৰুৱাৰী ২০১৮
মুখ্য পদ উকলিব ৫ ফেব্ৰুৱাৰী ২০২১
Vice President
বৰ্তমান ছুৱে হেনকিন (উপাধ্যক্ষ)
কেতিয়াৰ পৰা ৬ ফেব্ৰুৱাৰী ২০১৮
পদ উকলিব ৫ ফেব্ৰুৱাৰী ২০২১

আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয় বা বিশ্ব ন্যায়ালয় বা আন্তঃৰাষ্ট্ৰীয় ন্যায়বিচাৰ আদালত[1] (ইংৰাজী: International Court of Justice) হৈছে ৰাষ্ট্ৰসংঘৰ চূড়ান্ত ন্যায়পালিকা। ৰাষ্ট্ৰ সমূহৰ মাজৰ মতানক্য সমাধান কৰা আৰু ৰাষ্ট্ৰসংঘ আৰু ইয়াৰ অংগ সমূহক আইনী পৰামৰ্শ প্ৰদান কৰা ইয়াৰ মুখ্য কাৰ্য। ৰায় আৰু বিচৰাৰ যোগেদি আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ে আন্তৰ্জাতিক আইনৰ উৎস হিচাপে কাম কৰে।

আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ পূৰ্বসূৰী হৈছে আন্তঃৰাষ্ট্ৰীয় স্থায়ী ন্যায়বিচাৰ আদালত। ১৯২০ চনত স্থাপিত হোৱা ৰাষ্ট্ৰসংঘৰ পূৰ্বসূৰী জাতিসংঘয়ে ১৯২২ চনত আন্তঃৰাষ্ট্ৰীয় স্থায়ী ন্যায়বিচাৰ আদালত স্থাপন কৰিছিল। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত জাতিসংঘ আৰু আন্তঃৰাষ্ট্ৰীয় স্থায়ী ন্যায়বিচাৰ আদালত দুয়ো ভংগ হৈছিল। আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ বিধি ইয়াৰ পূৰ্বসূৰী আন্তঃৰাষ্ট্ৰীয় স্থায়ী ন্যায়বিচাৰ আদালতৰ পৰা আহিছে। ১৯৪৬ চনত আন্তঃৰাষ্ট্ৰীয় স্থায়ী ন্যায়বিচাৰ আদালত ভংগ হয় যদিও ইয়াৰ ৰায়দান সমূহ বাহাল থাকে। ৰাষ্ট্ৰসংঘৰ সকলো সদস্য ৰাষ্ট্ৰয়ে আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয় বিধি মানি চলে।

আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ ১৫ জন ন্যায়াধীশ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভা আৰু নিৰাপত্তা পৰিষদে ৯ বছৰ কাৰ্যকালৰ বাবে নিৰ্বাচিত কৰে। ইয়াৰ মুখ্য কাৰ্যালয় নেদাৰলেণ্ডৰ দা হেগ চহৰৰ পীচ পেলেচ বা শান্তিৰ মহলত অৱস্থিত। ই ৰাষ্ট্ৰসংঘৰ একমাত্ৰ মুখ্য অংগ যাৰ মুখ্য কাৰ্যালয় নিউয়ৰ্কত অৱস্থিত নহয়।[2] ইয়াৰ অধিকাৰীক চৰকাৰী ভাষা ইংৰাজী আৰু ফৰাছী।

কাৰ্য-কলাপ

[সম্পাদনা কৰক]
নেদাৰলেণ্ডৰ দা হেগ চহৰত অৱস্থিত পিচ পেলেচ বা শান্তিৰ মহল, আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ মুখ্য কাৰ্যালয়

১৯৪৫ চনত ৰাষ্ট্ৰসংঘ চাৰ্টাৰৰ আধাৰত স্থাপিত আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ে ১৯৪৬ চনৰ পৰা স্থায়ী আন্তঃৰাষ্ট্ৰীয় ন্যায় বিচাৰ আদালতৰ উত্তৰসুৰী হিচাপে কাৰ্যক্ৰম আৰম্ভ কৰে। আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ আইনী বিধি ইয়াৰ পূৰ্বসূৰীৰ সৈতে প্ৰায় একে।[3]

ৰাষ্ট্ৰসংঘৰ সকলো সদস্যৰাষ্ট্ৰ ইয়াৰ অন্তৰ্ভূক্ত হোৱাৰ বাবে আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ে এক বিশাল ক্ষেত্ৰ লাভ কৰিছে। তদুপৰি ই অন্যান্য ন্যায়িক কাৰ্যৰ লগত জড়িত। আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ে আমেৰিকা যুক্তৰাষ্ট্ৰয়ে নিকাৰগুৱাৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰা কাৰ্যক আন্তৰ্জাতিক আইন ভংগৰ অভিযোগত আমেৰিকাৰ বিপক্ষে ৰায়দান কৰাৰ পিছৰ পৰা ১৯৮৬ চনত ইয়াৰ ৰায় আইন মতে বাধ্য নোহোৱা হল আৰু ৰাষ্ট্ৰসংঘৰ সুৰক্ষা পৰিষদৰ বিবেচনাৰ আওতাত সোমাল।[4] ৰাষ্ট্ৰসংঘ চাৰ্টাৰৰ পঞ্চদশ অধ্যায়ৰ মতে ৰাষ্ট্ৰসংঘৰ সুৰক্ষা পৰিষদে আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়লৰ ৰায়দানক বাধিত কৰোৱাৰ ক্ষমতা আৰোপিত কৰা হৈছে। পিছে ৰাষ্ট্ৰসংঘৰ পাঁচ স্থায়ী সদস্যয়ে ভেট' প্ৰয়োগ কৰি ইয়াৰ ৰায়দান অমান্য কৰিব পাৰে। নিকাৰগুৱা আৰু আমেৰিকাৰ বিবাদত আমেৰিকায়ে ভেট'ৰ প্ৰয়োগ কৰিছিল।[5]

আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ত ১৫ গৰাকী স্থায়ী ন্যায়াধীশ থাকে। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভা আৰু সুৰক্ষা পৰিষদৰ সদস্য ৰাষ্ট্ৰসকলে এইসকল ন্যায়াধীশক নিৰ্বাচন কৰে। ন্যায়াধীশ সকল ৯ বছৰ কাৰ্যকালৰ বাবে নিৰ্বাচিত হয় আৰু প্ৰয়োজন সাপেক্ষে পুনঃনিৰ্বাচিত কৰাও হয়। যদি পদবীত অধিষ্ঠিত অৱস্থাত কোনো ন্যায়াধীশৰ মৃত্যু হয় তেন্তে সেই পদ পূৰাবলৈ তেওঁৰ ৰাষ্ট্ৰৰ পৰায়ে আন এগৰাকী ন্যায়াধীশক নিযুক্তি দিয়া হয়। প্ৰতি তিনিবছৰৰ মূৰে মূৰে ইয়াৰ এক তৃতীয়াংশ অৰ্থাৎ পাঁচ গৰাকী ন্যায়াধীশৰ পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হয়। আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ ন্যায়াধীশৰ বাচনি আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয় আইনৰ অনুচ্ছেদ ৪ ৰ পৰা ১২ ৰ আধাৰত অনুষ্ঠিত হয়। কিছুমান বিবাদত আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ে অস্থায়ী ন্যায়াধীশক বিচাৰ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ অনুমতি প্ৰদান কৰে। বিবাদিত ৰাষ্ট্ৰসমূহে নিজৰ বিবাদ নিষ্পত্তিৰ বাবে এগৰাকী ন্যায়াধীশ নিজৰ ফালৰ পৰা মনোনীত কৰাৰ অধিকাৰ লাভ কৰিছে। কিন্তু যদি সেই ৰাষ্ট্ৰৰ স্থায়ী ন্যায়াধীশ ইতিমধ্যে থাকিলে এনে সুবিধা প্ৰদান কৰা নহয়। সেয়ে কেতিয়াবা ইয়াৰ বিবাদ সমূহৰ বিচাৰ প্ৰক্ৰিয়াত ১৫ জনৰ ঠাইত ১৭ জন ন্যায়াধীশে শুনানি গ্ৰহণ কৰে।

বৰ্তমানৰ ন্যায়াধীশ সকল

[সম্পাদনা কৰক]

২২ জুন ২০১৮ অনুসৰি আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ বৰ্তমানৰ ন্যায়াধীশ সকল হ'ল:[6][7]

নামৰাষ্ট্ৰীয়তাপদবীকাৰ্যকাল আৰম্ভকাৰ্যকাল শেষ
আব্দুলকাৱি ইউচুফ ছোমালিয়াঅধ্যক্ষ*২০০৯২০২৭
ছুৱে হেনকিন চীনউপাধ্যক্ষ*২০১০২০২১
পিটাৰ টমকা শ্ল'ভাকিয়াসদস্য২০০৩২০২১
ৰণী আব্ৰাম ফ্ৰান্সসদস্য২০০৫২০২৭
মহম্মদ বেননৌনা মৰক্কোসদস্য২০০৬২০২৪
এণ্টনিঅ' এগোষ্ট' কেনকাড' ট্ৰিনদাডে    ব্ৰাজিলসদস্য২০০৯২০২৭
জন ড'ন'ঘুৱে আমেৰিকা যুক্তৰাষ্ট্ৰসদস্য২০১০২০২৪
জিয়ৰজীঅ' গাজা ইটালীসদস্য২০১২২০২১
জুলিয়া চেবুটিন্দে উগাণ্ডাসদস্য২০১২২০২১
দলবীৰ ভাণ্ডাৰী ভাৰতসদস্য২০১২২০২৭
পেট্ৰিক লিপটন ৰবিনছন জামাইকাসদস্য২০১৫২০২৪
জেমছ ক্ৰাউফোৰ্ড অষ্ট্ৰেলিয়াসদস্য২০১৫২০২৪
কিৰিল জেভৰজিয়ান ৰাছিয়াসদস্য২০১৫২০২৪
নাৱাফ চালাম লেবাননসদস্য২০১৮২০২৭
য়ুজি ইৱাছাৱা জাপানসদস্য২০১৮২০২১
ফিলিপ গাউটিয়াৰ বেলজিয়ামৰেজিষ্ট্ৰাৰ২০১৯২০২৬
* ২০১৮–২০২১

তথ্য উৎস

[সম্পাদনা কৰক]
  1. Koh, Steven Arrigg. "4 Things You Should Know About The Hague". http://www.huffingtonpost.com/steven-arrigg-koh/4-things-you-should-know-_1_b_5725138.html আহৰণ কৰা হৈছে: 17 March 2017.
  2. "The Court | International Court of Justice" (en ভাষাত). www.icj-cij.org. http://www.icj-cij.org/en/court আহৰণ কৰা হৈছে: 10 January 2018.
  3. Statute of the International Court of Justice Archived 29 June 2011 at the Wayback Machine. Retrieved 31 August 2007.
  4. Churchill, Ward. A Little Matter of Genocide. San Francisco: City Lights Books, 1997. Print.
  5. United Nations Security Council, Provisional Verbatim Record of the Two Thousand Seven Hundred and Eighteenth Meeting, p.51
  6. "Current Members | International Court of Justice" (en ভাষাত). www.icj-cij.org. http://www.icj-cij.org/en/current-members আহৰণ কৰা হৈছে: 2018-02-07.
  7. United Nations (22 June 2018). "General Assembly, Security Council Elect Judge to International Court of Justice" (Press release). প্ৰকাশক New York: United Nations. https://www.un.org/press/en/2018/ga12029.doc.htm আহৰণ কৰা হৈছে: 26 June 2018.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]