ক্লাউছ হেচেলমান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Klaus Hasselmannৰ পৰা পুনঃনিৰ্দেশিত)
ক্লাউছ হেচেলমান
জন্ম ২৫ অক্টোবৰ, ১৯৩১ (৯২ বছৰ)
হেমবাৰ্গ, জাৰ্মানী
জাতীয়তা জাৰ্মান
ক্ষেত্ৰ জলবায়ুৰ পৰিৱৰ্তনশীলতা, জলবায়ু আৰ্হি
কৰ্মস্থান হামবুৰ্গ বিশ্ববিদ্যালয়
মেক্স প্লেংক চছাইটি
মেক্স প্লেংক ইনষ্টিটিউট ফৰ মেটৰিঅ'লজি
জাৰ্মান জলবায়ু কম্পিউটিং কেন্দ্ৰ
শিক্ষানুষ্ঠান গটিংগেন বিশ্ববিদ্যালয়
হেমবাৰ্গ বিশ্ববিদ্যালয়
মেক্স প্লেংক চছাইটি
ডক্তৰেল পৰামৰ্শদাতা ৱাল্টাৰ টোলমিয়েন
উল্লেখনীয় বঁটা পদাৰ্থ বিজ্ঞানৰ ন'বেল বঁটা (২০২১)

ক্লাউছ ফাৰ্ডিনাণ্ড হেচেলমান (ইংৰাজী: Klaus Hasselmann, জন্ম: ২৫ অক্টোবৰ ১৯৩১)[1] এগৰাকী জাৰ্মান সামুদ্ৰিক বিশেষজ্ঞ আৰু জলবায়ু আৰ্হিবিদ। তেওঁ হেমবাৰ্গ বিশ্ববিদ্যালয়ৰ এমিৰিটাছ অধ্যাপক আৰু মেক্স প্লেংক ইনষ্টিটিউট ফৰ মেটৰিঅ'লজিৰ প্ৰাক্তন সঞ্চালক। তেওঁ জলবায়ুৰ পৰিৱৰ্তনশীলতাৰ হেচেলমেন আৰ্হি বিকশিত কৰাৰ বাবে সৰ্বাধিক জনাজাত।[2][3] ২০২১ চনত তেওঁ পৃথিৱীৰ জলবায়ুৰ ভৌতিক মডেলিঙৰ বাবে, পৰিৱৰ্তনশীলতাৰ পৰিমাণ নিৰ্ধাৰণ কৰা আৰু গোলকীয় উষ্ণতাৰ ভৱিষ্যতবাণী কৰাৰ বাবে চিউকুৰো মানাবেৰ সৈতে যুটীয়াভাৱে পদাৰ্থ বিজ্ঞানৰ ন'বেল বঁটা লাভ কৰে। দুয়োগৰাকী বিজ্ঞানীয়ে ন'বেল বঁটাৰ মুঠ ধনৰাশিৰ এক চতুৰ্থাংশকৈ লাভ কৰিব। আনহাতে পদাৰ্থ বিজ্ঞানতে আনজন ন'বেল-প্ৰাপক জৰ্জিঅ' পাৰিচিলৈ বঁটাটোৰ অৰ্ধাংশ প্ৰদান কৰা হৈছে। জটিল প্ৰণালী অনুধাৱনৰ ক্ষেত্ৰত আগবঢ়োৱা যুগান্তকাৰী অৱদানৰ বাবে পাৰিচিয়ে এই ন'বেল বঁটা লাভ কৰিছে।[4]

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

১৯৩১ চনৰ ২৫ অক্টোবৰ তাৰিখে জাৰ্মানীৰ হেমবাৰ্গত (ৱেইমাৰ গণৰাজ্য) ক্লাউছ হেচেলমানৰ জন্ম হৈছিল।[1] তেওঁৰ দেউতাক এৰউইন হেচেলমান এগৰাকী অৰ্থনীতিবিদ, সাংবাদিক আৰু প্ৰকাশক আছিল। তেওঁৰ পিতৃ ১৯২০ৰ দশকৰ পৰা জাৰ্মানীৰ সামাজিক গণতান্ত্ৰিক দলৰ (এছপিডি) সৈতে ৰাজনৈতিকভাৱে জড়িত আছিল। এছপিডিত তেওঁৰ দেউতাকৰ কাৰ্যকলাপৰ বাবে তেওঁলোকৰ পৰিয়ালে ১৯৩৪ চনৰ মাজভাগত নাজী যুগৰ আৰম্ভণিতে সামাজিক গণতান্ত্ৰিকসকলৰ দমনমূলক শাসন আৰু অত্যাচাৰৰ পৰা ৰক্ষা পাবলৈ যুক্তৰাজ্যলৈ প্ৰব্ৰজন কৰে। ক্লাউছ হেচেলমেন দুবছৰ বয়সৰ পৰা যুক্তৰাজ্যত ডাঙৰ-দীঘল হয়। তেওঁলোকে লণ্ডনৰ উত্তৰে ৱেলউইন গাৰ্ডেন চিটিত বাস কৰিছিল আৰু তেওঁৰ দেউতাকে তাত সাংবাদিক হিচাপে কাম কৰিছিল। যদিও হেচেলমানসকল নিজে ইহুদী নাছিল, তথাপিও তেওঁলোকে বেছিভাগ ইহুদী জাৰ্মান প্ৰব্ৰজনকাৰীৰ এক ঘনিষ্ঠ সম্প্ৰদায়ত বসবাস কৰিছিল। যুক্তৰাজ্যত উপস্থিত হোৱাৰ তেওঁলোকে সময়ত ইংৰাজ কুৱেকাৰসকলৰ পৰা সহায় লাভ কৰিছিল।[5]

শিক্ষা[সম্পাদনা কৰক]

ক্লাউছ হেচেলমানে ৱেলউইন গাৰ্ডেন চিটিৰ প্ৰাথমিক আৰু গ্ৰামাৰ স্কুলত অধ্যয়ন কৰিছিল আৰু ১৯৪৯ চনত তেওঁৰ এ-লেভেল পৰীক্ষাত (কেমব্ৰিজ হায়াৰ স্কুল চাৰ্টিফিকেট) উত্তীৰ্ণ হৈছিল। ১৯৪৮ চনত তেওঁৰ পিতৃ-মাতৃ হেমবাৰ্গলৈ উভতি যায় কিন্তু ক্লাউছে এ-স্তৰ শেষ কৰিবলৈ ইংলেণ্ডত থাকে। ১৯৪৯ চনৰ আগষ্ট মাহত প্ৰায় ১৮ বছৰ বয়সত তেওঁ উচ্চ শিক্ষাৰ বাবে তেতিয়াৰ বিভক্ত জাৰ্মানীৰ হেমবাৰ্গলৈ মাক-দেউতাকৰ ওচৰলৈ যায়। ১৯৪৯ চনৰ পৰা ১৯৫০ চনত তেওঁ মেকানিকেল ইঞ্জিনিয়াৰিঙৰ ব্যৱহাৰিক পাঠ্যক্ৰমত অংশগ্ৰহণ কৰাৰ পিছত তেওঁ ১৯৫০ চনত পদাৰ্থ বিজ্ঞান আৰু গণিত অধ্যয়নৰ বাবে হেমবাৰ্গ বিশ্ববিদ্যালয়ত নামভৰ্তি কৰে।[6][5][7]

হেচেলমানে ১৯৫৫ চনত হেমবাৰ্গ বিশ্ববিদ্যালয়ত পদাৰ্থ বিজ্ঞান আৰু গণিতত আইচ'ট্ৰপিক অস্থিৰতাৰ ওপৰত থেচিছৰ সৈতে স্নাতক ডিগ্ৰী লাভ কৰিছিল। তেওঁ ১৯৫৫ চনৰ পৰা ১৯৫৭ চনলৈ গটিনগেন বিশ্ববিদ্যালয় আৰু মেক্স প্লেংক ইনষ্টিটিউট অৱ ফ্লুইড ডাইনামিক্সত পদাৰ্থ বিজ্ঞানত পিএইচডি অৰ্জন কৰিছিল। তেওঁৰ পিএইচডি থেচিছৰ বিষয় শ্বক ফ্ৰণ্টৰ প্ৰতিফলন আৰু প্ৰতিসৰণ নিৰ্ধাৰণ কৰাৰ এক পদ্ধতি আৰু দুটা মাধ্যমৰ আন্তঃপৃষ্ঠত সৰু তৰংগদৈৰ্ঘ্যৰ যথেচ্ছ তৰংগৰ বিষয়ে আছিল। ১৯৬৩ চনত তেওঁ পদাৰ্থ বিজ্ঞানত হেবিলিটেচন পৰ্যায় অৰ্জন কৰে।[6]

কৰ্মজীৱন[সম্পাদনা কৰক]

তেওঁ ১৯৫৭ চনৰ পৰা ১৯৬১ চনলৈ হেমবাৰ্গ বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক আৰু ১৯৬১ চনৰ পৰা ১৯৬৪ চনলৈ লা জোলাৰ চান ডিয়েগোৰ কেলিফৰ্নিয়া বিশ্ববিদ্যালয়ৰ ইনষ্টিটিউট ফৰ জিঅফিজিক্স এণ্ড প্লেনেটাৰী ফিজিক্স এণ্ড স্ক্ৰিপছ ইনষ্টিটিউচন অৱ অচেন'গ্ৰাফীৰ সহকাৰী অধ্যাপক আৰু সহযোগী অধ্যাপক আছিল।[6][1] তেওঁ ১৯৬৬ চনৰ পৰা হেমবাৰ্গ বিশ্ববিদ্যালয়ৰ ভূ-পদাৰ্থ বিজ্ঞান আৰু গ্ৰহ পদাৰ্থ বিজ্ঞানৰ অধ্যাপক আছিল। তেওঁ ১৯৬৭ চনৰ পৰা ১৯৬৮ চনলৈ কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ ভিজিটিং প্ৰফেচাৰ আছিল আৰু ১৯৭০ চনৰ পৰা ১৯৭২ চনলৈ মেচাচুচেটছৰ উডছ হোল অচেন'গ্ৰাফিক ইনষ্টিটিউচনৰ ডহাৰ্টী অধ্যাপক আছিল। ১৯৭২ চনত তেওঁ হেমবাৰ্গ বিশ্ববিদ্যালয়ৰ তাত্ত্বিক ভূ-পদাৰ্থ বিজ্ঞানৰ অধ্যাপক পদত অধিষ্ঠিত হয়। ইয়াত তেওঁ ইনষ্টিটিউট ফৰ জিঅ'ফিজিক্সৰ সঞ্চালক পদৰ দায়িত্বও লাভ কৰিছিল।[6][1]

১৯৭৫ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা ১৯৯৯ চনৰ নৱেম্বৰ লৈকে হেচেলমান হেমবাৰ্গ মেক্স প্লেংক ইনষ্টিটিউট ফৰ মেটৰিঅ'লজিৰ প্ৰতিষ্ঠাপক সঞ্চালক আছিল।[1] ১৯৮৮ চনৰ জানুৱাৰী মাহৰ পৰা আৰু ১৯৯৯ চনৰ নৱেম্বৰ মাহলৈকে তেওঁ হেমবাৰ্গত অৱস্থিত জাৰ্মান জলবায়ু কম্পিউটিং চেণ্টাৰৰ (ডিকেআৰজেড, ডয়চেচ ক্লিমাৰেচেনজেণ্ট্ৰুম) বৈজ্ঞানিক সঞ্চালক আছিল। তেওঁ ২০১৮ চনলৈকে বহু বছৰ ধৰি ইউৰোপীয় জলবায়ু মঞ্চৰ (বৰ্তমান গোলকীয় জলবায়ু মঞ্চ) উপাধ্যক্ষ আৰু পৰিষদৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[8] ইউৰোপীয় জলবায়ু মঞ্চ ২০০১ চনত কাৰ্লো জেগাৰ আৰু হেচেলমানে প্ৰতিষ্ঠা কৰিছিল।[9][10]

হেচেলমানে জলবায়ুৰ গতিশীলতা, ষ্টোচেষ্টিক প্ৰক্ৰিয়া, সাগৰৰ তৰংগ, ৰিম'ট চেঞ্চিং, আৰু একত্ৰিত মূল্যায়ন অধ্যয়নৰ ওপৰত কেইবাখনো গৱেষণা পত্ৰ প্ৰকাশ কৰিছে। সাগৰবিজ্ঞানত তেওঁৰ খ্যাতি প্ৰাথমিকভাৱে সাগৰৰ ঢৌত অ-ৰৈখিক আন্তঃক্ৰিয়াৰ ওপৰত গৱেষণাৰ এক সংহতি জৰিয়তে প্ৰতিষ্ঠা হৈছিল।[11]

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

হেচেলমানে বিজ্ঞানৰ ক্ষেত্ৰত তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে বহুতো বঁটা আৰু সন্মান লাভ কৰিছে। তেওঁ জলবায়ু পৰিৱৰ্তনৰ বাবে ২০০৯ চনত বিবিভিএ ফাউণ্ডেচন ফ্ৰণ্টিয়াৰ্ছ অফ নলেজ বঁটা লাভ কৰিছিল। ১৯৭১ চনৰ জানুৱাৰীমাহত আমেৰিকান বতৰ বিজ্ঞান সমিতিৰ চেভেৰদ্ৰুপ পদক লাভ কৰিছিল। ১৯৯৭ চনৰ মে' মাহত তেওঁক ৰয়েল মেটিৰ'লজিকেল চছাইটিৰ চিমনছ মেম'ৰিয়েল মেডেল প্ৰদান কৰা হৈছিল। ২০০২ চনৰ এপ্ৰিল মাহত তেওঁক ইউৰোপীয় ভূ-ভৌতিক সমাজৰ ভিলহেল্ম ব্যুৰ্কনিছ পদক প্ৰদান কৰা হৈছিল।[1] ২০২১ চনত তেওঁ পৃথিৱীৰ জলবায়ুৰ ভৌতিক মডেলিঙৰ বাবে, পৰিৱৰ্তনশীলতাৰ পৰিমাণ নিৰ্ধাৰণ কৰা আৰু গোলকীয় উষ্ণতাৰ ভৱিষ্যতবাণী কৰাৰ বাবে চিউকুৰো মানাবেৰ সৈতে যুটীয়াভাৱে পদাৰ্থ বিজ্ঞানৰ ন'বেল বঁটা লাভ কৰে। দুয়োগৰাকী বিজ্ঞানীয়ে ন'বেল বঁটাৰ মুঠ ধনৰাশিৰ এক চতুৰ্থাংশকৈ লাভ কৰে। আনহাতে পদাৰ্থ বিজ্ঞানতে আনজন ন'বেল-প্ৰাপক জৰ্জিঅ' পাৰিচিলৈ বঁটাটোৰ অৰ্ধাংশ প্ৰদান কৰা হৈছে। জটিল প্ৰণালী অনুধাৱনৰ ক্ষেত্ৰত আগবঢ়োৱা যুগান্তকাৰী অৱদানৰ বাবে পাৰিচিয়ে ন'বেল বঁটা লাভ কৰে।[4]

তথ্য উৎস[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 1.5 "Klaus Hasselmann". Archived from the original on 5 October 2021. https://web.archive.org/web/20211005134112/https://mpimet.mpg.de/en/staff/externalmembers/klaus-hasselmann#c2491। আহৰণ কৰা হৈছে: 5 October 2021. 
  2. Hasselmann, K. (1976). "Stochastic climate models Part I. Theory". Tellus (Informa UK Limited) খণ্ড 28 (6): 473–485. doi:10.3402/tellusa.v28i6.11316. ISSN 0040-2826. 
  3. Arnold L. (2001), "Hasselmann's program revisited: The analysis of stochasticity in deterministic climate models", Stochastic Climate Models (editors—P. Imkeller, J.-S. von Storch) 141–157 (Birkhäuser). Citeseer
  4. 4.0 4.1 "All Nobel Prizes in Physics" (en-US ভাষাত). NobelPrize.org. https://www.nobelprize.org/prizes/lists/all-nobel-prizes-in-physics। আহৰণ কৰা হৈছে: 5 October 2021. 
  5. 5.0 5.1 "Oral Histories: Klaus Hasselmann". American Institute of Physics. 5 February 2015. https://www.aip.org/history-programs/niels-bohr-library/oral-histories/33645। আহৰণ কৰা হৈছে: 5 October 2021. 
  6. 6.0 6.1 6.2 6.3 "Klaus Hasselmann". MPG. Archived from the original on 5 October 2021. https://web.archive.org/web/20211005134112/https://mpimet.mpg.de/en/staff/externalmembers/klaus-hasselmann। আহৰণ কৰা হৈছে: 5 October 2021. 
  7. "Wanderer zwischen den Welten – der neue Physiknobelpreisträger Klaus Hasselmann". Neue Zürcher Zeitung. https://www.nzz.ch/wissenschaft/nobelpreis-fuer-physik-an-klaus-hasselmann-ein-portraet-ld.1648970. 
  8. "Prof. Dr. Klaus Hasselmann – Global Climate Forum". Global Climate Forum. https://globalclimateforum.org/portfolio-item/hasselmann/। আহৰণ কৰা হৈছে: 5 October 2021. 
  9. "Prof. Dr. Carlo C. Jaeger – Global Climate Forum". Global Climate Forum. https://globalclimateforum.org/portfolio-item/jaeger/। আহৰণ কৰা হৈছে: 5 October 2021. 
  10. "The Forum – Global Climate Forum". Global Climate Forum. https://globalclimateforum.org/about/gcf-history/। আহৰণ কৰা হৈছে: 5 October 2021. 
  11. Hasselmann, K. (1966). "Feynman diagrams and interaction rules of wave-wave scattering processes". Reviews of Geophysics (American Geophysical Union (AGU)) খণ্ড 4 (1): 1. doi:10.1029/rg004i001p00001. ISSN 8755-1209. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]