সমললৈ যাওক

পেলেষ্টাইন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পেলেষ্টাইন প্ৰদেশ
دولة فلسطين
ৰাষ্ট্ৰীয় সঙ্গীত
"فدائي"
Fida'i"[1]
"Fedayeen Warrior"

পেলেষ্টাইন-ৰ অৱস্থান
পেলেষ্টাইন-ৰ অৱস্থান
পেলেষ্টাইনে দাবী কৰা ভূখণ্ড (সেউজীয়া)
ইজৰাইলেও দাবী কৰা ভূখণ্ড (পাতল সেউজীয়া)
All claimed territory is occupied by Israel.
  • Proclaimed capital
  • Administrative
    center
বৃহত্তম নগৰ গাজা মহানগৰ
ৰাষ্ট্ৰভাষা (সমূহ) আৰবিক
জাতীয়তাসূচক বিশেষণ পেলেষ্টিনিয়ান
চৰকাৰ একক ৰাষ্ট্ৰ (Unitary state) অৰ্ধ-ৰাষ্ট্ৰপতি গণৰাজ্য (semi-presidential republic)[2]
 -  ৰাষ্ট্ৰপতি মেহমুদ আব্বাছ (Mahmoud Abbas)
 -  প্ৰধানমন্ত্ৰী Mohammad Shtayyeh
 -  সংসদৰ অধ্যক্ষ Aziz Dweik
Formation
 -  পেলেষ্টাইনৰ স্বাধীনতা ঘোষণাপত্ৰ (Palestinian Declaration of Independence) ১৫ নৱেম্বৰ ১৯৮৮ 
 -  ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ প্ৰস্তাৱ ৬৭/১৯ ২৯ নৱেম্বৰ ২০১২ 
 -  ইজৰাইলৰ সৈতে সাৰ্বভৌমত্ব বিবাদ ইজৰাইলৰ সৈতে সাৰ্বভৌমত্ব বিবাদ।[3][4] 
মাটিকালি
 -  মুঠ ৬,০২০'"`UNIQ--ref-০০০০০০০৪-QINU`"' বৰ্গ কিমি (১৬৩)
২,৩২০ বৰ্গ মাইল 
 -  জলভাগ (%) ৩।৫'"`UNIQ--ref-০০০০০০০৫-QINU`"'
জনসংখ্যা
 -  2023 আনুমানিক ৫৪,৮৩,৪৫০'"`UNIQ--ref-০০০০০০০৬-QINU`"' (১২১st)
জিডিপি (পিপিপি) 2023 আনুমানিক
 -  মুঠ বৃদ্ধি $36.391 billion[8] (138th)
 -  জনমুৰি বৃদ্ধি $6,642[8] (140th)
জিডিপি (নামমাত্ৰ) 2021 আনুমানিক
 -  মুঠ বৃদ্ধি $18.109 billion[8] (121st)
 -  জনমুৰি বৃদ্ধি $3,464[8] (131st)
জিনি সহগ? (2016) 33.7 
মানৱ উন্নয়ন সূচক (2019) 0.708 (115th)
মুদ্ৰা
সময় অঞ্চল Palestine Standard Time (ইউটিচি+2)
 -  গ্ৰীষ্মকালীন (ডিএছটি) Palestine Summer Time (ইউটিচি+3)
তাৰিখ বিন্যাস dd/mm/yyyy
গাড়ী চলোৱা হয় right
ISO 3166 code PS
ইণ্টাৰনেট টিএলডি .ps
কলিং ক'ড ++970

পেলেষ্টাইন বা আনুষ্ঠানিকভাৱে পেলেষ্টাইন ৰাজ্য (State of Palestine), পশ্চিম এছিয়াৰ দক্ষিণ লেভেণ্ট অঞ্চল (Southern Levant region)ত অৱস্থিত এখন প্ৰদেশ। এই প্ৰদেশখন ১৯৮৮ চনৰ ১৫ নৱেম্বৰত প্ৰতিষ্ঠা হয় আৰু আনুষ্ঠানিকভাৱে পেলেষ্টাইন লিবাৰেচন অৰ্গেনাইজেশ্যন (পিএলঅ’)ৰ দ্বাৰা শাসিত। এই প্ৰদেশে পূব জেৰুজালেমকে ধৰি ৱেষ্ট বেংক আৰু গাজা ষ্ট্ৰিপক নিজৰ ভূখণ্ড হিচাপে দাবী কৰে কিন্তু সেই অংশ ১৯৬৭ চনৰ ছয়দিনীয়া যুদ্ধ (Six-Day War)ৰ সময়ৰ পৰাই ইজৰাইলৰ দখলত আছে।[10][11] ৱেষ্ট বেংকত ১৬৫ টা পেলেষ্টাইনী এনক্লেভ আছে যিবোৰ আংশিকভাৱে পেলেষ্টাইনী শাসনৰ অধীনত আছে। কিন্তু ২০০ টা ইজৰাইলী বসতিকে ধৰি বাকী সকলো অঞ্চল ইজৰাইলৰ সম্পূৰ্ণ নিয়ন্ত্ৰণত আছে। গাজা ষ্ট্ৰিপ পূৰ্বতে ইজিপ্টৰ দ্বাৰা শাসিত আছিল যদিও ১৯৬৭ চনত ইজৰাইলে এই অংশ দখল কৰে। ২০০৫ চনলৈকে এই অঞ্চলটো শাসন কৰি ইজৰাইলে তাৰ পৰা নিজৰ দাবী প্ৰত্যাহাৰ কৰে। ২০০৬ চনৰ পেলেষ্টাইনৰ বিধানসভাৰ নিৰ্বাচনত জয়ী হোৱাৰ পিছত হামাছে ক্ষমতা দখল কৰে। ইয়াৰ পিছৰে পৰা ইজৰাইল আৰু ইজিপ্টে গাজা ষ্ট্ৰিপ অৱৰোধ কৰি ৰাখিছে।

ৰাজনৈতিক ইতিহাস

[সম্পাদনা কৰক]

দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ১৯৪৭ চনত ৰাষ্ট্ৰসংঘই বাধ্যতামূলক পেলেষ্টাইনৰ বাবে এক বিভাজন পৰিকল্পনা (Partition Plan) গ্ৰহণ কৰে। এই পৰিকল্পনা অনুসৰি স্বাধীন আৰব আৰু ইহুদী ৰাষ্ট্ৰ হিচাপে এক আন্তৰ্জাতিক জেৰুজালেম (internationalized Jerusalem) গঠনৰ পৰামৰ্শ দিয়া হয়।[12] এই বিভাজন পৰিকল্পনা ইহুদীসকলে গ্ৰহণ কৰিছিল যদিও আৰবসকলে নাকচ কৰিলে। ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে এই পৰিকল্পনাক ১৮১ নং প্ৰস্তাৱ হিচাপে গ্ৰহণ কৰাৰ লগে লগে পেলেষ্টাইনত এক গৃহযুদ্ধ আৰম্ভ হয়[13] আৰু তাৰ ফলস্বৰূপে এই পৰিকল্পনা কাৰ্যকৰী নহ'ল।[14] ১৯৪৮ চনৰ ১৪ মে’ত ইজৰাইল ৰাষ্ট্ৰ স্থাপনৰ[15][16] [17]পিছদিনা চুবুৰীয়া আৰব দেশসমূহে পূৰ্বৰ ব্ৰিটিছ মেণ্ডেট (British Mandate) আক্ৰমণ কৰি ১৯৪৮ চনৰ আৰব–ইজৰাইল যুদ্ধৰ সূত্ৰপাত কৰে।[18] [19] পিছলৈ আৰব লীগে ১৯৪৮ চনৰ ২২ ছেপ্টেম্বৰত ইজিপ্টৰ দখলত থকা গাজা ষ্ট্ৰিপত থকা সৰ্ব-পেলেষ্টাইন প্ৰটেক্টৰেট (All-Palestine Protectorate) শাসনৰ বাবে সৰ্ব-পেলেষ্টাইন চৰকাৰ (All-Palestine Government) গঠন কৰে। ট্ৰেন্সজৰ্ডান (Transjordan)ৰ বাহিৰে আন সকলো আৰব লীগৰ সদস্যই এই ৰাষ্ট্ৰক অনতিপলমে স্বীকৃতি দিয়ে। বৰ্তমান ৰাষ্ট্ৰসংঘৰ ১৯৩ খন সদস্য ৰাষ্ট্ৰৰ ভিতৰত ১৩৮ খন ৰাষ্ট্ৰই পেলেষ্টাইনক স্বীকৃতি দিছে। যদিও সৰ্ব-পেলেষ্টাইন চৰকাৰৰ অধিকাৰক্ষেত্ৰই সমগ্ৰ বাধ্যতামূলক পেলেষ্টাইন (Mandatory Palestine)ক সামৰি লোৱা বুলি ঘোষণা কৰা হৈছিল,কাৰ্যকৰী ক্ষেত্ৰত এই চৰকাৰৰ শাসন কেৱল গাজা ষ্ট্ৰিপত সীমাবদ্ধ আছিল। ১৯৬৭ চনৰ জুন মাহত ছয়দিনীয়া যুদ্ধৰ সময়ত ইজৰাইলে ইজিপ্তৰ পৰা গাজা ষ্ট্ৰিপ আৰু চিনাই উপদ্বীপ, জৰ্ডানৰ পৰা ৱেষ্ট বেংক আৰু পূব জেৰুজালেম আৰু ছিৰিয়াৰ পৰা গোলান হাইটছ দখল কৰে।

১৯৮৮ চনৰ ১৫ নৱেম্বৰত আলজিয়াৰ্ছত পিএলঅ’ৰ অধ্যক্ষ হিচাপে ইয়াছেৰ আৰাফাট (Yasser Arafat)-এ পেলেষ্টাইনৰ স্বাধীনতা ঘোষণাপত্ৰ (Palestinian Declaration of Independence) জাৰি কৰি পেলেষ্টাইন ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰে। ১৯৯৩ চনত অছলো চুক্তি (Oslo Accords) স্বাক্ষৰিত হোৱাৰ এবছৰৰ পাছত ৱেষ্ট বেংকৰ ১৬৫ টা এনক্লেভ আৰু গাজা ষ্ট্ৰিপক লৈ ক আৰু খ অঞ্চল শাসন কৰিবলৈ পেলেষ্টাইন ৰাষ্ট্ৰীয় কৰ্তৃপক্ষ ( Palestinian National Authority-পিএনএ) গঠন কৰা হয়। শেহতীয়াকৈ হোৱা নিৰ্বাচনত (২০০৬) হামাছ পিএনএ সংসদৰ আগশাৰীৰ দল হিচাপে প্ৰতিষ্ঠা লাভ কৰাৰ পিছত ইয়াৰ আৰু ফাটাহ দলৰ মাজত সংঘাতৰ সৃষ্টি হয় আৰু ২০০৭ চনত গাজা ষ্ট্ৰিপ হামাছে দখল কৰে।

পেলেষ্টাইন ৰাষ্ট্ৰই দাবী কৰা অঞ্চলসমূহ দক্ষিণ লেভেণ্ট( Southern Levant)ত অৱস্থিত। গাজা ষ্ট্ৰিপৰ পশ্চিমে ভূমধ্য সাগৰ, দক্ষিণে ইজিপট আৰু উত্তৰ আৰু পূবে ইজৰাইল আছে। ৱেষ্ট বেংকৰ পূবে জৰ্ডান আৰু উত্তৰ, দক্ষিণ আৰু পশ্চিমে ইজৰাইল অৱস্থিত। এইদৰে পেলেষ্টাইন ৰাষ্ট্ৰই দাবী কৰা অঞ্চলটো গঠন কৰা দুয়োটা অঞ্চল ইজৰাইলে পৃথক কৰি ৰাখিছে। এই অঞ্চলসমূহে স্থলভাগৰ হিচাপত বিশ্বৰ ১৬৩ সংখ্যক বৃহত্তম দেশ হিচাপে গঠন কৰিব।[20]

পেলেষ্টাইনত ভালেসংখ্যক প্ৰাকৃতিক সমস্যা আছে; গাজা ষ্ট্ৰিপৰ সমস্যাসমূহৰ ভিতৰত মৰুভূমিকৰণ; পানীৰ লৱণীয়কৰণ; নলা পৰিশোধন; পানীৰ দ্বাৰা হোৱা ৰোগ; মাটিৰ অৱক্ষয়; আৰু ভূগৰ্ভস্থ জলসম্পদৰ অভাৱ আৰু প্ৰদূষণ আদি প্ৰধান। ৱেষ্ট বেংকতো ইয়াৰে প্ৰায়ভাগ সমস্যা আছে যদিও বৰ্তমানৰ ৰাজনৈতিক বিবাদৰ বাবে ইয়াত প্ৰৱেশ নিষিদ্ধ।[21]

এই অঞ্চলত তিনিটা প্ৰাকৃতিক অঞ্চল (ecoregion) পোৱা যায়: পূব ভূমধ্যসাগৰীয় কনিফাৰ–স্কলেৰ'ফিলাছ–বহল পাতৰ অৰণ্য (Eastern Mediterranean conifer–sclerophyllous–broadleaf forests), আৰব মৰুভূমি আৰু মেছ'পটেমিয়ান জোপোহা মৰুভূমি।[22]

জনসংখ্যা

[সম্পাদনা কৰক]

পেলেষ্টাইনৰ কেন্দ্ৰীয় পৰিসংখ্যা ব্যুৰো (Palestinian Central Bureau of Statistics,PCBS)ৰ মতে, ২০২১ চনৰ ২৬ মে'লৈকে পেলেষ্টাইনৰ জনসংখ্যা আছিল ৫,২২৭,১৯৩ জন।[23] পিচিবিএছৰ সভাপতি আলা ওৱাডে ২০২১ চনৰ শেষৰ ফালে ৫৩ লাখ জনসংখ্যা বুলি অনুমান কৰিছে।[24] ৬,০২০ বৰ্গ কিলোমিটাৰ (২,৩২০ বৰ্গমাইল) এলেকাত প্ৰতি বৰ্গ কিলোমিটাৰত ইয়াত ঘনত্ব প্ৰায় ৮২৭ জন লোক।[25] ইয়াৰ তুলনাত ২০১৭ চনলৈকে বিশ্বৰ গড় জনসংখ্যাৰ ঘনত্ব আছিল প্ৰতি বৰ্গ কিলোমিটাৰত ২৫ জন।[26]

তথ্যউৎস

[সম্পাদনা কৰক]
  1. "Palestine" (includes audio). nationalanthems.info. http://www.nationalanthems.info/ps.htm। আহৰণ কৰা হৈছে: 8 June 2014. 
  2. "Declaration of Independence (1988) (UN Doc)". United NationsState of Palestine Permanent Observer Mission to the United Nations. 18 November 1988. http://www.un.int/wcm/content/site/palestine/cache/offonce/pid/12353। আহৰণ কৰা হৈছে: 8 June 2014. 
  3. Miskin, Maayana (5 December 2012). "PA Weighs 'State of Palestine' Passport". Arutz Shevaisraelnationalnews.com. http://www.israelnationalnews.com/News/News.aspx/162844#.U5TD6vmICm6। আহৰণ কৰা হৈছে: 8 June 2014. "A senior PA official revealed the plans in an interview with Al-Quds newspaper. The change to 'state' status is important because it shows that 'the state of Palestine is occupied,' he said." 
  4. "State of Palestine name change shows limitations". AP. 17 January 2013. https://news.yahoo.com/state-palestine-name-change-shows-limitations-200641448.html. "Israel remains in charge of territories the world says should one day make up that state." 
  5. "Table 3, Population by sex, annual rate of population increase, surface area and density". Demographic Yearbook. United Nations Statistics Division. 2012. https://unstats.un.org/unsd/demographic/products/dyb/dyb2012/Table03.pdf। আহৰণ কৰা হৈছে: 28 January 2018. 
  6. "The World Factbook: Middle East: West Bank". Central Intelligence Agencycia.gov. 7 April 2014. https://www.cia.gov/the-world-factbook/countries/west-bank/। আহৰণ কৰা হৈছে: 8 June 2014. 
  7. "Estimated Population in the Palestine Mid-Year by Governorate,1997-2026". Palestinian Central Bureau of Statistics. https://www.pcbs.gov.ps/statisticsIndicatorsTables.aspx?lang=en&table_id=676। আহৰণ কৰা হৈছে: 7 December 2022. 
  8. 8.0 8.1 8.2 8.3 "World Economic Outlook Database, October 2023 Edition. (Palestine)". International Monetary FundIMF.org. 10 October 2023. https://www.imf.org/en/Publications/WEO/weo-database/2023/October/weo-report?c=487,&s=NGDPD,PPPGDP,NGDPDPC,PPPPC,&sy=2020&ey=2028&ssm=0&scsm=1&scc=0&ssd=1&ssc=0&sic=0&sort=country&ds=.&br=1। আহৰণ কৰা হৈছে: 16 October 2023. 
  9. According to Article 4 of the 1994 Paris Protocol, the State of Palestine has no official currency. The Protocol allows the Palestinian Authority to adopt multiple currencies. In the West Bank, the Israeli new sheqel and Jordanian dinar are widely accepted; while in the Gaza Strip, the Israeli new sheqel and Egyptian pound are widely accepted.
  10. "State of Palestine name change shows limitations". AP. 17 January 2013. Archived from the original on 10 January 2013. Israel remains in charge of territories the world says should one day make up that state."
  11. Tahhan, Zena. "The Naksa: How Israel occupied the whole of Palestine in 1967". www.aljazeera.com. Archived from the original on 28 December 2018. Retrieved 28 December 2018.
  12. "Resolution 181 (II). Future government of Palestine". United Nations. 29 November 1947. Archived from the original on 10 October 2017. Retrieved 21 March 2017.
  13. Article "History of Palestine", Encyclopædia Britannica (2002 edition), article section written by Walid Ahmed Khalidi and Ian J. Bickerton.
  14. Itzhak Galnoor (1995). The Partition of Palestine: Decision Crossroads in the Zionist Movement. SUNY Press. pp. 289–. ISBN 978-0-7914-2193-2. Retrieved 3 July 2012.
  15. Declaration of Establishment of State of Israel". Israel Ministry of Foreign Affairs. 14 May 1948. Archived from the original on 16 January 2013. Retrieved 8 April 2012.
  16. Brenner, Michael; Frisch, Shelley (April 2003). Zionism: A Brief History. Markus Wiener Publishers. p. 184.
  17. "Zionist Leaders: David Ben-Gurion 1886–1973". Israel Ministry of Foreign Affairs. Archived from the original on 13 November 2011. Retrieved 13 July 2011.
  18. The Arab-Israeli War of 1948 (US Department of State, Office of the Historian) Archived 16 June 2017 at the Wayback Machine"Arab forces joining the Palestinian Arabs in attacking territory in the former Palestinian mandate."
  19. Yoav Gelber, Palestine 1948, 2006 – Chap. 8 "The Arab Regular Armies' Invasion of Palestine".
  20. "UNdata | country profile | State of Palestine". data.un.org. Archived from the original on 9 January 2022. Retrieved 26 April 2020.
  21. "Search". www.alhaq.org. Archived from the original on 23 February 2022. Retrieved 26 April 2020.
  22. Dinerstein, Eric; et al. (2017). "An Ecoregion-Based Approach to Protecting Half the Terrestrial Realm". BioScience. 67 (6): 534–545. doi:10.1093/biosci/bix014. ISSN 0006-3568. PMC 5451287. PMID 28608869.
  23. "Estimated Population in the Palestine Mid-Year by Governorate,1997-2026". Palestinian Central Bureau of Statistics. Archived from the original on 7 December 2022. Retrieved 7 December 2022.
  24. "Brief Report on the Population of Palestine at the End of 2021". Archived from the original on 7 December 2022. Retrieved 7 December 2022.
  25. "State of Palestine Population (2020)". worldometers.info. Archived from the original on 7 February 2022. Retrieved 22 November 2019.
  26. "Which countries are most densely populated?". Our World in Data. Archived from the original on 1 February 2022. Retrieved 23 November 2019.